Class-10.Assamese .L-2.‘জিকিৰ’

‘জিকিৰ’-আজান ফকিৰ


ভাব বিষয়কঃ

1) চমু উত্তৰ দিয়াঃ

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ- জিকিৰৰ ৰচক হ'ল ইছলাম ধৰ্ম গুৰু "আজান ফকিৰ" ।তেওঁৰ আচল  নাম ‘হজৰত শ্বাহ মিলান’ ।

 

(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ- জিকিৰবােৰক হিন্দুসকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি।

 

(গ) “জিকিৰ' শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰঃ- ‘জিকিৰ’ শব্দটো আৰবী ‘জিক্ৰ’ শব্দৰ পৰাই ওলাইছে ।এই শব্দৰ অর্থ হ'ল - ঘনে ঘনে উচ্চাৰণ কৰা।

 

2) তলৰ শব্দবােৰৰ অর্থ লিখাঃ

উত্তৰঃ-

শব্দ

অর্থ

ৰছুল

দেৱদূত, আল্লাৰ দূত।

মােমিন

বিশ্বাসী, মুছলমান

ৰহম

দয়া

কুটুব

ধ্ৰুৱ নক্ষত্র

বান্দা

ভূত্য

3)মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি৷

- উল্লিখিত কবিতাফাকিৰ অন্তনিহিত ভাবটি বিশ্লেষণ কৰা।

উত্তৰঃ- আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাকিৰ মাজেৰে মানৱ জীৱনৰ স্হিতি কথা কবলৈ বিচৰা হৈছে। মক্কা হ'ল এক পৱিত্ৰ তীর্থস্থান। আল্লা অর্থাৎ ভগৱানৰ দর্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজেৰে জীৱই আল্লাৰ কোনাে সন্ধান নাপায়।কিয়নাে জীৱনকালত মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কর্মত লিপ্ত হােৱাজনে মুখেৰে আল্লাৰ নাম ল'লেই মুক্তি নাপায়। শাল আৰু শ'ল মাছৰ লগত দৰিকা মাছৰ টপালি তথা সোৱাদে যিদৰে প্ৰভাৱ পেলাব নােৱাৰে তেনেদৰে আল্লাক যি চিনি নাপায় তেওঁ মক্কালৈ গৈও আল্লাক বিচাৰি নাপাই হাবাথুৰি খায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। কেৱল মাত্র তাক স্মৰণ কৰিলেই হল।

 

4)ব্যাখ্যা কৰাঃ

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।

উত্তৰঃ-

     উক্ত কবিতাফাঁকি আমাৰ পাঠ্য-পুথিৰ অন্তগৰ্ত ইছলাম ধৰ্ম গুৰু আজান ফকিৰ ৰচিত ‘জিকিৰ’ ৰ পৰা তুলি দিয়া হৈছে।

      আল্লা অর্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে ।

      পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়ােটা কথাই অসম্ভৱ। অর্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে। তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই থাকে। কিন্তু পানী আৰু জুইয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লা বা ভগৱান আমাৰ হৃদয়তে আছে। কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই বিশ্বব্রহ্মাণ্ড চলাথ কৰিলেও - আল্লা বা ভগৱানক বিচাৰি নাপাওঁ। যি সৎ কর্মত বিশ্বাসী, প্রকৃত মুছলমানৰ কর্তব্য পালনত ব্ৰতী, তেওঁৰ অন্তৰতেই আল্লা বাস কৰে ।তেওঁ আল্লাক বিচাৰি হাবাথুৰি খাব নালাগে,আল্লাই ম্বয়ং আহি তেওঁৰ উপলব্ধিত দেখা দিয়ে ।

 

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নােৱাৰে তাত মায়াই ভেটে বাটা

উত্তৰঃ-

     উক্ত কবিতাফাঁকি আমাৰ পাঠ্য-পুথিৰ অন্তগৰ্ত ইছলাম ধৰ্ম গুৰু আজান ফকিৰ ৰচিত ‘জিকিৰ’ ৰ পৰা তুলি দিয়া হৈছে।

      কবিতাফাকিৰ যোগেদি কবিয়ে মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খােৱাৰ কথা কোৱা হৈছে।

        হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইয়েই হৈছে ত্রিবেণী ঘাট। প্রতিগৰাকী হিন্দুৱেই ত্রিৱেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলাে পাপ খণ্ডন হােৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়ে পবিত্র তীর্থস্থান মক্কাক ত্ৰিৱেণীৰ লগত তুলনা কৰা হয়। কিয়নাে প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্রাপ্তি তথা আল্লাৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অর্থাৎ হিন্দুৰ বাবে ত্রিৱেণীৰ যি আদৰ, মুছলমানৰ বাবে মক্কাৰ সেই একেই আদৰ। কিন্তু সংসাৰৰ মায়া মােহত বন্দী মানৱে মক্কালৈ গলে মনত সুখ শান্তি নাপায়। কিয়নাে তেওঁলােক সকলােৱে যােৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্রকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। পাৰ্থিৱ মায়া মােহৰ পৰা তেওঁলােক মুক্ত হ'ব পৰা নাই। সংসাৰৰ মায়াই তেওঁলােকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হয়। 

 

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ'লে এৰিলে পিৰীতি।

উত্তৰঃ-

           উক্ত কবিতাফাঁকি আমাৰ পাঠ্য-পুথিৰ অন্তগৰ্ত ইছলাম ধৰ্ম গুৰু আজান ফকিৰ ৰচিত ‘জিকিৰ’ ৰ পৰা তুলি দিয়া হৈছে।

       মানৱ দেহত আৱদ্ধ হৈ থকা আত্মাৰ মুক্তিৰ ফলত শৰীৰৰ অৱস্হা,দূৰ্দশাৰ কথা উপৰোক্ত বিতাফাঁকিত কবিয়ে কব বিছাৰিচে ।

       মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়।সজাত বন্দী মইনাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, তেনেদৰে মানৱ দেহৰূপী সজাত বন্দী আত্মায়াে নানা ধৰণৰ আচৰণেৰে মানুহক নিয়ন্ত্ৰণ কৰি সুখী কৰে ।ওৰেটো জীৱনক দেহটো সুখ-দুখৰ ,প্ৰেম-বিষাদ আদিৰ  লগত আচ্ছন্ন কৰাই থয়। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পর্ক ক্ষন্তেকীয়াহে। এই সম্পর্ক ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। আত্মা বা জীৱহীন দেহৰ কোনাে মূল্য নাই, গতিকে আত্মা বা জীৱহীন দেহক মৃতদেহ হিচাপে পুতি বা পুৰি পেলােৱা হয়। ইয়াক লৈ আত্মাৰ কোনাে দুখ নাথাকে, মৃত্যুৰ পাছত সজাত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ প্রেম-প্রীতিৰ পৰা মুক্ত, তেনেদৰে আত্মায়াে নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া-মােহ, প্রেম-প্রীতিৰ পৰা মুক্ত হৈ পৰে।

 

ভাষা বিষয়কঃ

1)সমার্থক শব্দ লিখাঃ

উত্তৰঃ-

শব্দ

সমার্থক শব্দ

চিন্তা

চিন্তন, মনন, খেয়াল

ঘাট

বন্দৰ , নৌবহৰ

পিৰীতি

প্রীতি, প্রেম।

আচমান

আকাশ , গগন

দৰিয়া

সাগৰ, নদী

পিয়াহ

তৃষ্ণা, তৃষা

বাট

পথ, ৰাস্তা, আলি

ভেল

শৰীৰ,দেহ

(মৃতদেহ)

 

অতিৰিক্ত প্রশ্নোত্তৰ

1)অতি চমু প্রশ্নোত্তৰ?

(ক) আজান ফকিৰ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে ?

উত্তৰঃ- খ্ৰীষ্টীয় সপ্তম শতিকাৰ। 

 

(খ) আজান ফকিৰৰ প্ৰকৃত নাম কি?

উত্তৰঃ- ‘হজৰত শ্বাহ মিলান’ । 

 

(গ) মােমিন' মানে কি?

উত্তৰঃ- বিশ্বাসী মুছলমান।

 

(ঘ) জিকিৰসমূহক অসমীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ- প্ৰাথৰ্ণা বা স্তুতি গীতৰ লগত।

 

(ঙ) ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে?

