Class8.L-13.শৈশৱৰ মোৰ দুষ্টালিবোৰ








)চমু উত্তৰ দিয়া

)লতা মংগেশকাৰৰ জন্ম ' আৰু কেতিয়া হৈছিল?
উত্তৰ- লতা মংগেশকাৰৰ জন্ম ইন্দোৰৰ শিখ চুবুৰীত ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰত হৈছিল

)প্ৰথমতে লতাৰ নাম দেউতাকে কি ৰাখিছিল?
উত্তৰ-প্ৰথমতে লতাৰ নাম দেউতাকে 'হৃদয়া' ৰাখিছিল

)লতা মংগেশকাৰে মাক আৰু দেউতাকক কি বুলি মাতিছিল?
উত্তৰ-লতা মংগেশকাৰে মাকক 'মাই' আৰু দেউতাকক 'বাবা' বুলি মাতিছিল

)সৰুতে লতা মংগেশকাৰ কেনেকুৱা ছোৱালী আছিল?
উত্তৰ-সৰুতে লতা মংগেশকাৰ বৰ বেছি উৎপতীয়া ছোৱালী আছিল

)লতা মংগেশকাৰৰ ভায়েকৰ নাম কি?
উত্তৰ-লতা মংগেশকাৰৰ ভায়েকৰ নাম ' হৃদয়নাথ

)কিমান বয়সত লতা মংগেশকাৰে প্ৰথম মন্বত গান গাইছিল?
উত্তৰ-নবছৰ বয়সত লতা মংগেশকাৰে প্ৰথম মঞ্চত গান গাইছিল

)দীননাথ মংগেশকাৰ কোন?
উত্তৰ-দীননাথ মংগেশকাৰ  লতা মংগেশকাৰৰ পিতৃ আছিল

)বহলাই লিখা
)"ঘৰতে ইমান ভাল গায়িকা আছে,অথচ মই গমেই নাপাওঁ"- এই কথাষাৰ কোনে,কাক আৰু কি প্ৰসংগত কৈছিল?
উত্তৰ-"ঘৰতে ইমান ভাল গায়িকা আছে"- এই কথাষাৰ দেউতাকে লতা মংগেশকাৰক কৈছিল।
  এবাৰ লতা মংগেশকাৰৰ দেউতাকে শিষ্যসকলক গীত শিকাই থাকোতে অলপ সময়ৰ বাবে বাহিৰ লৈ গৈছিল। দেউতাকে বাহিৰৰ পৰাই শিষ্যসকলৰ গীত  শুনি আছিল।লতা মংগেশকাৰেও শুনি আছিল আৰু তেঁওৰ এনে ভাব ' 'ৰা জনে ৰাগটো ভালদৰে গাব পৰা নাই।তেতিয়া লতা মংগেশকাৰে  ভিতৰলৈ সোমাই গৈ 'ৰাজনক ৰাগটো গাই শুনালে।সেইখিনি সময়তে দেউতাকে সোমাই আহিল আৰু গীত গোৱা শুনিলে।দেউতাকে এই প্ৰসংগতে এনেদৰে কৈছিল

)লতা মংগেশকাৰে সৰুতে কি কি খেল খেলি ভাল পাইছিল?
উত্তৰ-লতা মংগেশকাৰে ৰুতে বৰ আচৰিত ধৰণৰ খেল কিছুমান খেলিছিল।গাড়ীৰ পুৰণা টায়াৰৰ ভিতৰত সোমাই আৰু লগৰীয়াবোৰে চকাটো ঘূৰাই ঘূৰাই তেঁওকো লগতে ঘূৰাই থাকে,তেঁও বৰ উৎপতীয়া ছোৱালী আছিল।গছৰ ওপৰত উঠা,আম,মধুৰিআম আদি পৰা তেঁওৰ কাৰণে আছিল বৰ ন্দৰ খেল

