Extra Question and Ans . Vikram saravai . Class 8.




তলৰ প্ৰশ্ন বোৰৰ উত্তৰ দিয়া : 


১)বিক্ৰম চাৰাভাই কোন আছিল ?
উত্তৰঃ-বিক্ৰম চাৰাভাই ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত বিজ্ঞানী আছিল ।

২)বিক্ৰম চাৰাভাই  ক'ত আৰু কেতিয়া জন্ম হৈছিল ?
উত্তৰঃ- বিক্ৰম চাৰাভাইৰ  আহমেদাবাদত ১৯২২ চনৰ ১২ আগষ্টত জন্ম হৈছিল।

৩)"ডাঙৰ হলে ই এদিন দেশৰ নাম কৰিব" - কথাষাৰ কোনে কৈছিল ।
উত্তৰঃ- ৰবীন্দ্ৰনাথ ঠাকুৰে দুবছৰীয়া বিক্ৰমক দেখি ভৱিষ্য-বাণী কৰি  উপৰোক্ত কথাষাৰ  কৈছিল ।

৪) বিক্ৰমে ডাক ঘৰত কি আনিব গৈছিল ?
উত্তৰঃ- বিক্ৰমে ডাক ঘৰত লেফাফা কিনি আনিবলৈ গৈছিল । 

৫)কেম্ব্ৰিজ বিশ্ববিদ্যালয় ক'ত আছে ?
উত্তৰঃ-কেম্ব্ৰিজ বিশ্ববিদ্যালয় ইংলেণ্ডত  আছে    

৬)বিক্ৰম চাৰাভায়ে কি বিষয়ত পি এইচ ডি উপাধি লাভ কৰিছিল ?
উত্তৰঃ-মহাজাগতিক ৰশ্মিৰ বিষয়ে গৱেষণা কৰি 
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা বিক্ৰম চাৰাভায়ে 
 ১৯৪৭ চনত পি.এইচ.ডি উপাধি লাভ কৰিছিল 

৭)১৯৬৬ চনত বিক্ৰম চাৰাভায়ে কি সন্মান লাভ কৰিছিল ।
উত্তৰঃ-১৯৬৬ চনত বিক্ৰম চাৰাভায়ে পদ্মভূষণ সন্মান লাভ কৰিছিল

৮)বিক্ৰম চাৰাভাই কেতিয়া আৰু কি দৰে মৃত্যু হৈছিল ?
উত্তৰঃ- ° বিক্ৰম চাৰাভাইৰ আহমেদাবাদৰ এখন হোটেলত ১৯৭১ চনৰ ২১ ডিচেম্বৰত  হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল


Post a Comment

0 Comments