CLASS-10.অধ্যায় -11 .মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী





পাঠ টোৰ গুৰুত্বপূৰ্ণ সংজ্ঞা বোৰ :-

মানৱ চকু :

ক) চকু হৈছে এক প্ৰাকৃতিক  পোহৰ সংবেদী ইন্দ্ৰিয় , যিয়ে আমাৰ চৌপাশৰ জগতখন প্ৰতক্ষ্য কৰোৱায় ইয়াৰ অক্ষিপত নামৰ পোহৰ সংবেদী পৰ্দাত কোনো বস্তুৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন হয়

খ) অক্ষিপতত থকা অসংখ্য পোহৰ সংবেদী কোষত পোহৰ পৰিলে , কোষবোৰ সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে এই সংকেত নেত্ৰস্নায়ুৰ দ্বাৰা মগজুলৈ প্ৰেৰণ হয় আৰু মগজুৱে সংকেতৰ তাৎপৰ্যোদ্ধাৰ কৰি তথ্য বিশ্লেষণৰ দ্বাৰা দৃষ্টিৰ অনুভূতি জগায়

মানৱ চকুৰ বিভিন্ন ভাগ সমূহ :-

কৰ্ণিয়া: অক্ষ্যগোলৰ সন্মুখ পৃষ্ঠৰ উফন্দি থকা স্বচ্ছ অংশ চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ ইয়াৰ মাজেদি  ঘটে

স্ফটিক  মণ্ডিত লেনছ: আঁহ যুক্ত জেলী সদৃশ পদাৰ্থৰে গঠিত বিভিন্ন দূৰত্বত থকা স্তু পৰা অহা পোহৰ অক্ষিপটত নিৰ্বিষ্ট কৰিবলৈ    'কাছ দৈঘ্যৰ সূক্ষ্ম  সমযোজন ঘটাই

চকুৰ পতা বা ইৰিচ: কৰ্ণিয়াৰ পিছফালে থকা এখন 'লা পেশীবহুল পৰ্দা যিয়ে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে

চকুৰ মণি: চকুৰ পতাৰ মাজভাগত অৱস্হিত চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মিয়া আৰু নিয়ন্ত্ৰণ কৰে

অক্ষিপত বা ৰেটিনা: এখন অসংখ্য পোহৰ সংবেদী কোষ সন্মিবিষ্ট পৰ্দা ' সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠণ হয়

চিলিয়াৰী পেশী : চকুৰ লেনছৰ বক্ৰতাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে




উপযোজন ক্ষমতা: চকুৰ লেনছৰ 'কাছ দৈঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন বোলেএই কাৰ্যত চিলিয়াৰী পেশীয়ে সহায় কৰে

স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্ব বা নিকত বিন্দু : চকুৰ পৰা যি নূন্যতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় , তাক নিকত বিন্দু বোলেপ্ৰাপ্ত বয়স্ক যুৱক-যুৱতীৰ সুস্হ চকুৰ বাবে ইয়াৰ মান প্ৰায়– 25 c.m.।

দূৰ বিন্দু : চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু বোলেসুস্হ চকুৰ বাবে ইয়াৰ মান অসীমত থাকে
# গতিকে সু্স্হ চকুৰ স্বাভাৱিক দৃষ্টিৰ সীমা 25 c.m. দূৰত্বৰ পৰা অসীম

দৃষ্টিৰ বিকাৰ সমূহ:

) মায়'পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা : এই বিকাৰত ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায়এনে ব্যক্তিৰ নিকত বিন্দু অসীমতকৈ ওচৰত থাকে আৰু প্ৰতিবিম্ব ৰেটিনাৰ কিছু সন্মুখত গঠণ হয় । 
কাৰণ: )চকুৰ লেনছৰ অত্যধিক বক্ৰতা ) অক্ষিগোলকৰ দীঘল অৱস্হা 
উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি

) হাইপাৰমেট্ৰ'পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা : এই বিকাৰ হোৱা বক্তিয়ে ওচৰৰ বস্তু ভালকৈ দেখা নাপায়এনে ব্যক্তিৰ নিকত বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25  কৈ অধিক দূৰত্বত অৱস্তিত হয়
কাৰণ:) লেনছৰ 'কাছ দৈৰ্ঘ্য অধিক বেছি ) অক্ষিগোলকটো যথেষ্ট সৰু   
উপযুক্ত ক্ষমতাৰ উত্তল লেনছ ব্যৱহাৰে এই বিকাৰ প্ৰতিকাৰ কৰা হয়

