১)চমু উত্তৰ দিয়া।
(ক)কবিতাটোত পখিলাৰ সাজ কেনেকুৱা বুলি কোৱা হৈছে?
উত্তৰ:কবিতাটোত পখিলাৰ সাজ ফুটুকীয়া বুলি কোৱা
হৈছে।
হৈছে।
(খ)বতাহ আহিলে পখিলাই কি কৰে?
উত্তৰ:বতাহ আহিলে পখিলাই পুলুকাটি মাৰি উৰি যায়।
(গ)দেৱকন্যাৰ খোপাত কোন অলংকাৰ হয়?
উত্তৰ:দেৱকন্যাৰ খোপাত পখিলাই অলংকাৰ হয়।
(ঘ)মেঘলৈ গৈ পখিলাই কি কৰে?
উত্তৰ:মেঘলৈ গৈ পখিলাই স্বৰ্গৰ কথা কয়।
(ঙ)আগলি পাতত বহি পখিলাই কি কৰে?
উত্তৰ:আগলি পাতত বহি পখিলাই ৰ'দ লয়।
(চ)পদুম ফুলৰ চাকত পৰি কোন মোহ যায়?
উত্তৰ:পদুম ফুলৰ চাকত পৰি পখিলাই মোহ যায়।
২)দুয়োকাষৰ মিল থকা কথাবোৰ মাজত আঁচ টনা।
আগলি পাতত বহি তুমি→ৰ'দ -কাঁচলি লোৱা।
তুমি উঠি যোৱা→পুলুকাটি মাৰি।
দেৱকন্যাৰ খোপাত তুমি→অলংকাৰ হোৱা।
পদুম ফুলৰ চাকত পৰি→তাতে মোহ যোৱা।
বনৰ মাজত পাতৰ আঁৰত→ক'ত তোমাৰ ঘৰ।
ফুলৰ পাহিত আহন পাতি→ফুলৰ মৌ খোৱা।
৪)তলৰ শব্দসমূহৰ প্ৰতিশব্দ বা সামাৰ্থক শব্দ লিখা।
পাত →পত্ৰ
সাজ→কাপুৰ
গা→শৰীৰ
মেঘ→ডাৱৰ
বৰণ→ৰ্ং
মুখ→মুখ মণ্ডল
স্বৰ্গ→সৰগ
পানী→জল
৫)শুদ্ধ শব্দটোত (✔)এই চিন দিয়া।
(ক)পখিলাই ৰ'দ লয়
(অ)আগলি পাতত বহি (✔)
(আ)গছৰ তলত বহি
(ই)আকাশত উৰিউৰি
(ঈ)স্বৰ্গত বহি
(খ)ফুলৰ পাহিত আহন পাতি পখিলাই
(অ)গীত গায়
(আ)খেলে
(ই)গছৰ গুটি খায়
(ঈ)ফুলৰ মৌ খায়(✔)
(গ)শূন্যৰ কোলাত গা ঘেলাই পখিলাই
(অ)নৃত্য কৰে
(আ)নিজৰ ভৱিষ্যত চায়
(ই)পানীত মুখ চায়(✔)
(ঈ)গীত গায়
(ঘ)পখিলাই মেঘলৈ গৈ
(অ)ইন্দ্ৰক লগ ধৰে
(আ)স্বৰ্গৰ কথা কয়(✔)
(ই)আপ্সৰাৰ লগত নৃত্য শিকে
(ঈ)পানীত মুখ চায়
(ঙ)পখিলাৰ গাটো
(অ)পানীৰ দৰে
(আ)বতাহৰ দৰে
(ই)কুঁহিলাৰ দৰে(✔)
(ঈ)কঁহৱাৰ দৰে
-------------x-------------
0 Comments