Class9. Social science. L-2.(ভূগোল) বায়ুমণ্ডল : গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ


বায়ুমণ্ডল:গঠন, বায়ুৰ চাপ আৰু বায়ু প্রবাহ






1)বায়ুমণ্ডল কাক বােলে? তথ্য সহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ-  পৃথিৱীৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্ন ভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণ টোক বায়ুমণ্ডল (Atmosphere) বােলে।পৃথিৱীৰ বায়ুমণ্ডল বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধুলিকণাৰ সংমিশ্ৰণত গঠিত।ইয়াত থকা গেছ সমূহ হল নাইট্ৰজেন, অক্সিজেন, আন, কার্বন ডাই-অক্সাইড, নিয়ন,হিলিয়াম, মিথেন, ক্রিপ্টন, হাইড্রজেন, অজন, জেনন ইত্যাদি। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্রজেন আৰু অক্সিজেনৰ প্রাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ 7৪.০৪ শতাংশ নাইট্ৰজেন  আৰু 20.74 শতাংশ অক্সিজেন।
তালিকাঃ বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ

গেছৰ নাম
ৰাসায়নিক সংকেত
শতাংশ হিচাপে আয়তন
নাইট্রজেন
 N2
78.08
অক্সিজেন
O2
20.08
আগন
Ar
0.93
কার্বন-ডাই-অক্সাইড
CO2
0.036
অন্যান্য গেছ
Ne,He,Kr,
H2,Xe,O3
0.014

2) গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্তকৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ-গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা ভাগত বিভক্ত কৰা হয়- ১)হমস্ফিয়েৰ আৰু (২) হেটফিয়েৰ। - হমফিয়েৰ স্তৰটোক পুনৰ তিনিটা স্তৰত বিভক্ত কৰাহয়(ক) পফিয়েৰ, (খ) স্ট্রেট ফিয়েৰ আৰু (গ) মেছফিয়ে।  অন্যহাতে হেটেৰঙ্কিয়েৰ স্তৰটোক দুটা ভাগত বিভক্ত কৰা হয়— (ক) থামফিয়েৰ আৰু (খ) এক্সফিয়ে।এই তৰ কেইটাৰ বৈশিষ্ট্য চমুকৈ তলত উল্লেখ কৰা হল।

i) হমস্ফিয়েৰঃ এই তৰটো ভূপৃষ্ঠৰ পৰা প্রায় ৪০ কিলােমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰগেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে।

ii)হেটেক্ষিয়ে: এই ভৰটোৱে ৪০ কিলােমিটার উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰগেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে।

iii)টুপস্ফিয়ঃ এই ভৰৰ প্রধান বৈশিষ্ট্য হল যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্রায় তিনিচতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধুলিকণা কেৱল এই টুপস্ফিয়েতে আছে।

iv)টেটস্ফিয়েঃ এই ভৰত মেঘ সৃষ্টিকে আদি কৰি কোনাে ধৰণৰ বতৰজনিতকার্যকলাপ দেখা নাযায়।

(v)মেছ'স্ফিয়েৰঃ এই স্তৰৰ প্রধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতাহ্রাস পায়।

(vi)থার্মস্ফিয়েঃ এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্রমান্বয়ে বৃদ্ধিপায়।

(vii)এক্সম্ফিয়েৰঃ এই স্তৰত কেৱল হাইড্রজেন আৰু হিলিয়াম গেছৰ প্রাধান্যৰ বাবে বায়ুঅতি পাতল।

3) উচ্চতা আৰু উত্তাপৰ হ্রাসবৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কিস্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈলিখা ?
উত্তৰঃ- উচ্চতা আৰু উত্তাপৰ হ্রাস বৃদ্ধি ভিত্তিত বায়ুমণ্ডলক চাৰিটা ভাগত বিভক্ত কৰা হৈছে।সেইকেইটা হ'ল—
(i) নিৰক্ষীয় নিম্নচাপ বলয় (Equational Low Pressure Belt)
(ii) উপক্রান্তীয় উচ্চচাপ বলয় (Sub-Tropical Hight Pressure Belt)।
(iii) উপ-মেৰুদেশীয় নিম্নচাপ বলয় (Sub-Polar Low Pressure Belt).
(iv) মেৰুদেশীয় উচ্চচাপ বলয় (Polar High Pressure Belt)
উপৰুক্ত চাৰিওটা চাপবলয়ৰ চিত্রসহ বিৱৰণ তলত দিয়া হল:

(i)নিৰক্ষীয় নিম্নচাপ বলয়ঃ এই অঞ্চলত স্থলভাগৰ তুলনাত, জলভাগৰ পৰিমাণ বেছি।লগতে উত্তাপ বেছি হােৱাৰ বাবে এই এঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহেএই অঞ্চলত বায়ুৰ চাপ হ্রাস পায়।

(ii)উপক্রান্তীয় উচ্চচাপ বলযঃ নিৰক্ষীয় অঞ্চলৰ পৰা উধর্বগামী হােৱা আর্দ আৰু পাতলবায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। এই বায়ুৰাশি পিছত ক্রমে ঠাণ্ডা হ'বলৈ ধৰে আৰুফলত গধুৰ হয়।

(iii)উপমেৰুদেশীয় নিম্নচাপ বলয়ঃ এই চাপমণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈআৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।

(iv)মেৰুদেশীয় উচ্চচাপ বলয়ঃ এই মণ্ডলৰ বায়ু অতিশয় শীতল হােৱাৰ বাবে এইঅঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে, ফলত বায়ুত জলীয় বাষ্প নাথাকেই। সেয়েহেমেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।

4)বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণােৰ উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ- বায় এবিধ গেছায় পদার্থ। ইয়াৰ ওজন বা ভৰ আছে, সেই কাৰণেই ইয়াৰ চাপ আছে।মহাকাশ ব্যাপী থকা বায়ুৰ সমষ্টিকে বায়ুমণ্ডল বােলে। বায়ুমণ্ডলৰ চাপ আছে। বায়ুমণ্ডলৰচাপৰ তাৰতম্য প্রধানকৈ দুটা কাৰণত সংঘটিত হয় বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱাৰ কাৰণ প্ৰধানকৈ দুটা: (i) বায়ুৰ উষ্ণতা আৰু (ii) পৃথিৱী পৃষ্ঠৰ উচ্চতা।

(i)বায়ুৰ উষ্ণতাঃ সূৰ্যৰ তাপৰ বিতৰণ পৃথিৱীৰ সকলাে ঠাইতে সমান নহয়। তাপ বিতৰণৰকাৰণতে ভুপৃষ্ঠৰ কোনাে ঠাই ঠাণ্ডা, কোনাে ঠাই গৰম আৰু কোনাে ঠাই নাতিশিতােষ্ণ।মুঠতে উষ্ণতাৰ লগত বায়ুৰ চাপৰ সম্পৰ্ক অতি ঘনিষ্ঠ। সূৰ্যৰ তাপত কোনাে ঠাইৰ বায়ুউত্তপ্ত আৰু প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব কমি গৈ পাতল হয় আৰু ওপৰলৈ উঠি যায়, ফলতএই ঠাইত বায়ু চাপ কমি যায়। এনে বায়ুক নিম্নচাপমুক্ত বায়ু আৰু অঞ্চলটোক নিম্নচাপঅঞ্চল বােলে। যেনে-- নিৰক্ষীয় অঞ্চল। এই চাপৰ তাৰতম্যৰ বাবে বায়ু প্রবাহিত হয়।দ্বিতীয়তে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰিমাণ হ্রাসবৃদ্ধি হলেও বায়ুৰ চাপৰ তাৰতম্য হয়। বায়ুজলীয় বাষ্প বৃদ্ধি হলে বায়ুৰ চাপ কমে কাৰণ জলীয় বাষ্পপূর্ণ বায়ু, শুকান বায়ুতকৈ পাতল।জলীয় বাষ্প কম থকা শুকান। বায়ুৰ চাপ, জলীয় বাষ্পপূর্ণ বায়ুৰ চাপতকৈ বেছি।

(ii)পৃথিৱী পৃষ্ঠৰ উচ্চতাঃ পৃথিৱীৰ উপৰিভাগত সকলাে ঠাইতে বায়ুৰ চাপ সমান নহয়। ভপৃষ্ঠত লাগি থকা আৰু বায়ুমণ্ডলৰ নিম্নস্থানত বায়ুৰ চাপ আটাইতকৈ বেছি থাকে। কাৰণওপৰৰ বায়ুৰ চাপ ইয়াৰ ওপৰত পৰে। ভূ-পৃষ্ঠ বা সমুদ্রপৃষ্ঠৰপৰা যিমান ওপৰলৈ উঠা যায়।সিমানে বায়ুমণ্ডলৰ গভীৰতাৰ লগতে ঘনত্ব কমি বায়ু পাতল হয়, ফলত বায়ুৰ চাপ কমিযায়। গতিকে উচ্চতা বঢ়াৰ লগে লগে বায়ুমণ্ডলত চাপ হ্রাস পায়। কোনাে ঠাইৰ উতাৰওপৰত বায়ুৰ চাপ কম-বেছি হয়। মুঠতে এখন ঠাইৰ উচ্চতা আৰু উষ্ণতা অনুসৰি বায়ুৰচাপৰ তাৰতম্য ঘটে বা হ্রাস-বৃদ্ধি হয়।| মুঠতে, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য স্থান আৰু সময়ৰ বাবে পৰিৱৰ্তন হৈ থাকে।উদাহৰণস্বৰূপে পৃথিৱীৰ দুই মেৰুত বায়ুৰ চাপ বেছি কাৰণ বায়ুমণ্ডল ও গঠন, বায়ুৰ চাপআৰু ৰায়ু প্রবাহ ই শীতল আৰু নিম্নগামী। আনহাতে, বিষুৱ চাপৰ অঞ্চলৰ বায়ু উষ্ণ পাতলআৰু উর্ধগামী বায়ুৰ চাপ কম। বছৰৰ সময়ভেদে, ঋতু অনুসৰি বায়ুৰ চাপ কম-বেছি হয়।ইয়াৰ উপৰিও মূলত ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি বায়ুমণ্ডলৰচাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্রধানকৈ চাৰিটা চাপবলয় বা চাপ মণ্ডলচিনাক্ত কৰা হৈছে :
(i)নিৰক্ষীয় নিম্নচাপ বলয়।
(ii)উপক্রান্তীয় উচ্চচাপ বলয়।
(iii)উপ-মেৰুদেশীয় নিম্নচাপ বলয়।
(iv)মেৰুদেশীয় উচ্চচাপ বলয়।

