Class9.Social science .L-4. মানৰ অসম আক্রমণ (ইতিহাস)


মানৰ অসম আক্রমণ




অতি/চমু প্রশ্ন উত্তৰ :

1) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমােলত মানসকলে কোনখন দেশ
জয় কৰিছিল?
উত্তৰঃ আৰাকান প্রদেশ।

2) মান আৰু ব্রিটিছৰ মাজত কেতিয়াৰ পৰা শত্রুতা সৃষ্টি হৈছিল?
উত্তৰঃমান আৰু ইংৰাজ দুয়াে একে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হােৱাৰ পৰা।

3) মানৰ উপদ্ৰৱত থাকিব নােৱাৰি শ্রীহট্টলৈ পলাই যাৈৱা কাছাৰৰ ৰজাজনৰ
নাম কি আছিল?
উত্তৰঃ গােবিন্দ চন্দ্র।

4) কোন যুদ্ধত আহােমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ মৃত্যু
হৈছিল?
উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধ।

5) বৈশালী হকং কি?
উত্তৰঃ ব্ৰহ্মদেশৰ লিপিকাৰেঃ অসমত মানৰ সামৰিক অভিযান সম্পর্কে লিখা এটি টোকা।

6) বৈশালী মুং-ডুনচুন খাম কি?
উত্তৰঃ  ব্রহ্মদেশৰ লিপিকাৰে অসম সম্বন্ধে লিখা এটি টোকা।

7) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহােতে অসমৰ প্ৰধানমন্ত্রী কোন আছিল?
উত্তৰঃ পূর্ণানন্দ বুঢ়াগোঁহাই। 

8) বদনচন্দ্রই কিমান মান সৈন্য লগত আনিছিল?
উত্তৰঃ ১৬,০০০

9) বদনচন্দ্ৰই অসমত সােমায়েই কিমান অতিৰিক্ত সৈন্য গােটাইছিল?
উত্তৰঃ ৮,০০০

10) বদনচন্দ্র চন্দ্রকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্রী পাতিছিল?
উত্তৰঃ সন্ধী বৰফুকন।

11) মানৰ আক্রমণ কোন কোন চনত হৈছিল?
উত্তৰঃ  ১৮১৭, ১৮১৯, ১৮২১ চনত।

12) কোন চনত বদনচন্দ্রক হত্যা কৰা হৈছিল?
উত্তৰঃ  ১৮১৭ চনত।

শুদ্ধ উত্তৰটো বাছি উলিওৱা :

1) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত
হস্তক্ষেপ কৰিছিল।
উত্তৰঃ  ১৮১৭ চনত।

2) জগন্নাথ, ঢেকিয়াল ফুকন। বদনচন্দ্ৰ বৰফুকন ? চন্দ্রকান্ত বুঢ়াগােহাই
চিনাথ বুঢ়াগােহাঁইৰ ভাতৃ আছিল।
উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন।

3) বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট
মাহত।
উত্তৰঃ ১৮১৭ চনৰ।

4) ৰাজমাও নুমলী চন্দ্রকান্ত সিংহ /পূৰ্ণানন্দ বুঢ়াগােহাঁই/ ব্রিজনাথ গগাহাঁইৰ
মাতৃ আছিল।
উত্তৰঃ চন্দ্রকান্ত সিংহ।

5) ইয়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ
কৰা হৈছিল।
উত্তৰঃ-  ১৮২৬ চনৰ।

দীঘল প্রশ্ন উত্তৰৰ :

1) মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পর্কে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ
মানসকলৰ নিজৰ ৰাজ্য বিস্তাৰৰ হাবিয়াস পূৰণৰ উদ্দেশ্যে মণিপুৰ আৰু আৰাকান জয় কৰিবলৈ মন মেলি অৱশেষত অসম আক্ৰমণ কৰিছিল। কিন্তু সেই আশা পূৰণ নহল। মানৰ ৰাজ্য বিস্তাৰৰ অভিলাষঃ ব্রহ্মদেশৰ ৰজা আলাংপায়াই প্রথমে মণিপুৰ
আক্ৰমণ কৰিছিল। তাৰ পিছত দ্বিতীয় ১৭৫৯ চনত, আৰু ছিংবুছিম ৰজাই ১৭৬৫ চনত মণিপুৰ আক্ৰমণ কৰি বহুতাে মণিপুৰী লােকক ব্ৰহ্মদেশলৈ ধৰি লৈ গৈছিল। তাৰ পিছতাে ব্ৰহ্মৰজাই বাৰে বাৰে মণিপুৰ আক্ৰমণ কৰি দেশখন জুৰুলা কৰিছিল। এইদৰে ১৭৮২ চনলৈ আক্রমণ চলাই গৈছিল। ১৭৯৮ চনৰ পৰাহে দেশখনত শান্তি আহিছিল। ১৭৮৪ চনত মান ৰজা বদৌপায়াৰে আৰাকান জয় কৰে। পিছত ও মানসেনাই মাগুই দ্বীপৰ পৰা চট্টগ্রাম বন্দৰলৈ ৰাজ্যৰ সীমা বিস্তৃত কৰে। ইয়াৰ ফলত ব্রহ্মদেশৰ সীমা ব্রিটিছ সামাজ্যৰ লগ লাগে আৰু ৰাজনৈতিক প্রতিদ্বন্দ্বিতা বৃদ্ধি পায়। মানৰজা বদৌপায়া আৰু নাতিয়েক বাগিদাত্তৰে আৰকান জয়ৰ পিছতে মণিপুৰ আৰু অসম দখল কৰাৰ প্ৰয়াস কৰিছিল। মান ৰজা বাগিদত্তই ১৮১৯-২৩ ৰ সময়ছােৱাত মণিপুৰৰ ওপৰত সম্পূর্ণ কর্তৃত্ব স্থাপন কৰি তাৰ তিনিওজন ৰাজকুমাৰক দেশান্তৰ কৰে। তিনিওজনে কাছাৰলৈ পলাই গৈ কাছাৰৰ ৰজা গােবিন্দচন্দ্রক শ্রীহট্টলৈ পলাই যাবলৈ বাধ্য কৰে। গােবিন্দচন্দ্রই ইংৰাজৰ সহায় ভিক্ষা কৰি , বিমুখ হয়। পিছত মান ৰজাৰ সহায়ত কাছাৰত মণিপুৰৰ ৰাজকুমা গম্ভীৰ সিংৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়।

2) পূণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাৰিতাই কেনেকৈ ৰাজনৈতিক স্বযন্ত্রৰ জন্ম
দিছিল আলােচনা কৰা।
উত্তৰঃ
পূর্ণানন্দ বুঢ়াগােহাঁইৰ দৌৰাত্ম সহ্য কৰিব নােৱাৰি আহােমৰ ৰাজ্যৰ ৰছুতাে ডু-ডাঙৰীয়া তেওঁৰ বিৰুদ্ধে বিদ্রোহত লিপ্ত হৈ পৰে। কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱাৰ নাম ব্যক্তি এজনৰ নেতৃত্বত তেওঁৰ বিৰুদ্ধে এটা বিদ্রোহ হৈছিল কিন্তু তেওঁ অক দমন কৰি বিচাৰৰ ভেকোভাওনা কৰি বহুতাে লােকক অমানুষিক শাস্তি দি হত্যা কৰিছিল। ১৮৯০ চনত কমলেশ্বৰ সিংহৰ মৃত্যু হােৱাত নাবালিকা শিশু এটাক চন্দ্রকান্ত নাম দি ৰজা পাতি পূৰ্ণানন্দই নিজেই ৰাজকীয় মর্যাদাৰে দেশ শাসন কৰিবলৈ আৰম্ভ কৰে। কমলেশ্বৰৰ শাসনকালতে সৰাম চাৰিঙীয়া হফুকনৰ নেতৃত্বত ৰাজ্যৰ বহুতাে মুখীয়াল লােক বিদ্রোহী হৈ উঠে। পূর্ণানন্দই প্ৰায়বােৰকে বন্দী কৰি প্রায় ৭৭ জন মানক নিষঠৰভাৱে হত্যা কৰে আৰু কিছুমানৰ নাক-কাণ কাটি এৰি দিয়ে। সত্ৰামক অটব্য হাবিলৈ নি নিবার্সন দিয়ে। তাতে তেওঁক হত্যা কৰা বুলি সন্দেহ কৰা হয়। কিন্তু গুৱাহাটীৰ বদন বৰফুকনক ধৰিব নােৱাৰিলে, তেওঁ আগতীয়াকৈ খবৰ পাই তেওঁ পলাই গৈ বংগদেশত ইংৰাজ চৰকাৰক সহায় ভিক্ষা কৰে। কিন্তু ইংৰাজৰ সহায় নাপাই তেওঁ পূৰ্ণানন্দৰ বিৰুদ্ধে ব্ৰহ্মদেশৰ মান ৰজ সহায় ভিক্ষা কৰে। মান ৰজা বদৌপায়াই সহায় কৰিবলৈ মান্তি হয়। বদন চন্দ্রই প্রায় ৬০০০ মান সেনা লৈ অসম অভিমুখে ৰাওনা হয়। অসম দেশত সােমাই তেওঁ আন বঃতাে সৈন্য-সামন্ত গােটাই আৰু প্রায় ৮০০০ মান সৈন্য লতা লগাই প্রায় ১৪ হাজাৰ সৈন্য-সামন্ত।
লৈ অসমত প্ৰৱেশ কৰে। ঘিলাঝাৰী নামৰ ঠাইত পূৰ্ণানন্দ সৈন্যবাহিনীৰ লগত এখন যুদ্ধ হয়। এই যুদ্ধত পূণানন্দৰ বাহিনী পৰাজিত কৰি বদনবৰফুকন ৰাজধানীমুখে আগবাঢ়ে। পৰাজয়ৰ খবৰ পায় হঠাতে পূর্ণনিন্দৰ মৃত্যু হয়। তেওঁৰ পিছত পুতেক ৰটিনাথ বুঢ়াগােহাঁইৰ পদত নিযুক্ত হয়। চিনাথে কঠালবাৰীৰ যুদ্ধত হাৰি গুৱাহাটীলৈ পলাই যায়। বদনচন্দ্ৰই সসৈন্য ৰাজধানীত প্রৱেশ কৰি ৰজা চন্দ্রকান্ত সিংহৰ ওচৰত আই লৈ ৰজাক প্রণাম জনাই আনুগত্য প্রকাশ কৰে। ৰজাই তেওঁক ৰাজ্য প্রধান মন্ত্রী পাতে। এই অভিযানে পূর্ণনি পর্তন ঘটায়। মান সৈন্যই চন্দ্রকান্তক সিংহাসনত প্রতিষ্ঠা কৰি এমাহতে সকলাে বিদ্রোহ দমন কৰি, নিজ দেশলৈ প্রত্যাৱর্তন কৰে। মানসকলে এই অভিযান প্রজৰ ওপৰত কোনে অত্যাচাৰ, উৎপীড়ন কৰা নাছিল। বদনচন্দ্ৰই মানৰ সেনাপতিজনক ধনসম্পদেৰে পুৰস্কৃত কৰি এজনী আহােম গাভৰুসহ ঘোঁৰা-হাতী, সােণৰূপ উপহাৰ দি বিদায় দিছিল।

3)পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্র শেষ পৰিণতি
কি আছিল?
উত্তৰঃপূর্ণানন্দ বুঢ়াগােহাঁই অত্যন্ত ক্ষমতাশালী আৰু স্বেচ্ছাচাৰী আছিল। তেওঁৰ দৌৰাত্ম সহ্য কৰিব নােৱাৰি দেশৰ মুখিয়াল আৰু ডা ডাঙৰীয়াসকলে বিদ্রোহ সংঘটিত কৰিছিল। পূর্ণানন্দই প্রধানমন্ত্রী হৈ থকাৰ কালছােৱাত কম বয়সীয়া ল'ৰাবােৰক ৰাজপাটত বহুৱাই নিজেই সর্বময় কর্তৃত্বৰ গৰাকী হৈ পৰিছিল। তেওঁজনসাধাৰণৰ ওপৰত কৰা পাশবিক অত্যাচাৰক সহ্য কৰিব নােৱাৰি তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিবলৈ কেইজনমান বিদ্রোহী আগবাঢ়ি আহিছিল। তাৰ ভিতৰত কেইজনমান হল দৈচুঙীয়া বামুন, জগধৰ চাৰিঙীয়া বৰুৱা, লক্ষমীহৰি, বদন চন্দ্ৰ বৰফুকন আদি। বদন চন্দ্ৰ বৰফুকনে পূর্ণানন্দৰ বিৰুদ্ধে বিদ্রোহ কৰাৰ কথা গম পাই তেওঁ বদনক ধৰিবৰ বাবে চিপাহী পঠিয়ায়। কিন্তু বদনে তেওঁক ধৰিবলৈ পঠিওৱা চিপাহীৰ কথা আগতীয়াকৈ গম পাই ব্রিটিছ শাসনাধীন বংগদেশৰ ৰংপুৰলৈ গৈ ডেভিদ স্কটক সাক্ষাত কৰে আৰু পূৰ্ণানন্দৰ বিৰুদ্ধে চন্দ্রকান্ত আৰু তেওঁৰ সমর্থনত সামৰিক সাহার্য বিচাৰে।
         বৰফুকনৰ সামৰিক সাহায্য বিচৰা কার্যত আইন সংগতভাৱে দেশৰ সার্বভৌম ক্ষমতাৰ অধিকাৰী ৰজা চন্দ্রকান্ত সিংহৰ পূর্ণ সমর্থন আছিল। কোম্পানীৰ চৰকাৰ সেই সময়ত নেপালত থকা কাৰণে পূর্ণানন্দৰ বিৰুদ্ধে বদন চন্দ্র বৰফুকন আৰু চন্দ্রকান্তক ইংৰাজ চৰকাৰে সামৰিক সাহায্য প্রদান নকৰিলে। কোম্পানীৰ তৰফৰপৰা সামৰিক সাহায্য নাপাই বদনে ব্রহ্মদেশৰ ৰজা বদৌপায়াৰাৰ ওচৰত হাত পাতিলে। বদৌপায়াই ইতিবাচক সহাৰি দি বদনৰ লগত ৬০০০ সৈনিকৰ যােগান দি অসম অভিমুখে যাত্রা কৰিবলৈ আদেশ দিলে। পূর্ণানন্দৰ দৌৰাত্মত মানুহ অতীষ্ঠ হৈ পৰি তেনে অৱস্থাৰপৰা পৰিত্ৰাণ পাবলৈ চন্দ্রকান্ত আৰু বদনৰ প্ৰতি সহায়ৰ আগবঢ়াই ৮০০০ সৈন্যই বদনৰ লগ লাগিছিল। তেওঁ এই ৮০০০ সৈন্য অসমত সােমাইয়ে লাভ কৰিছিল।
          বদৌপায়াৰ ৬০০০ আৰু নিজৰ ৮০০০ সৈন্য লগত লৈ বদনে। পূণর্নন্দৰ লগত বিদ্রোহ কৰিবলৈ আগবাঢ়ি যায়। বদনৰ আগমনৰ বাতৰি পাই পূৰ্ণানন্দই আগমন ৰােধ কৰিবলৈ দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটা সৈন্যবাহিনী প্রেৰণ কৰে। কিন্তু বদনৰ নেতৃত্বত অয়। মান সেনাৰ হাতত তেওঁলােক ঘিলাধুলীৰ যুদ্ধত পৰাজিতায়। ঘিলাধাৰীৰ যুদ্ধৰ পৰাজয়ৰ বাতিৰ পােৱাৰ লগে লগে পূর্ণানন্দ মৃত্যুমুখত পৰে।

