Class-9. Assamese. L-1. শিশুলীলা


শিশুলীলা- শ্ৰীমন্ত শংকৰদেৱ


অনুশীলনী

(ক-ভাব বিষয়ক)

1)অতি চমু প্রশ্নৰ উত্তৰ লিখা।
i) কৃষ্ণগীত গাৱন্ত সুন্দৰী ৷
—কৃষ্ণগীত গােৱা সুন্দৰীগৰাকী কোন?
উত্তৰঃ- কৃষ্ণগীত গােৱা সুন্দৰী গৰাকী হ'ল—নন্দৰাজৰ পত্নী যশােদা।

ii)কর্ণত কুণ্ডল দোলে আতি।
-কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
উত্তৰঃ-  মা যশােদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে।

iii)কাম্পে কোপে অৰুণ অধৰ। ইয়াকাৰ অৰুণ অধৰৰ কথা কৈছে?
উত্তৰঃ- ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে।

iv)'মথনিত ধৰিয়া নিষেধ।
—মথনি' শব্দৰ অর্থ কি?
উত্তৰঃ-  মথনি' শব্দ অৰ্থ হ'ল-গাখীৰ খুঁটিবলৈ ব্যৱহাৰ কৰা এধৰণৰ আহিলা।

v)নােজোড়ে আঙ্গুল দুই জৰী' -ইয়াত কাৰ জৰীৰ নাটনি হৈছে।
উত্তৰঃ- মাতৃ যশােদাৰ জৰীৰ নাটনি হৈছে। যশােদাই শান্তিৰ ভয় দেখুৱাই মাৰি ডালএৰি কৃষ্ণক বান্ধি থােৱাৰ মন কৰিলে। চীৰে উৰলত বান্ধিবৰ বাবে যত্ন কৰি দেখে দুই আঙুল পৰিমাণৰ ৰচীয়ে, নােজোড়ে।

vi)ৰুণ ঝুণ কেয়ূৰ কঙ্কণ'।
-কাৰ কেয়ুৰকঙ্কণৰ কণ ঝুণ' শব্দৰ কথা ইয়াত কোৱা হৈছে ?
উত্তৰঃ- ইয়াতনন্দজ পত্নী যশােদাৰ কেয়ূৰ কঙ্কণৰ ৰুণ ঝুণ" শব্দৰ কথা কোৱা
হৈছে।

2)শিশুলীলা' পাঠটিত ফুটি উঠা শ্রীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে
নিজৰ ভাষাৰে লিখা।
উত্তৰঃ-  শিশুলীলা' কবিতাখণ্ডত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে শ্রীকৃষ্ণ মহাপ্রভুকএজন সাধাৰণ মানৱ শিশু ৰূপত সজোৱাৰ যত্ন কৰিছে। সাধাৰণ মানৱ শিশুৰদৰেই লগৰ লগৰীয়াৰ সৈতে খেলা-ধূলা কৰি ফুৰিছে। সাধাৰণ শিশুৰ দৰেই শিশুসুলভ দুষ্টালি কৰিছে মাকক অসুবিধা দিছে। মাতৃ যশােদাই সাধাৰণ মাতৃৰ দৰেইশিশুকৃষ্ণৰ অতপালি দুষ্টালি দেখি, অসন্তষ্ট হৈছে যদিও পুত্রস্নেহত আকূলিত হৈমৰম-চেনেহ কৰিবলৈ বাধ্য হৈছে। সাধাৰণ শিশুৰ দৰে কৰা আচৰণৰ মাজতােকিন্তু শ্রীকৃষ্ণৰ ঐশ্বৰিক লীলা মালা আংশিক ৰূপে প্রকাশ নােপােৱাকৈ থকা নাই।মাতৃ যশােদাই কৃষ্ণক গাখীৰৰ কলহ ভঙাৰ দোষৰ বাবে খেদি খেদি ধৰিব পৰানাই। তেওঁ কৃষ্ণক খেদি ভাগৰি পৰিছে। তেনেতে কৃষ্ণই নিজে ধৰা দিছে। যশােদাইকৃষ্ণৰ সেই ঐশ্বৰিক গুণৰ অনুমান কৰা নাই। সেইদৰে উৰলত বান্ধি থবখােজোতে দুই আঙুল পৰিমাণৰ ৰচীয়ে জোড়াসেয়াও যে কৃষ্ণৰ ঐশ্বৰিক ক্ষমতা বা লীলা সেইকথা যশােদা মাতৃয়ে অনুমানকৰিব পৰা নাই। তেওঁ কৃষ্ণক সাধাৰণ শিশু বুলিয়েই গণ্য কৰিছে। অথচ শ্রীকৃষ্ণৰশিশু সুলভ চতুৰালিৰ মাজতে ঐশ্বৰিক গুণও নিহিত আছে।