5)চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলােচনা কৰা।
উত্তৰঃ- বায়ুমণ্ডল গােটেই পৃথিৱীখনক এটা বাস্পীয় আৱৰণে চাৰিওফালে আগুৰি আছে। পৃথিৱীৰমধ্যাকর্ষণ শক্তিৰ ফলত এই আৱৰণটো ভূপৃষ্ঠত লাগি থাকে। ভূ-পৃষ্ঠৰ ওপৰত এই বাষ্পীয়উপাদানৰ সমষ্টিটোকে বায়ুমণ্ডল বােলে। এই বায়ুমণ্ডলৰ ওজন প্রায় ৫০০ কোটি টন।গতিকে বায়ুৱে পৃথিৱীৰ উপৰিভাগত এক প্রচণ্ড চাপ বা হেঁচা দি আছে। এই হেচাকে বায়ুৰচাপ বােলে৷ এই চাপ পৃথিৱীৰ সকলাে ঠাইতে সমান নহয়। বায়ুৰ চাপ দুই প্রকাৰৰ উচ্চ চাপআৰু নিম্ন চাপ ।
পৃথিৱীৰ প্ৰধান চাপ বলয়সমূহঃ পৃথিৱীৰ কোনাে এটা অঞ্চল, জৰি স্থায়ী উচ্চ চাপ আৰুআন কোনাে এটা অঞ্চল জুৰি স্থায়ী নিম্ন চাপ প্রবাহিত হৈ থকা দেখা যায়।বায়ুমণ্ডলৰ চাপৰ তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত মূলতঃ চাৰিটা চাপবলয় বা তাপমণ্ডলচিনাক্ত কৰা হৈছে। সেইবােৰ ক্ৰমে:-(ক) নিৰক্ষীয় নিম্নচাপ মণ্ডল (খ) উপক্ৰান্তীয় উচ্চচাপ মণ্ডল(গ) উপ-মেৰুদেশীয় নিম্নচাপ মণ্ডল (ঘ) মেৰুদেশীয় উচ্চচাপ মণ্ডলপৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল
(ক)নিৰক্ষীয় নিম্নচাপ বলয়ঃ বিষুৱ ৰেখা বা নিৰক্ষ ৰেখাৰ উত্তৰে 100 অক্ষাংশ আৰুদক্ষিণে 109 অক্ষাংশৰ মাজত প্রায় গােটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। গতিকেএই অঞ্চলৰ বায়ু তুলনামূলক ভাৱে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্বহাস পায়। ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে এই অঞ্চলত স্থলভাগৰতুলনাত জলভাগৰ পৰিমাণ বেছি। এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে কাৰণে এইঅঞ্চলত বায়ুৰ চাপ হ্রাস হয়। ইয়াত বায়ু উত্তপ্ত হৈ উর্ধগামী হােৱা দেখা যায়। বায়ু উর্ধগামীহােৱা হেতুকে এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলা পৰিলক্ষিত নহয় আৰু ইয়াতবায়ু শান্ত অৱস্থাত থকা যেন অনুভূত হয়।
(খ)উপক্রান্তীয় উচ্চচাপ বলযঃ এই অঞ্চলত বায়ুৰ গতি প্রধানকৈ নিম্নমুখী হয় আৰুসেয়েহে ইয়াত বতাহ বা বায়ুপ্রবাহ অনুভূত হয়। এই অঞ্চলত বায়ুপ্রবাহ ইমানেই কম হয় যেকেতিয়াবা সাগৰত জাহাজ চলাচলাে কৰিব নােৱাৰা হয়। আনহাতে এই মণ্ডলটো ঋতুভেদেকেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।
(গ)উপ-মেৰু দেশীয় নিম্নচাপ বলয়ঃ উপ-মেৰু দেশীয় নিম্নচাপ বলয়টো মােটামুটিকৈউত্তৰ গােলার্ধৰ 60-70° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গােলার্ধৰ 600 70* দক্ষিণ অক্ষাংশতঅৱস্থিত। উত্তৰ আৰু দক্ষিণ গােলার্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱর্তনৰ গতি দুইমেৰুতকৈ তুলনামূলকভাৱে বেছি৷ ফলত উপমেৰু অঞ্চলৰ বায়ু উপ ক্রান্তীয় অঞ্চল দিশেবিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ কমি তাত নিম্নচাপ সৃষ্টি হয়।এই চাপ মণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছুদক্ষিণলৈ গতি কৰে।
(ঘ)মেদেশীয় উচ্চচাপ বলয়ঃ পােনপটিয়া সূৰ্যৰ ৰশিৰ অভাৱত পৃথিৱীৰ দুয়ােটা মেৰুঅঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানীবৰফৰ ৰূপত জমা হৈ থাকে। সেয়ে এই অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ দেখা পােৱা যায়।

6)পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কেলিখা।
উত্তৰঃ- সকলাে প্ৰকাৰৰ জীৱ-জন্তু তথা উদ্ভিদে অক্সিজেনৰ পৰাই প্রয়ােজনীয় শক্তি লাভ কৰে।বায়ুমণ্ডলৰ 1% কৈ কিছু কম পৰিমাণে থকা আর্গন গেছাে ৰাসায়ণিকভাৱে নিষ্ক্রিয়।বৈদ্যুতিক বাল্ব প্রস্তুত, জ্বালাইকাৰ্য আদিত আর্গন গেছ ব্যৱহৃত হয়। বায়ুমণ্ডলত কার্বন-ডাইঅক্সাইড গেছৰ পৰিমাণ অতি সামান্য হলেও বায়ুমণ্ডলীয় প্রক্রিয়া আৰু ভূ-পৃষ্ঠৰ জলবায়ুনিয়ন্ত্ৰণত অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। মানুহ আৰু অন্য প্রাণীয়ে উশাহতবায়ুমণ্ডলৰ অক্সিজেন গ্রহণ কৰি নিশাহত কার্বন ডাই-অক্সাইড এৰি দিয়ে। আনহাতে,উদ্ভিদসমূহে কার্বন ডাই-অক্সাইড ব্যৱহাৰ কৰি সালােক সংশ্লেষণ প্রক্রিয়াৰ জৰিয়তে খাদ্যপ্রস্তুত কৰি অক্সিজেন ত্যাগ কৰে। এইদৰেই উদ্ভিদ-প্রাণীসমূহে প্রাকৃতিকভাৱে বায়ুমণ্ডলতথকা অক্সিজেন আৰু কার্বন ডাই-অক্সাইড আনুপাতিক পৰিমাণৰ সমতা ৰক্ষা কৰে। ইয়াৰউপৰিও বায়ুমণ্ডলৰ প্রায় 40- 50 কিলােমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদ-প্ৰাণীৰবাবে অতি মাৰাত্মক সূর্যৰ অতি বেঙুনীয়া ৰশ্মি শােষণ কৰি জীৱজগতক সম্ভাব্য বিপদৰ পৰাৰক্ষা কৰি আছে। বৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱর্ল বায়ুমণ্ডলৰ ভিতৰতে সংঘটিতহয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয়। এই কার্যকলাপৰ বাবেই উদ্ভিদ আৰু প্রাণীজগতবর্তি আছে। মুঠতে কবলৈ গলে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা কল্পনাইকৰিব নােৱাৰি।

7)বায়ুপ্রবাহ কাক বােলে? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলােচনা কৰা।
উত্তৰঃ- বায়ুৰ গতিশীল অৱস্থাকে বতাহ বা বায়ুপ্রবাহ বােলে। অর্থাৎ বায়ুৰ গতিশীল অৱস্থাই হ'লবতাহ। ভূ-পৃষ্ঠৰ বায়ুমণ্ডলত বায়ু স্থিৰ অৱস্থাত নাথাকে, ই গতিশীল। গতিশীল বায়ুকে তাহবােলে৷ বতৰবিজ্ঞান মতে ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰা বা চলাচল কৰা বায়ুকে বতাহ বাবায়ুপ্রৱাহ বােলে। বায়ুৰ এই গতিকে অনুভূমিক গতি বােলে৷ অৱশ্যে বায়ুৰ আন এটা গতিওআছে। ইয়াকে উলম্বিক প্ৰৱাহ বােলে। এইক্ষেত্র বায়ুৱে তলৰপৰা ওপৰলৈ আৰু ওপৰৰপৰাতললৈ গতি কৰে।বায়ুপ্রবাহৰ উৎপত্তিৰ মুখ্য কাৰক হল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য। বায়ুমণ্ডলৰউত্তাপৰ তাৰতম্যৰ লগত ওতঃপ্রােতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ বাবে বতাহৰউৎপত্তি হয়। বতাহ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে। যেতিয়া সূৰ্যৰ ৰশ্মিৰদ্বাৰা ভূ-পৃষ্ঠৰ সকলাে ঠাই সমানে উত্তাপিত নহয়। বিষ্ণুর অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰেবাবে তাত উষ্ণতা সর্বাধিক হয়। অন্যহাতে মেৰুৰ ফাললৈ সূৰ্যৰ ৰশ্মি ক্রমান্বয়ে হেলনীয়াকৈপৰাৰ বাবে উষতাও হাস পায়। যেতিয়া বায়ৰ উষ্ণতা বৃদ্ধি পাই ই পাতল হৈ ওপৰলৈ গতিকৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে তুলনামূলক ভাৱে কমউষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা এই নিম্নচাপ অঞ্চললৈ বায়ু প্রবাহিত হয়। অর্থাৎঅনুভূমিক ৰায়ুৰ ঘনত্বৰ পৰিবৰ্ম বা সপৰ তাৰতম্যৰ বাবে চাপনতিৰ সৃষ্টি হৈ বায়ু প্রবাহ আৰম্ভ হয়।