4) বদন বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ
গুৱাহাটীৰ বৰফুকন কলীয়া মােৰাৰ মৃত্যুৰ পাছত, বদনচন্দ্ৰ বৰফুকন গুৱাহাটীৰ বৰফুকন হয়। তেওঁ বৰ দাম্ভিক আৰু অত্যাচাৰী আছিল। এওঁ ভিতৰে ভিতৰে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ বিৰুদ্ধে ষড়যন্ত্র লিপ্ত আছিল। সত্ৰামৰ বিচাৰৰ সময়ত বদনচন্দ্ৰৰ অভিসন্ধি প্রকাশ পােৱাত পূর্ণানন্দ বুঢ়াগােহাঁহিয়ে পৰমেশ্বৰ পৰ্বতীয়া ফুকনক বদনক ধৰি নিবলৈ পঠায়। বদনৰ জীয়েক পিজেী গাভৰু পূণনিন্দৰ বােৱাৰীয়েক আছিল। পিজৌ গাভৰুৱে এই কথাৰ গম পাই আপধৰি উতাকলে। খবৰ পঠালে। পৰমেশ্বৰ ফুকন গুৱাহাটী পােৱাৰ আগতে বদনে।পুতেকহঁতৰ সৈতে কলিকতালৈ পলাই যায়। বদনে কলিকতালৈ গৈ পূৰ্ণানন্দৰ বিৰুদ্ধে ইংৰাজৰ সহায় ভিক্ষা কৰিলে। কিন্তু ইংৰাজে বদক : সহায় কৰিবলৈ অমাস্তি হয়। বদনচন্দ্র বিফল হৈ ব্রহ্মদেশৰ কটকী এজনৰ লগত গৈ মান ৰজাৰ ওচৰ চাপে। বদনচন্দ্রই মান ৰজা
বদৌয়াপাক জনালে অসমৰ ৰাজপাটত আহােম ৰজা নাই, পূণানন্দ বুঢ়াগােহাঁইহে ৰজা, গতিকে ভাই ৰজাক সিংহাসনত বড়ুৱাবলৈ মান সেনাৰ সহায় । লাগে। এই ক্ষেত্ৰত অসমীয়া কুঁৱৰী ৰঙ্গিলীয়ে বদনক সদায় কৰিছিল। তেওঁৰ খাটনিতে মান ৰজাই বদনক সহায় কৰিবলৈ মাস্তি হয়। ১৮১৬ খ্রীঃত প্রায় ৯০০০ সৈন্য লৈ বদনচন্দ্ৰই অসমলৈ যাত্ৰা কৰে। বাটত আহােতে আৰু কিছুমান সৰু ৰজাই বদনক সহায় কৰে৷ মুঠতে প্রায় ১৬ হাজাৰ মান সৈন্য লৈ ১৮১৭ চনৰ মাৰ্চ মাহত অসম সােমায়। পূর্ণানন্দ বুঢ়াগােহাঁহয়ে মানক ভেটিবলৈ ব্যৱস্থা কৰে, ঘিলাধাৰীত দুই পক্ষৰ ৰণ হয়। ৰণত আহােম সেনা পৰাত হয়, সেই সময়তে পূৰ্ণানন্দৰ মৃত্যু হয়। নতুন বুঢ়াগােহাঁই ৰুচিনাথে কঠালবাৰীত মানক ভেটা দিয়ে। তাতে যুদ্ধত আহাে সৈন্য হাৰে। ইতিমধ্যে মানৰ সেনাই ৰাজধানী যােৰহাট অধিকাৰ কৰে আৰু চন্দ্রকান্ত সিংহক ৰজা পাতে। বদনচন্দ্ৰই নিজে বুঢ়াগােহাঁই হয়। বহুতাে ধন-সােণ লৈ মানসেনা নিজ দেশলৈ উভতি গল। মানসেনাৰ লগতে হােমাে আইদেউক মান বজালৈ উপহাৰ হিচাপে পঠিওৱা হয়। বদনচন্দ্র প্রধানমন্ত্রী হৈ দেশৰ সময়কতা হৈ উঠিল।

5) বদনচন্দ্র বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলােচনা কৰা।
উত্তৰঃ
১৮১৭ চনৰ মাৰ্চ মাহত বদন চন্দ্ৰ বৰফুকনৰ নেতত্বত প্রায় ৬০০০ জন মান সেনা আছিল আৰু ৰদন চন্দ্ৰই নিজাববীয়াকৈ প্রায় ৮০০০ অসমীয়া সেনা সংগ্রহ কৰিছিল। মাল অসমত প্রৱেশ কৰাত পূণানন্দৰ সেনাবাহিনীয়ে বাধা দিছিল। তেতিয়া দুয়ােপক্ষৰ মাজত ঘিলাধাৰীত হােৱা যুদ্ধত পূৰ্ণানন্দৰ সেনাবাহিনী পৰাজিত হৈছিল আৰু এই খবৰ শুনিয়েই পূণানন্দও মৃত্যুমুখত পৰিছিল। তাৰ পিছত ৰুচিনাথে বুঢ়াগােহাঁই পদবী লৈ বদনক বাধা দিবলৈ কঠালবাৰীত যুদ্ধ কৰি বিফল হৈছিল আৰু গুৱাহাটীলৈ পলাই গৈছিল। বদনে ৰজা চন্দ্রকান্ত সিংহক সেৱা কৰি ৰাজভক্তি প্রদর্শন কৰিছিল আৰু ৰজাই বদনক প্রধানমন্ত্রী পাতিছিল। বদনক মন্ত্রী বৰফুকন নামৰ নতুন পদবী দিছিল। বদনে মান স্ন্যৈক যােৰহাটৰ পূর্বাংশত কঠোৰ নিয়ন্ত্ৰণত ৰাখিছিল আৰু তেওঁলােকে অসমীয়া প্ৰজাক কোনাে ধৰণৰ উপদ্ৰৱ কৰা নাছিল।বদনৰ নেতৃত্বত অহা মানসেনাই অসমত কোনাে ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ কৰা নাছিল। ঐতিহাসিক ড০ সূর্য কুমাৰ ভূঞাৰ মতে ১৮১৭ চনৰ এপ্রিল মাহত মান সেনা যােৰহাটৰ সমীপৰ পৰা প্রত্যাবর্তন কৰিছিল। বিভিন্ন দিশ চালি জাৰি চাই ক'ব পাৰি যে এয়া অসমত মানৰ আক্ৰমণ নাছিল, সামৰিক অভিযানহে আছিল।

6) মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলােচনা কৰা৷
উত্তৰঃ
বদনচন্দ্ৰ বৰফুকনৰ হত্যাঃ বদনচন্দ্ৰ বৰফুকনে আহােম ৰাজ্যৰ মন্ত্রী বৰফুকন হােৱাৰ কেইমাহমানৰ পিছতে তেওঁৰ বিৰুদ্ধে এটা গভীৰ ষড়যন্ত্র চলিছিল। এই ষড়যন্ত্রৰ মূল কেন্দ্রীয় শক্তি ৰুচিনাথ বুঢ়াগােহাঁইৰ পৰিয়াল বুলি বহূতে সন্দেহ প্রকাশ কৰে। এওঁলােকৰ প্ৰৰােচনাতে রূপসিং চুবেদাৰ আৰু ৰহমান খা জামাদাৰে ১৮১৭ চনত বদনচন্দ্রক হত্যা কৰে। এই হত্যাকাণ্ডই মানৰ অসম আক্ৰমণৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়।

চন্দ্রকান্ত সিংহক সিংহাসনচ্যুতঃ আহােম ৰাজ্যৰ বুঢ়াগােহাঁইৰুচিনাথে, গুৱাহাটীৰ পৰা কিছুমান স্থানীয় লােক আৰু ভেৰােনীয়া হিন্দুস্থানী সৈন্য গােটাই এটা সেনাবাহিনী গঠন কৰি পুৰন্দৰক লগত লৈ যােৰহাটলে আহি চন্দ্রকান্ত সিংহক সিংহাসনৰ পৰা অপসাৰণ কৰে৷ তাৰ পিছত তেওঁৰ কাণ এখন কাটি ভৱিষ্যতে যাতে ৰজা হ'ব নােৱাৰে তাৰ ব্যৱস্থা কৰে। ৰুচিনাথে ব্রজনাথৰ ১০ বছৰীয়া পুত্র পুৰন্দৰ সিংহক ৰজা পাতি তেওঁ নিজে দেশ শাসনৰ কাম হাতত লয়। এইটোৱেই আছি। মানৰ অসম আক্ৰমণৰ দ্বিতীয় কাৰণ।