3)শংকৰদেৱৰ মহত্ত্বম সৃষ্টি কীর্তন-ঘােষাৰ বিষয়ে এটি চমুটোকা লিখা।
উত্তৰঃ- ‘কীর্তন’ পুথি মহাপুৰুষ শংকৰদেৱৰ শ্রেষ্ঠ সাহিত্যিক নিদর্শন, বৈষ্ণৱ সাহিত্যৰকীর্তিভ। কীর্তন ঘােষাত থকা কাহিনীসমূহত হর্ষবিষাদ, প্রেম-হিৰহ, ক্রোধ-ক্ষমাআদিৰ মিলন হৈছে। শ্রীকৃষ্ণ হ'ল সাক্ষাৎ ভগৱান। কীর্তনত সন্নিবিষ্ট ২৯৯টাঅধ্যায়ৰ মাজেদি ভগৱানৰ শ্রেষ্ঠত্ব নিৰূপণ কৰিছে। মুঠতে কীর্তন অসমীয়াসাহিত্যৰ অনুপম সৃষ্টি।

4)শিশুলীলা' পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰঃ-মহাপুৰুষ শংকৰদেৱে ধর্ম প্রচাৰ, ধর্ম-শিক্ষা আৰু ধর্ম-জীবন গঢ়িবলৈ 'কীর্তনঘােষা' এই সৰ্বাংগ সুন্দৰ পুথিখন ৰচনা কৰে। শ্রীকৃষ্ণই শিশুৰূপ ধৰি গােকুলত।নন্দ- যশােদাৰ ঘৰত থাকোতে এজন চিৰন্তন শিশুৰূপ ধৰি আছিল। আচলতেভগবান ভক্তৰ অধীন। ভক্তই যেনেকৈ ভগবানক বিচাৰে ভগবানে ভক্তৰ ওচৰততেনেদৰে ধৰা দিয়ে। যশােদাই শ্রীকৃষ্ণক পুত্ৰ হিচাপে বিচাৰিছিল, গতিকেতেনেৰূপত যশােদাই পাইছে আৰু ভক্ত মনােবাঞ্ছা পূর্ণ কৰিছে। সেয়েহে কবিয়েনাহি আদি অন্ত পূর্বাপৰ পূর্ণব্রহ্ম জগত ঈশ্বৰ।তাহাংক তনয় মানি বলে। যাশােদা বান্ধন্ত উড়খলে।শিশু কালত কেনেকৈ কৃষই যশােদাৰ মনৰবাঞ্ছা পূর্ণ কৰিছিল সেই কথাশিশুলীলাত প্রকাশ পাইছে।

5)তাহাঙ্ক তনয় মানি বলে।
যশােদা বান্ধন্ত উড়খলে।
কথাষাৰৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰঃ-
যিজনা, জগতৰ গৰাকী ভগবান শ্রীকৃষ্ণ তেওঁৰ কোনাে আদি অভ, আগ-পিচনাই। তেওঁ পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ। সেইজনা ঈশ্বৰে ভক্তৰ মনােবাঞ্ছা পূর্ণ কৰাৰইচ্ছাৰে দৈৱকীৰ গৰ্ভত জন্মলাভ কৰি গােকুলৰ নন্দ্যশােদাৰ ঘৰত শিশুকালকটাইছিল। তেতিয়া যশােদাই শিশু কৃষ্ণক নিজৰ নয় বুলি ভাবি মাকে সৰু লৰাছােৱালীক যেনে আচৰণ কৰে ঠিক তেনেকুৱা আচৰণ কৰিছিল। শ্রীকৃষ্ণইউদ্ভণ্ডালি কৰিলে মাকে কোবাইছিল নাইবা হাতত জৰি লগাই বান্ধি থৈছিল। এদিনযশােদাই কৃষ্ণক কোলাত লৈ বুকুৰ গাখীৰ খুৱাই থাকোতে চৌকাত দি অহা গাখীৰউতলি পৰিল। লগে লগে মাকে কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাৰলৈগল। শিশুকৃষ্ণই খঙতে হাত মুখ কচি গাখীৰৰ ভাণ্ড ভাঙি লৱণু বিলাক সিঁচি লৈউড়লৰ ওপৰত বহি গৈ নিজেও খাইছে, বান্দৰকো খুৱাইছে। তাকে দেখি যশােদইহাতত বাৰি লৈ কৃষ্ণক নিজৰ সন্তান বুলি ভাবি উড়লত বান্ধি থৈ দিছিল।