8)বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰকাৰকসমূহ চমুকৈ লিখা।
উত্তৰঃ- বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণ হ'ল যে বায়ুমণ্ডল উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগতওতপ্রােতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে বায়ুপ্রবাহৰ সৃষ্টি হয়। বায়ু সদায়েউচ্চচাপ অঞ্চলৰপৰা নিম্নচাপ অঞ্চলৰ ফালে প্রবাহিত হয়। কোনাে ঠাইৰ বায়ুৰ উষ্ণতা বৃদ্ধিপালেই বায়ু প্ৰসাৰিত হৈ পাতল হয় আৰু ওপৰলৈ উঠি যায়। ফলত তাত নিম্নচাপৰ সৃষ্টি হৈতালৈ বায়ু প্রবাহিত হয়।বায়ুপ্রবাহৰ গতি আৰু দিশ নিধাৰণৰ কাৰক হল চাৰিটা- (i) চাপতি শক্তি, (ii) মাধ্যাকর্ষণ শক্তি, (iii) অপকেন্দ্রিক শক্তি আৰু (iv) ঘর্ষণ শক্তি।এইকেইটাৰ বিষয়ে তলত চমুকৈ আলােচনা কৰা হ'ল।
i)চাপতি শক্তি (Pressure Gradient Force): ভূ পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰপার্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে মূলত বায়ু প্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপাতি শক্তিবােলে। অর্থাৎ দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপতি বােলে। এই হাৰনিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত।
ii)মাধ্যাকর্ষণ শক্তি (Gravitational Force)ঃ বায়ুপ্রবাহৰ ক্ষেত্ৰত প্রত্যক্ষ ভাৱেপৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ কোনাে বিশেষ ভূমিকা নথকা যেন লাগে। কিন্তু সূৰ্যৰ দৰেপৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রবাহত এক চালিকা শক্তিৰ কাম কৰে। আচলতে পৃথিৱীৰচাৰিওফালে থকা সমগ্র বায়ুমণ্ডলকেই পৃথিৱীৰ মধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। ইয়াৰ উপৰিওবায়ুৰ ওজন বা চাপ মূলত মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। এই মাধ্যাকর্ষণ শক্তিৰআকর্ষণ ভু-পৃষ্ঠ আৰু সাগৰৰ পৃষ্ঠৰপৰা ওপৰলৈ উঠাৰ লগে লগে বায়ুৰ চাপ বা ওজন ক্রমেহাস পাই যায়। গতিকে মাধ্যাকর্ষণ বায়ুৰ চাপৰ ওপৰত এক উলম্বিক চাপাে আছে।
iii)অপকেন্দ্রিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ বাৰে ইয়াৰকেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বােলে। এইঅপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা1844 চনত পােন প্রথমে গে পার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদঘাটনকৰা বাবে এই শক্তিটোক কোৰিওলিচ বল হিচাপে জনাজাত। পৃথিৱীৰ আৱর্তনৰ বাবে সৃষ্টিহােৱা এইবলে উত্তর গােলার্ধৰ বায়ু প্রবাহক ঘড়ীৰ কটাৰ দিশত সোঁফালে আৰু দক্ষিণগােলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকেফেৰেলৰ সূত্ৰ বুলি কোৱা হয়।
iv)ঘর্ষণ শক্তি (Frietional Force): বায়ুপ্রবাহত ঘর্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূর্ণ।বতাহৰ গতিবেগ ঘর্ষণ শক্তিয়ে ঋণাত্মক ভাৱে ক্রিয়া কৰে। অনুভূমিক বতাহে কেনেকুৱাপৃষ্ঠৰ ওপৰেদি বলে তাৰ ওপৰতেই ঘর্ষণ শক্তিৰ মান নির্ভৰ কৰে। যদি ভূ-পৃষ্ঠৰ পৰ্বত পাহাৰভৈয়ামৰ খলা-মাৰে পূর্ণ বা গছ-গছনি, সূউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘর্ষণশক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্রবাহ হলে গতিবেগ যথেষ্ট হ্রাস পায়। কিন্তু ভু-পৃষ্ঠৰওপৰেদি, জলপৃষ্ঠ, মৰুভূমি, বৰফাবৃত অঞ্চলৰ ওপৰেদি প্রবাহি বায়ুৰ ঘর্ষণ কম হয় আৰুগতিবেগ যথেষ্ট বৃদ্ধি পায়। মুঠতে ঘর্ষণ শক্তি বেছি হলেও বায়ুপ্রবাহৰ গতিবেগ কম হয় আৰুদিশৰাে কিছু পৰিৱৰ্তন ঘটে।ওপৰত উল্লিখিত এই চাৰি শক্তিৰ বাবে বতাহৰ গতিবেগ আৰু দিশ” পৰিৱৰ্তন হয়।

9)কোৰিওলিচ বল বুলিলে কি বুজা? তাহৰ গতিদিশ নির্ধাৰণত ইয়াৰভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা।
উত্তৰঃ- অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা1844 চনত পােন প্রথমে গেচপার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গতিতজ্ঞ এজনে উদঘাটনকৰা বাবে এই শক্তিটোক কোৰিওলিচ বল (Coriolis Force) হিচাপে জনাজাত।এই ‘কোৰিওলিচ বলৰ বাবে বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপন ঘটে।বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলেতেতিয়া এই কোৰিওলিচ বলে সেই বতাহৰ দিশ কিছু পৰিমানে সলনি কৰে। বতাহৰ লগতেকোৰিওলিচ বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ সকলাে চলন্ত বস্তু বা পৰিঘটনা ক্ষেত্ৰতে একেই। পৃথিৱীৰআবৰ্তনৰ বাবে সৃষ্টি হােৱা এই বলে উত্তৰ গােলার্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাটাৰ দিশতসোঁফালে আৰু দক্ষিণ গােলার্ধৰ বায়ুপ্রৱাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশৰ বাওঁফালেবিক্ষেপিত হয়। ফেৰেলৰ সূত্র অনুসৰি উত্তৰ গােলার্ধৰ মেৰুমুখী বতাহ আপেক্ষিতভাৱেউত্তৰ-পূৱ মুৱা হয়। অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলাে ঠাইতে একে নহয়। এইবলৰ মান বিষ্ণুৱৰেখাত শূন্য আৰু ই মেৰুৰ ফালে ক্রমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুতসর্বোচ্চ হয়। অর্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনাে ঠাইৰ বায়ুপ্রৱাহক পৃথিৱীৰআবর্তন গতিয়ে প্ৰভাৱন্বিত কৰে।

10)চাপতি শক্তি বুলিলে কি বুজা? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?
উত্তৰঃ- চাপতি শক্তি বুলিলে ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়েমূলত বায়ুপ্রবাহৰ সৃষ্টি কৰে ইয়াকে চাপতি শক্তি বােলে।যিহেতু দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে আমি চাপনিত বুলিকওঁ গতিকে এই চাপনতিৰ বাবে সৃষ্টি হােৱা শক্তিৰ মান নির্ভৰ কৰিব ঠাই দুখনৰ মাজত থকাচাপৰ পার্থক্য। ওপৰত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ববেছি হয়। গতিবেগ হ্রাস হয়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিয় চাপঅঞ্চললৈ প্ৰৱাহিত হয় সেয়ে ঠাই দুখনৰ মাজত থকা চাপনতিয়ে বায়ুপ্রৱাহৰ দিশাে নির্ণয়কৰে৷ যি দিশত চাপ হ্রাস পায়, সেই দিশতেই চাপনতিৰ জোখ লােৱা হয়। অর্থাৎ এটাঅঞ্চলৰ চাপতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পর্কেসহজে জানিব পাৰি। এটা অঞ্চলৰ চাপতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হােৱাৰউপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মানএকেবাৰে কম হলে তাত বায়ুপ্রবাহ প্রায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়।

11)বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- বায়ুপ্রৱাহৰ ক্ষেত্ৰত প্রত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ। কোনাে বিশেষ ভূমিকা নাইযেন লাগে যদিও সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রৱাহত এক চালিকা শক্তিৰ কামকৰে। পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবে বায়ুমণ্ডলধন থিতাপি আছে। তদুপৰি বায়ুৰ ওজন বাচাপ প্রধানতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। যিহেতু বায়ুক আকৃষ্ট কৰি ধৰি ৰখামাধ্যাকর্ষণ শক্তি উচ্চতৰ লগে লগে হ্রাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগেলগে বায়ু পাতল আৰু বায়ু চাপ হ্রাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্নচাপলৈএক উলম্বিক বায়ুপ্রবাহে চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়বৰ উচ্চতাৰঅৰতম্যৰ বাবে এইদৰে চাপৰ পার্থক্য আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্রবাহচলে। তদুপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকর্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখনঠাইলৈ প্ৰৱাহিত বায়ুৰ গতি সম্পূর্ণ সৰলৰৈখিক নহৈ কিছু বক্রাকাৰ হােৱা দেখা যায়।

12)বতাহৰ নামকৰণ বুলিলে কি বুজা? এখন ঠাইৰ ওপৰেদি প্রবাহিত ৰায়ুৰনামকৰণ কেনেকৈ কৰা হয় ?
উত্তৰঃ-বতাহৰ নামাকৰণ বুলিলে বুজা যায় যে যি দিশৰ পৰাই বতাহ বলে সেই দিশৰ নাম অনুসৰিবতাহৰ নাম দিয়া হয়। অর্থাৎ বতাহৰ নামাকৰণ প্রবাহ দিশ অনুযায়ী কৰা হয়।এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামাকৰণ বতাহৰ দিশ অৱশ্যে। ডাৱৰ, ধােৱা,পানীৰ টেী ইত্যাদিৰ গতিৰ পৰাই জানিব পাৰি৷ বতাহৰ সথিক নির্ণয় উইণ্ডভেন (WindVane) নামৰ যন্ত্ৰটোৰ সহায়ত কৰিব পাৰি। উদাহৰণস্বৰূপে এখন ঠাইত বতাহ চুম্বকীয়উত্তৰ দিশত বলিলে ইয়াৰ দিশ হ'ব ০০ আৰু একেবাৰে পূবত বলিলে ইয়াৰ দিশ হব 909।বতাহৰ গতিবেগ এনিমমিটাৰ (Anemometer) নামৰ যন্ত্ৰৰ দ্বাৰা জোখা হয় ইৰ উপৰিওএনিমগ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্রিয়ওাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়।বতাহৰ গতিবেগ নট (Knot) ত প্ৰকাশ কৰা হয়। বতাহৰ গতিবেগ এক নট মানে 1নটিকেল মাইল প্রতি ঘণ্টাত।

13)বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককােৰ কি?
উত্তৰঃ- কোনাে এখন ঠাইৰ গতিবেগ সাধাৰণতে ডাৱৰ, ধোঁৱা, পানীৰ টৌ আদিৰ গতিৰপৰা জানিবপাৰি। উইণ্ড ভেন (Wind Vane)। নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নির্ণয়কৰিব পাৰি।।বতাহৰ গতিবেগ একক হৈছে নট (Knot) বতাহৰ গতিবেগ এক নট মানে । নটিকেলমাইল প্রতি ঘন্টাত। 1.854 কিলােমিটাৰ প্রতি ঘণ্টাত বা 30.9 মিটাৰ প্রতি মিনিটত।বতাহৰ গতিবেগ জোখা হয় এনিম মিটাৰ (Anemometer) নামৰ যন্ত্ৰটোৰ দ্বাৰা ।ইয়াৰ উপৰিও এনিমগ্ৰাফ (Anemograph) নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰদিশ আৰু গতিবেগ লিপিবদ্ধ হয়। উল্লেখযােগ্য যে 1805 চনত বৃটিছ বিজ্ঞানী চাৰ ফ্রেঞ্চিচবিউফটে (sir Francis Beaufort) প্রস্তুত কৰা 0-12 নম্বৰ স্কেলৰ সহায়ত বতাহৰগতিবেগৰ মান অনুযায়ী ইয়াৰ প্রকৃতি আৰু প্ৰভাৱ জানি পাৰি। এই স্কেলক বিউফট স্কেল(Beaufort Seale) বুলি কোৱা হয়

