Class8.L-4.বুৰজ্ঞী অধ্যয়নৰ প্ৰ্য়োজনীয়তা


)চমু উত্তৰ দিয়া

)বুৰজ্ঞী মানে কি?
উত্তৰপুৰণি কথাৰ যথাযথ বৰ্ণনাই হৈছে বুৰজ্ঞী

)বুৰজ্ঞীসমূহৰ ভাষা কি আছিল?

উত্তৰ- বুৰজ্ঞীসমূহ টাই ভাষাত লিখা হৈছিল

)অসমীয়াৰ উপৰি ভাৰতীয় আৰু আন কি ভাষাত বুৰজ্ঞী লিখা হৈছিল?
উত্তৰ- অসমীয়াৰ উপৰি ভাৰতীয় আৰু সংস্কৃত ভাষাত বুৰজ্ঞী লিখা হৈছিল

)প্ৰাচীন কামৰূপৰ চাৰিপীঠ কি কি?
উত্তৰ- প্ৰাচীন কামৰূপৰ চাৰিপীঠ '-কামপীঠ,ৰত্মপীঠ,সুৱন পীঠ আৰু সৌমাৰ পীঠ

)বুৰজ্ঞীসমূহ কোন সময়ৰ ৰচনা?
উত্তৰ- বুৰজ্ঞীসমূহ আহোম ৰাজত্ব কালৰ ৰচনা

)চুকাফা অসমলৈ কিমান চনত আহিছিল?
উত্তৰ- চুকাফা অসমলৈ ১২২৮ চনত আহিছিল

)বহলাই লিখা

)সংস্কৃ ইতিহাস শব্দৰ অৰ্থ কি?
উত্তৰ- সংস্কৃ ইতিহাস শব্দৰ অৰ্থ হৈছে- “যি এইটোৰ ৰূপতেই আছিল”।অতীতৰ দেশ-কাল ব্যক্তিৰ সত্যৰ ওপৰত আধাৰিত ৰূপেই ইতিহাস

)অসমত বুৰজ্ঞী ৰচনাৰ আৰম্ভণি কি?
উত্তৰ- অসমত বুৰজ্ঞী ৰচনাৰ আৰম্ভণি ' টাই বংশীয় ৰাজকোঁৱৰ চুকাফাৰ অসম আগমনৰ পৰা।
সৌমাৰ পীঠ লৈ আহি থাকোতে চুকাফাৰ লগত অহা এহেজাৰ আশী জন মানুহৰ ভিতৰত ষাঠি জন মৰিল আৰু সাত জন হেৰাল। এই সকলো বোৰ ঘটনা চুকাফাই লগত অহা পণ্ডিতক লিখি থবলৈ নিৰ্দেশ দিলে।
ইয়াকে অসম বুৰজ্ঞী ৰচনাৰ আৰম্ভণি বুলি ক'ব পাৰি।

)বুৰজ্ঞীক কিয় জ্ঞানৰ ভঁৰাল বুলি ভবা হয়?
উত্তৰ- অতীত বৰ্তমান আৰু ভৱিষ্যতৰ এৰাব নোৱাৰা সম্পৰ্ক। অতীতৰ অভিজ্ঞতাৰ ভেটিতে বৰ্তমান গঢ় লৈ উঠে আৰু বৰ্তমানৰ অভিজ্ঞতা সমূহেই ভৱিষ্যতৰ বাবে পথ প্ৰৰ্দশক হয়।এটা জাতিৰ উন্নতিৰ কাৰণসমূহ পোনপটীয়াকৈ বুৰজ্ঞীত লিপিবদ্ধ কৰি থোৱাৰ দৰে এটা  জাতিৰ অধোগতিৰ কাৰণসমূহো তাত লিখি থোৱা থাকে।এইবোৰে ভবিষ্যতে সতৰ্ক 'বলৈ শিক্ষা দিয়ে।সেইবাবেই বুৰজ্ঞীক জ্ঞানৰ ভঁৰাল বুলি ভবা হয়