ব্ৰহ্ম ৰজাৰ অসন্তুষ্টিঃ ব্রহ্মদেশৰ মান ৰজাই বদনচন্দ্ৰৰ হত্যা আৰু চন্দ্রকান্তৰ
সিংহাসনচ্যুতিৰ কথা জানিব পাৰি বৰ অসন্তুষ্ট হৈ অসম আক্ৰমণৰ সিদ্ধান্ত লয়। সেই বাবে আলুমিংগিৰ নামৰ সেনাপতি এজনক ১০ হাজাৰ সৈন্য দি অসম আক্ৰমণলৈ পঠিয়ায়। ১৮১৯ চনৰ জানুৱাৰী ফেব্রুৱাৰী মাহত এই আক্রমণ হৈছিল। মানৰ অসম আক্ৰমণঃ মানে অসম অধিকাৰ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি চন্দ্রকান্তক পনৰ ৰজা পাতে। মানৰ অধীনত তেওঁ প্রায় দুবছৰ আঠ মাহ ৰাজত্ব কৰিছিল। পিছত তেওঁ মানৰ অধীনতা অস্বীকাৰ কৰি কোম্পানীৰ ৰাজ্যলৈ পলাই যায়। মানসকলে তেওঁৰ পিছত যােগেশ্বৰ সিংহক ৰজা পাতি শাসন চলাইছিল। এইজন ৰজাই ৩ বছৰ ৩ মাহ শাসন কৰিছিল।

7) মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফহিয়াই দেখুওৱা।
উত্তৰঃ
মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ তলত ফহিয়াই দেখুওৱা হল—

(১) মানৰ অসম আক্রমণে অসমৰ আহােম ৰাজত্বৰ ওৰ পেলাইছিল। আক্ৰমণৰ ফলত ব্রহ্মপুত্র উপত্যকাৰ আহােম ৰাজ্য মান, অধীনলৈ আহিছিল আৰু ১৮১৯-১৮২৬ চনলৈ মানে অসমত শাসন চলাইছিল।

(২) মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বলাংশে বিপর্যস্ত হৈ পৰিছিল। অসমৰ বহু
লােক উজনিৰপৰা নামনিলৈ, কাছাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল।

(৩) মানৰ হাতৰপৰা অসমূখন উদ্বাৰ কৰি পুনৰ স্বাধীন কৰিবলৈ যিখিনি সামৰিক শক্তিৰ প্রয়ােজন আছিল সেই সকলােখিনি প্রায় নিঃশেষ
হৈ আহিছিল।

(৪) সিংহাসন প্রাপ্তিৰ বাবে চলা উত্তৰাধিকাৰৰ সংগ্রামে আহােম ৰাজতন্ত্রক দুর্বল কৰি আনিছিল।

(৫) মানৰ আক্ৰমণৰ ফলত ৰাজ্য শাসনত প্রধান আৰু মূখ্য ভূমিকা লৈ থকা অভিজাত শ্ৰেণীটোৱে ৰাজনৈতিক নেতৃত্ব দিবপৰা দক্ষতা, ক্ষমতা আৰু শক্তি সামর্থ একেবাৰে হেৰুৱাই পেলা ছিল।

(৬) অসমত মানৰ অৱস্থানে বংগদেশত থকা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ টোপনি হৰণ কৰিছিল। ইংৰাজসকলে থমাছ ওৱেলছে ১৭৯৪ চনত প্রেৰণ কৰা গােপন প্রতিবেদনৰ জৰিয়তে অসম সম্পর্কে বিস্তৃত খা-খবৰ লৈ আছিল। তেতিয়াৰ পৰাই তেওঁলােকৰ ৰত্ন প্রসরিনী অসমৰ ওপৰত লুভীয়া দৃষ্টি আছিল। গতিকে তেওঁলােকে নকৰা কামটো মানসকলে ১৮১৯ চনত কৰাত ইংৰাজসকল অহিৰ হৈ পৰিছিল।
১৮২৪ চনৰ ফেব্ৰুৱাৰী মাহত মান আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সামৰিক সংঘৰ্ষৰ সুত্রপাত হৈছিল আৰু ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰী তাৰিখে স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ মাধ্যমত যুদ্ধৰ সামৰণি পৰিছিল।

8) কোনটো বিদ্ৰোহক “পানীমুৱা বিদ্রোহ' বুলি কোৱা হয়?
উত্তৰঃ
পূর্ণানন্দৰ দৌৰাত্ম সহায় কৰিব নােৱাৰি দেশৰ ভালেমান মুখিয়াল লােক আৰু ডাডাঙৰীয়াসকলে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্রোহ সংগঠিত কৰিছিল। এই
বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুৱা নামৰ লােক এজনে। সেই কাৰণে এই বিদ্রোহক পানীমুৱা বিদ্রোহ বােলে।

9) ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ
কৰা।
উত্তৰঃ
(১) মানৰ অসম আক্রমণে অসমৰ আহােম ৰাজত্বৰ ওৰ পেলাইছিল। আক্ৰমণৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহােম ৰাজ্য মানৰ অধীনলৈ আহিছিল আৰু ১৮১৯-১৮২৬ চনলৈ মানে অসমত শাসন চলাইছিল।
(২) মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বহুলাংশে বিপর্যস্ত হৈ পৰিছিল। অসমৰ বহু লােক উজনিৰপৰা নামনিলৈ, কাছাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল।

10) প্রথম ইংগবার্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধন কত সংঘটিত
হৈছিল ?
উত্তৰঃ
অসমখন সম্পূর্ণরূপে মানৰ অধীনলৈ অহাৰ পিছত মানসকলে ইংৰাজৰ ৰাজ্যত প্ৰৱেশ
কৰি উপদ্ৰৱ কৰিবলৈ ধৰিলে। মান চৰকাৰৰ সাম্রাজ্যবাদী কার্যকলাপবােৰেও ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰক শংকিত কৰি তুলিছিল। গােৱালপাৰাৰ শ্রীহট্ট আৰু চট্টগ্রামৰ পথেৰে মানসকল ইংৰাজৰ ৰাজ্যত সােমাই লুট-পাত আৰম্ভ কৰিছিল। ক্রমে মানৰ ৰাজ্য লিঙ্গা বাঢ়ি আহে৷ মানে নগাঁৱৰ পৰা ১৮১৯ চনত তেওঁলােকে জয় কৰা মণিপুৰ ৰাজ্যৰ মাজেৰে কাছাৰ ৰাজ্যত প্রৱেশ কৰে। ইতিমধ্যে কাছাৰৰ ৰজা গােবিন্দ সিংহই মণিপুৰী ৰাজ্য গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্ঠিব নােৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল। ইংৰাজসকলে বুজিছিল যে কাছাৰ যদি মানসকলে অধিকাৰ কৰে তেন্তে কাছাৰৰ সীমান্তৱর্তী ইংৰাজ অধিকৃত শ্রীহট্ট বিপন্ন। হব পাৰ। সেইবাবে মানৰ আক্ৰমণৰ প্ৰতিবােধ কৰিবৰ বাবে তেওঁলােকে যথােচিত ব্যৱস্থা গ্রহণ কৰিলে।
কোম্পানী চৰকাৰৰ অধীনস্থ অঞ্চলৰ গাতে লাগি থকা অসমত এনে সামগ্রিক
অৱনতি আৰু মানৰ অতপালি দেখি শুনি ইংৰাজ চৰকাৰ নিক্ৰিয় হৈ থাকিব নােৱাৰিলে। মান সেনা কাছাৰত সােমােৱাত ইংৰাজ। আৰমান বজাৰ লগত সংঘর্ষ অনিবার্য হৈ পৰিল। অৱশেষত ১৮২৪ খ্রীষ্টাব্দৰ ৫ মার্চত গৱৰ্ণৰ জেনেৰেল লর্ড আর্মষ্টে ব্ৰহ্মদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিলে। ইয়েই প্রথম ইংগবর্মী যুদ্ধ। ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্রুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ মাধ্যমত এই যুদ্ধৰ সামৰণি পৰে। এই যুদ্ধ সংঘটিত হােৱা ৰণাংগন চাৰিখন হল— ব্রহ্মপুত্র উপত্যকা, মণিপুৰ, কাছাৰ আৰু ব্ৰহ্মদেশ।


11) ইয়াণ্ডাবু সন্ধিৰ উল্লেখযােগ্য ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ
ইয়াণ্ডাবু সন্ধিৰ উল্লেখযােগ্য ফলাফলসমূহ হল।
(i) ইয়াণ্ডাবু সন্ধিৰ ফলত ইঙ্গ বার্মা যুদ্ধৰ সামৰণি পৰিছিল।
(ii) এই সন্ধিয়ে অসমত মানৰ দিনৰ অন্ত পেলাইছিল।
(iii) এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্রিটিছ
সাম্রাজ্যৰ পাতনি মেলে।

12) ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃ
অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূর্ণ
ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ চর্তসমূহ ব্রিটিছৰ অনুকূলে গৈছিল। মানৰ ৰাজত্বৰ ওৰ পেলাই ব্রিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে শাসনভাৰ গ্ৰহ কৰিছিল। উল্লেখযােগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাৰিত কৰাৰ অজুহাতত ব্রহ্মপুত্র উপত্যকাত ব্ৰিটিছে। নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

13) চমুটোকা লিখা।
(১) বদৌপায়া, (২) গম্ভীৰ সিং, (৩) গােবিন্দচন্দ্র, (৪) দামান। গগৈ,
(৫) হাওঁ বৰা, (৬) ঘিলাধাৰীৰ যুদ্ধ, (৭) ব্রজনাথ, (৮) পুৰন্দৰ সিংহ,
(৯) লুকু ডেকাফুকন, (১০) আলুমিংগি, (১১) দোৱনীয়া, (১২) ইয়াণ্ডাবু সন্ধি।
উত্তৰঃ

(১) বদৌপায়াঃ বদৌপায়া ব্ৰহ্মদেশৰ ৰজা আছিল । তেওঁৰ আমােলত ১৭৮৪ চনত মান সেই আৰাকান জ করি দখল কৰে। আৰাকালত থিতাপি লৈ বদৌপায়া আৰু তেওঁৰ নাতি বাণিস তেওঁলােকৰ ৰাজ্য বিস্তাৰৰ নীতি মণিপুৰ আৰু অসমৰ পিনে সম্প্রসাৰিত কৰাৰ চেষ্টা কৰে। পূর্ণনিন্দ আৰু বদনৰ মাজত থকা সংঘৰ্ষৰ ফলস্বৰূপে বদনে বদৌপায়াৰ ওচৰত পূর্ণানন্দৰ বিৰুদ্ধে সামৰিক সাহার্য বিচাৰিছিল। বদৌপায়াই এই ক্ষেত্ৰত ইতিবাচক সহাৰি দি ৬০০০ সৈনিকৰ যােগান দি অসম অভিমুখে যাত্রা কৰিবলৈ আদেশ দিলে। তেওঁৰ সৈনিক আৰু বদনৰ নিজাববীয়াকৈ থকা সৈনিকৰ সহায়ত পূৰ্ণানন্দৰ বিৰুদ্ধে ঘিলাধাৰী যুদ্ধত বদনে অৱতীৰ্ণ হৈছিল। এই মান ৰজা বদৌপায়াৰ ১৮১৯ চনৰ মে মাহত মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ নাতি বাগিদও ব্রহ্মদেশৰ ৰজা হয়।

(২) গম্ভীৰ সিংঃ গম্ভীৰ সিং আছিল এজন মণিপুৰৰ ৰাজকুমাৰ। তেওঁৰ দুজন ভায়েক
আছিল মনজিৎ সিং আৰু সুৰজিৎ সিং মানসকলে ১৮১৯-২৩ ৰ কালছােৱাত মণিপুৰৰ ওপৰত তেওঁলােকৰ সম্পূৰ্ণ ৰাজনৈতিক কতৃত্ব স্থাপন কৰি তিনিওজন ৰাজকুমাৰকে, শেৰপৰা। বহিষ্কাৰ কৰে৷ এই মণিপুৰী ৰাজকুমাৰ কেইজন নিজা দেশৰপৰা বাহিঙ্কাৰ। হৈ মণিপুৰৰপৰা কাছাৰলৈ পলাই যায়। সেই সময়ত কাছাৰৰ ৰজা আছিল গােবিন্দ চন্দ্র। গােবিন্দ চন্দ্রই মণিপুৰী ৰাজকুমাৰসকলৰ উপদ্ৰৱ সহ্য কৰিব নােৱাৰি শ্রীহট্ট লৈ গৈ ইংৰাজৰ সহায় ভিক্ষা কৰে। কিন্তু ইংৰাজে সহায় কৰিবলৈ অস্বীকাৰ কৰাত গােবিন্দ চন্দ্র মানৰ শৰণাপন্ন হয় আৰু মানসকলে কাছাৰত নিজৰ আধিপত্য স্থাপনৰ আশাত ১৮২৩ চনত গােবিন্দ চন্দ্ৰৰ সমৰ্থনত গম্ভীৰ সিঙৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হয়।

(৩) গােবিন্দচন্দ্রঃ গােবিন্দচন্দ্র কাছাৰৰ ৰজা আছিল। ইতিমধ্যে মান ৰজাৰ ভয়ত মণিপুৰৰ তিনি ৰাজকুমাৰ পলাই গৈ কাছাৰত প্ৰৱেশ কৰে। কাছাৰৰ ৰজা গােবিন্দ চন্দ্রক কাছাৰৰপৰা খেদি, মণিপুৰৰ সুৰজিৎ সিং আৰু গম্ভীৰ সিঙে কাছাৰ অধিকাৰ কৰে। গােবিন্দ চন্দ্রই উপায় নাপাই ইংৰাজৰ আশ্রয় লয়। মানসেনাৰ অত্যাচাৰত ইতিমধ্যে অতিষ্ঠ হােৱা ইংৰাজ চৰকাৰে, গােবিন্দ চন্দ্ৰৰ কাছাৰত' মানে প্রৱেশ কৰাত প্রতিবাদ জনালে। মান সেনাৰ যুক্তিহীন হস্তক্ষেপৰ বাবে ইংৰাজে মানৰ বিৰুদ্ধে আক্রমণ চলাই মানসেনাক কাছাৰৰ পৰা খেদিগ গােবিন্দ চন্দ্রক পুনৰ ৰজা পাতে। কিন্তু তেওঁৰ ওপৰত সততে নজৰ ৰাখিছিল। ১৮৩০ চনত মণিপুৰৰ ৰজাই ষড়যন্ত্র কৰি গােবিন্দ চন্দ্রক হত্যা কৰে।

(৪) দামান গগৈঃ পূৰ্ণানন্দৰ অতপালি সহ্য কৰিব নােৱাৰি বদনে। বদৌপায়াৰ ওচৰত সামৰিক সাহার্য বিচাৰিলে। বদৌপায়াই এই ক্ষেত্ৰত ইতিবাচক সহাৰি দি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনৰ নেতৃত্বত প্রায় ৬০০০ সৈনিকৰ যােগান দি অসম অভিমুখে যাত্ৰা কৰিবলৈ আদেশ দিলে। বদৌপায়াৰ সৈন্য আৰু অসমত সংগ্রহ কৰা সৈন্যসহ বদন অসমত প্ৰৱেশ কৰে।বদনৰ আগমন ৰােধ কৰিবলৈ পূণানন্দ বুঢ়াগােহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্রেৰণ কৰিছিল। কিন্তু দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত অহা সৈন্যবাহিনীটো বদনৰ সৈন্যবাহিনীৰ হাতত পৰাজিত হয়। ঘিলাধাৰীত দামান গগৈ আৰু দাও বৰাৰ নেতৃত্বত অহা সৈন্যবাহিনীৰ পৰাজয়ৰ বাতৰিয়ে পূর্ণানন্দ মর্মাহত কৰি মৃত্যুমুখত পেলায়।

(৫) হাও বৰাঃ হাও বৰা আৰু দামান গগৈয়ে পূর্ণানন্দৰ সৈন্যবাহিনীৰ নেতৃত্ব দিছিল।
তেওঁলােকৰ নেতৃত্বত অহা সৈন্যবাহিনীটোৱে ঘিলাধাৰীত বদনৰ আগমন ৰােধ কৰিবলৈ গৈছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলােক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীৰ হাও বৰা আৰু দামান গগৈৰ নেতৃত্বত অহা সৈন্যবাহিনীৰ পৰাজয়ৰ বাতৰিটোৱে পূৰ্ণানন্দ অধিক মর্মাহত কৰি মুত্যুমুখত পেলায়। হাও আৰু দামান গগৈৰ যুটীয়া নেতৃত্বত অহা সৈন্যবীহিনী টোৱে বদনৰ সৈন্যবাহিনীৰ হাতত পৰে।