14)বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলােচনাকৰা।
উত্তৰঃ- বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বতাহ বা বায়ুপ্রবাহক তিনিটা শ্ৰেণীত বিভক্ত কৰাহৈছে, সেইকেইটা তলত চমুকৈ আলােচনা কৰা হল :(i) মুখ্য বা প্রাথমিক বায়ুপ্রবাহ (Primary Circulation)(ii) গৌণ বায়ু প্রবাহ (Secondary Circulation)(iii) স্থানীয় বায়ুপ্রবাহ (Tertiary Circulation)।
i)মুখ্য ৰা প্রাথমিক বায়ুপ্রবাহঃ পৃথিৱীপৃষ্ঠ স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰতনির্ভৰ কৰি সমগ্র পৃথিৱী জুৰি চলি থকা বায়ুপ্রবাহকে প্রাথমিক ৰা মুখ্য বায়ুপ্রবাহ বােলে।উদাহৰণস্বৰূপে বাণিজ্য বতাহ, প্রহােৱা বতাহ, মেৰুদেশীয় বতাহ ইয়াৰ অন্তর্গত।
ii)গৌণ বায়ু প্রবাহঃ ভূ-অবয়বৰ প্রকৃতি আৰু ভূমি-জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথাআঞ্চলিক আৰু ঋতু ভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পথিৱীৰ বিভিন্ন প্রান্তত সষ্টি হােৱাবায়ুপ্রবাহবােৰকে গৌণ বায়ুপ্রবাহ বােলা হয়। উদাহৰণস্বৰূপে-বায়ুৰাশি, বাতাগ্র, ঘূর্ণবতাহপ্রতীপ ঘূর্ণীবতাহ, মৌচুমী বতাহ আদি ইয়াৰ অন্তর্গত।
iii)স্থানীয় বায়ুপ্রবাহ: ভু-অবয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পার্থক্যৰ বাবে সীমিত অঞ্চলসামৰি যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্রবাহ বােলে। ইয়াক অস্থায়ী বা অনিয়মিতবায়ুপ্রৱাহহা কোৱা হয়। জলবতাহ, স্থলবতাহ, উপত্যকা বতাহ, পৰ্বতীয়া বতাহ, চিনুক, ফন,চিৰৰাকো, মিস্ট্রেল, লু আদি স্থানীয় বতাহ আদি ইয়াৰ অন্তর্গত।

15)প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজা? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰবিতৰণ দেখুওৱা। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ- পৃথিৱীপৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সমগ্র পৃথিৱীজুৰি চলিথকা বায়ুপ্রবাহকে প্রাথমিক বা মুখ্য বায়ুপ্রবাহ বােলে। এই স্থায়ী বায়ুপ্রবাহ অবিৰতভাৱেপৃথিৱীৰ দুয়ােটা গােলাৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়ৰপৰা নিৰীয় আৰুউপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে।ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হৈছে :
i)300 উত্তৰ আৰু 30° দক্ষিণ অক্ষাংশৰ ওচৰে-পাঁজৰে অৱস্থিত উপক্রান্তীয় উচ্চচাপবলয়ৰপৰা নিৰক্ষীয় নিম্নচাপ বলয়লৈ বাণিজ্য বতাহ (Trade wind) প্রবাহিত হয়।কোৰিওলি বলৰ বাবে এই বতাহ উত্তৰ গােলার্ধত উত্তৰ-পূৱৰপৰা দক্ষিণ-পশ্চিম দিশতপ্রৱাহিত হয় আৰু দক্ষিণ গােলার্ধত দক্ষিণ-পূৱৰপৰা দক্ষিণ-পূৱৰপৰা উত্তৰ-পশ্চিম দিশতপ্রৱাহিত হয়।
ii)আকেী উপক্রান্তীয় উচ্চচাপ বলয়ৰপৰা উচ্চ অক্ষাংশীয় উপমৰুৰ ফালে থকা নিম্নচাপঅঞ্চললৈ পশ্চিমা বতাহ (Westerlies) প্রবাহিত হয়। কোৰিওলি বলৰ বাবে এই বায়ুপ্রৱাহউত্তৰ গােলার্ধৰ দক্ষিণ-পশ্চিম দিশৰপৰা পূৱ আৰু উত্তৰ-পূৱ দিশলৈ প্রবাহিত হয়। কিন্তুদক্ষিণ গােলার্ধত এই বায়ুপ্রবাহ উত্তৰ পশ্চিমৰপৰা দক্ষিণ-পূৱ দিশত হয়। দক্ষিণ গােলার্ধতবিশেষকৈ soo ৰপৰা 6oo অক্ষাংশ। অঞ্চল মহাসাগৰে আৱৰি থকা বাবে এই অংশতপছােৱা বতাহৰ তীব্রতা অত্যাধিক হয়।
iii)মেৰুদেশীয় উচ্চচাপ বলয়ৰপৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈমেৰুদেশীয় বতাহ (Polar wind)! প্রবাহিত হয়। মেরু অঞ্চলত মেৰুদেশীয় বতাহ আৰুপছােৱা বতাহৰ মিলন হৈ মেৰুদেশীয় বার্তা (Polar wind)ৰ সৃষ্টি হয়।

16)গৌণ বতাহ কাক বােলে ? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণতইয়াৰ ভূমিকা বর্ণনা কৰা৷
উত্তৰঃ- ভূ-অবয়বৰ প্রকৃতি আৰু ভূমি-জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰুঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন প্রান্তত সৃষ্টি হােৱা বায়ুপ্রবাহবােৰকেগৌণ বতাহ বােলে।বায়ুপ্রবাহে একো একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিবৰ্তন আন আৰু কেতিয়াবাবায়ুমণ্ডলৰ অৱস্থা, অস্থিৰ কৰি তােলে। উদাহৰণ স্বৰূপে ঘূর্ণীবতাহ বা চক্রবাত, প্রতাপঘূণীৰতাহ, বায়ুৰাশি, বাতাগ্র মৌচুমী বতাহ আদিয়েই প্রধাণকৈ গৌণ প্রবাহৰ অন্তৰ্গত। কোনােএক বৃহৎ অঞ্চলত বায়ু দীর্ঘকাল স্থিৰাৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰাপ্রভান্বিত হয় আৰু ভূমিৰ গুণাগুণ অনুসৰি এই বায়ুরে নিদিষ্ঠ তাপ আৰু আদ্রর্তা আহৰণকৰে। সেয়ে উলম্বিক দিশত ভূমি পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আদৰ্তৰ তাৰমমাপৰিলক্ষিত হয়। এক বিশেষ গুণ সম্পন্ন বায়ুৰাশি সৃষ্টি হলেই অপসাৰী হৈ যি ।অঞ্চলৰ ওপৰেদি প্রবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে।

17)স্থানীয় বতাহ কাক বােলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণতকেনেদৰে প্ৰভাৱ পেলায়। উদাহৰণসহ চমুকৈ আলােচনা কৰা৷
উত্তৰঃ- সু-অৱয়বৰ বিভিন্নতা আৰু উচ্চতাৰ পার্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ুপ্রবাহৰ সৃষ্টিহয় অকে স্থানীয় বতাহ বােলে। ইয়াক অস্থায়ী বা অনিয়মিত বতাহ বুলিও কোৱা হয়। স্থানীয়বতাহৰ অন্তৰ্গত স্থলবতাহ আৰু জলবতাহ সংশ্লিষ্ট অঞ্চলৰ বায়ুচাপৰ তাৰতম্যৰ বাবে সৃষ্টিহয়। আকেী দিনৰ ভাগত ভৈয়ামৰ বায়ু পাতল হৈ ইয়াৰ পৰা পৰ্বতৰ ঢালেদি উর্ধমুখী প্রৱাহবৈ উপত্যকা বতাহ বলে। বিপৰীত ক্ৰমে ৰাতি পর্বৰ্তৰ বায়ু ভৈয়ামৰ তুলনাত চেচা আৰু গধুৰহৈ ভৈয়ামলৈ নিম্নগামী হয়। এয়া পৰ্বতীয়া বতাহ। এই বতাহৰ বাবে বিভিন্ন পার্বত্য অঞ্চলৰপাদভূমিত শীতকালতত পুৱা আৰু গধূলি কুঁৱলীৰ প্রাদুর্ভাব দেখা নাযায়। আন আন স্থানীয়বতাহ চিনুক, ফল, চিৰােক্কা, লু, মিস্ট্রেল আদিয়ে সংশ্লিষ্ট অঞ্চলৰ বতৰ পৰিৱৰ্তন কৰে।চিনুক নামৰ স্থানীয় বতাহে ৰকি পর্বতৰ পশ্চিম ঢালেদি উর্ধমুখী হােৱাৰ ফলত জলীয় বাষ্পঘনীভূত হৈ ডাৱৰ আৰু বৰষুণৰ সৃষ্টি কৰে। পশ্চিম ঢালত বৰষুণ দিয়াৰ পিছত এই উষ্ণজলীয়বাষ্পহীন বতাহ পূৱ ঢালেদি নিম্নগামী হয়। ইয়াৰ ফলত সমভূমিৰ তুষাৰবৃত অঞ্চলৰবৰফ পলিবলৈ ধৰে। আল্লছ পর্বতমালাৰ উত্তৰেদি বলা এনে বতাহৰু ফন প্ৰৱাহ বােলে।ছাহাৰা মৰুভূমিত উষ্পত্তি হােৱা অতি উষ্ণ আৰু শুকান দক্ষিণা বতাহক চিৰােড়ো বােলে।এনে বতাহক হাজপুত খামচিল আৰু আৰৱত চিম বােলা হয়। এই বায়ু অত্যন্ত শুকান আৰুউষ্ণ এনে বতাহ কেবাদিনাে হলে মানুহৰ শৰীৰৰ ছাল ফাটিবলৈ ধৰে, মাটিত ফাট মেলে,গছ-গছনি শুকাই মৰিবলৈ ধৰে। এই বতাহ মৰুভূমিৰ ওপৰেৰে প্ৰৱাহিত হলে প্রচৰ ধূলিবালি।কঢ়িয়াই আনি সঘনে ধূলি-ধুমুহাৰ সৃষ্টি কৰে।এনেকৈয়ে বায়ুপ্রবাহে স্থানীয় পর্যায়ত একোটা অঞ্চলৰ বতৰৰ পৰিবর্তন আনে।

18)ঘূণীৰতাহ কাক বােলে? ই কেইপ্রকাৰৰ আৰু কি কি? এখন ঠহিৰ তৰ বাজলবায়ু ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।
উত্তৰঃ- বায়ুমণ্ডলীয় প্রবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতিলয় তাকে ঘূর্ণীবতাহ বা চক্রবাত (Cyclone) বােলে।ঘূর্ণাবতাহ প্রধান দুই প্রকাৰৰ(1) ক্রান্তীয় ঘূর্ণাবতাহ আৰু (2) বহিঃক্রান্তীয় বা মধ্যঅক্ষাংশীয় ঘূর্ণীবতাহ।পথিৱীৰ আবৰ্তনৰ বাবে উত্তৰ গােলর্ধত সৃষ্টিহােৱা এনে ঘূর্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীতদিশত আৰু দক্ষিণ গােলার্ধত ঘড়ীৰ কাঁটাৰ দিশত বলে। ক্রান্তীয় ঘূর্ণীবাহৰ গতিবেগ প্রতিঘন্টাত 120-ৰ পৰা 280 কিলােমিটাৰ পর্যন্ত হয়। ক্রান্তীয় চক্রবাত সম্পূর্ণভাৱে সাগৰীয়ব্ৰত কেৱল গ্রীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূর্ণহােৱাৰ পিছত ই সাহৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিত হয়। ইয়াৰ উপৰিওবহিঃক্রান্তীয় ঘূণী বতাহৰ ফলত নাতিশীতােষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিবৰ্তন হৈ অস্থিৰহােৱা দেখা যায়। প্ৰায়বােৰ নাতিশীতােষ ঘূর্ণীবতাহৰ ব্যাস 300 কিলােমিটাৰৰ পৰা 150oকিলােমিটাৰ আৰু এনে একোটা ঘূর্ণীবতাহে প্রায় 1.6 নিযুত বর্গ কিলােমিটাৰ ঠাই জুৰিথাকে। এনে ঘূণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ তৰৰ বায়ুঅতিপাত চেচা হলে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছুসময়ৰপাছতে বৰষুণ ডাৱৰ নােহােৱা হৈ আকাশ মুকলি হয়, অৱশ্যে ৰিবৰিব বতাহ চলি থাকে।