)বুৰজ্ঞীৰ পৰা আমি কি শিক্ষা পাঁও উদাহৰণসহ বুজাই লিখা
উত্তৰ- বুৰজ্ঞীৰ পৰা আমি সাহস,বীৰত্ব,দেশপ্ৰেম,আত্মত্যাগ,নৈতিকতা আদি মহৎ গুণবোৰৰ শিক্ষা পাঁও। উদাহৰণ 'অসমীয়া জাতিক অতীত গৌৰৱৰ লগত সাঙোৰ খাই থকা বীৰ লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু বীৰত্ব,জয়মতী কুঁৱৰীৰ আত্মত্যাগ,বীৰংগনা মূলা গাভৰুৰ সাহসিকতাৰ কাহিনী,ৰাজমন্ত্ৰী আতন বুঢ়াগোঁহাইৰ দূৰদৰ্শিতা তথা বুদ্ধিমত্তা,মোমাই তামুলী বৰবৰুৱাৰ ৰ্কমসংস্কৃতি আদিৰ কথা বুৰজ্ঞীৰ জৰিয়তে আমি জানিব পাৰোঁ

)অসমৰ উপৰি সেই সময়ৰ দাঁতিকাষৰীয়া আৰু কোন কোন ৰাজ্যৰ বুৰজ্ঞী পোৱা যায়?
উত্তৰ- অসমৰ উপৰি সেই সময়ৰ দাঁতি কাষৰীয়া ৰাজ্য কিছুমানৰ বুৰজ্ঞী সমূহ হৈছে)কছাৰী বুৰজ্ঞী।২)এিপুৰা বুৰজ্ঞী।৩)জয়ন্তীয়া বুৰজ্ঞী

)ভুল নে শুদ্ধ লিখা

)বুৰজ্ঞীক ইতিহাস বুলিও কোৱা '
 শুদ্ধ

)বুৰজ্ঞীত সামাজিক ,অৰ্থনৈতিক,ৰাজনৈতিক আদি কোনো কথাৰ উল্লেখ নাথাকে
অশুদ্ধ

)চুকাফাৰ দিনৰ পৰাহে অসমৰ বুৰজ্ঞী লিখাৰ প্ৰমাণ পোৱা যায়
শুদ্ধ

)বুৰজ্ঞীসমূহ প্ৰথমতে সংস্কৃত ভাষাত লিখা হৈছিল
অশুদ্ধ

)বুৰজ্ঞী লিখি থোৱা কথাবোৰ সত্য কথাৰ ওপৰত প্ৰতিষ্ঠিত
শুদ্ধ

)বুৰজ্ঞীক জ্ঞানৰ ভঁৰাল বুলি কোৱা '
শুদ্ধ

)মিল থকা শব্দসমূহ আঁচ টানি লগ লগোৱা

বুৰজ্ঞী ইতিহাস
সংস্কৃতভাষা
লাচিত বৰফুকনদেশপ্ৰেম
বদন বৰফুকনদেশদ্ৰোহী
জয়মতী কুঁৱৰী আত্মত্যাগ
ইৰাৱতী নদী

)বিপৰীত শব্দ লিখা
বৃহৎক্ষুদ্ৰ
প্ৰখ্যাতকুখ্যাত
উন্নতিঅৱনতি
সুগমদুৰ্গম
কথিতলিখিত
প্ৰাচীনআধুনিক

)তলৰ বাক্য সমৃহৰ উত্তৰ এটা শব্দত লিখা।


অভিজ্ঞতা,সমসাময়িক,

দেশপ্ৰেম,ধাৰাবাহিক,

আত্মত্যাগ,পথপ্ৰদৰ্শক,

দেশদোহ,অধগোতি






)অবিচ্ছিন বা একেলানিয়ে চলি থকাধাৰাবাহিক

)যিয়ে বাট দেখুৱাই লৈ যায়পথপ্ৰদৰ্শক

)অনেক দেখি শুনি লাভ কৰা জ্ঞানঅভিজ্ঞতা

)যিয়ে তললৈ বা ধ্বংসৰ ফালে গতি কৰেঅধোগতি

)দেশক ভাল পোৱা যি ভাবদেশপ্ৰেম

)দেশৰ প্ৰতি কৰা বিদ্ৰোহদেশদ্ৰোহ

)আনৰ মংগলৰ অৰ্থে নিজৰ সকলো ত্যাগ কৰাআত্মত্যাগ

)একে সময়তে হোৱাসমসাময়িক


----------------x---------------


Post a Comment

0 Comments