6)নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ।
ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক, গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ-  কবিয়ে ভগবান শ্রীকৃষ্ণৰ বিষয়ে নন্দ্যশােদাৰ ঘৰত এজন চিৰন্তন শিশুৰূপেথাকি নানা চাতুৰি খেলাৰ কাৰণে, যশােদাই নিজৰ পুত্ৰ বুলি ভাবি দুষ্টালি কৰা আৰুযশােদাই জৰিৰে ভগবান কৃষ্ণক উড়ালত বান্ধিব যােৱা প্ৰসংগত এই কথাষাৰকৈছে। যশােদাই জনা নাই তেওঁৰ ঘৰত পুত্ৰৰূপে থকা এইজনা যে অনাদি অনন্ত,পূর্ণব্রহ্ম ভগবান। নাজানি যশােদাই হাতত জৰি লৈ উড়ালত তেওঁক বান্ধিবলৈগৈছে। ভগবানও ভক্তৰ হাতত বান্ধ খাইছে।

7) ব্যাখ্যা কৰা :-

(i) যাক যােগী নপাৱে ধ্যানত।
 হেন হাৰ পলান্ত ভয়ত।।
উত্তৰঃ-
         উক্ত কবিতা ফাকি আমাৰ পাঠ্য ‘অসমীয়া সাহিত্য চয়নিকা'-ৰ মহাপুৰুষ
শংকৰদেৱ ৰচনা কৰা “শিশুলীলা" নামৰ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।
     ইয়াত কবিয়ে ভগবান শ্রীকৃষ্ণুই নন্দৰ গৃহত শিশুৰূপ ধৰি থাকোতে মাকৰ ভয়ত পলােৱা কথা উল্লেখ কৰিছে।
             যােগী সকলে শ্রীকৃষ্ণক পাবলৈ নানা ধৰণে ধ্যানত নিমগ্ন হয়। কিছুমান
যােগীয়ে ঠাণ্ডাৰ দিনত পানীত নামি আৰু গৰমৰ দিনত চাৰিওফালে জুই ধৰিধ্যানত নিমগ্ন হয়। কিছুমানে আকৌ এখন ভৰিৰ ওপৰত থিয় হৈ ধ্যান কৰে। কিন্তুতথাপিতাে তেওঁলােকে কৃষ্ণক পাব নােৱাৰে, নাপায় বেছি কঠোৰ ভাৱে ধ্যানকৰিবলৈ আৰম্ভ কৰে৷ ইমান কষ্ট কৰিও যি ভগৱানক বিচাৰি নাপায় সেই ভগবানেআহি নন্দ-যশােদাৰ ঘৰত শিশুৰূপ ধৰি নানা চাতুৰি খেলে সকলাে গােপবাসীকআনন্দ প্রদান কৰি আছে। সেই শিশু কৃষ্ণই জগতৰ গৰাকীয়ে মাকে যশােদাৰভয়ত পলাব লগা অবস্থা হৈছে। মাকে আধা গাখীৰ খুৱাই কোলাৰ পৰা নমাই যােৱাদেখি খঙতে দধিভাণ্ড বিলাক ভাঙি, লৱণু সিঁচি নিজেও খাই, বান্দৰকো খুৱাইথাকোতে মাক যশােদাই হাতত বাৰি লৈ অহা দেখি ভয়তে শিশু কৃষ্ণ মাকৰ আগেআগে দৌৰি গৈছিল।

(ii) ভাণ্ড ভাজি আবে যাইবি কোথা।
খাইবে আজি কৃষ্ণ তােৰ মাথা।
উত্তৰঃ-
    উক্ত কবিতা দুশাৰি আমাৰ পাঠ্য-পুথিৰ 'শিশু লীলা' নামৰ পাঠৰপৰা লােৱা হৈছে।
মাকৰ গাখীৰ খােৱা আধৰুৱা হােৱাৰ খঙত কৃষ্ণ কোঠাত সােমাই শিলগুটি দলিয়াইদধি ভান্ড ভাঙি পেলাইছিল। লৱণু সিঁচৰিত কৰি পেলাইছিল আৰু খাইছিল। উড়লৰওপৰত উঠি শিকিয়াৰ পৰা লৱণু আনি বান্দৰকো দিছিল। তাকে দেখি মাতৃযশােদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষ্ণক খেদি গৈছিল। গাখীৰ ভাণ্ডভঙাৰ উচিত শাস্তি দিয়াৰ ভাবেৰে ক'ত মাৰিৰি বুলি খেদি যােৱাত কৃষ্ণ উড়লৰপৰানামি দৌৰিবলৈ ধৰিছিল। যশােদাই খেদি খেদি ভাগৰি পৰা দেখি ভয়ভাব দেখুৱাইচকুমুদি কৃষ্ণ বীহ পৰাত যশােদাই হাতত ধৰি ভান্ড ভঙাৰ উচিত শান্তি দিয়াৰ ভয়খুৱাইছিল। কৃষক নি উড়লত বান্ধিব খুজিছিল। কিন্তু ঈশ্বৰ পুৰুষ কৃষ্ণই নিজৰলীলা-বলেৰে বান্ধ নােখােৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশােদা মাতৃয়ে ৰচী সিমানআনিলেও দুই আঙুলে নােজোৰা অৱস্থা হৈছিল। শেষত কৃষ্ণই লীলা সম্বৰণ কৰিযশােদা মাতৃৰ হাতত বান্ধ যাইছিল।