(৬) ঘিলাধাৰী যুদ্ধঃ ১৮১৬ খৃঃৰ শেষৰ ফালে বদনচন্দ্ৰ বৰফুকনে মানৰজাৰ পৰা প্রায়
আঠ হাজাৰমান সৈন্য লৈ অসমলৈ যাত্ৰা কৰিলে। বাটত আহোঁতে মানৰজাৰ তলতীয়া
ৰাজ্যবিলাকৰ পৰা বহুতাে সৈন্য আহি লগলাগি ইয়াৰ সংখ্যা প্রায় ষােল্ল হাজাৰমান হয়। ১৮১০ খৃঃৰ মাৰ্চ মাহত মানসেনা আহি অসমৰ দুৱাৰমুখ পালেহি। মান অহা শুনি পূর্ণানন্দ বুঢ়াগােহাইদেৱে মানক ভেটা দিবলৈ এদল সৈন্য পঠায়। ঘিলাধাৰী নামে ঠাইত মানসেনা আৰু অসমীয়া সৈন্যৰ মাজত যুদ্ধ হয়। যুদ্ধত অসমীয়া সেনা মানৰ হাতত হাঁৰিল। এয়া মানৰ প্রথম আক্রমণ। এই ঘিলাধাৰী যুদ্ধত হৰাৰ পিছতে পূৰ্ণানন্দ বুঢ়গােহাঁইৰ মৃত্যু হয়। কোনাে কোনােৰ মতে তেওঁ কালহীৰা চেলেকি আত্মহত্যা কৰে।

 (৭) ব্রজনাথঃ আহােম ৰজা ৰাজেশ্বৰ সিংহৰ বংশধৰ ব্রজনাথ কোঁৱৰ, তেওঁৰ পুত্র
পুৰন্দৰৰ সৈতে ১৮০৯ চনৰ পৰা কোম্পানীৰ ৰাজ্যৰ চিলমাৰীত আশ্ৰয় লৈ আছিল। পিতাপুত্ৰ দুয়ােজনে ইংৰাজ কোম্পানীৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি চিলমাৰীতে স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। ৰুচিনাথ বুঢ়াগােহাঁইৰ ভায়েক জগন্নাথ ঢেকীয়ালফুকনে ককায়েকৰ আদেশ পাই ব্রজনাথ আৰু পুৰৰক গুৱাহাটীলৈ আনে। ৰুচিনাথ বুঢ়াগােহাঁয়ে নিজৰ স্বার্থ পূৰণৰ বাবে গুৱাহাটীতে কিছুমান স্থানীয় লােক আৰু হিন্দুস্থানী লােক গােটাই এটা সেনাবাহিনী গঠন কৰে। এই বাহিনীটোৰ লগতে ব্রজনাথ আৰু পুৰন্দৰক লৈ যােৰহাটলৈ যাত্রা কৰে। যােৰহাটত ৰজা চন্দ্রকান্ত সিংহৰ সৈন্যবাহিনীৰ লগত বুঢ়াগােহাঁই ৰুচিনাথ বাহিনীৰ এখন যুদ্ধ হয়। ৰজাৰ বাহিনী পৰাজিত হয়। ৰুচিনাথে সগৌৰৱেৰে যােৰহাটত প্রৱেশ কৰে আৰু চন্দ্রকান্তক সিংহাসনচ্যুত কৰি, ব্রজনাথৰ অংগক্ষত থকা কাৰণতে তেওঁক সিংহাসনত বহুৱাব নােৱাৰাত ৰুচিনাথ বুঢ়াগােহাঁয়ে ব্রজনাথৰ। পুতেক পুৰন্দকে সিংহাসনত বহুৱাই নিজে ৰাজ্য শাসন কৰিবলৈ লয়। পুৰন্দৰ সিংহই ১৮১৮ চনত ৰজা
হৈছিল। তেওঁ মাত্ৰ এবছৰ পােন্ধৰ দিন ৰাজত্ব কৰিছিল। তাৰ পিছত মান সেনাই পুৰন্দৰক আৰাই চন্দ্রকান্ত সিংহক পুনৰ ৰজা পাতিছিল।

(৮) পুৰন্দৰ সিংহঃ পুৰন্দৰ সিংহ ব্রজনাথ গােহাঁইৰ পুত্ৰ আছিল। তেওঁ অতি কম বয়সতেই ৰজা হােৱাৰ সুভাগ্য লাভ কৰিছিল। ব্রজনাথ আৰু পুৰৰ দুয়াে ১৮০৯ চনৰপৰা কোম্পানীৰ চৰকাৰৰপৰা পেঞ্চন লাভ কৰি কোম্পানীৰ ৰাজ্য চিলামাৰীত সুখে শান্তিৰে দিন কটাইছিল। বদনৰ হত্যাৰ পাছত ৰুচিনাথে চন্দ্রকান্ত সিংহক সিংহাসনৰ পৰা সিংহাসনচ্যুত কৰে আৰু ব্রজনাথ গােহাঁইক সেই সিংহাসনত বহুৱাবৰ চেষ্টাত ব্যস্ত হৈ পৰে। সেইকাৰণে ৰুচিনাথে তেওঁৰ ভাতৃ জগন্নাথৰ হতুৱাই ব্রজনাথ আৰু পুৰন্দৰক চিলামাৰীৰ পৰা গুৱাহাটীলৈ লৈ আহে। কচিনাথে নিজ অভিৰুচি পুৰণার্থে গুৱাহাটীত এটি সেনাবাহিনী গঠন কৰে। এই সেনাবাহিনীৰ সহায়ত ব্রজনাথ আৰু পুৰন্দৰক লগত লৈ যােৰহাটলৈ যাত্ৰা কৰে। চন্দ্রকান্তক ৰুচিনাথে চল কৰি যােৰহাটলৈ মাতি আনি ৰুচিনাধৰ এজন ভাতৃৰ হতুৱাই এখন কাণ কাটি
তেওঁক ভৱিষ্যতৰ সিংহাসন প্রাপ্তিৰপৰা বঞ্চিত কৰে। আনফালে ব্রজনাথ পূৰ্বতে অংগক্ষত হােৱাৰ বাবে ৰজা হােৱাৰ যােগ্যতা হেৰুৱাইছিল। সেই কাৰণে। চিনাথে ব্রজনাথৰ ১৩ বছৰীয়া পুল পুৰন্দৰক সিংহাসনত বহুৱাই ৰাজ্য শাসন কৰিবলৈ লয়।

(৯) লক ডেকাফকনঃ ৰুচিলাহ বুঢ়াগােহাঁয়ে যেতিয়া তেওঁ গুৱাহাটীত হিন্দুস্থানী আৰু
স্থানীয় লােকৰ দ্বাৰা গঠন কৰা সৈন্যবাহিনীটো লৈ যােৰহাট অভিমুখে ৰাওনা হৈছিল, তেতিয়া কথা বিষম দেখি আহােম ৰজা চন্দ্রকান্ত সিংহই লুকু ডেকাফুকনক সেনাপতি পাতি এটা শকত বাহিনী দি ৰুচিনাধৰ বিৰুদ্ধে পঠালে আৰু তেওঁ নিজে ৰংপুৰলৈ আর্তৰি যায়। আহােম ৰজা চন্দ্রকান্ত সিংহৰ সেনাবাহিনীটো ৰুচিনাধৰ বাহিনীৰ হাতত পৰাজিত হয় আৰু সেনাপতি লুকু ডেকাফুকন ৰণত নিহত হয়। ৰুচিনাথে এই যুদ্ধত জিকি যােৰহাটত প্রৱেশ কৰে।

(১০) আলুমিংগিঃ বদন চন্দ্র বৰফুকনৰ হত্যাকাণ্ড আৰু চন্দ্রকান্ত। সিংহাসনচ্যুত এই
দুয়ােটা কাৰণৰ বাবেই মানে অসম আক্ৰমণ কৰিছিল। এই দুয়ােটা কথা পলমকৈ হ'লেও মান দেশৰ ৰাজধানী আভাত সদৰি হৈ পৰে। মান ৰজাই উক্ত ঘটনাত অসন্তুষ্ট হৈ অসম আক্রমণ কৰিবলৈ সিদ্ধান্ত লয়। সেই সিদ্ধান্ত মর্মে মান ৰজাই কিয়ামিংগি ওৰফে আলুমিংগিক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। আলুমিংগিৰ নেতৃত্বত প্রায় ১০,০০০ সৈন্যৰ লগত আলুমিংগিয়ে নেতৃত্ব দিয়া এই আক্রমণখনকেই মানৰ প্ৰথম অসম আক্রমণ বুলিব পাৰি।

