Class8.L-9.গাধৰ বুদ্ধি




১)চমু উত্তৰ দিয়া।

ক)গাধটোৱে নগৰৰ পৰা পিঠিত কি লৈ আহিছিল?
উত্তৰ- গাধটোৱে নগৰৰ পৰা পিঠিত নিমখৰ বস্তা দুটা লৈ আহিছিল।

খ)নিমখবোৰ পানীত কি হ'ল?
উত্তৰ-নিমখবোৰ পানীত তিতি গলি গ'ল।

গ)পিছৰবাৰ গাধটো কেনেকৈ পৰিল?
উত্তৰ-পিছৰবাৰ গাধটো নিজে ইচ্ছা কৰিয়েই  পানীত পৰিল।

ঘ)শেষৰবাৰ বেপাৰীজনে গাধটোৰ পিঠিত কিহৰ বস্তা বান্ধি দিলে?
উত্তৰ-শেষৰবাৰ বেপাৰীজনে গাধটোৰ পিঠিত তুলাৰ বস্তা বান্ধি দিলে।

ঙ)এইবাৰ গাধটো পানীত পৰাৰ ফলত কি হ'ল?
উত্তৰ-এইবাৰ গাধটো পানীত পৰাৰ ফলত তুলাবোৰ গধুৰ হ'ল।

চ)গাধটো কেনে স্বভাৱৰ আছিল?
উত্তৰ-গাধটো বৰ এলেহোৱা আৰু আৰামপ্ৰিয় স্বভাৱৰ আছিল।

ছ)বেপাৰীজনে গাধটোক কেনে ব্যৱহাৰ কৰিছিল?
উত্তৰ-বেপাৰীজনে গাধটোক বৰ মৰম কৰিছিল।

২)বহলাই লিখা।

ক)প্ৰথমবাৰ পানীৰ পৰা উঠি গাধটোৰ বোজাটো পাতল পাতল লাগিছিল।ইয়াৰ কাৰণ কি?
উত্তৰ-প্ৰথমবাৰ পানীৰ পৰা উঠি গাধটোৰ বোজাটো পাতল লাগিছিল কাৰণ নিমখ পানীত অতি সোনকালে গলি যায়। গাধটো পানীত পৰাত তাৰ পিঠিত থকা বস্তাৰ নিমখবোৰো পানীত তিতি বহুখিনি গলি গ'ল ।ফলত ওপৰলৈ উঠি অহাৰ পিছত তাৰ পিঠিৰ বোজাটো আগতকৈ পাতল হৈ পৰিল।

খ)বেপাৰীজনে কেনেকৈ বুজিব পাৰীলে যে পানীত পৰি যোৱাটো আচলতে গাধৰ বুদ্ধিহে?
উত্তৰ-কেইদিনমানৰ পিছত তৃতীয়া বাৰ বেপাৰীজনে পুনৰ দুবস্তা নিমখ বোজাই কৰি দি গাধটোক লৈ নগৰৰ পৰা আহিল।দলঙৰ ওচৰ পাঁওতেই গাধটো আগতে দুবাৰ পৰাৰ দৰে পানীত পুণৰপৰিল।বেপাৰী জনে তেতিয়া বুজিব পাৰিলে যে পানীত পৰি যোৱাটো আচলতে গাধৰ বুদ্ধিহে ।

গ)দ্বিতীয় দিনা নগৰলৈ যাবলগীয়া হোৱাত গাধটোৰ কিয় বেয়া লগা নাছিল।মনে মনে সি বেপাৰীজনক কি কৈছিল?
উত্তৰ-দ্বিতীয় দিনা নগৰলৈ যাবলগীয়া হোৱাত গাধটোৰ বেয়া লগা নাছিল কাৰণ আগদিনাৰ অভিজ্ঞতাই তাক বৰ আনন্দ দিছিল।মনে মনে সি বেপাৰীজনক ক'বলৈ ধৰিলে-"মোক কামত খটুৱাৱ নহয়।এইবাৰৰ পৰা চাই থাক ,মই কি কৰোঁ।তোৰ কিমান লোকচান কৰোঁ তই হিচাপ কৰি থাক।"

ঘ)তুলাৰ বস্তা দুটা লৈ দলঙৰ ওপৰ পাঁওতে গাধটোৰ মনলৈ কি ভাব আহিছিল?
উত্তৰ-তুলাৰ বস্তা দুটা লৈ দলঙৰ ওপৰ পাঁওতে গাধটোৱে ভাবিলে-"আজি অৱশ্য পিঠিত ওজন একেবাৰে কম,তথাপি যদি পানীত পৰি দিওঁ যিকণ ওজন আছে সেইকণো কমিব আৰু মই একেবাৰে ওজন নোহোৱাকৈ ঘৰলৈ যাব পাৰিম।"


ঙ)তুলাৰ বস্তুাৰ সৈতে পাৰলৈ তুলি আনি বেপাৰীজনে গাধটোক কি বুলি ক'লে?
উত্তৰ-তুলাৰ বস্তাৰ সৈতে পাৰলৈ তুলি আনি বেপাৰীজনে গাধটোক ক'লে-"কামত ফাঁকি দিলে কি ফল ভুগিব লাগে বুজি পালিনে?আনক ঠগিবলৈ গলে নিজেই ঠগন খাব লাগে।বুজিলি?সেই কাৰণে গুণী লোকে কয় "অতি বুদ্ধি প্ৰলয়ংকাৰী।"

৪)তলত দিয়া বিশেষ্য পদসমূহ বিশেষণ পদলৈ আৰু বিশেষণ পদসমূহ বিশেষ্য পদলৈ পৰিবৰ্তন কৰা।

বেপাৰী→বেপাৰ  ( বিশেষণ⇢বিশেষ্য )
পাতলীয়া→পাতল ( বিশেষণ⇢বিশেষ্য )
নগৰ→নগৰীয়া (বিশেষ্য⇢বিশেষণ )
মূৰ্খামি→মূৰ্খ (বিশেষণ⇢বিশেষ্য )
গাঁও→গাৱঁলীয়া (বিশেষ্য পৰা বিশেষণ )
আৰামী→আৰাম (বিশেষণ⇢বিশেষ্য )
নিমখ→ নিমখীয়া (বিশেষ্য⇢বিশেষণ )
পানী→ পনীয়া (বিশেষ্য⇢বিশেষণ )
আঞ্চলিক→অঞ্চল(বিশেষণ⇢বিশেষ্য )
বুদ্ধিমান→বুদ্ধি(বিশেষণ⇢বিশেষ্য )

৫)তলৰ শব্দসমূহৰ একে অৰ্থ বুজোৱা আন এটা শব্দ লিখা।
বেপাৰী→ সাউদ,বণিক,মুদৈ,ব্যৱসায়ী
পুনৰ→ আকৌ,ন-কৈ,দুনাই,দোহোৰাই
ঘৰ→ গৃহ , নিৱাস, আলয়, আৱাস, নিলয়
দলং→ সেঁতু,সাঁকো
নগৰ→ মহান গৰ, পুৰ
নদী→নৈ,নদ,সৰিৎ
পানী→জল,নীৰ,পয়,বাৰি
ফাঁকি→ মিছা, অসত্য,ভুৱা
নিমখ→ লোণ,লৱণ,মহং
পথ→ আলি,বাট,মাৰ্গ,ৰাস্তা
এলেহুৱা→ ধোদ, অলস, লেধা, সোৰোপা
গধুৰ→ভৰ যুক্ত, মেটমৰা,ভাৰী


-----x-----


Post a Comment

0 Comments