(iii) পাচে পাচে যশােদা খেদন্ত।
ভয়ে লাগ মাক নেদন্ত।।
উত্তৰঃ-
 শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘শিশুলীলা' পাঠটোৰ পৰা ওপৰৰ কবিতাফাকি তুলি দিয়া হৈছে।
এদিনাখন বালকৰূপী কৃষ্ণই মাতৃ যশােদাৰ কোলাত উঠি মাতৃদুগ্ধ পান কৰি থকাসময়তে চৌকাৰ উতলা গাখীৰ পৰিবলৈ ধৰাত যশােদা কৃষ্ণক কোলাৰ পৰা নমাইথৈ গাখীৰৰ পাত্ৰটো নমাই থ'বলৈ বুলি চৌকালৈ দৌৰ মাৰিলে। ইয়াতে ঠেহ লাগিলবালককৃষ্ণৰ মাকৰ ওপৰত উঠা খং আৰু অভিমানত বিতুষ্ট হৈ বালক কৃষ্ণ দধিৰভাণ্ডবােৰ থৈ দিয়া কোঠাত সােমাই সেইবােৰ শিলগুটিৰে ভাঙিলে। শিকিয়াত তুলিথােৱা ভাণ্ডবােৰৰ নমাই আনি কিছু গাখীৰ নিজে খালে, কিছুমান গাখীৰ বান্দৰকখুৱালে আৰু অৱশিষ্টখিনিও মজিয়াত ছটিয়াই দিলে। যশােদাই উতলা গাখীৰচৌকাৰ পৰা নমাই থৈ পুত্ৰৰ এনে অবাক কাণ্ড দেখি খঙৰ ভমকাতে হাতত এছাৰিলৈ পুত্ৰক মাৰিবলৈ খেদি গ'ল। মাকৰ মূর্তি দেখি শিশু কৃষ্ণই ভয়ত বিতত হৈদৌৰিবলৈ ধৰিলে। যশােদায়ে পিছে পিছে কৃষ্ণক ধৰিবলৈ দৌৰ দিলে। বালককৃষ্ণৰ এনে অশিষ্টাচাৰী কর্মকাণ্ডই যশােদাক যথেষ্ট আহত কৰিছিল। সেই দধিৰভাণ্ড ভঙা পুত্রক শক্তি দিব নােৱাৰালৈকে যশােদাৰ খঙে যেন শাম নাকাটে। সেয়েতেওঁ পুত্ৰৰ পাছে পাছে। দৌৰি থাকিল। ইফালে মাতৃৰ কোৰ খােৱাৰ পৰা ৰক্ষাপৰিবলৈ বালক কৃষ্ণয়ে একেদৰে দৌৰি থাকিল। ভয়ত কৃষ্ণৰ মুখ শুকাই গৈছে।যশােদাও ক্লান্ত হৈ পৰিছে। তথাপি কোনােজনে দৌৰিবলৈ এৰা নাই। মাকক ধৰানিদিয়াটোৱে যে বালক কৃষ্ণৰ মূল উদ্দেশ্য সেয়া কবিতাফাকিৰ মাজেদি ভালদৰেফুটি উঠাৰ লগে লগে যশােদাৰ পুত্ৰৰ ওপৰত উঠা খঙৰ মাত্রাও প্রকাশ পাইছে।

