১)চমু উত্তৰ দিয়া।
উত্তৰ:-আজিকালিৰ মানুহৰ আনন্দ আৰু উত্তেজনাৰ অন্যতম আহিলা হৈছে টিভি।
খ)টিভিৰ দৰ্শকসকলৰ সকলোৰে ৰুচি একেনে?
উত্তৰ:-টিভিৰ দৰ্শকসকলৰ সকলোৰে ৰুচি একে নহয়।
গ)টিভিয়ে আমাক মানসিকভাৱে কি কৰি তুলিছে?
উত্তৰ:-টিভিয়ে আমাক মানসিকভাৱে এলেহুৱাকৰি তুলিছে।
ঘ)আমাৰ নিজৰ পৃথিৱীখন কেতিয়া সৰু হৈ পৰিব?
উত্তৰ:-টিভিৰ প্ৰতি আসক্ত হ'লে আমাৰ নিজৰ পৃথিৱীখন সৰু হৈ পৰিব।
ঙ)আমি ব্যক্তিত্বহীন হৈ পৰাৰ মূলতে কোন?
উত্তৰ:-আমি ব্যক্তিত্বহীন হৈ পৰাৰ মূলতে হৈছে টিভি।
চ)"টিভি দেখো না,আকাশ দেখো"-কথাষাৰ ক'ত আছে?
উত্তৰ:-"টিভি দেখো না,আকাশ দেখো"-কথাষাৰ বংলা গান এটাত আছে।
২)বহলাই লিখা।
ক)টিভি চোৱাৰ ফলত আমাৰ কি কি উপকাৰ হ'ব পাৰে?
উত্তৰ:-টিভি চোৱাৰ উপকাৰিতা বোৰ হ'ল-
১)টিভিয়ে বহুতো নজনা কথা জনায়
২)বহুতো নিৰ্মল আনন্দৰ অনুষ্ঠান উপহাৰ দিয়ে।
খ)টিভি চোৱাৰ অপকাৰিতা কি?
উত্তৰ:- টিভি চোৱাৰ অপকাৰিতা বোৰ হ'ল-
১)মানসিকভাৱে এলেহৱো কৰে।
২)ভোগ্যপণ্যৰ প্ৰতি আসক্তি বঢ়াই।
৩)আন কাম কৰাৰ সময় নাথাকে।
৪)আত্মকেন্দ্ৰিকতা আৰু স্বাৰ্থপৰতা বঢ়াই।
গ)টিভিক কিয় "ৰ্থাড পেৰেণ্ট" বুলি কোৱা হয়?
উত্তৰ:- টিভিয়ে এতিয়া উঠি অহাচামক সকলো ফালৰ পৰা নিয়ন্ত্ৰণ কৰে।
আমি কি খাদ্য খাম, কি কাপোৰ পিন্ধিম, মুখত কি প্ৰসাধন সানিম, কেনেদৰে কথা পাতিম, ভাল পাব বিচৰা ব্যক্তি জন কেনেকুৱা হ'ব ,কোন খন বাহনত উঠি ফুৰিম আদি সকলো কথা টিভিয়ে শিকাই। সেই বাবে টিভিক "ৰ্থাড পেৰেণ্ট" বুলি কোৱা হয়।
ঘ)টিভি চোৱাতকৈ আকাশ চোৱা কিয় ভাল?
উত্তৰ:- টিভি চোৱাতকৈ আকাশ চোৱা ভাল।কাৰণ আকাশখনলৈ চালে জোন, বেলি ,তৰা নিঃসীম নীলিম সৌন্দৰ্য আৰু ৰহস্যময় জোনাকে আমাক দিব উদাৰতা,প্ৰজ্ঞা,মহৎ আধ্যাত্মিক চেতনা আৰু জগত জীৱন তথা জীৱন সম্পৰ্কে এক গভীৰতা বোধ।
ঙ)টিভিয়ে মানুহক কেনেদৰে মানসিক ভাৱে এলেহুৱা কৰি তুলিছে?
উত্তৰ:- টিভিয়ে মানুহক মানসিক ভাৱে এলেহুৱা কৰি তুলিছে।মানুহে খেলি ভাল পোৱাতকৈ নিষ্কিয় দৰ্শক হৈ ভাল পায়। গান গোৱাতকৈ গান শুনি ভাল পায়।দৃশ্যমান বস্তুৰ কোনটো সচাঁ কোনটো মিছা তাৰ বিচাৰ কৰি চাবলৈ এলাহ কৰে I
৩)তলত দিয়া যুক্তাক্ষৰকেইটা প্ৰয়োগ হোৱাকৈ প্ৰতিটোৰে তিনিটাকৈ শব্দ লিখা।
দ্ধ→শুদ্ধ,অশুদ্ধ,বুদ্ধ ।
ত্ন→ৰত্ন,ৰত্নাকৰ,যত্ন I
ষ্ঠ→ষষ্ঠ,প্ৰতিষ্ঠান,অনুষ্ঠান I
ঙ্গ→সঙ্গী,সঙ্গীত,ইঙ্গিত I
জ্ঞ→জ্ঞান,বিজ্ঞান,বিজ্ঞ ।
৪)বিপৰীত শব্দ লিখা।
বাস্তৱ→অবাস্তৱ
দুনীতি→সুনীতি।
মানসিক→অমানসিক
ইতিবাচক→নেতিবাচক
সুক্ষ্ম→বৃহৎ
অস্থিৰ→স্থিৰ
সূপ্ত→সজীৱ
নিষ্কিয়→সক্ৰিয়
৫)তলত দিয়া শব্দসমূহৰ ইংৰাজী শব্দটো লিখা।
বিজ্ঞাপন→Advertise
নিয়ন্ত্ৰণ→Control
দৰ্শক→Audience
প্ৰসাধন→Makeup
মনস্তুাত্বিক→Phycology
সংস্কৃতি→Culture
0 Comments