. Class9. Social science. L-1.ভূ-পৃষ্ঠৰ পৰিৱর্তন (ভূগোল)


ভূ-পৃষ্ঠৰ পৰিৱর্তন



পাঠ্যপুথিৰ প্ৰশ্ন-উত্তৰ:

1) ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উত্তৰঃ-
পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰে গঠিত। ইয়াৰে 71 শতাংশ জলভাগে আৰু বাকী 20 শতাংশ স্থল ভাগে আগুৰি আছে। মহাদেশ কেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমিপাথৰ-পর্বত, নদী উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰেই মহাসাগৰ কেইখনতাে পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি,গভীৰ খাত, প্রবাল প্রাচীৰ আদি অৱয়ব। অবয়ববােৰ ভূপৃষ্ঠ আৰু মহাসাগৰৰ তলিত যুগ যুগধৰি চলি অহা কিছুমান প্রক্রিয়া বা ক্রিয়াৰ ফলত সৃষ্টি হৈছে। এই অবয় বােৰ সময়ৰ গতিতপৰিবর্তন ঘটে। ভু-পৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰত ক্রিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰক বােৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰাক্রিয়া কৰে আৰু আভ্যন্তৰীণ কাৰক বােৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তর্ভাগত ক্রিয়া কৰিথাকে। ইয়াৰ বাহ্যিক কাৰকবােৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, ৰষুণ, নদী, হিমবাহ, সাগৰৰটৌ আদি প্রধাণ। আনহাতে। আভ্যন্তৰীণ কাৰ বােৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণপ্রধাণ। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনাে অংশ উঠি আহিবপাৰে বা বহি যাব পাৰে।

2) ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা৷
উত্তৰঃ-
ভূ-পৃষ্ঠৰ বাহ্যিক কাৰবােৰৰ উৎস সূর্য আৰু বায়ুমণ্ডল। বুলি কব পাৰি বাহ্যিক কাৰকবােৰৰভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ টৌ প্রধান ইয়াৰ উপৰিও ভূপৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তনত কম বেছিপৰিমাণে অৰিহণা যােগায়। ভৱিষ্যতে গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিম বাহৰ কাৰ্যৰ লক্ষণীয় পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা থাকে। ভূ পৃষ্ঠৰ পৰিবৰ্তনৰ ক্ষেত্ৰত বেছি বৰষুণ হােৱা অঞ্চলত নদীৰকার্য অতি কম বৰষুণ হােৱা মৰুভূমি অঞ্চলত বতাহৰ কাৰ্য, দুই মেৰু অঞ্চলৰ লগতে অতিউচ্চ পার্বত্য অঞ্চলত হিমবাহৰ কাৰ্য আৰু সাগৰু-মহাসাগৰৰ উপকূল অঞ্চলত টৌৰ কাৰ্যইপ্রধাণ ভূমিকা পালন কৰে। এইবােৰ কাৰকে সংশ্লিষ্ট অঞ্চলবােৰৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰিবিশেষ কিছুমান স্থলকৃতিৰ সৃষ্টি কৰে।

3) বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰঃ-
আমি দেখিব পৰাকৈ ভূ-পৃষ্ঠত যিবিলাক কাৰকে ক্রিয়া কৰে সেই বিলাক কাৰককে বাহ্যিককাৰক বােলে।বাহ্যিক কাৰক সমূহৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ টৌআদি প্রধাণ।

4) ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?
উত্তৰঃ-
ভূ-পৃষ্ঠৰ আভ্যন্তৰীণ কাৰবােৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্রধাণ। আভ্যন্তৰীণকাৰকৰবাৰে মহাদেশৰ অন্তভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তভাগতাে ক্রিয়া কৰিব পাৰে।ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনাে অংশ উঠি। আহিব পাৰেবা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইতআগ্নেয়গিৰিৰাে সৃষ্টি হয়। গতিকে ভূমিকম্প আৰু আগ্নেয় উদগিৰণক আভ্যন্তৰীণ কাৰক বুলিকোৱা হয়।

5) নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্র আঁকা।
উত্তৰঃ-
নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ সহায়ত একেলগে একৈাটা অৱবাহিকাৰ সৃষ্টি কৰে।অববাহিকা হৈছে একোটা এলেকা, যৰপৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ পানী কঢ়িয়াইআনে। নদীৰ পানীৰ উৎস বৰষুণ পৰ্বতৰ উচ্চাংশত জমা হৈ থকা বৰফ বা ভূগর্ভৰ পৰা ওলাইঅহা নিজৰা আদি হ'ব পাৰে। সেয়ে নদী অৱবাহিকাৰ অ তল গত এলেকাটোৰ উপৰি ভাগৰপৰিবৰ্তন প্রধানকৈ সংশ্লিষ্ট নদীৰ কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।


6) উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা।
উত্তৰঃ-
উপনদী হৈছে প্রধাণ নদী সমূহৰ লগত মিলিত হােৱা সৰু বৰ নদী সমূহ।
ব্রহ্মপুত্রৰ দুখন প্রধান উপনদী হল— সােৱণশিৰি আৰু জীয়াভৰালী।

7) নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
উত্তৰঃ-
নদীৰ পানীভাগ উচ্চ ভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহহাতে অববাহিকাৰ উপৰিভাগতস্বাভাৱিকতে খনন কার্য সাধিত হয়। আচলতে বায়ুমণ্ডলত থকা জলীয় বাষ্প বৰষুণ আকাৰে ভুপৃষ্ঠত পৰিলেই ক্ষয় কাৰ্য আৰম্ভ হয়। বৰষুণৰ পানী নদীয়েদি বৈ গ'লেও পানীৰ খনন শক্তিবাঢ়ে। ইয়াৰ উপৰি নদীৰ খনন কার্য অৱবাহিকাৰটোৰ উপৰিভাগ গঠন অন্তৰভাগৰ শিলাভৰৰকঠিনত, উদ্ভিদৰ অৱৰণ, প্রৱাহিত পানীৰ পৰিমাণ। আদি অনেক কাৰকৰ ওপৰত নিৰ্ভৰকৰে। নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন। আৰু পানীৰ যনন শক্তিয়েই প্রধান। উচ্চভূমিৰঅঞ্চলত নদীৰ গতিবেগ প্রল, গতিপথ ঠেক কিন্তু গভীৰ হােৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢালকমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সোঁতে বাঢ়িয়াই অনা গেছবােৰ ভৈয়ামত জমা হয় তাৰফলত ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায় আৰু পানীভাগ বােৱাই নিয়াৰ খাতিৰতেনদীয়ে দুয়ােপাৰে খহাবলৈ ধৰে। নদীৰ এনে ধৰণক খনন কাৰ্যক পাৰ খনন বা পার্শ্ব খননবােলে।

8) নদীৰ পাৰ্মখনন বুলিলে কি বুজায়।
উত্তৰঃ-
উচ্চভূমিৰ অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হােৱা দেখা যায়।ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰ পৰা সােতে কঢ়িয়াই অনা গেছবােৰভৈয়ামত জমা হয়। তাৰফলত ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায় ফাত পানীভাগবােৱাই নিয়াৰ খাতিৰত নদীয়ে দুয়ােপাৰ খহাবলৈ ধৰে। পিৰ। খহাই গতিপথ বহল কৰিপানিভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰখনন বাপাখনন বােলে।

9) অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।
উত্তৰঃ-
সমলৰ কোনাে কোনাে অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ'ব পাৰে। এনে গতিপথেবাৰিষাকালত নদীৰে প্রবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নােৱাৰা হয়। তেতিয়া নদীয়ে নিজৰগতিপথৰ অতি ভাঁজ থকা অংশ এৰি পােনাই গতি কৰে৷ এইদৰে এৰি যােৱা অংশ সাধাৰণতেঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্রদৰ সৃষ্টি হয়। এনে হ্রদঅশ্বখুৰা হ্রদ বােলে।


10) প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ-
সাধাৰণতে নদীৰ উচ্চ গতি অংশত খনন কার্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতিঅংশত গতিপথৰ লগতে দুয়োেপাৰে গেছ জমা হয়। বিশেষকৈ দুয়ােপাৰে যুগ যুগ ধৰি গেছজমা হােৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি বােলে। সাধাৰণতেবানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি বােকা, পলস আদি দুয়ােপাৰে বহু দূৰলৈ বিয়পিপৰে। এইবােৰেই কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে।

11) নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।
উত্তৰঃ-
নদীৰ বুকুত বালি-বােকা জমা হৈ বালিচৰৰ সৃষ্টি হয়। বালিচৰবােৰ কেতিয়াবা নৈৰ দাঁতিত আৰুকেতিয়াবা মাজভাগত গঢ়ি উঠে। এই বালিচৰবােৰ অস্থায়ী আৰু বিভিন্ন আকাৰ আকৃতিৰখৰালী কালত নদীৰ পানী নামিলে বালিচৰবােৰ ভালদৰে ওলাই পৰে। বহ্মপুত্ৰৰ বুকুত থকামাজুলী নামৰ বৃহৎ নদীদ্বীপটোও একপ্ৰকাৰৰ বালিচৰ।

12) বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
উত্তৰঃ-
নৈৰ মােহনাত গেছ জমা হৈ সৃষ্টি হােৱা দ্বীপবােৰ ভৌগােলিক দিশৰ পৰা বিশেষ তাৎপর্যপূর্ণ।উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত যত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা| হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবােৰৰ আকৃতি অসমীয়া কৰা ইংৰাজীৰ 'A' (Delta) ৰ দৰে। সেইএই দ্বীপবােৰক ব-দ্বীপ বােলে। পৃথিৱীৰ প্ৰায়বােৰ নদীয়ে নিজৰ নিজৰ মােহনাত ব-দ্বীপৰ সষ্টিকৰিছে।

13) মৰুভূমিত বতাহৰ ক্রিয়া কিয় প্রবল লিখা।
উত্তৰঃ-
মৰুভূমিৰ পৰিবেশত বতাহে খনন, পহিণ আৰু অৱক্ষেপণৰ যােগেদি বিভিন্ন অৱয়বৰ সৃষ্টিকৰে আৰু সেইবােৰৰ পৰিৱর্তনাে সাধন কৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়াহােৱাৰ কাৰণে সৰু পৃষ্ঠত বতাহে সহজে ক্রিয়া কৰিব পাৰে। সেয়ে মৰুভূমিত বতাহৰ ক্রিয়াবেছি প্রবল।


14)অৱনমন বুলিলে কি বুজায় ?
উত্তৰঃ-
মৰুভূমিৰ পৰিবেশত বতাহে খনন, পৰিবহণ আৰু অৱক্ষেপণৰ যােগেদি বিভিন্ন অবয়ৰৰ সৃষ্টিকৰে আৰু সেইবােৰৰ পৰিৱৰ্তন সাধন কৰে। মৰুভূমিত উদ্ভিদৰ আৱৰণ অতিপাতলীয়া হােৱাৰকাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্রিয়া কৰিব পাৰে। ধূলিবালিবোেৰ অনায়াসে এঠাইৰপৰা আনঠাইলৈ কঢ়িয়াই নিৰ পাৰে। এনেদৰে কোনাে অংশৰপৰা ধুলি-বালি উৰুৱাই নিয়া কার্যকঅৱনমন বােলা হয়।