8)শিশুলীলা' পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে
নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ-
 শ্ৰীমন্ত শংকৰদেৱ শিশুলীলা কবিতাৰ মাজেৰে শ্ৰীকৃষ্ণৰ ল'ৰাকালৰ বিভিন্নলীলা অথবা কার্যৰ সুন্দৰ বৰ্ণনা এটা দাঙি ধৰিছে।এদিন নন্দৰাণী যশােদাই শ্রীকৃষ্ণৰ শিশুকালৰ কাৰুকার্য (শিশুলীলা) স্মৰণ কৰি,গীত গাই গাই, সুন্দৰ পাটৰ কাপােৰ পিন্ধি পুত্র স্নেহত দুয়াে স্তনৰ দুগ্ধ নিগৰাই,কেযুৰ কঙ্কণৰ ৰণ-জুন শব্দ তুলি দধি মথি আছিল। পৰিশ্ৰমৰ ফলত তেওঁৰ মুখউজ্জ্বল হৈ পৰিছিল আৰু খােপাৰ ফুল খহি পৰিছিল। এইদৰে যত্ন কৰি গাখীৰমথি থাকোতে শ্রীকৃষ্ণ আহি মাকক সাৱতি ধৰি মখনিত ধৰি গাখীৰ মথাত বাধাদিয়াত যশােদাই কৃষক স্তন পান কৰাইছিল। সেই সময়তে চৌকাত গাখীৰ উতলিপৰাৰ উপক্রম, দেখি কৃষ্ণক গাখীৰ খুৱাব এৰি যশােদা বেগাই গৈছিল। গাখীৰ খাৰনাপাই কৃষ্ণৰ বৰ খঙ উঠি কোঠাত সােমাই দধি-ভাণ্ড শিলগুটিৰে ভাঙি দধি খাইআৰু সিঁচি পেলাইছিল। শিকিয়াৰ পৰা লৱণৰ পাত্র নমাই নিজেও খাইছিল আৰুবান্দৰকো খাবলৈ ছটিয়াই দিছিল। তাকে দেখি যশােদাই হাতত মাৰি লৈ খেদিঅহাত উৰলৰপৰা নামি কৃষ্ণ দৌৰিবলৈ ধৰিলে। যশােদাই পিচে পিচে খেদি খেদিভাগৰি পৰা দেখি কৃষ্ণই ধৰা দিলে। ভয় ভাৱে। কৃষ্ণই যশােদাৰ মুখলৈ চোৱাতযশােদাই শাতিৰ ভয় দেখুৱাই মাৰি ডাল এৰি কৃষক বান্ধি থােৱাৰ মন কৰিলে।ৰচীৰে উৰলত বান্ধিবৰ বাবে যত্ন কৰি যশােদা দেখে দুই আঙুল পৰিমাণৰ ৰচীয়েনােজোড়ে। এই সকল ঘটনা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বিভিন্ন নিদর্শন হিচাবে আমাৰসন্মুখত শ্ৰীমন্ত শংকৰদেৱে দাঙি ধৰিছে।

9)“মহাকোপে কোঠা পশিল।
 সিঞ্চিৰাই লৱণু ভুঞ্জন্ত।।
—কোনে অতি খঙেৰে কোঠাত সােমাইছিল ?তেওঁ কিয় লৱণবােৰ .
চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উত্তৰঃ-
শ্রীকৃষ্ণই অতি খঙত কোঠাত সােমাইছিল।
শিশুকৃষ্ণই মাকৰ গাখীৰ খােৱাৰ আশাৰে দধি মথনত ব্যস্ত থকা মাতৃযশােদাক দধি মথনত বাধা দিছিল। তেতিয়া যশােদা মাতৃয়ে কৃষ্ণক স্তন পানকৰাবলৈ লৈছিল। কিন্তু সেই সময়তে গাখীৰ উতলি পৰাৰ উপক্ৰম হােৱাত কৃষকস্তন পান কৰাত এৰি গাখীৰ নমাবলৈ যােৱাত কৃষ্ণৰ ভীষণ খং উঠিছিল। যশােদামাতৃ ওভতি অহাৰ আগতে কৃষ্ণ ৰঙে-দুখে কোঠাত সােমাই দধি ভাণ্ড শিলগুটিৰেদলিয়াই ভাঙি, লৱণু সিঁচৰতি কৰি পেলাই খাই উড়লৰ ওপৰত বহিছিল।শিকিয়াৰপৰা লৱণু নমাই বান্দৰবােৰকো দিছিল। হেপাহ পলুৱাই মাকৰ গাখীৰ খাবনােপােৱাৰ খঙত এইদৰে কৃষই অতপালি কৰিছিল।