)সংগীত শিকাবলৈ গৈ দেউতাকে লতাক কি কৈছিল?
উত্তৰ-সংগীত শিকাবলৈ গৈ দেউতাকে লতাক কৈছিল,"মই তোমাৰ পিতৃ।পিতৃ গুৰুৰ তুল্য।মনত ৰাখিবা,পিতৃয়েই হওক বা গুৰুৱেই হওক যেয়েই তোমাক শিকায়,তোমাৰ উদ্দেশ্য হৈছে তেঁওতকৈ ভাল গোৱা।এইটো ভাব নানিবা যে গুৰু থাকিলেহে তুমি গাব পাৰিবা।লগতে এইটোও মনত ৰাখিবা যে গুৰুক কেতিয়াও পাহৰা অনুচুতি।"

)দীননাথ মংগেশকাৰে তেঁওৰ জীয়েকৰ নাম কিয় 'লতা' ৰাখিলে?
উত্তৰ-সেই সময়ত নাটসমূহত নাৰীৰ চৰিত্ৰও পুৰুষেই ৰূপায়িত কৰিছিল 'ভাৱ বন্ধন' নামৰ এখন নাটকত দীননাথ মংগেশকাৰে  'লতিকা' নামৰ এটি নাৰী চৰিত্ৰত অভিনয় কৰিছিল।চৰিত্ৰটোৰ দ্বাৰা তেঁও ইমানেই প্ৰভাৱিত হৈছিল যে জীয়েকৰ নাম লতা ৰাখিলে ।

)লতা মংগেশকাৰৰ ঘৰখন যে পুৰণি ভাব-ধাৰাৰ আছিল সেই কথা
কেনেকৈ জানিব পাৰি?
উত্তৰ-লতা মংগেশকাৰৰ ঘৰখন আছিল পুৰণি ভাৱধাৰাত বিশ্বাসী।শাস্ৰীয় সংগীতৰ বাহিৰে চিনেমাৰ গীত গোৱা বা শিকাটো দেউতাকে একেবাৰে পছন্দ নকৰিছিল।আানকি পাউডাৰ সনা,প্ৰসাধন কৰা আদি কামবোৰো আছিল দেউতাকৰ পছন্দৰ বাহিৰত।মুকলিমূৰীয়াকৈ বাহিৰত ঘূৰা বা ৰাতিলৈকে নাটক চোৱাটোও দেউতাকে ভাল নাপাইছিল  ।সেয়ে লতা মংগেশকাৰৰ ঘৰখন পুৰণি ভাবধাৰাৰ আছিল বুলি তেঁও কৈছে

)শুদ্ধ শব্দৰে বাক্যটো সম্পূৰ্ণ কৰা

)'ভাব বন্ধন' নামৰ নাটকত দীননাথ মংগেশকাৰে অভিনয় কৰা নাৰী চৰিএটোৰ নাম আছিল
' লতিকা '

)দীননাথ মংগেশকাৰে শিকা শাস্ৰীয় নৃত্য বিধৰ নাম আছিল
কথক নৃত্য

)লতা মংগেশকাৰৰ যিটো ৰাগেৰে সংগীত শিক্ষাৰ আৰম্ভণি হৈছিল সেই
ৰাগটোৰ নাম আছিল
ৰাগ ধনশ্ৰী

)লতা মংগেশকাৰৰ মাক আছিল বিশুদ্ধ
নিৰামিষ ভোজী

)লতা মংগেশকাৰৰ সংগীত শিক্ষাৰ আৰম্ভণি হঁওতে বয়স আছিল
প্ৰায় পাচঁ-ছয় বছৰ

)তলত দিয়া বাক্যসমূহৰ উত্তৰ এটা শব্দত লিখা

)মাছ-মাংস নোহোৱা আহাৰনিৰামিষ

)মাছ-মাংস থকা আহাৰআমিষ

)যি বস্তু খোৱাৰ অযোগ্যঅখাদ্য ,অভক্ষ্য, অভোজ্য

)কেৱল ফল-মূলেই যাৰ আহাৰফল ভোজী

)জীৱনৰ সৰু কালছোৱাশৈশৱ কাল

)জীৱনৰ মাজৰ কালছোৱাতৰন,ডেকা,যুৱ কাল

)জীৱনৰ শেষৰ কালছোৱাবৃদ্ধ কাল

)যিয়ে অভিনয় কৰেঅভিনেতা/অভিনেত্ৰী




-------x-------


Post a Comment

0 Comments