15)বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?
উত্তৰঃ-
অৱনমন প্রক্রিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবােৰ যি ঠাইত জমা হয় তাত মৰু পৃষ্ঠ ক্রমে হৈ পাহাৰৰ ৰূপ লয় আর্থাৎ বালিয়াৰিৰ সৃষ্টি হয়।

16) ইনহেলবার্গ কি?
উত্তৰঃ-
জার্মান শব্দ ছেলৰাগৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পর্বত। মৰুভূমিত
সাধাৰণতে চকুত পৰা বিশেষ আধৃতিৰ ক্ষয় প্রাপ্ত চাপৰ পাহাৰবােৰেই ইনছেলৰার্গ।

17) হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পার্থক্য কি লিখা।
উত্তৰঃ-
পৃথিৱীৰ অতি শীতল অঞ্চলবােৰৰ উপৰিভাগ বৰফে ঢাক আৰু দুই মেৰু অঞ্চল আৰু অতিওখ পর্বৰ্থবােৰৰ উচ্চশবােৰ পৰে। এইবােৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈথাকে। এই জমা হৈ থকা বৰবােৰ লেহেম গতিত নামি আহে। এনেদৰে নামি অহা বৰফকেহিমবাহ বুলি কোৱা হয়।পার্বত্য অঞ্চলত নদীৰ দৰে হিমবাহবােৰ উপত্যকাৰে তললৈ নামি আহে। হিমবাহেওনদীৰ দৰে খনন, পৰিবহন আৰু অৱক্ষেপণ প্রক্রিয়াৰে সংলগ্ন ভূ-পৃষ্ঠৰ পৰিবর্তন সাধন কৰে।

18) গ্রাব কি? চিত্র আঁকি বিভিন্ন শ্রেণীৰ গ্রাববােৰ দেখুওৱা।
উত্তৰঃ-
হিমবাহে বৰফৰ উপৰি অন্য বহুত পদার্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰবাহিৰে অন্য পদার্থবােৰকে সামগ্রিকভাৱে গ্রাব বােলা হয়।গ্রাৰ চাৰিপ্ৰকাৰৰ – (ক) পার্শ্বগ্রাব (খ) ভূমিগ্রাব (গ) মধ্যগ্রাব, (ঘ) প্রান্তগ্রাব। হি ম বাহে।উপত্যকাৰে বৈ আহোঁতে বৰফৰ বাহিৰে কঢ়িয়াই অনা। আন পদার্থসমূহক (Moralne)বােলা হয়। হিমবাহে মধ্যপ্রাব। কঢ়িয়াই অনা। আৱৰ্জনাবােৰ ইয়াৰ দুয়াে দাঁতিত উপত্যকাঅনুদৈর্ঘ্যভাৱে জমা। কৰিলে পার্শ্ব গ্ৰাৱৰ সৃষ্টি হয়। হিম নদীৰ তলত জমা হােৱা গ্ৰাৱক ভূমিবােলা হয়। হিম নদীৰ প্রৱাহৰ সন্মুখত আৱৰ্জনা জমা হৈ সৃষ্টি হােৱা গ্ৰাৱ বােলা হয়। আৰু দুটা| হিমবাহ কোনাে বিশেষ ঠাইত মিলিত হৈ দুয়ােটাৰে পাৰ্শ গ্ৰাৱ সংযােজিত হৈ সৃষ্টি হােৱা গ্ৰাৱকমধ্য গ্ৰাৱ বােলা হয়। চিত্ৰত হিমবাহৰ বিভিন্ন প্ৰকাৰ গ্ৰাৱ স্থিতি দেখুওৱা হৈছে।


19) হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয়। লিখা।
উত্তৰঃ-
কোনাে কোনাে পর্বতৰ পাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলােফালৰপৰা চলা খননৰ ফলত পর্বত শীর্ষাংশ চোকা জোৰ দৰে হয়। এই দৰেই হিমবাহৰক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি হয়।

20) উপকূল কাক বােলে ?
উত্তৰঃ-
পৃথিৱীৰ উপৰিভাগৰ এক বৃহৎ অংশ (71%) সাগৰ মহাসাগৰে আঘূৰি আছে। এই সাগৰমহাসাগৰৰ পৰা বা তীৰক উপকূল (coast) বােলা হয়।

21) বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰঃ-
সাগৰৰ ঢৌৱে ক্রিয়া কৰি থকা উপকূলৰ তট অংশত জমা হােৱা সেদু, বিশেষকৈ বালিৰপৰিমাণ বেছি হলে তাত স্বাভাবিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অবয়ৰ সৃষ্টি হয়। প্রধান কৈ বালি জমা হৈ সৃষ্টি হােৱা ঢালযুক্ত এনে অবয়বক বালিয়াতট বােলা হয়।বালিয়াতট সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌ মিলিত ক্রিয়াৰ ফলত উপকূলতএনেধৰণৰ অবয়ব গঢ়ি উঠে। উপকুলৰ বালিয়াতটবােৰে মানুহক বিনােদনৰ কাৰণে আকর্ষণকৰে।

22) সাগৰমহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ
লিখা।
উত্তৰঃ-
উপকূলত সৃষ্টি হােৱা অৱয়ববােৰৰ কিছুমান ক্ষয় জনিত আৰু অন্য কিছুমানঅৱক্ষেপণজণিত। উপকূলভাগ গ্রেনাইট, বেল্ট আদিৰ দৰে কঠিন শিলাৰ দ্বাৰা গঠিত হলেসাগৰৰ ঢৌৱে তাত ক্রিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। সাগৰৰ উত্তাল তৰংগ আৰু উভতনি টেীৰমিলিত ক্রিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে। কেতিয়াবা সমুদ্ৰৰ তলিত ডাঙৰভূমিকম্প সংঘটিত হলে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ টৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱেঅস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিতৰ ক্ষতি সাধন কৰে। এনে ধ্বংসাত্মকঢৌক ছুনামি বােলা হয়।

23) তলত দিয়া কাৰক আৰু অৱয়ববােৰৰ কোনটো কাৰ সৃষ্টি কড় চিনেৰে দেখুওৱা।
উত্তৰঃ-

কাৰক
অৱয়ব
1) নদী
প্লাৱনভূমি,
ব-দ্বীপ,
বালিচৰ,
অশ্বখুৰা হ্রদ,
বালিয়াতট

2) বতাহ
বালিৰ পাহাৰ,
ইছেলবার্গ
3) হিমবাহ

পার্শ্বগ্রাবত,
জোঙা শৃংগ,
U-উপত্যকা
4) সাগৰৰ টেী

v-উপত্যকা,
উপকুল


অতিৰিক্ত সম্ভাব্য প্রশ্ন

1) তলত দিয়াৰবাৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা :

A)ভূ-পৃষ্ঠৰ পৰিৱর্তনৰ এবিধ বাহ্যিক কাৰক হ'ল
(a) ভূমিকম্প
(b) আগ্নেয়গিৰি।
(e) বৰষুণ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ- (e) বৰষুণ।

B) ব-দ্বীপবােৰৰ সৃষ্টি হয়
(a) মৰুভূমিত
(b) পর্বত।
(c) উপকূলত
(d) নদীৰ মােহনাত।
উত্তৰঃ- (d) নদীৰ মােহনাত।

C) নদীৰ পৰিবহন আৰু অৱক্ষেপণৰ ফলত সৃষ্টি হােৱা এবিধ অৱয়ৰ হৈছে।
(a) ব-দ্বী
(c) ইয়াৰদাং
(b) কেম
(d) বালিয়াতট।
উত্তৰঃ- (a) বদ্বীপ।

D) ভূ-অৱয়ব এস্কাৰৰ সৃষ্টি হয়।
(a) নদীৰ কার্যত
(b) বতাহৰ কার্যত
(c) হিমবাহৰ কাৰ্যত।
(d) সাগৰৰ ঢৌৰ কাৰ্যত।
উত্তৰঃ-(c) হিমবাহৰ কার্যত

E) অশ্বখুৰা হ্রদ
(a) বতাহৰ কার্যত হয়
(b) সাগৰৰ ঢৌৰ কাৰ্যত হয়
(c) হিমবাহৰ কাৰ্যত হয়।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ- (d) ওপৰৰ এটাও নহয়।

2) পৃথিৱীত জলভাগআৰু স্থলভাগ কিমানশতাংশইআগুৰি আছে।
উত্তৰঃ- 70% জলভাগ আৰু 21% স্থলভাগ।

3) অপঘর্ষণ কি?
উত্তৰঃ-ঘর্ষণৰ যােগেদি ঘটা ক্ষয় প্রক্রিয়াক অফঘর্ষণ বােলে।

4) নদীৰ কাৰ্য প্রধানকৈ কত সুস্পষ্ট ?
উত্তৰঃ-নদীৰ গতিপথ সুস্পষ্ট।

5) ব-দ্বীপ কত সৃষ্টি হয়?
উত্তৰঃ- নদীৰ মােহনাত। এটি

6) ভূপৃষ্ঠৰ পৰিৱর্তনকাৰী ক্রিয়া হিচাপে বতাহৰ কার্যত অধিক?
উত্তৰঃ- মৰুভূমিত।

7)এখন অৱবাহিকাৰ নাম লিখা।
উত্তৰঃ- টাৰিম।

8) নদীৰ পাৰ-খননৰ পৰিণতিত কি সমস্যা হয়?
উত্তৰঃ- গৰাখহনীয়া সমস্যা।

9) পৃথিৱীৰ উপকূলৰ সৰ্বমুঠ দৈর্ঘ্য কিমান?
উত্তৰঃ- প্রায় ০.৫ নিযুত কিলমিটাৰ।

10) বতাহে সৃষ্টি কৰা এবিধ ভূ-অৱয়বৰ নাম লিখা।
উত্তৰঃ- ইনছেলবার্গ।

11) সাগৰৰ ঢৌৱে সৃষ্টি কৰা এবিধ ভূ-অবয়বৰ নাম লিখা।
উত্তৰঃ- বালিয়াতট।

12) কি ক্রিয়াৰ ফলত বালিয়াতট গঢ়ি উঠে?
উত্তৰঃ-সাগৰৰ উত্তাল তৰংগ আৰু ওভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত

13) বাৰখান কেনেকুৱা বালয়াৰি?
উত্তৰঃ- বাৰধান বালিয়াৰি দেখিবলৈ অৰ্দ্ধচন্দ্রাকৃতিৰ। ই বতাহৰ অৱক্ষেপণ কার্যৰ দ্বাৰা সৃষ্টি হােৱা বালিয়াৰি।

14) নদীৰ গতিপথ বুলিলে কি বুজা?
উত্তৰঃ-যি দীঘলীয়া গাঁতেৰে এটা নদীয়ে তাৰ উৎসৰ পৰা মােহনালৈ গতি কৰে তাকেই নদীৰ গতিপথ বােলে।