) প্ৰেছবায়'পিয়া : বয়সীয়াল ব্যক্তিৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত নিকটৱৰ্তী বস্তু বোৰ স্পষ্টকৈ আৰু অনায়াসে চোৱাত অসুবিধা হয়ইয়াকে প্ৰেছবায়'পিয়া বোলেএনে বিকাৰ হোৱা ব্যক্তিৰ দ্বি-'কাছযুক্ত লেনছ আৱশ্যক হয়,' উত্তল আৰু অৱতল দুইবিধ লেনছেই থাকে

প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ :

প্ৰিজম : দুটা ত্ৰিভূজাকাৰ ভূমি আৰু তিনিটা আয়াতাকাৰ  পৰস্পৰ  হেলনীয়া পাৰ্শ্বীয় পৃষ্ঠৰে গঠিত সমমাত্ৰিক , স্বচ্ছ আৰু  প্ৰতিসৰিত কৰিব পৰা  কাছৰ এক আকৃতিক  প্ৰিজম বোলে দুটা পাৰ্শ্বীয় পৃষ্টৰ মাজৰ কোণটোক প্ৰিজম কোণ বোলে

প্ৰিজমৰ বিচ্যুতি কোণ :প্ৰিজমৰ চাৰিত্ৰিক বৈশিষ্টৰ বাবে আপতিত আৰু নিৰ্গত ৰশ্মিৰ দিশৰ মাজত যি কোণৰ সৃষ্টি হয় তাকে বিচ্যুতি কোণ বোলে

বৰ্ণালী : পোহৰ কিৰণ এটাৰ ৰঙীণ উপাংশৰ পটিবোৰক তাৰ বৰ্ণালী বোলে । বিচ্ছুৰণৰ দ্বাৰা বৰ্ণালী সৃষ্টি কৰিব পাৰি ।

পোহৰৰ বিচ্ছুৰণ :বগা ৰঙৰ ৰঙীণ উপাংশ সমূহ পৃথকীকৰণ প্ৰক্ৰিয়াক পোহৰৰ বিচ্ছুৰণ বোলে বিভিন্ন ৰঙৰ বিচ্যুতি বা প্ৰ্তিসৰণৰ মান বিভিন্ন হোৱা বাবে এই প্ৰ্ক্ৰিয়া ঘটে

নিউটনৰ পোহৰৰ পৰীক্ষা: যদি দুটা প্ৰিজমৰ,দ্বিতীয়টো প্ৰিজম প্ৰথম টোৰ ওলোটাকৈ বহুৱাই তাৰ মাজেদি সূৰ্যৰ পোহৰ (বগা কিৰণ) পাৰ হবলৈ দিলে দ্বিতীয় প্ৰিজমৰ আনফালৰ পৰা কেৱল বগা পোহৰ নিৰ্গত হয়এই ফলাফলৰ পৰা তেঁও ধাৰণা দিলে যে সূৰ্যৰ পোহৰ সাত টা ৰঙৰে গঠিত

ৰামধেনু: বৰষুণৰ পিছত বায়ুমণ্ডলত উৎপন্ন হোৱা পানীৰ ক্ষুদ্ৰ টোপালে সূৰ্যৰ পোহৰ বিচছুৰণ ঘটাই এবিধ প্ৰাকৃতিক বৰ্ণালীৰ সৃষ্টি কৰেএই বৰ্ণালীকে ৰামধেনু বোলেপানীৰ টোপাল বোৰে দৰাচলতে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে

বায়ুমণ্ডলীয় প্ৰতিসৰণ: বায়ুমণ্ডলৰ তৰপ সমূহৰ ঘনত্ব বিভিন্ন হোৱা বাবে কোনো ৰশ্মী এই মণ্ডলৰ মাজেদি গতি কৰিলে দিশৰ পৰিবৰ্তন হয় ইয়াকে বায়ুমণ্ডলীয় প্ৰতিসৰণ বোলে।সাধাৰনতে পৃথিৱী পৃষ্ঠত বায়ুৰ ঘনত্ব বেছি আৰু উচ্চতা বঢ়াৰ লগে লগে ঘনত্ব কমি যায় ।ইয়াৰ উদাহৰণ হল :

)তৰাৰ তিৰ্-বিৰণি : তৰা বোৰ অতি দূৰত থকা বাবে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি আনহাতে পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্হাও সুস্হিৰ নহয় গতিকে ,তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ পৰিৱৰ্তন হৈ থকা বাবে  তৰাৰ আপাত অৱস্হানৰ পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম-বেছি হয়। ইয়াকে তৰাৰ তিৰ্-বিৰণি বোলে ।

) অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত : বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে প্ৰকৃত সূৰ্যোদয় সময়তকৈ 2 মিনিট আগেয়ে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ৰ 2 মিনিট পিছতো সূৰ্য দৃশ্যমান হৈ থাকেসূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখাৰ কাৰণো এয়াই ।

পোহৰৰ বিক্ষেপণ : বিভিন্ন ক্ষুদ্ৰ-ক্ষুদ্ৰ কণাৰ সানমিহিলি মিশ্ৰণে ( কলডীয় কণা ) পোহৰৰ গতিৰ দিশ পৰিৱৰ্তন  কৰা প্ৰক্ৰিয়াক   পোহৰৰ বিক্ষেপণ বোলে সুক্ষ্ম কণা সমূহে চুটী আৰু ডাঙৰ কণা সমূহে দীঘল তৰংগ দৈৰ্ঘ্য বিক্ষেপ কৰে
উদাহৰণ :

)টিণ্ডেল পৰিঘটনা :পৃথিৱীৰ বায়ুমণ্ডলৰ ক্ষুদ্ৰ কণাৰ মিশ্ৰণত যেতিয়া পোহৰৰ কিৰণ এটাই খুন্দা মাৰে , তেতিয়া পোহৰৰ বিক্ষেপণৰ ফলত ইয়াৰ গতিপথ দৃশ্যমান হৈ পৰে ইয়াকে টিণ্ডেল পৰিঘটনা বোলে

)আকাশৰ ৰ্ং নীলা : সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হলে বায়ুৰ ক্ষুদ্ৰ কণা বোৰে নীলা ৰং (চুটি তৰংগ দৈঘ্য ) ৰঙাৰ (দীঘল তৰংগ দৈঘ্য) তুলনাত বেছিকৈ বিক্ষিপ্ত কৰেএই নীলা ৰং আমাৰ চকুত সোমোৱাৰ ফলত আমি আকাশ খন নীলা দেখা পাঁওৰঙা ৰঙৰ তৰংগ দৈঘ্য নীলাত কৈ 1.8 গুণ বেছি

গ) সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং : সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ কিৰণৰ সৰহ ভাগ চুটি তৰংগ  ( নীলা ) দিগন্তৰ ওচৰত বায়ুমণ্ডলৰ কণা সমূহে বিক্ষিপ্ত কৰি আতৰাই পঠিয়াই । সেয়েহে আমাৰ চকুত কেৱল দীঘল তৰংগ দৈঘ্যৰ (ৰঙা ) পোহৰ পৰে যিয়ে সূৰ্যক ৰঙচুৱা আভা প্ৰ্দান কৰে ।
আনহাতে দুপৰীয়া সূৰ্যটো মূৰৰ ওপৰত থকা বাবে পোহৰে তুলনামূলক ভাৱে কম দূৰত্ব অতিক্ৰম কৰেগতিকে নীলা আৰু বেঙুণীয়া ৰং কিঞ্চিৎহে বিক্ষিপ্ত হয় আৰু সূৰ্যৰ ৰং বগা হয়


পাঠ ভিত্তিক প্ৰশ্নাৱলী : 1

)চকুৰ উপযোজন ক্ষমতা কি?
উত্তৰ:- চকুৰ লেনছৰ 'কাছ দৈঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন বোলেএই কাৰ্যত চিলিয়াৰী পেশীয়ে সহায় কৰে

)মায়'পিয়াগ্ৰস্তু চকু থকা মানুহ এজনে 12 মি: তকৈ  বেছি দূৰৰ বস্তু  স্পষ্টকৈ দেখা নাপায়।যথোচিত দৃষ্টিঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব?
উত্তৰ:-'কাছ দৈৰ্ঘ্য বিশিষ্ট আৱতল লেনছ ব্যৱহাৰ কৰিব লাগিব

)স্বাভাবিক দৃষ্টিৰ মানুহ এজনৰ বাবে দুৰ বিন্দু আৰু নিকটবিন্দু কি?
উত্তৰ:- দূৰ বিন্দুৰ দূৰত্ব অসীমত আৰু নিকট বিন্দুৰ দূৰত্ব  25 cm .

)ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়।ল'ৰাজনে ভোগা বিকাৰটো কি ' পাৰে?ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?
উত্তৰ:- এই ক্ষেত্ৰত ছাত্ৰজনে মায় পিয়া বা নিকট দৃষ্টি বিকাৰণ  ভোগি  আছে।উপযুক্ত ক্ষমতা বিশিষ্ট অৱতল লেনছ ব্যৱহাৰ কৰি চকুৰ এই বিকাৰ  দূৰ কৰিব পৰা যাব


অনুশীলনী:

1)মানুহৰ চকুৱে চকুৰ লেনছৰ 'কাছ দৈৰ্ঘ্য সালসলনি  কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত 'কাছ কৰিব পাৰে।ইয়াৰ কাৰণ '---
)প্ৰেছবায়'পিয়া
)উপযোজন ক্ষমতা
)নিকট দৃষ্টিগ্ৰস্ততা
)দূৰ দূষ্টিগ্ৰস্ততা
উত্তৰ:-উপযোজন ক্ষমতা

2)মানুহৰ চকুৱে বস্ত এটাৰ প্ৰতিবিম্ভ গঠন কৰাৰ স্থান
)কৰ্ণিয়া(cornea)
)চকুৰ পতা (iris)
)চকুৰ মণি(pupll)
)অক্ষিপট(Retina)
উত্তৰ:- অক্ষিপট(Retina)

3)নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ লেখা ন্যৃনতম দূৰত্ব
)25মি
)2.5ছেমি
)25ছেমি
)2.5মি
 উত্তৰ:- 25ছেমি

4)চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ 'কাছ দৈৰ্ঘ্যৰ পৰিৰ্বতন হয়?
)চকুৰ মণি
)অক্ষিপট
)চিলিয়াৰী
)চকুৰ পতা
 উত্তৰ:- চিলিয়াৰী


5)এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে 5.5 ডায়প্টৰ ক্ষমতা লেনছৰ আৱশ্যক। তেঁওৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয়া লে'হৰ ক্ষমতা 1.5 ডায়প্টাৰ 'লে-
()দূৰ দৃষ্টিগ্ৰস্ততা()নিকট দৃষ্টগ্ৰস্ততাৰ সংশোধন বাবে আৱশ্যক হোৱা লেনছৰ 'কাছ দৈৰ্ঘ্য কিমান?
 উত্তৰ:-
আমি জানু যে,

          ক্ষমতা,
                          
6)নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিনু চকুৰ সন্মখত 80 ছেমি দূৰত্বত।এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেনছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান?
 উত্তৰ:-
মানুহ জনৰ মায়'পিয়া বিকাৰ আছে ।গতিকে তেঁও অৱতল লেনছ ব্যৱহাৰ কৰিব লাগিব ।
ইয়াত,
লক্ষ বস্তুৰ দূৰত্ব (u) = α (অসীম)
প্ৰতিবিম্বৰ দূৰত্ব (v) = -80c.m.
ফকাছ দৈঘ্য (f) = ?


লেনছৰ সূত্ৰ মতে,

আমি জানু যে 
         ক্ষমতা, 
             
গতিকে মানুহ জনে -1.25 D ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি এই বেমাৰৰ পৰা প্ৰ্তিকাৰ পাব


7)দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা।দূৰ দৃষ্টিগ্ৰস্ত কু এটাৰ বাবে নিকট বিন্দু 1 মি।এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেনছৰ ক্ষমতা কিমান?ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 ছেমি ।
 উত্তৰ:-
দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন ৰশ্মিচিত্ৰ :

মানুহ জনে 25 c.m. দূৰত্বত থকা বস্তু এটাক স্পষ্টকৈ দেখা পাব , যদিহে লক্ষ্য বস্তু টোৰ প্ৰতিবিম্ব  তেওঁৰ নিকত বিন্দু 1mত গঠিত হয়

গতিকে,
লক্ষ্য বস্তুৰ দূৰত্ব (u)= -25 cm
প্ৰতিবিম্বৰ দূৰত্ব (v) = -1 m. = -100 cm
ফকাছ দৈঘ্য (f) = ?

