Class 8 .L-1.জনম ভূমি




.চমু উত্তৰ দিয়া:-

) কবিতাটোত "আইবুলি কাক কোৱা হৈছে?
উত্তৰ:-কবিতাটোত "আইবুলি নিজৰ জন্মভূমিক কোৱা হৈ
ছে I

)কবিয়ে কত মৃত্যু হোৱাটো বিচাৰিছে?
উত্তৰ:-কবিয়ে নিজৰ জন্মভূমিতেই মৃত্যু হোৱাটো বিচাৰিছে I 

)মৃত্যুৰ পিছতো কবি কলৈ উভতি আহিব বিচাৰিছে?
উত্তৰ:-মৃত্যুৰ পিছতো কবি জন্মভূমিলৈ উভতি আহিব বিচাৰিছে I

) শান্তিৰ সৰগ কত বিচাৰি পোৱা যায় ?
উত্তৰ:- শান্তিৰ সৰগ শুৱনি দেশৰ দুখীয়াৰ পঁজাত পোৱা যায় I

 বহলাই লিখা:-

)কবিয়ে জন্ম ভূমিত কি দৰে থকাৰ কথা কৈছে?
উওৰ:কবিয়ে জন্ম ভূমিত নিজকে বিভিন্ন ৰূপত থকাৰ কথা কল্পনা কৰিছে।তেওঁ নিজে পখীৰ ৰূপ লৈ নীল আকাশৰ বুকুত উৰিব আৰু প্ৰতিটো পুৱাতে বনৰীয়া সুৱদি গীত গাই নিজৰ জন্ম ভূমিক জগাব আকৌ কবিয়ে আকাশৰ তৰাৰ লগত তুলনা কৰি সেউজীয়া জন্ম ভূমি খন লাগি চাই ওৰে ৰাতি আৰতি কৰাৰ কথা  কৈছে 

)কবিয়ে নিজৰ জন্মভূমিত আকৌ জন্ম লব বিচৰাৰ কাৰণ কি?উওৰ:কবিৰ মতে নিজৰ জন্মভূমি খনেই হৈছে শ্ৰেষ্ঠ Iকবিৰ শুৱনি দেশ দুখীয়াৰ পজাঁৰে ৰা Iকিন্তু সেই দেশতেই মানুহৰ মাজৰ মিলা-প্ৰীতি , সৰল   ভাষা আৰু ত্যাগ দেখি মুগ্ধ হৈ কবিয়ে জন্ম ভূমিতেই শান্তিৰ সৰগ বিচাৰি পাইছেসেয়েহে কবিয়ে নিজৰ জন্মভূমিতেই আকৌ জন্ম লব বিচাৰিছ

)কবিতা টোৰ সাৰাংশ লিখা ?

উওৰ:কবিৰ মতে তেওঁৰ জন্ম ভূমিখনেই হৈছে শ্ৰেষ্ঠ আৰু  তুলনা বিহীনসেয়েহে তেঁও জন্ম ভূমিতে নিজৰ মৃত্যুৰ কামনা কৰিছে Iমৃত্যুৰ পাছতো তেওঁৰ আত্মাই পুণৰ জন্ম ভূমিতেই জিৰাবহি বুলি কৈছে Iকবিয়ে জন্ম ভূমিত নিজকে বিভিন্ন ৰূপত থকাৰ কথা কল্পনা কৰিছেIতেওঁ নিজে পখীৰ ৰূপ লৈ নীল আকাশৰ বুকুত উৰিব আৰু প্ৰতিটো পুৱাতে বনৰীয়া সুৱদি গীত গাই নিজৰ জন্ম ভূমিক জগাবIআকৌ কবিয়ে আকাশৰ তৰাৰ লগত তুলনা কৰি সেউজীয়া জন্ম ভূমি খন লাগি চাই ওৰে ৰাতি আৰতি কৰাৰ কথা  কৈছে I   কবিৰ শুৱনি দেশ দুখীয়াৰ পজাঁৰে ৰা I কিন্তু সেই দেশতেই মানুহৰ মাজৰ মিলাপ্ৰীতি,সৰল ভাষা আৰু ত্যাগ দেখি মুগ্ধ হৈ কবিয়ে জন্ম ভূমিতেই শান্তিৰ সৰগ বিচাৰি পাইছে Iসেয়েহে কবিয়ে নিজৰ জন্মভূমিতেই আকৌ জন্ম লব বিচাৰিছে

) তলৰ যুক্তাক্ষৰকেইটা ভাঙি দেখুওৱা ?
উওৰ:-

ন্ধ            ন্ম +
ত্ম +            শ্ৰ +

)মিল থকা শব্দ সমূহ আঁচ টানি লগ লগোৱা  

মুদাচকু
পখীগীত
পুৱতিনিশা
জোনাকৰাতি
তৰাআকাশ      
পঁজাভগা

) বিপৰীত শব্দ লিখা

 
শীতলতপত
ওখচাপৰ
বনৰীয়াঘৰচীয়া
শুৱনিঅশুৱনি   
দুখীয়াধনী   
পঁজাআট্টালিকা


---------x---------








Post a Comment

0 Comments