উত্তৰঃ- ‘ৰহম’ মানে হ'ল - দয়া, ‘গিৰিহঁত’ মানে হ'ল –গৰাকী বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী, অর্থাৎ আল্লাক দয়াৰ গৰাকী বুলি কোৱা হৈছে ।

 

(চ) খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।

- এই ফাঁকি কথাৰ ৰছুল আৰু ‘মােমিন' শব্দৰ দুটাৰ অর্থ লিখা।

উত্তৰঃ- ‘ৰছুল’ মানে হ'ল দূত বা পয়গম্বৰ আৰু ‘মােমিন’ মানে হ'ল বিশ্বাসী মুছলমান।

 

(ছ) মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে ?

উত্তৰঃ- ত্রিবেণী ঘাটৰ লগত।

 

(জ) জিকিৰটোত উল্লেখ কৰা আদম কোন?

উত্তৰঃ- আদম হ'ল আল্লাই সৃষ্টি কৰা প্রথম মানৱ।

 

(ঝ)আজান ফকিৰৰ ক'ত মৃত্যু হৈছিল?

উত্তৰঃ- দিখৌমুখৰ সৰাগুৰি চাপৰিত।

 

2)চমু প্রশ্নোত্তৰঃ

(ক) কি কাৰণে জিকিৰসমূহ সকলোৰে মাজত জনপ্রিয়?

উত্তৰঃ- জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ অন্তর্নিহিত হৈ আছে। এইবােৰত অসমৰ বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্ৰতিধ্বনিও শুনা যায়। এইবােৰ সহজ-সৰল অসমীয়া ভাষাত হােৱা বাবে নিৰক্ষৰ লােকেও গাব পৰাকৈ ৰচনা কৰা হৈছিল। সেয়ে জিকিৰসমূহ সকলৰে মাজত জনপ্রিয়।

 

(খ) আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ কিহৰ সৈতে সাদৃশ্য দেখা যায় ?

উত্তৰঃ- আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ অসমৰ বৈষ্ণৱ ধৰ্মৰ বহুতাে সাদৃশ্য দেখা যায়। আজান ফকিৰ ৰচিত বহুত জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্রতিধ্বনি শুনা যায়।

 

(গ) দেওমাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।

- দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।

উত্তৰঃ-

উক্ত কবিতাফাকিৰ মাজেৰে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক'বলৈ বিচৰা হৈছে। মানৱ জীৱন দুদিনীয়া। জীৱিত কালত মানৱে দেহটোক লৈ গৌৰৱ কৰে। দেহটোক লৈ মায়াত বন্দী হয়। কিন্তু মৃত্যুৰ পাছত দেহটোৰ কোনাে মূল্য নােহােৱা হয়। ভেলৰ দৰে দেহটো এদিন পচি মাটিত মিহলি হৈ যায়। দেহৰ পৰা ওলাই যােৱা আত্মাই যেন দূৰৈৰ পৰা দেহটোৰ এনে অৱস্থা চাই থাকে। সজাৰ পৰা দেও মাৰি মইনা চৰাই ওলাই গৈ যিদৰে দূৰৈৰ পৰা সি সজাটোলৈ চাই থাকে, মৃত্যুৰ পাছতাে আত্মাই দেহটোলৈ যেন তেনেদৰে চাই থাকে। পাৰ্থিৱ শৰীৰটো দুদিনীয়া; দেহৰ ভিতৰত প্রাণ থকালৈকে দেহৰ মূল্য।

 

(ঘ) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা৷

আচমানৰ কুটুব তৰা আদমৰ জাত।

সজাত মইনা আছে, ঘনে লগায় মাত৷

উত্তৰঃ-

    উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা'ৰ আজান ফকিৰ ৰচিতজিকিৰ' ৰ পৰা তুলি লােৱা হৈছে।

   ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক'বলৈ বিচাৰিছে।

        আকাশ হ'ল মহাশূন্য, তৰাইহে তাক পােহৰাই তােলে। তৰাৰ তিৰবিৰণি নহ'লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দর্যহীন তথা মূল্যহীন হৈ পৰিলহেঁতেন। একেদৰে কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দীমইনাটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে সপ্রতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ'লে সজাটো মূল্যহীন হৈ পৰে, একেদৰে আত্মা নােহাৱা মানৱ দেহাে কোনাে কামৰ হৈ নাথাকে ।মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগােৱাৰ দৰে আত্মাইও যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দর্য থাকে। আত্মা ওলাই যােৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে।সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যােৱাটো অনুচিত বুলি কবিয়ে কৈছে।

 



Post a Comment

0 Comments