15) নদীয়ে গতিপথত চলােৱা খনন কাৰ্য প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ-নদীয়ে গতিপথত চলােৱা খনন কার্য গতিপথৰ ভু-তাত্ত্বিক গঠন আৰু পানীৰ ক্ষয়শক্তিৰ ওপৰত নির্ভৰ কৰে।

16)নদীৰ কিছুমান অবয়বৰ উল্লেখ কৰা।
উত্তৰঃ- বালিচৰ, প্লাৱনভূমি, প্রাকৃতিক বান্ধ বা প্রাকৃতিক মথাউৰি আৰু বদ্বীপেই প্রধান।

17) প্লাৱনভূমি থকা কেইখনমান নদীৰ নাম লিখা।
উত্তৰঃ- ব্রহ্মপুত্র, গংগা, সিন্ধু, মিছিছিপি, নীল, আমাজান, হােৱাংহাে আদি নদীবােৰৰ পাৰত প্লাৱনভূমি দেখা যায়।

18) প্রাকৃতিক বান্ধ কি ?
উত্তৰঃ-
প্রাকৃতিক প্রক্রিয়াৰে গঢ়ি উঠা দীঘলীয়া বান্ধ বা মথাউৰিৰ বিলাককে প্রাকৃতিক বান্ধ বুলি কোৱা

19) বদ্বীপ থকা কেইখনমান নদীৰ নাম লিখা।
উত্তৰঃ-
গংগা, ব্রহ্মপুত্র, নীল, মিছিছিপি আদি নদীৰ ব-দ্বীপ পৃথিৱী বিখ্যাত।

20) কি কি কাৰকৰ সমন্বিত ক্ৰিয়াৰ ফলত ভূ-পৃষ্ঠৰ আজিৰ ৰূপ হৈছে লিখা।
উত্তৰঃ-
বাহ্যিক আৰু আভ্যন্তৰীণ এই দুই প্রকাৰ কাৰকৰ সমন্বিত ক্রিয়াৰ ফলত ভূ-পৃষ্ঠৰ আজিৰ ৰূপ হৈছে।

21) ভূমিকম্প আৰু আগ্নেয়গিৰিৰ কিয় সৃষ্টি হয়?
উত্তৰঃ-
পৃথিৱীৰ খােলাটো গঠিত হােৱা ফলকবােৰ গতিশীল হােৱাৰ কাৰণেই প্রধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়।

22) হিমবাহ কেইপ্রকাৰৰ উল্লেখ কৰা।
উত্তৰঃ-
হিমবাহ প্রধানকৈ দুই প্রকাৰৰ
(ক) মহাদেশী হিমবাহ (খ) পার্বত্য বা উপত্যকা হিমবাহ।

23) অশ্বখুৰা হ্রদ থকা এখন নদীৰ নাম লিখা আৰু এই নদী কত অৱস্থিত?
উত্তৰঃ- কলৰাডাে নদীত অশ্বখুৰা হ্রদ আছে আৰু ই আমেৰিকা যুক্তৰাষ্ট (এৰিজনা)ত আছে।

24) হিমবাহৰ উপত্তি স্থান কত?
উত্তৰঃ-
(১) উচ্চ পর্বতৰ চিৰতুষাৰ ৰেখাৰ উধ্বত।
(২) সুমেৰু আৰু কুমেৰুৰ ওচৰৰ শীত প্রধান অঞ্চলৰ মহাদেশত।

25) বতাহৰ অপঘৰ্ষণৰ ফলস্বৰূপে প্ৰধানকৈ কি কি অৱয়বৰ সৃষ্টি হয়।
উত্তৰঃ-বতাহৰ অপঘৰ্ষণৰ ফলস্বৰূপে প্ৰধানকৈ ইনহেলবার্গ (Inselberg), ইয়াৰদাং. (Yardang), আদি অৱয়বৰ সৃষ্টি হয়।

26)হিমবাহে অৱক্ষেপনৰ জৰিয়তে সৃষ্টি কৰা কেইটামান ভূ অৱয়বৰ নাম লিখা।
উত্তৰঃ-
দ্রামলিন (Drumlin), এস্কাৰ (Esker), কেম (Kame), আদি অৱয়ব হিমবাহৰ অৱক্ষেপনৰ জৰিয়তে সৃষ্টি হােৱা ভূ-অৱয়ব।

27) নৈৰ বুকুৰ বােজা মানে কি?
উত্তৰঃ- আকাৰত কিছু ডাঙৰ পদাৰ্থবােৰ নদীৰ সোঁতে গতিপথেদি বগৰাই বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে। এনে পদার্থবােৰক নৈৰ বুকুৰ বােজা বুলি কোৱা হয়।

28) সর্পিল গতি মানে কি?
উত্তৰঃ-নদীৰ পাৰখননে গতিপথ অধিক একাবেঁকা কৰে আৰু এই একা-বেঁকা পথেৰে নদীয়ে কৰা। এনে গতিক বক্ৰগতি বা সর্পিল গতি বুলি কোৱা হয়।

29) অবনমন কাক বােলে ?
উত্তৰঃ- সাধাৰণতে বতাহে মৰপৃষ্ঠত পাতলীয়া উদ্ভিদৰ আৱৰণ হেতু সহজে ধূলিবালি বােৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিব পাৰে। ধূলিবালি উৰুৱাই নিয়া এই কার্যক অবনমন বােলে।।

30) অনুদৈর্ঘ্য আৰু অনুপ্রস্থ বালিয়াৰিৰ পার্থক্য দেখুওৱা।
উত্তৰঃ- অনুদৈর্ঘ্য বালিয়াৰি প্রবাহিত বতাহৰ দিশত সমান্তৰালকৈ দীঘলে দীঘলে সঞ্চিত হৈ গঠিত হয়। আনহাতে অনুপ্রস্থ বালিয়াৰি বতাহৰ গতিক ভেটা দি পথালিকৈ সঞ্চিত হৈ গঠিত হয়।