10) কৃষ্ণক ধৰিবলৈ গৈ যশােদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উত্তৰঃ-
 মাতৃ যশােদাই পৰম যতনেৰে দধি-দুগ্ধ থােৱা কোঠা এটাত কেইবাটাওদধিভাণ্ড মাটিত আৰু কেইটামান লৱণৰ ভাণ্ড শিকিয়াত তুলি সাঁচি থৈছিল।এদিনাখন শিশুকৃষ্ণ স্তন্য পান কৰি থকা সময়ত হঠাৎ যশােদাই চৌকাত থােৱা।পাত্ৰটোৰ পৰা গাখীৰ উতলি পৰা দেখি কৃষক কোলাৰ পৰা নমাই থৈ পাত্ৰটোনমাই থ'বলৈ গল। ইয়াতে অভিমান-খঙত বিতৃষ্ট হৈ বালক কৃষ্ণই দধি-লৱণৰভাণ্ডবােৰ ভাঙি, শিকিয়াৰ ভাণ্ডবােৰ তললৈ নমাই আনি কিছুমান দধি নিজেওখালে আৰু কিছুমান বান্দৰবােৰকো খুৱাই বাকীবােৰ মজিয়াত ছটিয়াই দিলে।বালক কৃষ্ণৰ এনে কাণ্ডই যশােদাক খঙাল কৰি তুলিলে। তেওঁ হাতত এডালএছাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি গ'ল। মাতৃ যশােদাৰ উগ্ৰমূর্তি দেখি কৃষ্ণই বৰ ভয়পালে। তেওঁৰ মুখ শুকাই গ'ল আৰু মাতৃৰ এছাৰিৰ কোব খােৱাৰ পৰা ৰক্ষা পাবলৈতৰান ছিগি দৌৰিবলৈ ধৰিলে। যিজনক যােগীসকলে ধ্যান কৰিয়াে সান্নিধ্য লাভকৰিব নােৱাৰে সেই শ্রীহৰিয়ে যশােদাৰ ভয়ত পলাবলৈ ধৰিলে। ইফালে কৃষ্ণৰপাছে পাছে দৌৰি মাতৃ যশােদাৰ অৱস্থাও শােচনীয় হৈ পৰিল। চুলিৰ খােপা সলকিপৰিল আৰু খােপাত পিন্ধা মালতীও সৰি পৰিল। বেগেৰে দৌৰাত যশােদা ক্লান্ত হৈফেঁপাবলৈ ধৰিলে। আৰু দৌৰিবলৈ গাত শকতি নােহােৱা হল। মাতৃ যশােদাৰ এনেনাজেহাল অৱস্থা হােৱা দেখি। বালক কৃষ্ণৰ মাতৃলৈ দয়া উপজিল আৰু ভয়তবিতত হােৱাৰ যশােদাৰ হাতত ধৰা দিলে। ইফালে পুত্ৰক ধৰিব পাৰি যশােদাৰােক্লান্তিৰ ওৰ পৰিল আৰু হাতৰ এছাৰি পেলাই দি কৃষ্ণক উৰালত বান্ধি থােৱাৰ বাবেসাজু হ'ল।

খ'—ভাষা বিষয়ক

11)তলত দিয়া শব্দবােৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা।
কর্ণ, অৰুণ, দধি, বস্ত্র বদন, লৱণু, কোপ, দর্শন, দুগ্ধ, ঈশ্বৰ।
উত্তৰঃ- 
কর্ণ কাণ, শ্ৰৱণােন্দ্রিয়।
অৰুণ সূৰ্য, বেলি।
দধি দুগ্ধ, গাখীৰ।
বস্ত্র বসন, কাপােৰ।
বদন মুখ, আনন।
লৱণু -মাখন, সৰ।
কোপ খং , ৰাগ।
দশন দাঁত, দন্ত।
দুগ্ধ দধি, গাখীৰ।
ঈশ্বৰ ভগৱান, ঈশ, ইষ্টদেৱতা।

12) তলৰ পুৰণি অসমীয়া শব্দবােৰৰ আধুনিক ৰূপ লিখা।
তাহাঙ্ক, নােজোৰে, খসি, হিল, আসি, ভৈলা, আসন্ত, শিলায়ে, কাম্পে,
মাৱক, বসি, প্রয়াসি, খেদন্ত
উত্তৰঃ-
তাহাঙ্ক তেওঁক; তাক।
নােজোৰে নাটে।
খসি খছি ।
ৰহিল ৰ'ল।
আসি আহি।
ভৈলা হ'ল।
আসন্ত আহি আছে।
শিলায়ে শিলেৰে।
কাম্পে কঁপে।
মাৱক মাকক।
বসি বহি।
প্রয়াসি যত্ন
কৰি খেদন্ত খেদে।

13)তলৰ শব্দ কেইটাত কি কি কাৰণত মূর্ধণ্য ‘ণ আৰু মূর্ধণ্য ‘য'
হৈছে বুজাই লিখা,
অৰুণ, কঙ্কণ, কর্ণ, শ্রোণী, ভাণ্ড, নিষেধ।
উত্তৰঃ-
অৰুণ—'ৰ' ৰ পিছত ‘ণ' হৈছে।
কঙ্কণ—স্বভাৱতে মূর্ধন্য 'ণ' হৈছে।
কর্ণ—'ৰ' ৰ পিছৰ ‘ণ হৈছে।
শ্রেণি—'ব' এ ৰ পিছত ‘ণ হৈছে।
ভাণ্ড – মূর্ধন্য ‘ড' ৰ লগত যুক্ত ন' মূর্ধন্য ‘ণ' হৈছে।
নিষেধি—স্বভাৱতে মুদ্ধন্য ষ।