19)বায়ুৰাশি কাক বােলে? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয়? এখনঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা কি?
উত্তৰঃ-উত্তাপ, আর্দ্রতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুক বায়ুৰাশি(Air Mass) বােলে।| বায়ুৰাশিৰ উৎস স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটাশ্ৰেণীত বিভক্ত কৰিব পাৰি। সেইকেইটা হল
i)ক্রান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি।
ii)ক্রান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
iii)মেৰুঅঞ্চলৰ মহাদেশীয় বায়ুৰাশি।
iv)মেরুঅঞ্চলৰ মহাসাগৰীয় ৰায়ুৰাশি।
এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভুমিকা হল যে কোনাে এক বৃহৎ অঞ্চলত বায়ু দীর্ঘকালহিৰাৱস্থাত থাকিলে ইয়াৰ নিম্নস্তৰৰ বায়ু নিম্নস্থভূমিৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু ভূমিৰগুণাগুণ অনুসৰি এই বায়য়ে নির্দিষ্ট তাপ আৰু আর্দ্রতা আহৰণ কৰে৷ সেয়ে উলম্বিক দিশত।ভূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আদ্রর্তাৰৰ তাৰতমা পৰিলক্ষিত হয়। একবিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হলেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্রবাহিত হয় সেইঅঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে। গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবেই উষ্ণ অঞ্চলৰ পৰা শীতলঅঞ্চললৈ তাপ পৰিবহণ হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয়। বায়ুৰাশিৰউচ্চভূমিৰ পৰা অপসাৰী হৈ প্রবাহিত হওঁতে বতৰৰ পৰিবৰ্তন ঘটোৱাৰ উপৰি নিজৰােউত্তাপৰ আদ্রর্তাৰ পৰিবর্তন হয়।

20)বাতাগ্র' বুলিলে কি বুজা?ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰৰসম্পর্কে চমুকৈ আলােচনা কৰা।
উত্তৰঃ- যেতিয়া উত্তাপ, আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশিপৰম্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পােনে পােনে মিশ্রণ নঘটি দুটাৰ মাজত একবিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্র (Front) বােলা হয়। অর্থাৎবাতাগ্র (Front) হৈছে গৌণ বায়ুপ্রৱাহৰ অন্তর্গত একপ্রকাৰ বায়ুপ্রৱাহ। বাতাগ্রত বতৰৰপৰিৱর্তন হয়।| বাতাগ্র সৃষ্টি হবলৈ বায়ৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্রয়ােজন সেইকেইটা হ'ল :
i)দুটাবায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হব লাগিব আৰু
ii)বায়ুপ্রবাহঅভিসাৰী হব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্রবাহিত হয়
জলবায়ু আৰু বাগপ্রৰ সম্পর্ক কিছু এনেধৰণৰ ৰাতাগ্ৰ অঞ্চলত চাপতি বিপৰীত মুখীহােৱাৰ ফলত বায়ুৰ অপসৰণ হয় অৰু বাতাগ্র। অগ্ৰসৰ হােৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰউত্তাপ আৰু আদ্রর্তাৰ পৰিবৰ্তনৰ ফলত বাতাগ্র অঞ্চলত ডাৱৰ সৃষ্টি হয়। যি বাতাগ্রত শীতলবায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্থানান্তৰ কৰে অক শীতল বাতাগ্র বােলা হয়। বাতাৰ বাবেইনাতিশীতােষ্ণ অঞ্চলসমূহত বতৰ সঘনে পৰিৱৰ্তন হৈ অস্থিৰ হােৱা পৰিলক্ষিত হয়।

21)মৌচুমী বতাহ বুলিলে কি বুজা? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবােৰ অঞ্চলত সুস্পষ্ট ?
উত্তৰঃ-  “মৌচুমী” শব্দটো আৰবীয় ভাষাৰ মৌচিম শব্দৰ পৰা উদ্ভৱ হৈছে। আৰবীয় ভাষাৰ মৌচিমশব্দটোৱে ঋতুক বুজায়। গতিকে বেলেগ বেলেগ তুত দিশ সলনি কৰি এই বতাহ বা*মৌচমী বতাহ বােলে। মৌচমী এবিধ সাময়িক বতাহ। আচলতে মৌচুমী বায়ুনিয়মিত বাণিজ্য বতাহৰে দিশ পৰিৱৰ্তন কৰা এটা অংশ। এই বতাহ বছৰৰ দুটা ঋতুতপ্রবাহিত হয়। মৌচুমী বতাহক দৰাচলতে মহাদেশ আৰু মাহাসাগৰৰ মাজত চলাচল কৰাজলবতাহ আৰু স্থলবতাহ বুলিও কব পাৰি। কাৰণ এই বতাহ গ্রীষ্মকালত সাৰৰ ফালৰ পৰামহাদেশৰ স্থলভাগলৈ আৰু জাৰকালি মহাদেশৰ স্থলভাগৰ পৰা সাগৰৰ ফাললৈ প্রবাহিত হয়।
(ক)গ্রীষ্মকালীন মৌচুমী বতাহঃ মৌচুমী বতাহ ক্রান্তীয় আৰু উপক্রান্তীয় অঞ্চলতেইপ্রবাহিত হােৱা দেখা যায়। গ্রীষ্মকালত সূৰ্যৰ তাপ কৰ্কট ক্রান্তি ৰেখাৰ ওচৰৰ ঠাইসমূহতলম্বভারে পৰে কাৰণে মধ্য এছিয়া, চীনৰ দক্ষিণ অংশ, দক্ষিণ-পূৱ এছিয়া, উত্তৰ-পশ্চিমভাৰত আদি অঞ্চলৰ ভূ-পৃষ্ঠৰ বায়ু উত্তপ্ত আৰু পাতল হৈ ওপৰলৈ উঠি যায়। ফলত এইস্থানবােৰত নিম্ন চাপৰ সৃষ্টি হয়। কিন্তু এই অঞ্চলৰ ওচৰত উঠি যায়। ফলত এই স্থানবােৰতনিম্ন চাপৰ সৃষ্টি হয়। কিন্তু অঞ্চলৰ ওচৰৰ ভাৰত মহাসাগৰ আৰু প্রশান্ত মহাসাগৰ ওপৰৰবায়ু শীতল আৰু উচ্চ চাপযুক্ত হৈ থকা বাবেই ওচৰৰ নিম্ন চাপযুক্ত অঞ্চলৰ ফালে খালী ঠাইপূৰণৰ বাবে প্ৰৱাহিত হয়। উত্তৰ গােলার্ধত এই বায়ুকে গ্রীষ্মকালৰ মৌচুমী বতাহ বােলে। এইবতাহ দক্ষিণ-পশ্চিমৰ পৰা অহা বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহে বােলে। এই বতাহসাগৰৰ ওপৰেৰে বৈ অহা বাবে প্ৰচুৰ জলীয় বাষ্প পূর্ণ হৈ আছে। পাকিস্তান, ভাৰতৰওপৰেৰে প্রবাহিত হৈ উত্তৰৰ হিমালয় পর্বত বাধা পাই পাকিস্তান আৰু উত্তৰ-পূৱ ভাৰততপ্ৰচুৰ বৰষুণ দিয়ে। ভাৰতৰ মেঘালয়ৰ মৌচিনৰামত পৃথিৱীৰ ভিতৰত সর্বাধিক বৰষুণ হয়।এই বতাহ চীন, কোৰিয়া, জাপান, ইন্দোচীন আদি দেশৰ ওপৰেদিও, প্রবাহিত হয়।
(খ)শীতকালীন মৌচুমী বতাহঃ শীত কালত সূৰ্যৰ কিৰণ মকৰক্ৰান্তি অঞ্চলত লম্বভাৱেপৰে, এই অঞ্চলৰ সাগৰীয় জলভাগৰ ওপৰৰ বাযু উত্তপ্ত হৈ ওপৰলৈ উঠে। ফলত তাত একনিম্ন চাপৰ সৃষ্টি হয়। আনহাতে সূর্য দক্ষিণায়ণৰ ফলত এছিয়াৰ স্থলভাগৰ ওপৰৰ শীতল আৰুগধুৰ উচ্চ চাপৰ বায়ু, ভাৰত মহাসাগৰৰ নিম্ন চাপ অঞ্চললৈ প্রবাহিত হয়। এই বতাহকেশীতকালীন মৌচুমী বতাহ বােলে। এই বতাহ উত্তৰ-পূৱ ফালৰ পৰা বয় কাৰণে ইয়াক উত্তৰপূর্ব মৌচুমী তাহে বােলে। জাৰকালীন মৌমী বায় স্থলভাগৰ পৰা প্রবাহিত হয়। বাবে ইয়াতজলীয়বাষ্প নাথাকে সেই বাবে এই বতাহৰ পৰা সাধাৰণতে বৃষ্টিপাত হয়। কিন্তু এই বায়ুনিৰক্ষৰেখা পাৰ হৈ পৃথিৱীৰ আবৰ্তনৰ ফলত উত্তৰ-পশ্চিম মৌচুমী বায়ু ৰূপে দিশ সলনিকৰি ভাৰত মহাসাগৰৰ ওপৰেদি প্রবাহিত হৈ জলীয় বাষ্প পুষ্ট হৈ অষ্ট্রেলিয়াৰ উত্তৰে প্ৰচুৰবৰষুণ দিয়ে ভাৰত, পাকিস্তানকে আদি কৰি সমগ্র দক্ষিণ-পূৱ এচিয়াৰ দেশসমূহ চীন,জাপান আৰু উত্তৰ অষ্ট্রেলিয়াৰ ওপৰেদি এই বতাহ হােৱাৰ উপৰিও আফ্রিকাৰ গিনিউপকুল, কাৰিৰ সাগৰৰ উপকূলীয় অঞ্চল আমেৰিকৰ মধ্যভাগ আদি মৌচুমী অঞ্চলত পৰে।

22)কাৰণ দশই উত্তৰ লিখাঃ

(ক)ট্ৰপস্ফিয়েৰ স্তৰটোতে প্রধানকৈ বৰৰ ক্রিয়াকলাপ কিয় সংঘটিত হয়?
উত্তৰঃ- বায়ুমণ্ডলৰ টুপস্ফিয়েৰ তৰটোত নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে।উষ্ণতা ক্রমান্বয়ে হ্রাস পায়। সাধাৰণতে প্রতি কিলােমিটাৰ উচ্চতা বৃদ্ধিত 5.69চেন্টিগ্রেডকৈ বায়ুৰ উষ্ণতা হ্রাস পায় বতৰৰ প্রায় সকলাে ধৰণৰ ক্রিয়া কার্য এই তৰতেইহয়।

(খ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হব?
উত্তৰঃ- দ্রুত গতিত বৃদ্ধিপােৱা কয়লা, ট্ৰেলিয়াম আদি জীৱাশ্ম ইহ ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্বনীকৰণৰফলত বায়ুমণ্ডলত কন্বয়ে কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈছে আৰু ফলস্বৰূপেবায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পায়। ইয়াকে গােলকীয় উত্তাপ বৃদ্ধি বােলে।