31) বাহ্যিক কাৰক মানে কি?
উত্তৰঃ-যিবােৰ কাৰকে ভূ-পৃষ্ঠত বাহিৰৰ পৰা ক্রিয়া কৰি ভূ-পৃষ্ঠৰ পৰিৱতন সাধে সেইবােৰ কাৰকক
বাহ্যিক কাৰক বােলে। উদাহৰণ : সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদনদী ইত্যাদি।

32) কেইটামান বাহ্যিক কাৰকৰ নাম লিখ।
উত্তৰঃ-ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা কেইটামান বাহ্যিক কাৰক হৈছে— সূর্যৰ উত্তাপ, বতাহ, বৰষুণ, নদ-নদী, হিমবাহ, সাগৰৰ টেী আদিৰ লগতে গছ-গছনি, জীৱ-জন্তু বিভিন্ন অণুজীৱ ইত্যাদি।

33) সমুদ্র গৰা মানে কি?
উত্তৰঃ- উলকা প্রকা, পে আদিৰ কাৰে কঠিন হলে অন্য গঠিত হলে সাগৰ টোরে আয়
উপকূল ভাগ গ্রেনাইট, বেল্ট আদিৰ দৰে কঠিন শিলৰ দ্বাৰা গঠি হলে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় পৰাৰ সৃষ্টি কৰে। এনে থিয় গৰাক সমুদ্রগৰা বােলে।

34) ফলক বিৱর্তন মানে কি?
উত্তৰঃ-
ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনাে অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰাে সৃষ্টি হয়। আভ্যন্তৰীণ প্রক্রিয়াবােৰৰ অন্তৰালত এটা মূল প্রক্রিয়া জড়িত হৈ আছে যাকফলক বিৱৰ্তন বােলে।

35) নদী কেনেকৈ উৎপত্তি হয় আলােচনা কৰা।
উত্তৰঃ-
নদী মূলতঃ প্রৱাহিত পানী। পানীৰ কোনাে ভাণ্ডাৰৰপৰা নদীৰ উৎপত্তি হয়। নদীয়ে জান-জুৰি,উপনদী আদিৰ পানীৰে নিয়মিত প্ৰৱাহ লাভ কৰে।সাধাৰণতে পর্বত-পাহাৰ আদিত জমা হৈ থকা বৰষুণৰ পানী অথবাবৰফৰ দ্বাৰা নদীৰ প্রথম সােৰ্তটো আৰম্ভ হয়।

36) নদীৰ কাৰ্য কেইটা উল্লেখ কৰা৷
উত্তৰঃ-
নদীৰ কাৰ্য কেইটা হল :
(ক) খনন বা ক্ষয় কার্য
(খ) পৰিবণ।
(প) অৱক্ষেপণ বা জমাকৰণ কার্য

37) নদীয়ে কেনেধৰণৰ গেদ কঢ়িয়াই ?
উত্তৰঃ-
নদীয়ে তিনিধৰণৰ গেদ আগবঢ়াই যেনে,
(ক) কিছুমান পদার্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত কঢ়িয়ায়।
(খ) অন্য কিছুমান পদার্থক ওপঙি থকা অৱস্থাত।
(গ) অন্য কিছুমান নদীৰ বুকুয়েদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়াই।

38) নদী, হিমবাহ আৰু বতাহে সৃষ্টি কৰা একোটা ভূ-অৱয়বৰ উদাহৰণ দিয়া।
উত্তৰঃ-
(১) নদীয়ে সৃষ্টি কৰা ভূ-অৱয়ব- ব-দ্বীপ।
(২) হিমবাহে সৃষ্টি কৰা ভূ-অৱয়ব-- গ্রাবৰেখা।
(৩) বতাহে সৃষ্টি কৰা ভূ-অৱয়ব বাৰখন।

39) গ্রাব কি আৰু ই কেইপ্ৰকাৰৰ ?
উত্তৰঃ-
হিমবাহে বৰফৰ উপৰি অন্য বছুতাে পদার্থ কঢ়িয়াই আনে এই কঢ়িয়াই অনা বৰফৰ বাৰ্বিৰেঅন্য পদার্থবােৰক সামগ্রিক ভাৱে গ্রাব বােলে।গ্রৰ চাৰি প্ৰকাৰৰ (ক) পার্শ্বগ্রাব (খ) ভূমিগ্রাব (গ) মধ্যগ্ৰাব (ঘ) প্রান্তগ্রাব।

40) বাৰখানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-
(১) বাৰখান সন্মুখভাগ ঘােৰ খােৱা, ক্রমে উচ্চ আৰু বিপৰীত দিশত থিয় গড়াৰ দৰে।
(২) বালিয়াৰি অস্থায়ী। বতাহৰ দিশ পৰিৱৰ্তনৰ লগে লগে এইবােৰ ভাগি যাব পাৰে।

41) নদীয়ে পৰিবহণ আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে প্রধানকৈ কি কি অৱয়ৰৰ সৃষ্টি কৰে?
উত্তৰঃ-
নদীয়ে পৰিবহন আৰু অৱক্ষেপন কার্যৰ জৰিয়তে প্রধানকৈ বালিচৰ (sand par) ,
প্লাৱনভূমি (Flood Plain), প্রাকৃতিক বান্ধ বা মথাউৰি (Natural Levee), ব-দ্বীপ (Delta) আদি প্রধান অৱয়বৰ সৃষ্টি কৰে।

