Class 9.Social science . L-1. ভাৰতবৰ্ষলৈ ইউৰােপীয়সকলৰ আগমন (ইতিহাস)





অনুশীলনী


অতি চমু/চমু প্রশ্ন উত্তৰ :

1)ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পর্তুগীজ নাৱিকজন কোন?তেওঁ কেতিয়া আৰু ভাৰতৰ কত পোন প্রথমে উপস্থিত হৈছিল?
উত্তৰ:- ভাস্কো-ডা-গামা ১৪৯৮ খ্রীঃ দক্ষিণ ভাৰতৰ কালিকট বন্দৰ

2)লপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰ:- ফান্সিছ ড্রেক

3)ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰ:- জেমছ মিডেন হল

4)ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া কত গঠন হৈছিল?
উত্তৰ:-  ১৬০০ খ্রীষ্টাব্দত ব্ৰিটেইনৰ লণ্ডত 

চমু/চমু দীঘল প্রশ্ন উত্তৰ :

1) ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা, প্রচেষ্টা কেতিয়া সম্পূর্ণ হৈছিল, তাৰ পদক্ষেপ সমূহ সংক্ষেপে লিখা
উত্তৰ:-  ১৬০৮ খ্রীষ্টাব্দত ইংলেণ্ডক ৰজা-প্রথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্রিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীৰলৈ (১৬০৫-১৬২৭) এখন আবেদন পত্র প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। তেওঁ ১৬০৯ খ্রীষ্টাব্দৰ এপ্রিল মাহত আগ্রাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্রাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়াই আছিল ইংৰাজৰ প্রথম আগ্রাত প্রদার্পন। কেপ্টেইন হকিন্সে প্রায় দুই বছৰ কাল মোগল সাম্রাজ্যত থাকি সম্রাটৰ পৰা বেহাবেপাৰৰ কিছু সা-সুবিধা  আদায়ৰ চেষ্টা কৰিছিল। ১৬১৫ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা-প্রথম জেমছে ছাৰ টমাচ ৰ’ (Sri Thomas Roe) নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰ’ৱে আজমীৰত উপস্থিত হৈ সম্রাটক দেখা কৰিছিল। টমাচ ৰৱে আজমীৰত উপস্থিত হৈ সন্ত্রাটক দেখা কৰিছিল। উমা ৰৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্রাট জাহাংগীৰে ইংৰাজ সদাগৰ সকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্রদান কৰিছিল। ইয়াৰ পিছাতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে  বাণিজ্যিক চুক্তি কৰিবৰ প্রচেষ্টা চলাই থাকিল আৰু ভিন্ন ভিন্ন ঠাইত বাণিজ্যিক সম্প্রসাৰণ ঘটাবলৈ সক্ষম হৈছিল।১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানৰ (John Surman) নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল
সম্রাট ফাখছিয়াৰক (১৭১৩ ১৭১৯) সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰভাৱ আগবঢ়াইছিল। সেই সময়ত সম্রাট ফাখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্রান্ত সম্রাট ফাখছিয়াক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে (Hamilton) চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্রতি সম্রাটে সদয়ৰ ভাৰ দেখুৱাইছিল। এই সুযোগতে সমাটৰ পৰা ইংৰাজ  সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্র ভাৰতবৰ্ষত নিবিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে।এইদৰে ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্রচেষ্টা সম্পূর্ণ হৈছিল

2) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল।তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা
উত্তৰ:-ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ তিনিটা মূল স্থান যেনে মাদ্রাজ, বোম্বাই আৰু কলিকতাত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল।  ইয়াৰ বাবে কোম্পানীয়ে গ্রহণ কৰা তিনিটা মূল কৌশল তলত উল্লেখ কৰা হল :

() ১৬৩৬ খ্রীষ্টাব্দত কোম্পানিয়ে আৰগাঁৱত এটা বাণিজ্য, কেন্দ্র মুকলি কৰে। পিছত ১৬৩৯ খ্রীষ্টাব্দত এই কেন্দ্ৰটো মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ তুলি নিয়া হয়। ইয়াৰ বাবে কোম্পানীয়ে চন্দ্রগিৰিৰ ৰজাৰ লগত এখন চুক্তি সম্পন্ন কৰে