14)পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা বাছি উলিয়াই
লিখা।
উত্তৰঃ-
স্মৰি, পিন্ধি, বান্ধি, উথলি, এৰি, পিবে, নাপায়া।

 অতিৰিক্ত প্রশ্নোত্তৰ :

1) শিকিয়াৰ পৰা নমাই আনিবানৰকো দেন্ত দলি হানি। ব্যাখ্যা কৰা
উত্তৰঃ-
 এই কবিতাফাকি, মহাপুৰুষ শংকৰদেৱ ৰচনা কৰা “শিশুলীলা" নামৰ
কবিতাটোৰ পৰা তুলি অনা হৈছে।
ইয়াত কবিয়ে শ্রীকৃষ্ণই খঙতে শিকিয়াৰ পৰা লৱণু নমাই আনি বান্দৰক ভগাইদিয়া কথা উল্লেখ কৰিছে।শ্রীকৃষ্ণই শিশু অবস্থাত মাকৰ গাখীৰ খাই থাকোতে গাখীৰ উতলি পৰা দেখিমাকে শ্রীকৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ চাবলৈ গ'ল। কিছুসময় পাছত মাকেআহি দেখে যে শ্রীকৃষ্ণই গাখীৰৰ ভাণ্ডবােৰ ভাঙি পেলাইছে। লৰণুবােৰ সিঁচি দিছে।উড়লৰ ওপৰত বহি কিছু পৰিমাণে লৱণ নিজেও খাইছে। আৰু বানৰকো ভগাইদিছে। শ্রীকৃষ্ণই মাকৰ বুকুৰ গাখীৰ আধাখােৱা হােৱা বাবে খঙত দাঁত-মুখ কামুৰিশিলেৰে দধিভাণ্ড বিলাক কোবাই ভাঙি দিলে।

2) উড়ল উপৰে বসি হৰি।/ভুঞ্জন্ত লৱণু চুৰি কৰি।।
—কি কাৰণত আৰু পৰিবেশত কৃষ্ণই লৱণু চুৰ কৰি খাইছিল
বুজাই লিখা।
উত্তৰঃ-
মাকৰ গাখীৰ খাবলৈ বিচৰা কৃষ্ণক যশােদা মাতৃয়ে ভন পান কৰাবলৈ লৈছিল।সেই সময়তে পগাবলৈ দিয়া গাখীৰ উতলি পৰাৰ উপক্ৰম হােৱাত কৃষ্ণক স্তনপানৰ পৰা এৰুৱাই মাতৃ-যশােদা গাখীৰ নমাবলৈ গৈছিল। এনে। পৰিবেশত কৃষ্ণৰঅতি খঙ উঠিছিল। খঙত হে তেওঁ দাঁত কামুৰি, শিল দলিয়াই গাখীৰৰ পাত্রভাঙিছিল। কোঠাত সােমাই লৱণু সিঁচৰতি পেলাইছিল আৰু খাইছিল। উড়লৰওপৰত উঠি নিজে লৱণু খােৱাৰ উপৰিও শিকিয়াৰ পৰা ভান্ড নমাই আনিবান্দৰবােৰক খাবলৈ দিছিল।উতলা গাখীৰ নমাই থৈ আহি যশােদা মাতৃয়ে শ্রীকৃষ্ণক সেই অতপালি দেখি।খঙত কৃষ্ণক এশিকনি দিয়াৰ বাবে হাতত ছেকনি (বাৰী) লৈ কৃষ্ণক খেদি গ'ল।কৃষ্ণই মাকে মৰাৰ ভয়ত উড়লৰপৰা নামি দৌৰ মাৰিলে। যােগী ঋষি মুনিয়েতপস্যা কৰিও দর্শন লাভ কৰিব নােৱাৰা কৃষ্ণ মাকৰ ভয়ত পলাবলৈ ধৰিলে। খেদিফুৰােতে যশােদা মাতৃৰ চুলিৰ খােপা খহি, খােপাৰ মালতী ফুল সৰি পৰিছে; কিন্তুসিমানতেও মাতৃ যশােদাই খেদিবলৈ এৰা নাই।