42) হিমবাহৰ কাৰ্য চমুকৈ আলােচনা কৰা?
উত্তৰঃ-
হিমবাহেও নদীৰ দৰে খনন, পৰিবহণ আৰু অৱক্ষেপনৰ দ্বাৰা ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে।হিমবাহেবফ খণ্ডৰ লগতে শিল বালি আদি কঢ়িয়াই আনে। এইবােৰে গতিপথত সজোৰে খননচলায়। হিমবাহৰ খননৰ ফলত পর্বত শীর্ষাংশই চোকা জোঙৰ ৰূপ লয়। কোনাে উপত্যকাৰে নামি আহোঁতে হিমবাহে বৰফৰ বাহিৰে বিভিন্ন প্ৰকাৰৰ প্রাবকঢ়িয়ায়। এই প্রাৰবােৰে উপত্যকাটোৰ ভূমি দৃশ্যৰ পৰিৱর্তন সাধন কৰে। আকৌ হিমবাহেদ্রমলিন, এস্কাৰ, কেম আদি কিছুমান ভূ অৱয়বৰ সৃষ্টি কৰে।

43) বহিজাত শক্তি বা কাৰক কাক বােলে?
উত্তৰঃ-
উৎপত্তিৰ কালৰেপৰাই পৃথিৱীত বিভিন্ন কাৰক বা শক্তিয়ে বিভিন্ন প্ৰকাৰে ক্ৰিয়া কৰি আহিছে।এই শক্তিসমূহে ভু-পৃষ্ঠৰ অৱয়বসমূহৰ নানান পৰিৱৰ্তন কৰে৷ যিবােৰ এনে শক্তিৰ উৎপত্তিস্থলভু-পৃষ্ঠৰ বৰ্হিৰাংশ আৰু বায়ুমণ্ডলৰ নিম্নাংশ, সিবােৰ পৰিবৰ্তনকাৰী শক্তিকে বহিজাত। শক্তি বাকাৰক বােলে।

44) যুইগেন আৰু ইয়াৰডাঙৰ মাজত এটা বৈসাদৃশ্য দেখুওৱা।
উত্তৰঃ-
(১) সাদৃশ্য ও দুই প্রকাৰ ভূ-অৱয়ৱ কঠিন আৰু কোমল শিলৰ পৰা অপঘৰ্ষণৰ ফলত সৃষ্টি হয়।
(২) ইয়াৰডাউৰ মূৰটো ডাউৰ। তলফালে সৰু ই কিছুমান ভন্ড দৰে, ই দীঘল নলাৰ দৰে। কিন্তু যুইগেনবােৰৰ মূৰ ডাঙৰ, ডিঙি চিয়া কিছুমান খুঁটাৰ দৰে মৰুভূমিৰ ওপৰত এলাই থকা কিছুমান সুকীয়া সুকীয়া তম্ভ।

45) নদীৰ প্রক্রিয়াক বহিজাত প্রক্রিয়া বুলি কিয় কোৱা হয়? নদীৰ লগত নিহিত প্রক্রিয়াবােৰ উল্লেখ কৰা।
উত্তৰঃ-
নদীয়ে পৃথিৱীৰ উপৰিভাগত উৎপত্তি লাভ কৰি উপৰিভাগতে বৈ লাহে লাহে নানান পৰিৱৰ্তনৰসূচনা কৰে। নদীয়ে ভূ পৃষ্ঠৰ উপৰিভাগত নানা ভূ-অৱয়বৰৰ সৃষ্টি কৰে। এইবাবেই নদীৰপ্রক্রিয়াবােৰক বহিজাত প্রক্রিয়া বােলা হয়। নদীৰ প্রধান কার্য বা প্রক্রিয়া তিনিটা-খনন,পৰিবহণ আৰু অৱক্ষেপন।

46) হিমবাহৰ গতি অতি লেহেম কিয়?
উত্তৰঃ-
হিমবাহৰ গতি অতি লেহেম। হিমবাহৰ গতি নির্ভৰ কৰে। বায়ুৰ উত্তাপ, ভূ-পৃষ্ঠৰ স্বৰূপ আৰুজমা হৈ থকা বৰফৰ পৰিমাণৰ ওপৰত। প্রধানকৈ বৰফৰ হেঁচাই হিমবাহৰ গতিৰ সৃষ্টি কৰে।পৃথিৱীৰমেৰু অঞ্চল অতিকৈ শীতল হােৱা বাবে তাত বায়ুমণ্ডলৰ উত্তাপ যথেষ্ট কম হয়। ফলতবৰফৰ ওপৰত কমকৈ হেঁচা পৰে, সেয়ে হিমবাহৰ গতি লেহেম হয়।

47) ভূ-পৃষ্ঠৰ পৰিৱর্তন বুলিলে কি বুজা?
উত্তৰঃ-
কিছুমান কাৰকৰ কাৰণে ভূ-পৃষ্ঠৰ পৰিৱৰ্তনশীল আৰু পৃথিৱীৰ সকলােতে সময়ৰ গতিত ইয়াৰপৰিৱৰ্তন ঘটে। ভু-পৃষ্ঠত থকা বিভিন্ন অৱয়ৱবােৰ সৃষ্টিৰ অন্তৰালত বহূতাে প্রাকৃতিক কাৰক বাপ্রক্রিয়াই অবিৰতভাৱে ক্রিয়া কৰি থাকে আৰু এই ক্ৰিয়াৰ ফলতেই ভূ-পৃষ্ঠৰ বিভিন্ন পৰিৱৰ্তনসাধন হয়। এনেদৰে বিভিন্ন কাৰকৰ ক্রিয়া-প্রতিক্রিয়াৰ ফলত ভূ-পৃষ্ঠৰ বাহ্যিক তথা আভ্যন্তৰীণভাগত হােৱা পৰিৱৰ্তনকেই,ভূ-পৃষ্ঠৰ পৰিৱতন বুলি জনা যায়।