() ১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যা কেথনিক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চার্লছে ১৬৬৮ খ্রীষ্টাব্দত পঞ্চাশ হাজাৰ পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানিক হস্তান্তৰ  কৰিছিলি। তেতিয়াৰ পৰা বোম্বাই কোম্পানিৰ প্রধান কার্যালয়ত পৰিণত হৈছিল

() ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজানাৰ বিনিময়ত কালীঘাটা (কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ  নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত কোম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ
সমষ্টিয়েই পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফোর্ট উইলিয়াম ৰখা হৈছিল

3. ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন ? তেওঁ কি কি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা
উত্তৰ:-ভাৰতত ব্ৰিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন ' ৰবাৰ্ট ক্লাইব। ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিস্কাৰ কৰাৰ আচনি লৈছিল৷ তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ চলেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্রচেষ্টা চলাইছিল। বংগৰ নবাব, অযোধ্যাৰ নবাব আদিয়ে কোম্পানি সৈতে মিত্ৰতা কৰি প্রত্যেকেই নিজৰ নিজৰ কতৃত্ব বিসর্জন দিব লগা হৈছিল। পলাচী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজ উদর্দোলাক চল চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰি ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল

4)চিপাহী বিদ্রোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰ:- চিপাহী বিদ্ৰোহৰ চাৰিটা প্রধান কাৰণ '
() ৰাজকীয় শ্রেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিবেশ সৃষ্টি কৰিছিল
() ১৮৩৫ খ্রীঃ কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্রাটৰ নামটো আঁতৰাই দিয়া হৈছিল
() ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনতন্ত্রত ইংৰাজী ভাষা প্রচলন কৰাৰ প্রতিক্রিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল
() লর্ড ডেলহাউছীৰ প্রতিক্রিয়াশীল শাসনে সকলো ধর্মাবলম্বী ভাৰতীয়ৰ মনত
অশন্তুষ্টিৰ সৃষ্টি কৰিছিল

5)চিপাহী বিদ্রোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা
উত্তৰঃ-চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল:
() ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতৰ শাসন ক্ষমতা ইষ্ট-ইণ্ডিয়া কোম্পানিৰ হাতৰ পৰা ইংলেণ্ডৰ ৰাজমুকুট অর্থাৎ ইংলেণ্ডৰ গৃহ চৰকাৰৰ অধিনলৈ যায়
()মহাৰাণীৰ ঘোষনা পত্ৰৰ যোগেদি ভাইচৰয় লর্ড কেনিঙে স্বত্ব বিলোপ নীতি পৰিহাৰ কৰা আৰু ধৰ্মৰ ক্ষেত্ৰত উদাৰতা আৰু সহিষ্ণুতা, আর্থিক ক্ষেত্ৰত সমতা প্রতিষ্ঠাৰ প্রতিশ্রুতি দিছিল।
() চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সুচনা হৈছিল। আধুনিকতাৰ পৰশৰ নব্য শিক্ষিত এছাম ভাৰতীয়ই আত্মপ্রতিষ্ঠাৰ বাবে সজাগ হৈছিল
() চিপাহী বিদ্ৰোহৰ পিছত, ব্রিটিছ চৰকাৰৰ প্রত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্রমান্বয়ে একতাৰ ভাব জগাই তুলিছিল

6)ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰ:১৮৫৮ খ্রীষ্টাব্দত প্রনয়ন কৰা ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হল :
() এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতক শাসন কৰাৰ ক্ষমতা দিছিল
()কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্রণ পৰিষদ (Board of control) আৰু সঞ্চালক সভা (cont of Directors) কতৃত্বৰ অৱসান ঘটাইছিল
()ভাৰত শাসনৰ সকলো দায়িত্ব আৰু ক্ষমতা ব্রিটিছ মন্ত্রীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। তেওঁক ভাৰত সচিব বোলা হয়। ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয়
() ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অর্থাৎ ৰাজপ্রতিনিধিৰ খিতাপ প্রদান কৰা হয়। তেওঁক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰা হয়

7) লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা
উত্তৰ:লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰ তলত উল্লেখ কৰা '
) ১৮৫৯ খ্রীষ্টাব্দত বংগ ৰাজহ  নামৰ আইন প্রণয়ন কৰিছিল। এই আইনে ৰায়তসকলক ভূমিৰ ওপৰত নিজস্ব কতৃত্ব প্রদান কৰিছিল
() শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে উডৰ শিক্ষা সংস্কাৰ আঁচনি খন ভাৰতত প্ৰৱৰ্তন কৰি প্রত্যেক প্রদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল
() ধপাতৰ ওপৰত কৰ ধার্য্য কৰিছিল