(১১) দোৱনীয়াঃ ব্রহ্মদেশৰ ৰজাই ১৮১৯ চনত, বদনচন্দ্ৰৰ হত্যা আৰু চন্দ্রকান্ত সিংহক সিংহাসনচ্যুত কৰা খবৰ পাই সেনাপতি আলুমিংগিৰ অধীনত এটা ১০ হাজাৰ সৈন্যৰ শকত বাহিনী অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। এই বাহিনীয়ে আহােম ৰজা পূণানন্দক পৰাজিত কৰি ৰাজধানী দখল কৰি পূৰ্ণানন্দক সিংহাসনচ্যুত কৰি চন্দ্ৰকান্তক পুনৰ ৰজা পাতে। এই মানসকলে অসমীয়া প্ৰজাৰ ওপৰত বৰ অত্যাচাৰ, উৎপীড়ন কৰিছিল। কিন্তু এই মানসকলৰ লগতে কিছুমান অসমীয়া প্ৰজাই ছদ্মবেশী মান হৈ অসমীয়া লােকৰ ওপৰত অত্যাচাৰ-উৎপীড়ন। চলাইছিল। এইদৰে ছদ্মবেশী মান সেনা হৈ অসমীয়া প্ৰজাক অত্যাচাৰ উৎপড়ন কৰা লােকসকলকে দোৱনীয়া বুলি জনা যায়। এই ডকাইতৰ দলটোৱে অসমীয়া প্রজাক নানা অত্যাচাৰ কৰাৰ লগতে ধন-সম্পত্তি লুট কৰি নিছিল। এই অত্যাচাৰী ছদ্মবেশী মনসকলক দোৱনীয়া বুলিছিল।

(১২) ইয়াণ্ডাবু সন্ধিঃ ইয়াণ্ডাবু সন্ধি স্থাপন কৰাৰ লগে লগে প্রথম ইংগ-বর্মী যুদ্ধৰে সামৰণি পৰে। ১৮২৬ খৃঃ ২৪ ফেবৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী আৰু ব্রহ্মদেশৰ ৰজাৰ মাজত এই সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্তসমূহ ব্রিটিছসকলৰ অনুকূলে হৈছিল। তেওঁলােক উল্লেখযােগ্যভাৱে লাভৱান হৈছিল। ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে
(i) ৰমী ৰজাই ব্রিটিছৰ যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ এক কোটি টকা পৰিশােধ কৰিবলগীয়া
হৈছিল।
(ii) আৰাকান আৰু তেনাছেৰিম প্রদেশ দুখন ইংৰাজ কোম্পানীক সমর্পন কৰিব
লগা হৈছিল।
(iii) অসম কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত কর্মীসকলে আৰু কোনাে প্রকাৰে
হস্তক্ষেপ কৰিব নােৱাৰা হল মণিপুৰক স্বাধীন ৰাজ্য হিচাপে বর্মী। ৰজাই স্বীকৃতি দিব লগা হল।
(iv) আভাত এজন ব্রিটিছ ৰেছিডেণ্ড ৰাখিবলগীয়া হল। ইয়াৰ বিনিয়মত বুমীৰজাই
এজন দূত ৰাখিবলৈ অধিকাৰ পালে৷ তদুপৰি ব্রিটিছৰ আৰু বৰ্মীসকলৰ মাজত এখন
বাণিজ্যিক চুক্তিও সম্পন্ন কৰা হ'ল। ইয়াৰ দ্বাৰা বৃটিছসকলে ব্ৰহ্মদেশত বাণিজ্য কৰাৰ
সুবিধা পালে।

অতিৰিক্ত সম্ভাব্য প্রশ্ন:

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা

(A) বদনৰ নেতৃত্বত মান সেনা আছিল—
(a) ৬০০০ জন।
(b) ৮০০০ জন।
(c) ১৪০০০ জন।
(d) ১৬০০০ জন।
উত্তৰঃ (a) ৬০০০ জন।

(B) ৰুচিনাথ বুঢ়াগােহাঁয়ে চন্দ্রকান্ত সিংহক সিংহাসনচ্যুত কৰিছিল
(a) ১৮১৭ চনৰ আগষ্টত
(b) ১৮১৮ চনৰ ছেপ্তেম্বৰত
(c) ১৮১৭ চনৰ জুনত
(d) এটাও নহয়।
উত্তৰঃ (d) এটাও নহয়।

(C) মান সেনাই আৰাকান দখল কৰিছিল।
(a) ১৭৬৫ চনত
(b) ১৭৮২ চনত
(c) ১৭৮৪ চনত
(d) ১৭৯৮ চনত।।
উত্তৰঃ (c) ১৭৮৪ চনত।

(D) ওৱেলছৰ সামৰিক অভিযানৰ সময়ত অসমৰ প্রধানমন্ত্রী আছিল
(a) পূণানন্দ বুঢ়াগােহাঁই
(b) বদন চন্দ্ৰ বৰফুকন।
(c) ৰুচিনাথ বুঢ়াগােহাঁই
(d) কীর্তি চন্দ্ৰ বৰবৰুৱা।
উত্তৰঃ (a) পূণানন্দ বুঢ়াগােহাঁই।

(E) পানীমুৱাৰ বিদ্ৰোহৰ সময়ত আহােমৰ ৰজা আছিল—
(a) ৰুদ্ৰসিংহ
(b) গৌৰীনাথ সিংহ।
(c) শিৱ সিংহ
(d) কমলেশ্বৰ সিংহ।
উত্তৰঃ (d) কমলেশ্বৰ সিংহ।

2) মানৰ অসম আক্ৰমণৰ এটি ধনাত্মক দিশৰ উল্লেখ কৰা
উত্তৰঃ মানৰ আক্ৰমণৰ এটা ধনাত্মক দিশ হ'ল অসমৰ আধুনিকীকৰণ।

3) মানৰ অসম আক্ৰমণৰ এটি ঋণাত্মক দিশৰ উল্লেখ কৰা।
উত্তৰঃ ই অসমত আহােম সকলৰ ৰাজত্বৰ অৱসান ঘটায়।

4)মান আৰু ব্রিটিছৰ মাজত কেতিয়াৰ পৰা শত্রুতা বিৰাজ কৰিছিল?
উত্তৰঃ মান আৰু ইংৰাজ দুয়াে একে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হােৱাত মান আৰু ব্রিটিছসকলৰ মাজত শত্রুতা বিৰাজ কৰিছিল।

5) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমােলত মান, ফলে কোনখন দেশ
জয় কৰিছিল?
উত্তৰঃ আৰাকান প্রদেশ।

6) বদনৰ সৈতে অহা মান সৈন্য কোন মাহৰ পৰা কোন মাহলৈ অসমত
আছিল?
উত্তৰঃ মাৰ্চৰ পৰা এপ্রিললৈ।।

7) পূর্ণানন্দ বুঢ়াগােহাঁইৰ পুত্র কোন আছিল?
উত্তৰঃ ৰুচিনাথ বুঢ়াগােহাঁই।

8) শিৱনাথ তামলী ফকন কোন আছিল?
উত্তৰঃশিৱনাথ তামুলীয়ে ভদৰি বৰবৰুৱাৰ কামসমূহ তদাৰক কৰিছিল।।

9) ভদৰী কোন আছিল ? তরি।
উত্তৰঃ  ভদৰী এজন ৰােগগ্রস্ত লােক আছিল যাক পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে, বৰবৰুৱা পদ দিছিল।

10) মানসকলে, মণিপুৰত দ্বিতীয় অভিযান কেতিয়া চলাইছিল?
উত্তৰঃ ১৭৫৯ চনত।

11) বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল?
উত্তৰঃ  ৰূপসিংহ চুবেদাৰ আৰু ৰহমান খাঁ জামাদাৰ।

12) প্রকৃততে মানৰ আক্রমণ কোন চনত হৈছিল?
উত্তৰঃ ১৮১৯ চনত।

13) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।

14) বদনক চন্দ্রকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্রী পাতিছিল?
উত্তৰঃ  মন্ত্রী বৰফুকন।

15) বৈশালী হুকুং কি?
উত্তৰঃ ব্রহ্মদেশৰ লিপিকাৰে অসমত মানৰ সামৰিক অভিযান সম্পর্কে লিখা এটি টোকা।

16) বৈশালী মুংডুনচুন-খাম কি?
উত্তৰঃ ব্ৰহ্মদেশৰ লিপিকাৰে অসম সম্বন্ধে লিখা এটি টোকা।