(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি ?
উত্তৰঃ- উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণবায়ু যেতিয়া আৰ্ব্ব হৈ পৰে তেতিয়া তেনে আব্ব বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতলবায়ুৰে জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপবেছি।

(ঘ)অ'জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাথে?
উত্তৰঃ- অঞ্জন গেছৰ পৰিমাণ বায়ুমণ্ডলত কম হলেও ইয়াৰ গুৰুত্ব লক্ষণীয়। বায়ুমণ্ডলৰ প্রায় 40so কিলােমিটাৰ উচ্চতাত থকা অজন গেছে উদ্ভিদ-প্ৰাণীৰ বাবে অতি মাৰাত্মক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি শােষণ কৰি জীৱজগতক সম্ভাব্য বিপদৰ পৰা কৰে।

(ঙ)সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি?
উত্তৰঃ- পৃথিৱীৰ দুই মেৰু অঞ্চলত শীতল আৰু গধুৰ বায়ুৰ প্ৰভাৱত বায়ুৰ চাপ সর্বাধিক হয়।আনহাতে, বিষুবীয় অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে তাত বায়ুৰ চাপ সর্বনিম্ন হয়। কাৰণ বায়ুউত্তপ্ত হলে ঊর্ধ্বগামী হয়। বছৰত ঋতু পৰিবৰ্তনৰ বাবে বায়ুৰ চাপৰ হ্রাস-বৃদ্ধি হয়।বায়ুমণ্ডলৰ চাপৰ তাৰতমাৰ কাৰণ প্রধাণকৈ দুটা বায়ুৰ উষ্ণতা আৰ পৃথিৱী পৃষ্ঠৰ উচ্চতা।গতিকে এইবিলাক কাৰণতেই সাগৰপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি।

(চ)ট্ৰপস্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুবীয় অঞ্চলত কিয়বেলেগ বেলেগ ?
উত্তৰঃ- বিষুৱীয় অঞ্চলত ইয়াৰ সর্বোচ্চ উচ্চতা 16 কিলােমিটাৰ। আৰু মেরু অঞ্চলত ৪কিলােমিটাৰ। উল্লেখযােগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্রায় তিনি চতুর্থাংশ আৰু প্রায় সম্পূর্ণজলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপস্ফিয়েতে আছে। বায়ুমণ্ডলৰ এই তৰটোৰনিম্নভাগত উষ্ণতা বৃদ্ধিত 6.50 চেন্টিগ্রেডকৈ বায়ুৰ উষ্ণতা হ্রাস পায়।

(ছ)নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে ৰতাহ। বলাটো সাধাৰণতেকিয় অনুভূত হয়?
উত্তৰঃ- কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গােলার্ধত উত্তৰ পূৰৰ পৰা দক্ষিণ-শশ্চিম দিশতআৰু দক্ষিণ গােলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ-পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰগােলার্ধত উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গােলার্ধত দক্ষিণ-পূর্ব বাণিজ্য বতাহ বােলে।ক্রান্তীয় অঞ্চলৰ এই উত্তৰ-পূব আৰু দক্ষিণ-পূর্ব বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈএক বিভাজকৰ সৃষ্টি কৰে। গতিকে এই অঞ্চলৰ বায়ুপ্রবাহ তেনেই দুর্বল আৰু মন্থৰ বাবেইয়াক শান্ত বলয় বা নির্ধাত বুলিকোৱা হয়।

23)তলৰ প্ৰশ্নৰােৰৰ চমু উত্তৰ দিয়াঃ

(ক) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?
উত্তৰঃ- বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা 10,ooo কিলােমিটাৰ উচ্চতালৈবিস্তৃত।

(খ)ভূ-পৃষ্ঠৰ পৰা কিমান উচচতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠনপ্রায় একে থাকে?
উত্তৰঃ- ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৪০ কিলােমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডল। গেছসমূহৰ ৰাসায়নিক গঠনপ্রায় একে থাকে।

(গ)ইমম্ফিয়েৰ আৰু হেটেস্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?উত্তৰঃমেছপজ।(ঘ) ফেৰেলৰ সূত্ৰটো কি?
উত্তৰঃ-পেৰেলৰ সূত্ৰটো হ'ল—পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হােৱা এইবলে সৃষ্টি হােৱা এইবলে উত্তৰগােলার্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সােফালে আৰু দক্ষিণ গােলার্ধ বায়ুপ্রবাহক ঘড়ীৰকটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে।

(ঙ) বিউফ স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ- 1805 চনত বৃটিছ বিজ্ঞানী চাৰ ফ্রেঞ্চিচ বিউফর্টে প্রস্তুত কৰা 0-12 নম্বৰ স্কেলৰ সহায়তবতাহৰ গতিৰেগৰ মান অনুযায়ি ইয়াৰ প্রকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়েই হৈছেবিউফট স্কেল আৰু ইয়াৰ ব্যৱহাৰিতা।

(চ) লেচ্চ হাৰ কি চমুকৈ লিখা।
উত্তৰঃ- বায়ুমণ্ডলৰ ট্ৰপস্ফিয়েৰ তৰটোত নিম্নঙাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগেউষ্ণতা ক্রমান্বয়ে হ্রাস পায়। সাধাৰণতে প্রতিকিলােমিটাৰ উচ্চতা বৃদ্ধিত 6.5" চেন্টিগ্রেড়কৈবায়ুৰ উষ্ণতা হ্রাস পায়। ইয়াকে লেপচ হাৰ বােলে।

24)চমুটোকা লিখা?

(ক)হমস্ফিয়ৰ: পৃথিৱী পৃষ্ঠৰ পৰা আনুমানিক 10,ooo কিলােমিটাৰ উচ্চতালৈ বিস্তৃতবায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগেপৰিবর্তন হয়। এনে ভিন্নতা লক্ষ্য কৰিয়েই আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলকপ্রধাণকৈ যি দুটা স্তৰত বিভক্ত কৰিছে তাৰ ভিতৰত হিমস্ফিয়েৰ অন্যতম। ভূ-পৃষ্ঠৰ পৰা প্রায়৪০ কিলােমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসয়নিক গঠন প্ৰায়ে একে থাকেবাবে বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসয়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এইনিম্নস্তুৰটোক হমফিৱেৰ বােলা হয়।

(খ)হেটে ফিল্পেৰ:পৃথিৱী পৃষ্ঠৰ পৰা আনুমানিক 10,ooo কিলােমিটাৰ উচ্চতালৈবিস্তৃত বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসয়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগেপৰিবর্তন হয়। এনে ভিন্নতা লক্ষ্য কৰিয়েই আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলকপ্রধাণকৈ যি দুটা স্তৰত বিভক্ত কৰিছে তাৰ ভিতৰত ‘হেটৰস্ফিয়েৰ অন্যতম। মেছয়েৰস্তৰৰ পিচৰ পৰা, অর্থাৎ ৪০ কিলােমিটাৰ উচ্চতৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ সেছ সমূহৰবিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই তৰটোকহেটেস্ফিয়েৰ বােলা হয়।

(গ) বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰঃ বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰাকিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণতগঠিত। ভূ-পৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ঠ্য বেলেগ বেলেগ হয়।সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবােৰৰ পৰিমাণসলনি হয় আৰু বায়ুৰ ঘনত্ব চাপ আৰু উত্তাপৰ পৰিবৰ্তন একেলগে ঘটে। বায়ুৰ ঘনত্ববাঢ়িলে ইয়াৰ সপাে বৃদ্ধি পায়। অর্থাৎ ভু-পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ ঘনত্ব আৰু চাপহ্রাস পায়।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ পােনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়ােটা মেৰুঅঞ্চল বৰফৰে আবৃত আৰু অতিপাত ঠাণ্ডা ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰবাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয়বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থানীয়ভাৱে বায়ৰ উচ্চচাপ থাকে। সেয়েহেএই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বােলা হয়।

(ঙ)বায়ুপ্রবাহ তন্ত্রঃ এখন ঠাইৰ বতৰ আৰু জলবায়ু সেই ঠাইখনত প্রবাহিত বতাহৰবৈশিষ্ঠ্যৰ ওপৰতহে বাৰুকৈ নিৰ্ভৰ কৰে। দৰাচলতে বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহুক্রিয়াকলাপৰ এটা অতি প্রয়ােজনীয় মাধ্যম যি অহৰহ উত্তাপ, আদ্রতা আৰু বায়ুমণ্ডলৰঅন্যান্য বহু ভৌতিক গুণগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায়কৰে। সেয়ে বহল অর্থত ইয়াক, বায়ুপ্রবাহ তন্ত্র (wind system) বােলে।

(চ) চাপতি : ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে মূলতঃবায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপতি শক্তি বােলে। অর্থাৎ দুখন ঠাইৰ মাজৰ বায়ু মণ্ডলীয়চাপৰ পাৰ্থক্যৰ হাৰকে চাপাতি বােলে। চাপনতিৰ বাবে সৃষ্টি হােৱা শক্তিৰ মান নির্ভৰ কৰেঠাই দুখনৰ মাজত থকা চাপৰ পাথুখ্যৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পার্থক্য বেছি হলেবায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্রাস পায়। ইয়াৰ উপৰিওযিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজতথকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশাে নির্ণয় কৰে।

(ছ)বাণিজ্য বতাহঃ 300 উত্তৰ আৰু 300 দক্ষিণ অক্ষাংশ আশেপাশে অবস্থিতউপক্ৰান্দ্রীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্রবাহিত বায়ুক বাণিজ্যবতাহ বােলে। কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গােলার্ধত উত্তৰ-পূবৰ পৰা দক্ষিণপশ্চিম দিশত আৰু দক্ষিণ গােলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে। সেয়েইয়াক উত্তৰ-পূব বাণিজ্য বতাহ আৰু দক্ষিণ গােলার্ধত দক্ষিণ-পূর্ব বাণিজ্য বতাহ বােলে।

(জ)অশ্ব অক্ষাংঃ পৃথিৱীৰ দুয়ােটা গােলার্ধৰ বিশেষকৈ 309 ৰ পৰা 35* অক্ষাংশৰ মাজতঅৱস্থিত এই অঞ্চলকে অশ্ব-অক্ষাংশ অঞ্চল বােলে। দক্ষিণ গােলার্ধৰ বিশেষকৈ 400 ৰ পৰা6oo অক্ষাংশ অঞ্চল মহাসাগৰে আবৰি আছে বাবে এই অংশত পছােৱা বতাহৰ তীব্রতাঅত্যাধিক হয়। সেয়ে মহাসাগৰীয় নাবিক সকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলকগর্জনমুখৰ চল্লিশ, পঞ্চাচ দশকৰ অঞ্চলক ভয়ানক পঞ্চাশ আৰু ষাঠিৰ দশকৰ অঞ্চল চিএষাঠি হিচাপে অভিহিত কৰে।ঝ) গর্জনমুখৰ চল্লিশঃ মহাসাগৰীয় নাবিক সকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলগর্জনমুখৰ চল্লিশ, নামেৰে অভিহিত কৰে। ইয়াৰ উপৰিও পঞ্চাচ দশকৰ অঞ্চলক ভয়ানকপঞ্চাশ আৰু যাঠিৰ দশকৰ অঞ্চলক চিঞৰা ষাঠি হিচাপে অভিহিত কৰে। কিয়নাে দক্ষিণগােলাৰ বিশেষকৈ 40°ৰ পৰা 60° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এইঅংশত পছােৱা বতাহৰ তীব্রতা অত্যাধিক হয়।

