১)চমু উত্তৰ দিয়া I
ক)নৰক ক'ৰ ৰজা আছিল?
উত্তৰ:-নৰক প্ৰাচীন প্ৰাগজ্যোতিষপুৰ তথা অসমৰ
ৰজা আছিল।
খ্)নৰকে বন্ধা কামাখ্যালৈ যোৱা পথছোৱাৰ নাম কি আছিল?
উত্তৰ:-নৰকে বন্ধা কামাখ্যালৈ যোৱা পথছোৱাৰ নাম হ'ল মেখেলা উজুৱা।
গ)ৰাবণৰ ৰাজ্যখনৰ নাম কি আছিল?
উত্তৰ:-ৰাবণৰ ৰাজ্যখনৰ নাম আছিল লংকা।
ঘ)পৃথিৱীত কেতিয়া পৰা দীপালী বা দেৱালীৰ আৰম্ভণি হয়?
উত্তৰ:- নৰকক বধ কৰা দিনৰ পৰাই পৃথিৱীত দীপালী বা দীৱালীৰ আৰম্ভণি হয়।
ঙ)নৰকক কোনে বধ কৰিলে?
উত্তৰ:-নাৰায়ণ তথা কৃষ্ণই সুদর্শন ধৰি নৰকক বধ কৰিলে।
২।ভাবি চাই লিখা I
ক)নৰক কোন? নৰকে কিয় মেখেলা উজুৱা পথ নিমাৰ্ণ কৰিব লগীয়া
হৈছিল ?
উত্তৰ:-নৰক প্ৰাচীন অসম তথা প্ৰাগজ্যোতিষৰ ৰজা আছিল।
নৰক আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত।এবাৰ নৰক কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ সৌন্দৰ্য দেখি নৰকৰ মতিভ্ৰম ঘটিল আৰু বিবাহৰ প্ৰস্তাৱ আগবঢালে। দেৱীয়ে কলে যে দেৱী আৰু নৰমনিচৰ মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকে জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱীয়ে ক'লে যে নৰকে যদি পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে।সেই বাবে নৰকে মেখেলা উজুৱা পথ নিমাৰ্ণ কৰিব লগীয়া হৈছিল I

খ)ৰাৱণৰ লংকা কেনেকৈ ধব্বংস হৈছিল?
উত্তৰ:-এসময়ত লংকাৰ ৰজা আছিল ৰাৱণ(বৰ্তমানৰ শ্ৰীলংকা)।ৰাৱণে ৰামচন্দ্ৰৰ পত্মী সীতাক হৰণ কৰি লংকালৈ লৈ গৈছিল।সেয়ে ৰামচন্দ্ৰই বান্দৰ সেনাৰ সৈতে লগ লাগি লংকা আক্ৰমন কৰে।বান্দৰ সেনাৰ এজন সৈনিক হনুমাণে নিজৰ নেজৰ জ্বুইৰ সহায়ত গোটেই লংকা ভস্ম কৰিছিল Iযুদ্ধত ৰাৱণ পৰাস্ত হয় আৰু ৰামে সীতাক উদ্ধাৰ কৰে। সেই বাবে লংকা ধব্বংস হৈছিল।
গ)দীপাৱলী বা দেৱালীৰ দিনা তোমালোকে কি কৰা ?
উত্তৰ:- দীপাৱলী বা দেৱালীৰ দিনা আমি আমাৰ ঘৰৰ চাৰিও কাষ চাকি-বন্তি জ্বলাই পোহৰাই তোলো,ঘৰৰ দুৱাৰ দলিত ৰ্ংগোলি তৈয়াৰ কৰো , বন্ধু-বান্ধৱীৰ সৈতে মিলি বিভিন্ন ধৰণৰ আতচ-বাজি জ্বলাই ফুৰ্তি কৰো ইত্যাদি I
ঘ)পাঁচ টা ফকৰা যোজনা আৰু তাৰ অৰ্থ লিখা ?
ৰাৱণ -- লংকা
নাৰায়ণ-- সুদৰ্শন
মেখেলা উজুৱা-- খটখটি
i)অতি দৰ্পে হত লংকা---- অসংকাৰ কৰিলে পতন হয় I
ii)অতি ভক্তি চোৰৰ লক্ষণ ---- অতি ভাল দেখুৱা কিন্তু দুষ্ট মানুহ প্ৰ্কৃততে I
iii)অচিন কাঠৰ থোৰা নলগাৱা----ভাল দৰে চিনি নোপোৱা মানুহৰ লগত সৰ্ম্পক ৰাখিব নালাগে I
iv)আঁঠুৱা চাই ঠেং মেলা---নিজৰ সামৰ্থ চাইহে কাম কৰিব লাগে I
v)উপকাৰীক অজগৰে খাই--- অকৃতজ্ঞ মানুহ I
ঙ) তলত দিয়া জতুৱা ঠাঁচ বোৰ ব্যৱহাৰ কৰি বাক্য সাজা-
➤চকু চৰহা (আনৰ উন্নতি সহিব নোৱাৰা)--- চকু চৰহা লোকৰ কেতিয়াওঁ উন্নতি নহয় I
➤দাঁতে –ওঁঠে নলগা (কেতিয়াও কাজিয়া নলগা)---অংকুৰ এজন দাঁতে -ওঁঠে নলগা ছাত্ৰ I
➤অলপা ধতুৱা ( ভয়াতুৰ ) --- লোনা ইমানেই অলপা ধতুৱা যে তাই ৰাতি অকলে বাহিৰলৈ যাব নোৱাৰে I
➤গা ঘেলাই (কাম বন নকৰি ঘূৰি ফুৰা)---অত-ত’ত গা ঘেলাই ফুৰা মানুহক কোনেও পছন্দ নকৰে I
➤উগুল-থুগুল (কি কৰো কি নকৰো)---বান পানীৰ প্ৰকোপ দেখি গাঁৱৰ মানুহ বোৰৰ মাজত উগুল-থুগুল লাগিল I
৩)মিল থকা শব্দ কেইটা আঁচ টানি দেখুওৱা I
নৰক -- কামাখ্যা
ৰাৱণ -- লংকা
নাৰায়ণ-- সুদৰ্শন
মেখেলা উজুৱা-- খটখটি
---------------------x--------------------
0 Comments