48) লােৱেছ কি? ই কেনেকৈ সৃষ্টি হয় ? ভূ-অৱয়ব হিচাপে ইয়াৰ বৈশিষ্ট্যসমূহৰ কেইটামান আললাচনা কৰা।
উত্তৰঃ-
মৰুভূমিত বলা প্ৰৱল বতাহে মৰুভূমিৰ মিহি ধূলিকণাবােৰ বহু দূৰলৈ কঢ়িয়াই লৈ যায় আৰুবতাহৰ গতি কমাৰ লগে লগে সেইবােৰ সেই ঠাইতে সঞ্চয় কৰে। এই ধূলিকণাবােৰ বছৰ বছৰধৰি এইদৰে জমা হৈ হৈ একোখন অতি সাৰুৱা সমভূমি সৃষ্টি কৰে। এনেকুৱাকৈ সৃষ্টি হােৱাসমভূমিকে লােৱেছ সমভূমি বােলে৷ উত্তৰ চীনৰ হােয়াংহাে অৱবাহিকাখন, গােবি মৰুভূমিৰধূলিবালিবােৰ সঞ্চিত হৈয়ে গঠিত হৈছে। ই পৃথিৱীৰ বৃহত্তম লােৱেছ সমভূমি। ই প্রায় ৪ooফুটৰ পৰা ১০০০ ফুট পর্যন্ত ওয হ'ব পাৰে।


49) বহিজাত শক্তি বা কাৰক হিচাপে পৃথিৱীৰ উপৰিভাগৰ ভূ অৱয়বৰ পৰিৱন
মানুহৰ ভূমিকা কি লিখা।
উত্তৰঃ-
ভূ-অৱয়বৰ পৰিৱতন সাধন কৰাৰ ক্ষেত্ৰত বহিজাত শক্তি বা কাৰকসমূহৰ ভিতৰত মানুহােএটা শক্তি বা কাৰক।মানুহে বিভিন্ন কার্যৰ দ্বাৰা ভূ-অৱয়বৰ পৰিৱৰ্তন সাধন কৰে।
(ক) মানুহে গৃহনির্মাণ, পথনিমাণ আদি কাৰ্যৰ বাবে মাটি পৰিবহন। কৰে। তদুপৰি গছ-গছনিওব্যাপক ৰূপত ধ্বংস কৰে। ইয়াৰ দ্বাৰা ব্যাপক হাৰত ভূমিক্ষয় হয়।
(খ) মানুহে যুগ যুগ ধৰি খেতি কৰি অহাৰ ফলত বিস্তীর্ণ সমতলভূমিৰ সৃষ্টি হয়।
(গ) সম্পদ আহৰণৰ বাবে খনন কার্য চলাই মানুহে ভূ-অৱয়বৰ পৰিৱতন সাধন কৰে।
(ঘ) জল সােৱঁৰ নিয়ন্ত্রণ কৰি যাতাযাত আৰু বান নিয়ন্ত্রণ কৰিবলৈ আৰু জলবিদ্যুৎ উৎপাদনকৰিবলৈও মানুহে ভূ-অৱয়বৰ পৰিৱতন কৰে।
(ঙ) বৃহৎ উদ্যেগৰ দ্বাৰাও মানুহে ভূ-অৱয়বৰ পৰিৱতন সাধন কৰাত ভূমিকা লয়।

50)বতাহৰ কাৰ্যৰ দ্বাৰা মৰুভূমিত সৃষ্টি হােৱা বিভিন্ন ভূ অৱয়বৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ-
বতাহে খনন, পৰিবহন আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে মপৃষ্ঠৰ পৰিৱতন সাধন কৰে। বতাহে মৰুভূমিত প্ৰায়ে বালিৰ ধুমুহাৰ সৃষ্টি কৰে। বতাহে মৰুভূমিৰ কোনাে ঠাইৰ পৰা ধূলিবালি উৰুৱাই নিয়ে। সেই ঠাইবােৰ আপেক্ষিতভাৱে কিছু দ হয়। আকৌ উৰুৱাই নিয়া ধূলি-বালিবােৰমৰুপৃষ্ঠৰ কৰবাত জমা হৈ সময়ত ই পাহাৰৰ আকৃতি লয়। এইবােৰ বালিয়াৰি বা বালিৰ পাহাৰ।বতাহৰ ধৰ্ম, গতিদিশ আৰু শক্তি, উদ্ভিদৰ আৱৰণ, মৰুপৃষ্ঠৰ প্রাকৃতিক পৰিৱেশ আদিৰওপৰত নিৰ্ভৰ কৰি বালিয়াৰিৰ আকৃতি বেলেগ বেলেগ হয়। আকৌ বতাহৰ অপঘৰ্ষণৰ পৰিণতিত ইনছেলবার্গ, ইয়াৰদাং আদি অৱয়ব মৰুভূমিত সৃষ্টি হয়। ইনছেলবার্গবােৰ অপঘর্ষণৰ ফলত হােৱা মৰুভূমিৰ ক্ষয়প্রাপ্ত চাপৰ পাহাৰ৷ আকৌ ইয়াৰদাং হৈছে এনে এক প্রকাৰৰ ভূ-অৱয়ব যত দীঘলীয়া শিৰা আৰু অগভীৰ লােৰ বাদীঘলীয়া গাঁতৰ সমাহাৰ ঘটে।




Post a Comment

0 Comments