17) পুৰন্দৰ সিঙৰ দেউতাকৰ নাম কি?
উত্তৰঃ পুৰন্দৰ সিঙৰ দেউতাকৰ নাম ব্রজনাথ গােহাঁই আছিল।

18) চন্দ্রকান্ত সিংহৰ সেনাপতিজনৰ নাম লিখা।
উত্তৰঃ চন্দ্রকান্ত সিংহৰ সেনাপতিজনৰ নাম আছিল লুকো জেকা
ফুকন।

19) জগন্নাথ ঢেকিয়াল ফুকন কোন আছিল?
উত্তৰঃ ৰুচিনাথ বুঢ়াগােহাঁইৰ ভাতৃ।

20)বদৌপায়াৰ পিছত ব্রহ্মদেশৰ ৰজা কোন হৈছিল?
উত্তৰঃ বাগিদাও।

21) ইংৰাজৰ কৱলৰপৰা অসম ভাৰতবৰ্ষৰ অংগ ৰাজ্যৰূপে কিমান চনৰ কিমান তাৰিখে স্বাধীনতা লাভ কৰিছিল?
উত্তৰঃ ইংৰাজৰ কৱলৰপৰা অসমে ভাৰতবৰ্ষৰ অংগ ৰাজ্যৰূপে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল।

22) গৌৰীনাথৰ মৃত্যু সংবাদটো কোনে গােপনে ৰাখিছিল?
উত্তৰঃ গৌৰীনাথৰ মৃত্যু সংবাদটো পূৰ্ণানন্দ বুঢ়াগােহাঁইয়ে গােপনে ৰাখিছিল।

23) ঘিলাধাৰী যুদ্ধত পূৰ্ণানন্দ বুঢ়গগাহাঁইৰ সেনাবাহিনীৰ নেতৃত্ব কোনে কোনে দিছিল?
উত্তৰঃ  ঘিলাধাৰী যুদ্ধত পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ সেনাবাহিনীৰ নেতৃত্ব দিছিল— দামান গগৈ আৰু হাও বৰা।

24) বদন চন্দ্র বৰফুকনে ব্রহ্মদেশলৈ গৈ পূর্ণানন্দৰ বিৰুদ্ধে সামৰিক সাহায্য বিচৰা ৰজাজনৰ নাম কি?
উত্তৰঃ বদন চন্দ্ৰ বৰফুকনে ব্রহ্মদেশলৈ গৈ পূণানন্দৰ বিৰুদ্ধে সামৰিক সাহার্য বিচৰা ৰজাজনৰ নাম আছিল বদেীপায়া।

25) বদন চন্দ্র বৰফুকনক হত্যা কৰা ভাৰতীয়া আততায়া কেইজনৰ নাম কি
উত্তৰঃ বদন চন্দ্র বৰফুকনক হত্যা কৰা ভাৰতীয়া আততায়ী কেইজনৰ নাম আছিল ৰূপসিং চুবেদাৰ আৰু ৰহমান খ জামাদাৰ।

26) মানসকলৰ অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ ঘটনাটো কাৰ
সামৰিক অভিযানৰ লগত সাদৃশ্য আছে?
উত্তৰঃ মানসকলৰ অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ ঘটনাটো কেপ্তেইন থমাছ ওৱেলছৰ সামৰিক অভিযানৰ লগত সাদৃশ্য আছে।

27) মানসকলে মণিপুৰৰ ওপৰত সম্পূর্ণ ৰাজনৈতিক কর্তৃত্ব স্থাপন কৰাৰ
সময়ত মণিপুৰত থকা ৰাজকুমাৰ তিনিজনৰ নাম লিখা।
উত্তৰঃ মানসকলে মণিপুৰৰ ওপৰত সম্পূর্ণ ৰাজনৈতিক কতৃত্ব স্থাপন কৰাৰ সময়ত মণিপুৰত থকা ৰাজকুমাৰ তিনিজনৰ নাম হল মৰজিৎ সিং, গম্ভীৰ সিং আৰু সুৰজিৎ সিং।

28) দোৱনীয়া কোন? তেওঁলােকে কি কৰিছিল?
উত্তৰঃ মানৰ আক্ৰমণৰ সময়ত কিছুমান অৱস্থাপন্ন অসমীয়া লােকে মানৰ ছদ্মবেশ লৈ কিছুমান বেয়া কাম কৰিছিল। এওঁলােকেই দোৱনীয়া। এওঁলােকে অসমীয়া প্ৰজাক যথেষ্ট অত্যাচাৰ কৰিছিল।

29) মানসকলৰ আৰাকান, মণিপুৰ আৰু কাছাৰত ৰাজনৈতিক হস্তক্ষেপ
কৰাৰ পৰিণতিস্বৰূপে কি হৈছিল?
উত্তৰঃ মানসকলে আৰাকান, মণিপুৰ আৰু কাছাৰত ৰাজনৈতিক হস্তক্ষেপ কৰাৰ পৰিণতিম্বৰূপে অতি সােনকালে তেওঁলােকে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰাৰ সুযােগ পাইছিল।

30) গােৰীনাথ মৃত্যু সংবাদ গােপন কৰি পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে কি কৰিছিল?
উত্তৰঃ গােৰীনাথ সিংহৰ মৃত্যুৰ সংবাদ গােপনে ৰাখি উত্তৰাধিকাৰৰ প্ৰশ্নটো পূৰ্ণানন্দই নিজাববীয়াকৈ মীমাংসা কৰিছিল। মৃত্যু সংবাদ নিদি গৌৰীনাথে মতা বুলি বাঙ্কটীয়া বৰবৰুৱাক ৰাজপ্রসাদলৈ নি নিঠৰভাৱে হত্যা কৰিছিল।

31) পানীমুৱা বিদ্রোহ কি?
উত্তৰঃ পূর্ণানন্দৰ দৌৰাত্ম সহায় কৰিব নােৱাৰি দেশৰ ভালেমান মুখিয়াল লােক আৰু ডাডাঙৰীয়াসকলে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্রোহ সংগঠিত কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুৱা নামৰ লােক এজনে সেই কাৰণে এই বিদ্রোহক পানীমুৱ বিদ্রোহ বােলে।

32) মানৰ অসম আক্ৰমণৰ কাৰণ দুটা কি কি?
উত্তৰঃ  মানৰ অসম আক্ৰমণৰ কাৰণ দুটা হল— (১) বদন চন্দ্র বৰফুকনৰ হত্যাকাণ্ড (২) চন্দ্রকান্তসিংহ সিংহাসনচুত।

33) বদন চন্দ্র বৰফুকনক কেনেকৈ হত্যা কৰিছিল?
উত্তৰঃ  প্রয়াত পূৰ্ণানন্দ আৰু ৰুচিনাথৰ পৰিয়াল, ৰাজমাও নুমলী আৰু কেইজনমানৰ প্ৰৰােচনাত ভাৰতীয়া আততায়ী ৰূপসিং চুবেদাৰ আৰু ৰহমান খাঁ জমাদাৰে
প্রাতঃস্নান কৰি থকা অৱস্থাত বদনক হত্যা কৰে।

34) পূর্ণানন্দ আৰু বদন চন্দ্ৰৰ মাজত কেনেকৈ পাৰস্পৰিক সংঘাত সৃষ্টি হৈছিল?
উত্তৰঃ  ফেচাৰী হৈ পূৰ্ণানন্দই বদনক বৰফুকন পদৰ পৰা আতৰাই কলীয়া ভােমােৰাক বৰফুকন পাতে। কলীয়া ভােমােৰাৰ মৃত্যুৰ পিছত পুনৰ বদন চন্দ্ৰক বৰফুকন পাতিবলৈ বাধ্য হয়। তেতিয়াৰ পৰাই দুয়ােৰে মাজত সংঘাতৰ সৃষ্টি হয়।

35) প্রথম ইংগবর্মী যুদ্ধৰ বিষয়ে চমুকৈ লিখা?
উত্তৰঃ  মান অসমত থকা সময়ত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজত চাৰিখন ৰণাংগনত ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘর্ষ হৈছিল। ইয়েই প্রথম ইংগ-বর্মী যুদ্ধ। ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ মাধ্যমত এই যুদ্ধৰ সামৰণি পৰে।



Post a Comment

0 Comments