Class8.L-14.লোভ






)চমু উত্তৰ দিয়া

)লেখকে বৰশীৰে ধৰা মাছটো কি মাছ আছিল?
উত্তৰ- লেখকে বৰশীৰে ধৰা মাছটো ' মাছ আছিল

)সৰুতে লেখকে কি কি কাম কৰি উৎসাহ পাইছিল?
উত্তৰ-সৰুতে লেখকে গছত উঠি চৰাইৰ বাহৰ পৰা চৰাই পোৱালি পৰা,আম-কঁঠালৰ গছত উঠি আম-কঁঠাল পৰা আদি কাৰ্যৰ লগতে বৰশী বাই মাছ ধৰি উৎসাহ পাইছিল

)পাঠটোত থকা মাছ কেইবিধ কি কি?
উত্তৰ-পাঠটোত থকা মাছ কেইবিধ '-মাগুৰ,কাৱৈ,',কান্ধুলি,শিঙৰা,পুঠি

)বৰশীত ধৰা মাছটো লেখকক মাকে কিহেৰে ৰান্ধি খুৱালে?
উত্তৰ-বৰশীত ধৰা মাছটো লেখকক মাকে মূলা দি আঞ্জা ৰান্ধি খুৱালে

)মাছটো খাবলৈ লৈ তেঁওৰ কেনে লাগিল?
উত্তৰ-মাছটো খাবলৈ লৈ তেঁওৰ অন্তৰৰ সেই ঠাইত বেজীৰ ফুটনি বুজনকৈয়ে অনুভৱ কৰিছিল।গতিকে ৰুচিৰ সৈতে সেই আঞ্জা খাব নোৱাৰিল

)সপোন দেখাৰ পিছত লেখকে কি সিদ্ধান্ত 'লে?
উত্তৰ-সপোন দেখাৰ পিছত লেখকে ঘৰৰ পানী পচাত আঁৰি থোৱা ডাৰিৰে সৈতে বৰশীটো ডোখৰ-ডোখৰকৈ ভাঙি দলিয়াই পেলালে আৰু  শপত খালে যে তেঁও জীৱদ্দশাত  আৰু বৰশীত হাত নিদিয়ে।

)লেখকৰ মনত জীৱ হিংসা প্ৰবৃত্তিৰ উদ্ৰেক কিহে কৰাইছিল?
উত্তৰ- লেখকৰ মনত জীৱ হিংসা প্ৰবৃত্তিৰ উদ্ৰেক তেঁওলোকৰ ঘৰৰ পুখুৰীত দেখা এবাহ পোনা আৰু শ'ল মাছ টোৱে কৰাছিল

)বহলাই লিখা

)' পোনাৰ বাঁহটোৰ বৰ্ণনা লেখকে কেনেদৰে দিছে?
উত্তৰ-ৰঙচুৱা পোনাবাহ একে ঠাইত থূপ খাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে,থিক একঠা ৰঙা সৰিয়হ কিবা একপ্ৰকাৰে দিখলীয়া হৈ পানীত সেইদৰে উঠা নমা কৰি সাঁতুৰিব লাগিছে।হঠাৎ
সিঁহতক দেখিলে কোনোৰ মনত খেলাব যেন এটা ফুলা পুদুম ফুলৰ ভিতৰত চকাৰ চাৰিওফালৰ পাপৰিবোৰ চলিবৰ ক্ষমতা লভি সেইদৰে চলা-ফুৰা কৰিব লাগিছে

)' মাছটো পানীৰ পৰা উঠাই আনি লেখকে মাৰি পেলালে।তাৰ পিছত তেঁওৰ কি প্ৰতিক্ৰিয়া হৈছিল?
উত্তৰ- ক্ষন্তেকীয়ি নিষ্ঠুৰ উত্তেজনাৰ পিছত পানীত থকা অনাথ শিশু পোনাবিলাকলৈ লেখকৰ চকু গলতেওঁৰ ভাল নালাগিলতাৰ পিছত মাছ টোলৈ চাই দেখিলে মাছটোৱে মুখেৰে কাপ কাপ কৰিব লাগিছে।।ধিমিক ধিমিক মাএ তাৰ ধাতু লৰিব লাগিছে।এই দুই দৃশ্যই তেঁওৰ অন্তৰৰ নিভৃত খোটালিৰ নিভৃক চুক এটাত থকা কিবা এটা সচেতন বস্তুত অলপ খোঁচা- বিন্ধা কৰা যেন পালে