8)ভাৰতীয়, পৰিষদ আইনাৰ দুটা গুণ আৰু দুটা দোষ লিখা
উত্তৰ: ভাৰতীয় পৰিষদ আইন খন ১৮৬১ খ্রীষ্টাব্দত ব্ৰিটিছ সাংসদে প্রণয়ন কৰিছিল। এই আইনখনৰ দুটা গুণ আৰু দুটা দোষ তলত উল্লেখ কৰা হল
গুণ:
(ক)এই আইনখনে সর্বোচ্চ প্রশাসনত ভাৰতীয় প্রতিনিধিত্বৰ, বুনিয়াদ ৰচনা কৰি ভাৰতীয়ক বিধায়িনীক অংশ গ্ৰহণৰ ক্ষমতা দিছিল
() কেন্দ্ৰ আৰু প্ৰদেশৰ মাজত ক্ষমতা বিকেন্দ্রীকৰণৰ ব্যৱস্থা এটা প্রৱর্তন কৰি প্রাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছিল
হৈছিল
দোষ :
() এই আইনখনে নৱগঠিত প্রাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্রকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নাম মাত্ৰ হে।
() বংগৰ গৱৰ্ণৰ জেনেৰেলক অপৰিসীম ক্ষমতাৰ অধিকাৰী কৰিছিল


9)  ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱর্তনসমূহ আলোচনা কৰা
উত্তৰ: ভাইচৰয় লর্ড মেয়ৰ কাৰ্যকালত (১৮৬৯-৭২) গ্রহণ কৰা বিত্তীয় বিকেন্দ্রীকৰণ প্ৰভাৱে ভাৰতবৰ্ষত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বাট মুকলি কৰিছিল। ১৮৭০ খ্রীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্রীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্রদেশ বিলাকক দিয়া হৈছিল। উক্ত বিভাগসমূহৰ ভিতৰুৱা প্রাদেশিক কামৰ বাবে কেন্দ্ৰৰ পৰা নির্দিষ্ট পৰিমাণৰ অর্থ যোগান ধৰাৰ নিয়ম কৰা হয়। কেন্দ্র নির্দেশৰ ভিত্তিত প্রাদেশিক চৰকাৰেও বিভাগ পৰিচালনাৰ নামত স্থানীয় কৰ কাটলৰ যোগেদি পুঁজি সংগ্রহ কৰিব লগা হয়। মেয়ৰ এই প্ৰস্তাৱৰ আঁত ধৰি লর্ড ৰিপণে (১৮৮০-৮৪) ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটিটো নির্মাণ কৰিছিল । লর্ড ৰিপনে ১৮৮২ খ্রীষ্টাব্দত ঐতিহাসিক প্রস্তাৱ মর্মে প্রত্যেকটো মহকুমাত একোখনকৈ লোকেল কর্ড (আঞ্চলিক পৰিষদ গঠন কৰে। প্রয়ােজন অনুসৰি প্রত্যেকখন লোকেল 'র্ডৰ অধীনত থকা গ্রামাঞ্চলৰ লাটসমূহত একোখনকৈ প্রাথমিক 'র্ড গঠনৰ ব্যৱস্থা ৰাখিছিল। লোকেল বৰ্ডৰ  অধিকাংশ সদস্য নির্বাচন কৰি অনাৰ লগতে সদস্যসকলৰ মাজৰ পৰা এজন বেচৰকাৰী ব্যক্তিক সভাপতি হিচাপে বাছনি কৰাৰ ব্যৱস্থা কৰিছিললর্ড ৰিপনৰ নির্দেশমর্মে স্বায়ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্য্যকৰি কৰা হৈছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বর্ডসমূহ গঠন কৰিছিল। গ্রামাঞ্চলৰ দৰে নগৰাঞ্চল সমূহতো স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল। নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। পৌৰসভা আৰু নগৰপালিকাৰ নিকায় সমূহৰ শতকৰা ৭৫ জন সদস্য নির্বাচনৰ
 যোগেদি বাছনি কৰি লোৱাৰ ব্যৱস্থা কৰা হৈছিল। আনকি নগৰীয়া অঞ্চলৰ এই নিকায়সমূহৰ সভাপতিগৰাকীক প্রয়োজন। বোধে নির্বাচন কৰিব পৰা গৈছিল।
এইদৰে ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে ভাৰতীয়সকলৰ মাজত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্রহণ কৰা হৈছিল

10) অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পর্কে আলোচনা কৰা?
উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰত্বৰ্ষত লোকসেৱাৰ পদবিসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পুৰণ কৰা হৈছিল  ।ভাৰত চৰকাৰ পৰিচালনাৰ  দায়িত্ব ব্রিটিছ চৰকাৰৰ হাতলৈ যোৱাৰ পিছত ভাৰতীয় শিক্ষিতসকলেও লোকসেৱাৰ পদবিত দেশীয় ব্যক্তিক অন্তর্ভুক্ত কৰাৰ বাবে আগ্ৰহ প্রকাশ কৰিছিল। শিক্ষিত ভাৰতীয়ৰ মনত গঢ়ি উঠা এনে প্রবণতাৰ প্রতি লক্ষ্য ৰাখি উনবিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা ভাৰতীয়সকলকো লোকসেৱাৰ পদবিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল।১৭৯৩ খ্রীষ্টাব্দত নিয়ন্ত্রণকাৰী আইন অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবিসমূহ কোম্পানীৰ অংগীকাৰবদ্ধ কর্মচাৰীৰ বাবে সংৰক্ষিত কৰাৰ নিয়ম বলৱৎ কৰা হৈছিল। ১৮৩৩ খ্রীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল।১৮৩৩ খ্রীষ্টাব্দত ডেপুটি মেজিষ্ট্রেট আৰু ১৮৪৩ খ্রীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত ' বুলি জানিবলৈ দিছিল। ১৮৫৩ খ্রীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছিল
ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। কিন্তু এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ ' পাৰিছিল। ১৮৬৪ খ্রীষ্টাব্দত প্ৰথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্র নাথ ঠাকুৰে ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰিব পাৰিছিল
ভাইচৰয় লর্ড লিটনৰ কার্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষার্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্রাস কৰিছিল। পিছত ইয়াৰ বিৰূদ্ধে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়ে গঢ়ি তোলা তীব্ৰ জনজাগৰণৰ ফলত ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স ২২ বছৰ কৰিবলৈ বাধ্য হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে জন্মলগ্নৰে পৰা লোক সেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ড আৰু ভাৰতত একেলগে 
অনুষ্টিত কৰিবলৈ দাবী জনাই আহিছিল। ভাইচৰয় লর্ড ডালফিনে গোটেই বিষয়টো বিবেচনা কাৰবলৈ ১৮৮৬ খ্রীষ্টাব্দত পাব্লিক ছাৰ্ভিচ কমিছন গঠন কৰিছিল। ১৯২২ খ্রীষ্টাব্দত ব্রিটিছ চৰকাৰে লর্ড ইচলিংটনৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল। কিন্তু ইংলেণ্ড আৰু ভাৰতত একে সময়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টোৰ ক্ষেত্ৰত কোনো এখন কমিছনে  কার্যকৰী ব্যৱস্থা ' পৰা নাছিল। মন্টেগু চেমচফোর্ড প্রতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল। এই প্রতিবেদনে ভাৰতবৰ্ষৰ মুঠ তিনি ভাগৰ এভাগ পদবি দেশীয় লোকৰ দ্বাৰা পূৰণ কৰা ' বুলিও উল্লেখ কৰিছিল
মন্টেগু চেমচফোর্ড প্রতিবেদন আৰু ১৯১৯ খ্রীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নির্দেশনা কার্যকৰী কৰিবলৈ ১৯২৩ খ্রীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লী, আযোগ গঠন  কৰিছিল৷ লী আয়োগে  তাৎক্ষণিকভাৱে  ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ১৫ টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ উপদেশ দিছিল। ১৯৩৫ খ্রীষ্টাব্দৰ ভাৰত চৰকাৰ আইনখনে যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্রাদেশিক লোকসেৱা আয়োগ গঠনৰ প্ৰভাৱ দিছিল যদিও কাৰ্য্যকৰি হৈ উঠা নাছিল।ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসেৱাত নিয়োগৰ পুৰণি পদ্ধতি অৱলুপ্তি ঘটিছিল। সর্বভাৰতীয়
পৰ্য্যায়ত মুকলি প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হল। সৰ্বভাৰতীয় লোকসেৱা আয়োগআৰু প্রাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা '

11)ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা
উত্তৰ:- ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য তলত উল্লেখ কৰা হল :
ব্রিটিছ অধীন ভাৰতবৰ্ষত অসামৰিক লোকসেৱাত নিযুক্তি প্রক্রিয়া নিৰপেক্ষ নাছিল। প্রতিযোগিতামূলক পৰিক্ষা অনুষ্ঠিত কৰা হৈছিল যদিও এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত কৰাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ ' পাৰিছিল।
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত লোকসেৱাত নিয়োগৰ পুৰণি পদ্ধতিৰ অৱলুপ্তি ঘটিছিল। সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা 'ল। সর্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্রদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হল।

অতিৰিক্ত সম্ভাব্য প্রশ্ন:

 1)শুদ্ধ উত্তৰটো বাচি উলিওৱা

A)ভাৰতবৰ্ষৰ লগত যােগাযােগৰ নতুন পথৰ সন্ধানৰ বাটকটীয়া আছিল
(i) পর্তুগীজসকল
(ii) গ্রীকসকল
(iii) ইংৰাজসকল
(iv) ৰােমানসকল
উত্তৰঃ (i) পর্তুগীজসকল

B)১৫৮০ খ্রীষ্টাব্দত ফান্সিছ ড্রেক নামৰ ইংৰাজ নাৱিকজনে পৃথিৱী পদক্ষিণ কৰিছিল
(i) স্থলপথেৰে
(ii) জলপথেৰে
(iii) স্থলপথ আৰু জলপথেৰে
(iv) এটাও নহয়
উত্তৰঃ (ii) জলপথেৰে

C) ব্যাল ফিচ নামৰ নাৱিকজনে ভাৰত আৰু ব্ৰহ্মদেশ ভ্রমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল
(i) ১৫২৮ খ্রীষ্টাব্দত
(ii) ১৫১৮ খ্রীষ্টাব্দত
(iii)১৫৮২ খ্রীষ্টাব্দত
(iv) ১৫৩৮ খ্রীষ্টাব্দত
উত্তৰঃ (iii)১৫৮২ খ্রীষ্টাব্দত

D) ইংৰাজসকলে গােলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰে
(i) ১৬০১ খ্রীষ্টাব্দত
(ii) ১৬১০ খ্রীষ্টাব্দত
(iii) ১৬১১ খ্রীষ্টাব্দত
(iv) ১৬০০ খ্রীষ্টাব্দত
উত্তৰঃ (i) ১৬১১ খ্রীষ্টাব্দত

E) ১৬৬১ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চার্লছে পটুগীজ ৰাজকণ্যা থেনিক বিয়া কৰাই যৌতুক হিচাপে লাভ কৰা চহৰখন আছিল
(i) বােম্বাই
(ii) মাদ্রাজ
(iii) দিল্লী
(iv) কলিকতা
উত্তৰঃ (i) বােম্বাই

2) ভাৰতৰ প্রথমজন ভাইচৰয় কোন?
উত্তৰঃ লর্ড কেনিঙ

3)উত্তমাশা অন্তৰীপ কত অৱস্থিত?
উত্তৰঃআফ্রিকা মহাদেশৰ দক্ষিণ দিশত

4)কোনজন পর্তুগীজ নাৱিক উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল?
উত্তৰঃবার্থল-মিউভিয়াজ

5) কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম কি ?
উত্তৰঃফর্ট উইলিয়াম

 6)চিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ মহাৰাণী কোন আছিল?
উত্তৰঃচিপাহী বিদ্ৰোহৰ সময়ত ইংলেণ্ডৰ মহাৰাণী আছিল ভিক্তোৰিয়া

7)ভাইচৰয়জনৰ মুঠ দৰমহাকিমান আছিল?
উত্তৰঃভাইচৰয়জনৰ মুঠ দৰমহা আছিল ,৫০,০০০ টকা৷ ইয়াৰ উপৰিও তেওঁ অন্যান্য ভাট্টা পাইছিল

8)কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফট ইউলিয়াম কিয় ৰখা হৈছিল?
উত্তৰঃইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে

9)পলাশী যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ১৭৫৭ খ্রীষ্টাব্দত

10)পলাশী যুদ্ধৰ সময়ত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব কোন আছিল ?
উত্তৰঃনবাব ছিৰাজ উদ্দৌলা

11)কেতিয়াৰ পৰা গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় বা ৰাজপ্রতিনিধি বােলা হয় ?
উত্তৰঃ ১৮৫৮ চনৰ ভাৰত শাসন বিধিৰ সময়ৰ পৰা

12)চিপাহী বিদ্ৰোহৰ সময়ৰ গৱৰ্ণৰ জেনেৰে কোন আছিল?
 উত্তৰঃ লর্ড কেনিঙ

13)চিপাহী বিদ্রোহৰ সূচনা কৰা চিপাহীজনৰ নাম কি?
উত্তৰঃমংগল পাণ্ডে

14)কোনখন আইনে ইংলেণ্ডৰ চৰকাৰক পােনপটিয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল?
উত্তৰঃ১৮৫৮ খ্রীষ্টাব্দৰ ভাৰত শাসন আইনে।

15) কোনখন আইনে কেন্দ্র আৰু প্রদেশসমূহৰ বিধানমণ্ডল গঠনৰ নির্দেশ দিছিল?
উত্তৰঃ ১৮৬১ খ্রীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনে।
16) ভাৰতৰ প্রথম স্বাধীনতা আন্দোলন কোনখন?
উত্তৰঃচিপাহী বিদ্রোহ   (1857)

17) কোনগৰাকী ভাইচৰয়ৰ পােষকতাত স্বত্ববিলােপ নীতিক বিসর্জন দিয়া হৈছিল?
উত্তৰঃভাইচৰয় লর্ড কেনিঙৰ পােষকতাত

18) কোনখন চনদে ভাৰতীয় লােকক শাসনৰ উচ্চ পদবীত মকবল কৰাৰ ক্ষেত্ৰত সম্মতি জনাইছিল ?
উত্তৰঃ১৮৩৩ খ্রীষ্টাব্দৰ চনদে

19) কোনখন চনদে লােকসেৱাৰ বাবে প্রতিযােগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছিল?
উত্তৰঃ১৮৫৩ খ্রীষ্টাব্দৰ চনদে

20) লােকসেৱাৰ পৰীক্ষা পূর্বতে কত অনুষ্ঠিত হৈছিল?
উত্তৰঃইংলেণ্ডত

21) মহাৰাণীৰ ঘােষণ পত্ৰ কেতিয়া কেতিয়া ঘােষিত হৈছিল?
উত্তৰঃ১৮৫৮ খ্রীষ্টাব্দত

22) লােকসেৱাৰ পদবী লাভকৰা প্ৰথমজন ভাৰতীয় কোন আছিল ?
উত্তৰঃসত্যেন্দ্র নাথ ঠাকুৰ

23) সত্যেন্দ্র নাথ ঠাকুৰে কিমান চনত লােকসেৱাৰ পদবী লাভ কৰিছিল?
উত্তৰঃ ১৮৬৪ খ্রীষ্টাব্দত

24) মন্টেগু চেমচফোর্ড প্রতিবেদন কেতিয়া প্ৰকাশ পাইছিল?
উত্তৰঃ ১৯১৯ খ্রীষ্টাব্দত

25) ক্ষমতাৰ বিকেন্দ্রীকৰণ কি?

উত্তৰঃ ক্ষমতাৰ বিকেন্দ্রীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্রীয় আৰু প্রদেশ বিধানমণ্ডল বােৰক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল

26) মােগল সাম্রাজ্যৰ পতনৰ পৰা ১৮৭৫ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে কোম্পানিৰ আমােলৰ এটি চমু আভাষ দিয়া
উত্তৰঃ- ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতীয় ৰাজন্যবর্গক ক্ষমতাচ্যুত কৰি সিঁচৰিত হৈ থকা ৰাজখণ্ড সমূহক একত্রিত কৰি বিস্তাৰিত ভাৰত ব্রিটিছ ভূ এলাকাত কেন্দ্রীয় শাসনতন্ত্র প্রতিষ্ঠা কৰিছিল। ৰবার্ট ক্লাইবৰ পৰা লর্ড ডেলহাউসীৰ শাসনৰ সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্র ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল ৰবার্ট ক্লাইবৰ দ্বিতীয়টো প্রশাসন (১৭৬৫-৬৭) ভাৰতত কোম্পানিৰ শাসনৰ এটা উল্লেখযােগ্য সময় আছিল। এইচোৱা সময়তে ব্রিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানিয়ে ৰাজশক্তি ৰূপে আইনগত স্বীকৃতি পাইছিল তথা দ্বৈত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল  লর্ড ওৱাৰেণ হেষ্টিংছৰ কার্যকালত (১৭৭৪-৮৫) ইষ্ট-ইণ্ডিয়া কোম্পানি ভাৰতৰ একমাত্র শক্তিৰূপে পৰিগণিত হৈছিল। পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়াকোম্পানিৰ শাসনৰ প্ৰথমছােৱা সময়ৰ ভিতৰত কলিকতা, বােম্বাই আৰু মাদ্রাজ কোম্পানিৰ ঘাই শাসন কেন্দ্র হিচাপে পৰিগণিত হৈছিল। কেন্দ্র কেইটাৰ সর্বোচ্চ শাসক গৰাকী প্রেছিডেণ্টৰ বিষয়বাব দিয়া হৈছিল। প্রেছিডেণ্টৰ তলতীয়া শাসনযন্ত্রটোকপ্রেছিডেন্সি নামে জনাজাত হৈছিল। ১৭৭৩ খ্রীষ্টাব্দত ব্ৰিটিছ চৰকাৰে নিয়ন্ত্রণকাৰী আইনৰ যােগেদি বংগ প্রেছিডেন্সি
গৱৰ্ণৰজনক গৱৰ্ণৰ ডেনেৰেলউপাধিৰে স্বীকৃতি প্রদান কৰি বােম্বে আৰু মাদ্ৰাজৰ গৱৰ্ণৰ দুজনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। এই ব্যৱস্থাটোৰ যােগেদি সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্রীয় শাসনৰ সূচনা হৈছিল। ১৭৮৪ খ্রীষ্টাব্দত পিটৰ ভাৰত আইনে ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল। ১৮৩৩ আৰু ১৮৫৩ খ্রীষ্টাব্দত ব্রিটিৰ সংসদে বিধিবদ্ধ কৰা দুয়ােখন চনদৰ যােগেদি ব্রিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্রীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল

27) চিপাহী বিদ্ৰোহৰ ফলত ভাৰত শাসন ব্যৱস্থাত কেনেধৰণৰ সাংবিধানিক পৰিৱর্তন সাধন হৈছিল বহলাই লিখা

উত্তৰঃ-চিপাহী বিদ্রোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্রতি তীব্র বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। ভবিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্রতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একানপতীয়াকৈ মনােযােগ দিবলৈ বাধ্য হৈছিল। ব্রিটিছ সংসদে ১৮৫৮ খ্রীষ্টাব্দৰ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্রণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পােনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলাে দায়িত্ব আৰু ক্ষমতা ব্রিটিছ মন্ত্রীসভাৰ এজন সদস্যৰ হাতত অৰ্পন কৰা হয়। ভাৰত শাসনৰ সৈতে প্রত্যক্ষভাৱে জড়িত হােৱা মন্ত্রীজনক ভাৰত সচিব বােলা হৈছিল। ভাৰত সচিবক সহায় কৰিবৰ বাবে ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হয়। পৰিষদখনৰ মুঠ সদস্যৰ জন ইংৰাজ চৰকাৰৰ আৰু বাকী জন সদস্য কোম্পানি ফালৰ পৰা নির্বাচন কৰাৰ ব্যৱস্থা কৰা 'ল। পৰিষদৰ সচিবগৰাকীক পৰিষদত সভাপতিত্বৰ ক্ষমতা দিয়া সকলাে  সদস্যকে ভাৰত শাসন সম্বন্ধে দিহা পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অর্পণ কৰা হৈছিল ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ সর্বোচ্চ শাসনকর্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও
তেওঁক ভাইচৰয় অর্থাৎ ৰাজপ্রতিনিধি খিতাপ প্রদান কৰা হয়। ভাইচৰয় জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰা হয় আৰু কোম্পানিৰ সামৰিক বাহিনী ব্রিটিছ চৰকাৰৰ তলতীয়া কৰিছিল। ভাৰত সচিব আৰু ভাৰত ব্রিটিছ চৰকাৰৰ সকলাে আমােলা কৰ্মচাৰীৰ বেতন ভাট্টা আদি ভাৰতৰ পৰা সংগৃহীত ৰাজহৰ যােগেদি দিয়াৰ ব্যৱস্থা কৰা হৈছিল