(ঞ) প্রতীপ ঘূণীবতাহঃ যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰকেন্দ্ৰৰ পৰা চক্রাকাৰে অফসাৰী বায়ু প্রবাহৰ সৃষ্টি হয় তাকে প্রতীপ ঘূর্ণীৰতাহ বােলে। প্রতীপঘূর্ণাবতাহৰ কেন্দ্ৰত চাপ সর্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্রও বােলে। এই উচ্চ চাপকেন্দ্র চক্রাকাৰ নহৈ কিছু দীঘলীয়া হলে ইয়াক উধান’ (Ridge) বােলে। ৰতৰ বিজ্ঞানী ছাৰফ্রেঞ্চিচ গেল্টনে পােন প্রথমে 1861 চনত এই Anticyclone (প্রতীপ ঘূর্ণীবতাহ) শব্দটোব্যৱহাৰ কৰিছিল। প্রতীপ ঘূর্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূর্ণীৰতাহৰ সম্পূর্ণবিপৰীত।

(ট)জেট প্রবাহঃ ক্রান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি (অর্থাৎ টুপমণ্ডলৰ উচ্চ স্তৰত) পশ্চিমাপ্ৰবাহৰ দৰে এখ তীৱবেগী (ঘন্টাত 680 কিলােমিটাৰত পূর্বমূৱা বায়ু প্রবাহিত হয়। ইয়াকেজেট প্রবাহ (Jet stream) বােলা হয়। এই জেট প্রবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰআমূল পৰিবর্তন ঘটায়।

(ঠ) সমচাপ ৰেখাঃ এখন অঞ্চলৰ চাপতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হােৱাৰউপৰিও তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মানএকেবাৰে কম হলে তাত বায়ুপ্রবাহ প্রায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়।ফলত বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপৰেখা (lsobar) প্রায় একেবাৰে দেখা নায়ায়।

(ড)ক্রান্তীয় যুণীৰতাহঃ ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপঅঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্রাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকক্রান্তীয় ঘূর্ণীবতাহ বােলে। উল্লেখযােগ্য যে পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গােলার্ধত সৃষ্টিহােৱা এনে ঘূর্ণাবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গােলার্ধত ঘড়ীৰ কাঠাৰদিশত বলে। ক্রান্তীয় ঘূর্ণীবতাহৰ গতিবেগ প্রতি ঘণ্টাত 120 ৰ পৰা 280 কিলােমিটাৰ পর্যন্তহয়। ক্রান্তীয় অঞ্চলৰ ঘূর্ণীবতাহ বিভিন্ন নামেৰে পৰিচিত।

 25)পার্থক্য লিখা?

(ক)অনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহঃ
i)বায়ুৰ গতি সদায় অনুভূমিক আনহাতে বায়ু যেতিয়া উদ্ধগামী হয় তেতিয়া অক উল্লম্বিকপ্রবাহ বা স্রোত বােলে।
(ii)যদিও বায়ু অনুভূমিক আৰু উল্লম্বিকভাৱে সঞ্চালিত হয়, তথাপি অনুভূমিক বায়ুপ্রবাহহেবেছি গুৰুত্বপূর্ণ।
(iii) বায়ুমণ্ডলত থকা বায়ুৰ অনুভূমিক প্রবাহৰ পৰিমাণ উল্লম্বিক প্রবাহৰ তুলনাত বহুগুণেবেছি।

(খ)বায়ুপ্রবাহ আৰু বায়ুৰাশিঃ
i)উত্তাপ, আদ্রর্তা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশিবােলে; আনহাতে, বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতিকৰিলেই ইয়াক বায়ুপ্রবাহ বােলে।
ii)বায়ুৰাশি অপসাৰী হােৱা বায়ু অঞ্চলতেই সৃষ্টি হয়। আনহাতে বায়ুৰ গতিশীল অৱস্থই হলবায়ুপ্রবাহ।
iii)উল্লম্বিক দিশত ধূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আদ্রর্তাৰ তাৰতম্যপৰিলক্ষিত হর; আনহাতে বায়ু যেতিয়া উৰ্দ্ধগামী হয় তেতিয়া তাক উল্লম্বিক প্রবাহ বা স্রোতবােলে।

গ)ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্রান্তীয় ঘূণীবতাহঃ
i)ক্রান্তীয় অঞ্চলৰ যি নিম্ন চাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহাতীব্রবেগী বতাহে যেতিয়া চক্রাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকে ক্রান্তীয় ঘূর্ণীবতাহবােলে। আনহাতে, নাতিশীতােষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হােৱা ঘূর্ণীবতাহকবহিঃক্রান্তীয় ঘূর্ণীবতাহ বােলে।
ii)ক্রান্তীয় চত্ৰবাত সম্পূর্ণভাৱে সাগৰীয় পৰিবেশৰ প্ৰভাৱত কেৱল গ্রীষ্মকালতেই উৎপত্তিহয়। আনহাতে, ক্রান্তীয় অঞ্চলৰ উষ্ণ বতাহ আৰু মেরু অঞ্চলৰ শীতল বতাহ মধ্য অক্ষাংশঅঞ্চলত থকা নিম্নচাপকেন্দ্ৰৰ দ্বাৰা আকষিত হৈ মিলন হােৱাৰ ফলত সৃষ্টি হােৱা মােৰুবতাগ্ৰত যি বায়ুমণ্ডলীয় অস্থিৰতা উদ্ভৱ হয় আৰু বহিঃ ক্রান্তীয় ঘূর্ণীবতাহ সৃষ্টি হয়।

(ঘ)জলবতাহ আৰু স্থলবতাহঃ
i)দিনৰ ভাগত জলভাৰপৰা স্থলভাগলৈ বলা বতাহক জলবতাহ বােলে। আনহাতে, ৰাতিস্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক স্থলবতাই বােলে।
ii)জলভাগ আৰু স্থলভাগৰ উত্তাপ গ্রহণ আৰু ত্যাগ কৰাৰ ক্ষমতা বেলেগ বেলেগ।
iii)দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰউষ্ণতা বেছি হয়।

(ঙ)পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহঃ
i)পর্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেচাঁ আৰু গধুৰ হয়।
ii)পার্বতীয় বতাহৰ বায়ু সেৰেঙা বাবে তাপ শােষণ ক্ষমতাও কম। আনহাতে ভৈয়ামৰঘনবায়ু সােনকালে উত্তপ্ত হয়।
iii) পর্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেচা আৰু গধুৰ হয়। ফলত এই বায়ু পর্বতচালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পৰ্বতীয় বতাহ বােলে। আনহাতে, ভৈয়ামৰ ঘনবায়ুসােনকালে উত্তপ্ত হয়। ফলত দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতলহৈ পৰ্বতৰ ঢালেদি উর্ধমুখী হয়। এইদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰাপর্বতৰ ঢালেদি হােৱা উর্ধ্বমুখী প্রবাহক, ভৈয়ামৰ বতাহ বােলে।

(চ)ঘূণীবতাহ আৰু প্ৰতীপ ঘূর্ণীৰতাহঃ
i)বায়ুমণ্ডলীয় প্রবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগীবতাহে চক্ৰাকাৰগতি লয় তাকে ঘূর্ণীবতাহ বা চক্ৰবাত বােলে।। আনহাতে, যেতিয়া এক ব্যাপক অঞ্চল জুৰিউচ্চ চাপ বলয়ৰ গঠন হৈ ৰ কেন্দ্ৰৰ পৰা চক্রাকাৰে অপসাৰী বায়ুপ্রবাহৰ সৃষ্টি হয় তাকেপ্রতীপ ঘূর্ণীবতাহ বােলে।
(ii)কোনাে এখন ঠাইৰ বৰ নিৰ্ধাৰণত ঘূর্ণীবতাহৰ তুলনাত প্রতীপ ঘূর্ণীবতাহ ভূমিকা তেনেইনগণ্য।
(iii)প্রতীপ ঘূর্ণীবতাহ এটা বায়ুমণ্ডলীয় অৱস্থা যিটো ঘূর্ণীবতাহৰ সম্পূর্ণ বিপৰীত।

(ছ)শীতল বাতাগ্র আৰু উষ্ণ বাতাগ্রঃ
(i)যি বাতাগ্রত অগ্রগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্রবাহিত হৈ ইয়াকস্থানান্তৰিত কৰে তাকে উষ্ণ বাতপ্র বােলে৷ আনহাতে, যি বাতাগ্রত শীতল বায়ুৰাশিয়ে উষ্ণবায়ুৰাশিৰ স্থানান্তৰ কৰা তাক শীতল বাতাগ্র বােলে।

(জ)ট্ৰপস্ফিয়েৰ আৰু ষ্টেট স্ফিয়েঃ
(i)ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ ভৰটোৱেই হল ট্ৰপস্ফিয়ে,আনহাতে, ঐপস্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰাটাৱেই হল ষ্টেটফিয়েৰ।
(ii) মেঘ সৃষ্টিকে আদি কৰি কোনাে ধৰণৰ বতৰজনিত কার্যকলাপ বায়ুমণ্ডলৰ ষ্টেটফিয়েৰস্তৰটোত দেখা নায়ায়। আনহাতে, বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰুউচ্চতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষতা ক্ৰমান্তয়ে হ্রাস পায়।
(iii) ট্ৰপস্ফিয়েৰ স্তৰটোৰ গড় উচ্চতা প্রায় 12 কিলােমিটাৰ। আনহাতে ট্ৰপস্কিয়েৰ আৰুষ্টেটফিয়েৰ সামৰি ভু-পৃষ্ঠৰ পৰা ষ্টেটাস্ফিয়েৰ পজলৈ গড় উচ্চতা হৈছে প্রায় 50কিলােমিটাৰ।


অতিৰিক্ত সম্ভাব্য প্রশ্ন

১)শুদ্ধ উত্তৰ বাছি উলিওৱা ।
(ক)অ'জন গেছৰ স্তৰটো কত অৱস্থিত?
i)টুপস্ফিয়েৰৰ
ii)স্ট্রেট স্ফিয়েৰ
iii)মেছফিয়েৰ
iv)থামফিয়েৰ
উত্তৰঃ- ii) স্ট্রেট স্ফিয়েৰ

(খ)বায়ুমণ্ডলত আয়তন হিচাপে অিজন কিমান থাকে?
i)২০.৯৪%
ii)২৯.০১%
iii)৩২.৪৭%
iv)৭৮.০৮%
উত্তৰঃ- i) ২০.৯৪%

