ক)ৰূপৰ আদৰ বেছি নে গুণৰ আদৰ বেছি?
উত্তৰ-গুণৰ আদৰ বেছি।
খ)অতি সুন্দৰ অথচ গুণহীন ব্যক্তি এজনে সমাজত কেনে স্থান পায়?
উত্তৰ- অতি সুন্দৰ অথচ গুণহীন ব্যক্তি এজনে সমাজত আদৰ নাপাই।
গ)গুণহীন ব্যক্তি এজনৰ ক্ষেএত বংশ মৰ্যাদাৰ কিবা মূল্য আছেনে?
উত্তৰ-গুণহীন ব্যক্তি এজনৰ ক্ষেএত বংশ মৰ্যাদা মূল্য নাই ।
ঘ)ক'লা হৈও কুলিয়ে মানুহৰ মন কেনেদৰে মুহি আছে?
উত্তৰ-ক'লা হৈও কুলিয়ে মানুহৰ মন তাৰ সুললিত স্বৰে ৰে মুহি আছে।
ঙ)কবিতাটোত থকা কথিখিনি গদ্যত লিখা।
উত্তৰ-কবিতা টোত কবিয়ে ৰূপ আৰু গুণৰ মাজত তুলনা কৰিছে।কবিৰ মতে গুণ ৰূপত কৈ সদাই উৰ্দ্ধত।কোনো এজন ব্যক্তি ৰূপৱান আৰু উচ্চ বংশৰ হব পাৰে,কিন্তু তেওঁ কোনো গুণৰ অধিকাৰী নহলে সমাজত আদৰ নাপাই। আনহাতে যদি ব্যক্তি জন গুণী অথচ নীচ বংশৰ তথাপিও তেওঁক সমাজত সেই গুণৰ বাবে সকলোৱে আদৰ কৰে। সেই দৰে প্ৰ্কৃতিত পলাশ ফুল দেখিবলৈ বৰ শুৱনি কিন্তু তাৰ সুৱাহ নাই। আনহাতে কুলিৰ বৰন কাউৰীৰ দৰে কলা , কিন্তু তাৰ মিঠা মাতেই সকলোৰে মন মোহিত কৰে। গতিকে আমি সদাই ৰূপতকৈ গুনক হে প্ৰাধান্য দিব লাগে।
২)ভুল নে শুদ্ধ লিখা।
ক)গুণৰ আদৰ নাই ৰূপৰ সমান।
→ভুল।
খ)কুলিতকৈ কাউৰীৰ আদৰ বেছি।
→ভুল।
গ)গুণৱন্তই সকলোৰে সমাদৰ পাই।
→শুদ্ধ।
ঘ)পলাশ ফুল দেখিবলৈ বৰ ধুনিয়া।
→শুদ্ধ।
ঙ)গুণহীন হ'লও উচ্চ বংশত জন্ম গ্ৰহণ কৰিলে মানুহে সন্মান পাবই।
→ভুল।
৩)একে অৰ্থ বুজোৱা আন একোটা শব্দ লিখা।
গুণৱান→দক্ষ,নিপুণ,পাৰগত,বিজ্ঞ
অৱহেলা→আওকাণ,হেমাহি, অৱজ্ঞা
ৰূপৱন্ত→ধুনীয়া,সুন্দৰ,শুৱনি,বিতোপন
মনোহৰ→মনোমোহা,মৰম লগা,কমনীয়া,ৰমণীয়
উত্তম→উৎকৃষ্ট,মহৎ, অতি সুন্দৰ
পুস্প→ফুল,কুসুম,সুমন
নীচ→অধম, ইতৰ,হীন,হেয়
ক'লা→কৃষ্ণ, এঙেৰুৱা,কৃষ্ণবৰ্ণী ,অসিত
--------------x--------------
0 Comments