28)ভাৰতবৰ্ষৰ আধুনিক প্রশাসনৰ ইতিহাসত দেশীয় প্রতিনিধির অন্তর্ভুক্তিৰ শুভাৰম্ভণি কোনখন আইনৰ যােগেদি হৈছিল ? আইনখনে কিদৰে কেন্দ্ৰ আৰু প্রদেশসমূহৰ মাজৰ ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থা কৰিছিল আলােচনা কৰা৷

উত্তৰঃ- ১৮৬১ খ্রীষ্টাব্দত ভাৰতীয় পৰিষদ আইন নামৰ এখন আইন ব্রিটিছ সাংসদে প্রণয়ন কৰিছিল। এই আইনখনে ভাৰতবৰ্ষৰ আধুনিক প্রশাসনৰ ইতিহাসত দেশীয় প্রতিনিধিৰ অন্তর্ভুক্তিৰ শুভাৰম্ভণি কৰিছিল
১৮৬১ খ্রীষ্টাব্দ এই ভাৰতীয় পৰিষদ আইনে কেন্দ্ৰ আৰু প্রদেশসমূহৰ বিধানমণ্ডল গঠনৰ নির্দেশ দিছিল ক্ষমতা বিকেন্দ্রীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্রীয় আৰু প্রদেশ বিধান মণ্ডল বােৰক বিধায়িনী ক্ষমতা ভগাই দিয়া হৈছিল এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্রীয় বিধান মণ্ডলৰ সদস্য সংখ্যা সর্বনিম্ন ছয়জনৰ পৰা সর্বাধিক বাৰজন পর্যন্ত মনােনীত কৰিবলৈ কর্তৃত্ব প্রদান কৰিছিল। মুঠ সদস্যব আধা সংখ্যক বেচৰকাৰী হােৱাটো বাধ্যতামূলক আছিল। বেচৰকাৰী সদস্যসকলক অতিৰিক্ত সদস্য হিচাপে বিধান মণ্ডলত স্থান দিছিল আৰু তেওঁলােকৰ কার্যকাল দুবছৰীয়া আছিল। তেওঁলােক ভাৰতস্থ  ইংৰাজ বা দেশীয় ব্যক্তি ' লাগিছিল এই আইনে দেশীয় বিধানমণ্ডলক ৰাজহ, বিত্ত, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্রিটিছ ভাৰত অধিকৃত ৰাজ্যৰ সীমাৰ সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল এখন কাযর্বাহী পৰিষদ গঠনৰো প্ৰস্তাৱ দিছিল৷ ভাৰতৰ সচিবক তিনিজন ব্যক্তিক কার্যবাহী পৰিষদৰ বাবে বাছনি কৰিবলৈ কর্তৃত্ব প্রদান কৰিছিল। বাকী দুজন সদস্যক ব্রিটিছ সংসদে প্রত্যক্ষভাৱে নিয়ােগ কৰাৰ ক্ষমতা পাইছিল। ভাইচৰয়ক কার্যবাহী পৰিষদখন সুচাৰুৰূপে পৰিচালনা কৰাৰ সম্পূর্ণ কর্তৃত্ব দিয়া হৈছিল। ১৮৬১ খ্রীষ্টাব্দৰ আইনে বংগ প্রদেশ, উত্তৰ-পশ্চিম সীমান্ত প্রদেশ আৰু পঞ্জাৱত বিধান পৰিষদ গঠনৰ নির্দেশ জাৰি কৰিছিল। এই নির্দেশ ভিত্তিত ১৮৬২ খ্রীষ্টাব্দত বংগ ভংগ আৰু ১৮৯৮ খ্রীষ্টাব্দত পঞ্জাৱত বিধান পৰিষদ গঠন কৰা হৈছিল। এই ব্যৱস্থাৰ জৰিয়তে আইনখনে প্রাদেশিক চৰকাৰসমূহক শক্তিশালী ৰূপত গঢ়ি তুলিব বিচাৰিছিল

Post a Comment

0 Comments