Class8.L-16.আবু বিন এধেম





১)চমু উত্তৰ দিয়া।

ক)আবু বিন এধেমে দেৱদূতজনক ক'ত আৰু কেতিয়া দেখিছিল?
উত্তৰ-আবু বিন এধেমে দেৱদূতজনক এদিন দোভাগ ৰাতি নিজৰ খোটালিত দেখিছিল।

খ)দেৱদূতজনে তেতিয়া কি কৰি অছিল?
উত্তৰ-দেৱদূত জনে তেতিয়া সোণালী পুথিৰ পাত লুতিয়াই লিখি আছিল।

গ)আবুৱে দেৱদূতজনক কি সূধিলে?
উত্তৰ-আবুৱে দেৱদূতজনক এই বুলি সুধিলে "কোৱা দেৱদূত কি কথা লিখিছা তাত"।

ঘ)দেৱদূতজনে কি বুলি উত্তৰ দিলে?
উত্তৰ-দেৱদূতজন এই বুলি উত্তৰ দিলে "ঈশ্বৰক যেয়ে ভালপায় মই লিখিছোঁ সিবোৰ নাম।"

ঙ)তেতিয়া আবুৱে দেৱদূতজনক কি বুলি অনুৰোধ কৰিলে?
উত্তৰ-এই পৃথিৱীত যিয়ে চুবুৰীয়া মানুহক ভাল পায় তাৰ তালিকা যদি কৰে তেতিয়া আবুৰ নাম এচুকত লিখিবলৈ দেৱদূতজনক তেওঁ অনুৰোধ কৰিলে।

চ)পিছদিনা দেৱদূতজনে আহি কি দেখুৱালেহি?
উত্তৰ-পিছদিনা দেৱদূতজনে আহি দেখুৱালেহি যে নিজে তুষ্ট হৈ ভগবানে যি তালিকা বনালে সেই সকলৰ মাজত আবু প্ৰথম স্থানত আছে।

ছ)কবিতাটো পঢ়ি তুমি কি বুজি পালা?
উত্তৰ-কবিতা টোত আবু বিন এধেম নামৰ সাধু এজনৰ মানৱ প্ৰেমৰ কথা বৰ্ণনা কৰা হৈছে। আবুৱে ঈশ্বৰতকৈ পৃথিৱীৰ মানুহক হে বেছি ভাল পায়। সেই বাবে দেৱদূত জনে লিখা ঈশ্বৰক ভাল পোৱা লোকৰ তালিকাত তেওঁৰ নাম নালাগে বুলি কলে। এই কথা বোৰ দেৱদূত জনে লিখি নিলে আৰু পাছ দিনা আকৌ দেখা দিলে। এইবাৰ দেৱদূত জনে আবুক তালিকা খন দেখালে য'ত ঈশ্বৰে সন্ত্তষ্ট হৈ আবুৰ নাম প্ৰথমত দিছে। গতিকে আমি সকলোৱে পৃথিৱীৰ সকলো মানুহৰ লগত মিলা-প্ৰীতিৰে থাকিলে ঈশ্বৰেও সন্ত্তষ্ট হয়।

জ)ঈশ্বৰক ভালপোৱা ভকতৰ শাৰীত আবুৰ নাম নাই বুলি জনোৱাত আবুৱে কিয় "বৰ ভাল কথা"বুলি উত্তৰ দিছিল?
উত্তৰ-আবুৱে ঈশ্বৰত কৈ  পৃথিৱীৰ মানুহক হে বেছি ভাল পায় । সেই বাবে "বৰ ভাল কথা"বুলি উত্তৰ দিছিল ।

ঝ) আবুৰ চৰিত্ৰ টি তোমাৰ কেনে  লাগিল?তুমি আবুৰ দৰে হ'ব বিছাৰানে?
উত্তৰ-ছ) নং প্ৰশ্নৰ উত্তৰটো লিখা ।

৩)প্ৰতিশব্দ লিখা।

ঘুমটি→টোপনি,নিদ্ৰা,শয়ন।

হাত→হস্ত,পাণি,কৰ,হস্তক।

নয়ন→চকু,নেএ,লোচন।

মূৰ→মুণ্ড,মস্তক,শিৰ।

ঠাই→স্থান,জেগা,থলী,স্থল।

পৃথিৱী→মেদিনী,ধৰিএী,বিশ্ব,জগত।

খোঁটালি→কক্ষ,কোঠা,কুঠৰী।

চুবুৰীয়া→প্ৰতিবেশী,ওচৰ-ঘৰীয়া।

৪)অৰ্থ লিখা।

ফৰিংফুটা জোনাক →স্পষ্ট ভাৱে দেখি পোৱা জোনাক ৰাতি।

জগত জোনালীময়→ পৃথিৱীখন পোহৰাই তুলা।

৫)তলৰ শব্দকেইটাত "অলী" আৰু "আলী" শব্দ দুটা যোগ কৰি নতুন শব্দটোৰে একোটা বাক্য সাজা।

*সোণ+আলী = সোণালী
→সোণালী বান্দৰ এবিধ আপুৰূগীয়া প্ৰজাতি।

*জোন+আলী = জোনালী
→জোনৰ জোনালীয়ে গোটেই বিশ্ব পোহৰাই তুলে।

*তৰ+অলী = তৰালী
→তৰালী ৰ্শমা অসমৰ এগৰাকী প্ৰৰ্সিদ্ধ সংগীত শিল্পী।

*মিতা+অলী = মিতালী
→মিতালী চৌধুৰী অসমৰ এজন প্ৰখ্যাত গায়ীকা।

৬)বিপৰীত শব্দ লিখা।

ৰাতি→দিন

অন্তৰ্দ্ধান→আবিৰ্ভাৱ,উদ্ৰেক

আকাশ→পাতাল

দিঠক→সপোন,স্বপ্ন

হাঁহি→কান্দোন

তুষ্ট→অসন্তুষ্ট



-----X-----


Post a Comment

0 Comments