3)স্তন পিবে নপায়া কৃষ্ণৰ৷/কাম্পৈ কোপে অৰুণ অধৰ।।
-মাকৰ গাখীৰ খাবলৈ নাপাই শিশু কৃষ্ণই কৰা অতপালিৰ
বিৱৰণ। দিয়া।
উত্তৰঃ-
এদিনাখন নন্দৰাণী যশােদাই নিজে দধি মথিবলৈ ধৰিছিল। কৃষ্ণৰ শিশুকালৰলীলা স্মৰণ কৰি, কৃষ্ণৰ গুণ-গান কৰি দধি মথনত ব্যস্ত হৈ আছিল। কৃষ্ণৰ স্তনপানৰ সময় ছােৱাতাে দধিমর্থনত লাগি আছিল। পৰিশ্ৰমৰ ভৰত। শৰীৰৰপৰা ঘামবৈ গৈছিল। ইফালে কৃষ্ণক সময় পান নকৰােৱাত দুই তনৰ গাখীৰৰ ওলাবলৈআৰম্ভ কৰিছিল। দধি মথনত হােৱা পৰিশ্রমজনিত কম্পনত যশােদাৰ খােপাৰমালতী ফুল সৰি পৰিছিল। সিমানতাে আওকাণ কৰি দধি মথি থকা দেখি শ্রীকৃষ্ণইআহি মখনি বাকীত ধৰি যশােদাক দধি মথনত বাধা দিছিল। তেতিয়াহে যশােদামাতৃয়ে কৃষ্ণক স্তন পিবলৈ দিছিল। কিন্তু কৃষ্ণই গাখীৰ খাই থকা সময়তে পগাবলৈদিয়া গাখীৰ উতলি পৰাৰ উপক্ৰম হােৱাত কৃষ্ণক গাখীৰ খুৱাৰ পৰা এৰি যশােদামাতু উতলা গাখীৰ নমাবলৈ গৈছিল। এই কাৰ্য্যত শ্ৰীকৃষ্ণৰ অতি খঙ উঠিছিল।খঙত কৃষ্ণৰ ৰঙা ওঠ দুটা কপিবলৈ ধৰিছিল। খঙত দাঁত কামুৰি শিল দলিয়াইকৃষ্ণই গাখীৰৰ পাত্ৰ ভাঙি পেলাইছিল। তাৰ পাছত কোঠাত সােমাই ক্ষীৰ লৱণ যতআছিল সিঁচিছিল আৰু খাইছিল। লৱণ খাই উড়লৰ ওপৰত বহিছিল আৰুশিকিয়াৰপৰ লৱণ ভাণ্ড নমাই আনি। বান্দৰবােৰকো দিছিল। মাকৰ গাখীৰ শান্তিৰেহেপাহ পলুৱাই খাব নােপােৱাৰ খঙত কৃষই এইদৰে অতপালি কৰিছিল।

4)“ভাণ্ড ভাঙি আজি যাইবি কোথা/খাইবাে আজি কৃষ্ণ তােৰ মাথা।”
কথাষাৰ ব্যাখ্যা কৰা?
উত্তৰঃ-
 কবিতা দশাৰি আমাৰ পাঠ্য-পুথিৰ শিশু লীলা' নামৰ পাঠৰপৰা লােৱা হৈছে।মাকৰ গাখীৰ খােৱা আধৰুৱা হােৱাৰ খঙত কৃষ্ণ কোঠাত সােমাই শিলগুটিদলিয়াই দধি ভান্ড ভাঙি পেলাইছিল। লৱণ সিঁচৰিত কৰি পেলাইছিল আৰুখাইছিল। উড়লৰ ওপৰত উঠি শিকিয়াৰ পৰা লৱণু আনি বান্দৰকো দিছিল। তাকেদেখি মা যশােদাৰ খং উঠিছিল আৰু হাতত মাৰি লৈ কৃষক খেদি গৈছিল। গাখীৰভাণ্ড ভঙাৰ উচিত শাস্তি দিয়াৰ ভাবেৰে ক'ত মাৰিৰি বুলি খেদি। যােৱাত কৃষ্ণউডলৰপৰা নামি দৌৰিবলৈ ধৰিছিল। যশােদাই খেদি খেদি ভাগৰি পৰা দেখিভয়ভাব দেখুৱাই চকুমুদি কৃষ্ণ বহি পৰাত যশােদাই হাতত ধৰি ভান্ড ভঙাৰ উচিতশান্তি দিয়াৰ ভয় খুৱাইছিল। কৃষ্ণক নি উড়লত বান্ধিব খুজিছিল। কিন্তু ঈশ্বৰ পুৰুষকৃষ্ণই নিজৰ লীলা-বলেৰে বান্ধ নােখােৱাকৈ থাকিবলৈ যত্ন কৰিছিল। যশােদা।মাতৃয়ে ৰচী সিমান আনিলেও দুই আঙুলে নােজোড়া অৱস্থা হৈছিল। শেষত কৃষ্ণইলীলা সম্বৰণ কৰি যশােদা মাতৃৰ হাতত বান্ধ খাইছিল।




Post a Comment

0 Comments