)লেখকে দেখা সপোনটো কি আছিল?
উত্তৰ-লেখকে দেখা সপোনত তেঁওৰ শোৱাপাটীৰ চাৰিওফালে অসংখ্য কেঁচুৱা 'ৰাই তেঁওক বেঢ়ি কান্দিব লাগিছে।তেঁও একো বুজিব নোৱাৰি মাত লগালে,"বোপাইহঁত,মোৰ চিকুণহঁত!তহঁত 'ৰপৰা আহিছ?তহঁতৰ কি হৈছে?কিয় কান্দিছ মোক কচোন?"তেঁওৰ প্ৰশ্ন শুনি সিঁহতে উত্তৰ দিলে-"আমাক তই এতিয়া চিনিকে নোপোৱা হলি!আমি কিয় কান্দিছোঁ নজনাই হলি!নিষ্ঠুৰ!তই আমাৰ আইক কিয় বধ কৰিলি?তেঁওতোৰ কি জগৰ কৰিছিল?তই আমাক মাউৰা কৰিলি কিয়?পপীয়া!আমাকো মাৰি খাই পেলা!হায়!তই আমাক মাৰি দেখোন আমাৰ দুখীয়া আইক এৰি দিব পাৰিলওহেঁতেন।আমাকো তই আজি মাৰিব লাগিব,নহ'লে আমি তোক নেৰোঁ।তোৰ হাতত মৰিবলৈ বুলি ঠিক কৰিহে আমি তোৰ গুৰিলৈ আহিছোঁহঁক।আমাক এতিয়াই মাৰ,মাৰ,মাৰ,নামাৰিলে তোক আমি নেৰোঁ

)সপোন দেখাৰ পিছত তেঁও কি কৰিলে?
উত্তৰ-সপোন দেখাৰ পিছত তেঁও খপকৰে উঠি শোৱাপাটীত বহিল।দুখ,শোক আৰু অনুতাপত তেঁও হ্নদয় দগ্ধ 'ল।সেই অৱস্থাতে তেঁও ভালেখিনি পৰ থাকি,পূবেৰুণ দি আহিলত পাটীৰ পৰা নামি গৈ,ঘৰৰ পানীপটাত আঁৰি থোৱা ডাৰিৰে সৈতে বৰশীটো ডোখৰ ডোখৰকৈ ভাঙি দলিয়াই পেলালে;আৰু তেতিয়াই শপত খালে যে তেঁও জীৱনত আৰু বৰশীত হাত নিদিয়ে

) ভাবি চাই কৰা।

)তলত দিয়া শব্দৰ অৰ্থ লিখা।
সমাজিকসপোন,স্বপ্ন
সামাজিকএকেলগে লগ লাগি সমাজ বান্ধি থকা

)বৰশী বাবৰ বাবে কি কি বস্তুৰ প্ৰয়োজন।
উত্তৰ- বৰশী বাবৰ বাবে- বাঁহৰ লিৰিকা ডাং, এডাল মজবুত সূতা ৰছী,পানীত উপঙিব পৰা পুঙা,মাছ ধৰা কাঁইট আৰু মাছৰ বাবে টোপ আদিৰ প্ৰয়োজন।
) বাকলি থকা আৰু নথকা মাছৰ নাম ভাগ কৰি লিখা।
উত্তৰ-
বাকলি নথকাবৰালি ,বামি,বতিয়া,কাঁছি ঠোৰা, শিঙি,বালিপতিয়া, পাভ,আৰি,ভকুৱা,বছা,নেৰীয়া,মাগুৰ,শিঙৰা আদি ।

বাকলিথকাৰৌ,গৰৈ,গেদগেদি,বাহু,চিতল,কুহি,চেনি,শ'ল,শাল,কান্ধুলি,কাৱৈ,পুঠিআদি ।

) এবাহ পোনা মানে কি?
উত্তৰ-এবাহ পোনা মানে একেলগে থকা আৰু চৰা এজাক মাছৰ পোৱালী

)বিশেষ্য পৰা বিশেষণলৈ পৰিবৰ্তন কৰা

লোভলুভীয়া
পানীপনীয়া
স্বৰ্গস্বৰ্গীয়
অসুখঅসুখীয়া


)পাঠটোত থকা পাঁচটা বিশেষ্য আৰু পাঁচটা বিশেষণ পদ বাছি
 উলিওৱা

বিশেষ্য-
*লোভ                  
*কাৰ্য্য (কৰ্ত্তব্য)
*পানী
*নিষ্ঠুৰ(নিষ্ঠুৰতা)
*ডোখৰ(ডুখুৰীয়া)

বিশেষণ-
*লুভীয়া
*ক্ষন্তেকীয়া
*অসুখীয়া
*ফুটনি
*লগৰীয়া




---------x-------

Post a Comment

0 Comments