লেনছৰ সূত্ৰ মতে,

আমি জানু যে,

           ক্ষমতা,
           

গতিকে মানুহ জনে 3D ক্ষমতাৰ উত্তল লেনছ ব্যৱহাৰ কৰি এই বেমাৰৰ পৰা প্ৰ্তিকাৰ পাব ।  

8)সাধাৰণ চকুৱে 25 c.m. এটা তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ?
 উত্তৰ:- সাধাৰণতে চিলিয়াৰী পেশীয়ে সংকোচন প্ৰ্ক্ৰিয়াৰে  চকুৰ লেনছৰ বক্ৰতা পৰিৱৰ্তন কৰি কোনো বস্তুত 'কাছ কৰাত সহায় কৰে। কিন্তু আমাৰ চকুৰ উপযোজন ক্ষমতাৰ সীমাবদ্ধতা থকা বাবে লেনছৰ ফকাছ দৈৰ্ঘ্যৰ মান এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি। গতিকে এটা বস্তু যেতিয়া 25 c.m. তকৈ ওচৰত ৰখা হয়, চকুৰ চিলিয়াৰী পেশীৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু বস্তু টোৰ এক ধূসৰ বা অস্পষ্ট প্ৰতিবিম্ব গঠন হয়

9)চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় ?
 উত্তৰ:-কোনো লক্ষ্যবস্তুৰ দূৰত্ব চকুৰ পৰা বঢ়ালে বা কমালে ,চকুত প্ৰতিবিম্বৰ দূৰত্ব  অৰ্থাৎ ৰেটিনা আৰু লেনছৰ মাজৰ দূৰত্বৰ কোনো সাল-সলনি নহয় । যদি লক্ষ্যবস্তুৰ দূৰত্ব বঢ়োৱা হয় , তেন্তে এই মান চকুৰ লেনছে ফ'কাছ দৈৰ্ঘ্য সলনি কৰি মিলাই লয় । গতিকে চকুৰ লেনছে ফকাছ দৈৰ্ঘ্য এনেদৰে সলনি কৰে যাতে সদায় লক্ষ্যবস্তুৰ  প্ৰতিবিম্ব ৰেটিনাতে গঠন হব । উপৰোক্ত ক্ষেত্ৰত চিলিয়াৰী পেশী বোৰ শিথিল হৈ লেনছ  খন ক্ষীণ কৰে যাতে লেনছৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে আৰু বস্তুটোক স্পষ্ট ভাৱে দেখা যায় ।

10)তৰাই তিৰ্-বিৰাই কিয় ?
উত্তৰ:-তৰা বোৰ অতি দূৰত থকা বাবে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি আনহাতে পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্হাও সুস্হিৰ নহয় গতিকে ,তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ পৰিৱৰ্তন হৈ থকা বাবে  তৰাৰ আপাত অৱস্হানৰ পৰিৱৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম-বেছি হয় ।সেই বাবে তৰাই তিৰ্-বিৰাই

11) গ্ৰহই  তিৰ্-বিৰাই নাথাকে কিয় ?
উত্তৰ:-গ্ৰহ বোৰ তৰাৰ তুলনাত পৃথিৱীৰ নিচেই ওচৰত অৱস্হিত আৰু সেইবাবে সিহঁতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি যদি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দুৰ উৎস সমষ্টি বুলি ধৰা হয়তেন্তে গ্ৰহ টোৰ সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হব সেই বাবে গ্ৰহই তিৰ্-বিৰাই নাথাকে      
 12)ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?
 উত্তৰ:-ৰাতিপুৱা সূৰ্যোদয় সময়ত সূৰ্যৰ কিৰণৰ সৰহ ভাগ চুটি তৰংগ  ( নীলা ) দিগন্তৰ ওচৰত বায়ুমণ্ডলৰ কণা সমূহে বিক্ষিপ্ত কৰি আতৰাই পঠিয়াই । সেয়েহে আমাৰ চকুত কেৱল দীঘল তৰংগ দৈঘ্যৰ (ৰঙা ) পোহৰ পৰে যিয়ে সূৰ্যক ৰঙচুৱা আভা প্ৰ্দান কৰে ।

13) মহাকাশচাৰী এজনে আকাশৰ ৰ্ং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় ?
 উত্তৰ:-গভীৰ মহাকাশত সূৰ্যৰ কিৰণ বিক্ষেপণ কৰিবলৈ কোনো কণা যুক্ত বায়ুমণ্ডল নাথাকে যিহেতু সূৰ্যৰ পোহৰ বিক্ষেপণ নহয় , গতিকে কোনো ধৰনৰ বিক্ষেপিত পোহৰ মহাকাশচাৰী সকলৰ চকুলৈ নাযায় ।ফলত  মহাকাশচাৰী এজনে আকাশৰ ৰ্ং নীলাৰ পৰিৱৰ্তে কলা দেখে


-----x-----


Post a Comment

0 Comments