গ)বায়ুপ্রবাহৰ মূল কাৰণটো হ'ল
i)আদ্রতাৰ তাৰতম্য
ii)মাধ্যাকর্ষণ শক্তি
(২) চাপৰ তাৰতম্য।
(৪) অপকেন্দ্রিক বল।
উত্তৰঃ- iii) মাধ্যাকর্ষণ শক্তি

ঘ)বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ'ল
(i)উইণ্ড ভেনব।
(ii)এনিমমিটাৰ
(iii)বিউফর্ট স্কেল
(iv)হাইড্রমিটাৰ।
উত্তৰঃ- ii) এনিমমিটাৰ।

(ঙ)বতাহৰ গতিবেগৰ এককটো হ'ল
(i) নট
(ii)মিলিবাৰ।
(iii)শতাংশ।
(iv)ডিগ্রী।
উত্তৰঃ- (i) নট

(চ)মৌচুমী বতাহ তলৰ কোন শ্রেণীৰ অন্তৰ্গত?
(i)স্থানীয় বতাহ।
(ii)প্রাথমিক বতাহ
(iii)গৌণ বতাহ।
(iv)নিয়মিত বতাহ
উত্তৰঃ- iii) গৌণ বতাহ

(ছ)প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূর্ণীবতাহৰ নামটো হল—
(i)চাইনিজ
(ii)হাৰিকেন
(iii)উইলী উইলী
(iv)টাইফুন।
উত্তৰঃ- (iv) টাইফুন।

2)মােটামুটিভাৱে বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত হৈ আছে?
উত্তৰঃ-  প্রায় ১০,০০০ কিঃ মিঃ।
 3)ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন।প্রায় একে থাকে?
উত্তৰঃ-প্রায় ৮০ কিঃ মিঃ
4)হমস্ফিয়েৰ আৰু হেটৰ স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?
উত্তৰঃ-  মেছপজ।
5)ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ গ'লে গড় হিচাপে কি হাৰতউত্তাপ হ্রাস হয়?
উত্তৰঃ- প্রতি কিলােমিটাৰ উচ্চতাত ৬.৫* ছেন্টিগ্রেড।
6)সাগৰপৃষ্ঠৰ বায়ুৰ গড়চাপ কিমান বুলি ধৰা হয়?
উত্তৰঃ-  প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্রতি বর্গ ছেন্টিমিটাৰত প্রায় এক কিলােগ্রাম।
7)ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ মাজেৰে ওপৰলৈ গতি কৰিলে কি হাৰত বায়ুৰচাপ কমি যায়?
উত্তৰঃ-  প্রতি ৯০০ ফুট উচ্চতাত বায়ুচাপ ১ ইঞ্চি বা প্রায় ৩৪ মিলিবাৰ হাৰত কমি যায়
8)নিৰক্ষীয় নিম্নচাপ মণ্ডলৰ অক্ষাংশ বিস্তৃতি কিমান?
উত্তৰঃ-  বিমুৱ ৰেখাৰ উত্তৰে আৰু দক্ষিণে ৫* অক্ষাংশ আৰু ১০* অক্ষাংশৰ মাজত।
9)মেছ'স্ফিয়েৰৰ উলম্ব বিস্তৃতি কিমান?
উত্তৰঃ-  প্রায় ৩০ কিঃ মিঃ।
10)হেটফিয়েৰৰ একেবাৰে ওপৰত গেছীয় তপটো কি?
উত্তৰঃ-  হাইড্রজেন তৰপ।
11)বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে?
উত্তৰঃ-  20.94%
12)সাগৰ পৃষ্ঠত বায়ুৰ ঘনত্ব কম নে বেছি ?
উত্তৰঃ-  আটাইতকৈ বেছি।
13)কি গেছে অতিবেঙুনীয়া ৰশ্মি শােষণ কৰে?
উত্তৰঃ-  অজন গেছে।
14)বায়ুমণ্ডলৰ কোনটো স্তৰত অধিক জলীয়বাষ্প থাকে?
উত্তৰঃ-  ঐপস্টুিয়েত।
15)আয়তন হিচাপত বায়ুমণ্ডলত নাইট্রজেন কিমান শতাংশ থাকে।
উত্তৰঃ-  ৭৮.০৮ শতাংশ।
16)কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে?
উত্তৰঃ-  মাধ্যাকর্ষণ শক্তিৰ বাবে।
17)হমস্ফিয়ৰ বায়ুমণ্ডলৰ গেছবােৰৰ বিশেষ গুণ কি?
উত্তৰঃ-  ইয়াত গেছবােৰৰ ৰাসায়নিক গঠন প্রায় একে হয়।
18)হমস্ফিয়েৰ উচচতা কিমান?
উত্তৰঃ-  ৮০ কিঃ মিঃ।
19)বায়ুমণ্ডলত কি গেছৰ প্রাধান্য আটাইতকৈ বেছি ?
উত্তৰঃ-  নাইট্রজেনৰ।
20)খামম্ফিয়েৰ স্তৰটো হেটস্ফিয়েৰ অন্তৰ্গত হয়নে?
উত্তৰঃ-  হয়।
21)ট্ৰপস্ফিয়েৰৰ উৰ্ধসীমাটোক কি বােলে ?
উত্তৰঃ-  ট্রপপজ বােলে।
22)বায়ুমণ্ডলৰ কোনটো স্তৰত অ'জন গেছু আছে?
উত্তৰঃ-  হেটফিয়েত।
23)মেছম্ফিয়ে উল্লেখযােগ্য বৈশিষ্ট্য কি?
উত্তৰঃ-  এই ভৰত উচ্চতা বাঢ়িলে উত্তাপ কমিবলৈ ধৰে।
24)হেটৰক্ষিয়েৰৰ নিম্নসীমা কি?
উত্তৰঃ-  মেছপজ।
25)সাগৰপৃষ্ঠত বায়ুৰ স্বাভাৱিক চাপ কিমান?
উত্তৰঃ-  ২৯.৯২ ইঞ্চি বা ৭৬০ মিঃ মিঃ পাৰাক্তন্ত।
26)পৃথিৱীপৃষ্ঠত কিমানটা চাপবলয় আছে?
উত্তৰঃ- চাৰিটা।
27)স্ট্রেট স্ফিৰৰৰ নিম্ন আৰু উচ্চভাগৰ তাপ কিমান?
উত্তৰঃ-  নিম্নভাগত -৬০ ছেন্টিগ্রেড, উচভাগত ০* ছেন্টিগ্রেড।
28)মেছজ্বিয়েৰৰ উৰ্ধসীমাটোক কি বােলে?
উত্তৰঃ-  মেছপজ বােলে।
29)ক্রমশঃ বায়ুমণ্ডলৰ যিমানে ওপৰলৈ যােৱা যায় সিমানে বায় ঘনত্ব কমেনে বাড়ে?
উত্তৰঃ-  কর্মে।
30)আয়তন হিচাপত বায়ুমণ্ডলত কিমান শতাংশ আর্গন থাকে?
উত্তৰঃ-  ০.৯৩ শতাংশ।
31)বায়ু উত্তপ্ত হলে উর্ধগামী হয়নে নিম্নগামী হয়।
উত্তৰঃ-  উধগামী হয়।
32)বায়ুমণ্ডল চাপ কি যন্ত্ৰৰে জোখা হয়?
উত্তৰঃ-  বেৰ'মিটাৰ।
33)স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ কোনটো মণ্ডলত বেছি ?
উত্তৰঃ-  নিৰক্ষীয় নিম্নচাপ মণ্ডলত।
34)মেছ'স্ফিয়েৰৰ নিম্নসীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান?
উত্তৰঃ-  ° ছেন্টিগ্রেড।
35)মস্ফিয়েৰ কিমানলৈ উত্তাপ বৃদ্ধি পায় ?
উত্তৰঃ-  ১৬৫০° ছেন্টিগ্রেড পর্যন্ত।
36)প্রতি ৯০০ ফুট উচ্চতাত বায়ুৰ চাপ কি হাত কমে?
উত্তৰঃ- ১ ইঞ্চি বা ৩৪ মিলিবাৰ হাৰত কমে।
37)কোন অঞ্চলক অর্শ্ব অক্ষাংশ কোৱা হয়?
উত্তৰঃ- উপক্রান্তীয় অঞ্চলটোক।
38)ঘূর্ণিবতাহৰ আন এটা নাম কি?
উত্তৰঃ-  চক্রবাত।
39)ক্রান্তীয় ঘূর্ণিবতাহৰ উৎপত্তি কোন ঋতুত হয় ?
উত্তৰঃ-  গ্রীষ্মকালত।
40)বায়ুমণ্ডলৰ চাপ সাধাৰণতে কি এককত প্রকাশ কুৰা হয়?
উত্তৰঃ-  মিলিবাৰ (Milibar) এককত।
41)স্ট্রেট স্ফিয়েৰৰ উৰ্দ্ধসীমাটোক কি বােলা হয় ?
উত্তৰঃ-  ষ্ট্রেট"পজ (Stratopose)।
42)হেট'বস্ফিয়ে গেছবােৰৰ ৰায়ায়নিক গঠন একে নে বেলেগ বেলেগ ?
উত্তৰঃ-  বেলেগ বেলেগ।
43)মৌচুমী শব্দটো কি ভাষাৰ, কি শব্দৰ পৰা উদ্ভৱ হৈছে ?
উত্তৰঃ-  আৰবী ভাষাৰ মৌচিন (Mousin) শব্দৰ পৰা।
44)গড় হিচাপে ট্ৰপস্ফিয়েৰৰ স্তৰৰ উচ্চতা কিমান?
উত্তৰঃ-  গড় হিচাপে ট্ৰপস্ফিয়েৰৰ উচ্চতা ১০ কিঃ মিঃ।
45)চিনুক (Chinook) কোন দেশৰ স্থানীয় বতাহ।
উত্তৰঃ-  আমেৰিকাৰ ৰকি পর্বত অঞ্চলৰ প্রবাহিত উষ্ণ-শুকান বতাহ।
46)সাময়িক বায়ু দুবিধৰ নাম উল্লেখ কৰা।
উত্তৰঃ-  (১) জলবতাহ বা স্থলবতাহ, (২) মৌচুমী বতাহ।
47)বতাহৰ গতিবেগৰ একক কি?
উত্তৰঃ-  নট (Knot)।
48)অশ্ব অক্ষাংশৰ অক্ষাংশ বিস্তৃতি কিমান?
উত্তৰঃ-  দুয়ােটা গােলার্ধত ৩০ ৰ পৰা ৩৫° অক্ষাংশৰ মাজত।
49)কোন অক্ষাংশ অ অক্ষাংশ বােলে ?
উত্তৰঃ-গােলার্ধত ২৫-৩৫° অক্ষাংশক।
50)পছােৱা বতাহ কাক বােলে?
উত্তৰঃ-  উপক্রান্তীয় উচ্চ চাপবলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেৰুৰ ফালে থকা নিম্ন চাপ অঞ্চললৈযি নিয়মিত বায়ুপ্রবাহ হয় তাক পশ্চিমা বতাহ বা পছােৱা বতাহ বােলে।
51)মেপ্রবাহ কাক বােলে?
উত্তৰঃ-  মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যিস্বাভাৱিক বায়ুপ্রবাহ হয় তাক মেৰু প্রবাহ বােলে।
52)গৌণ প্রবাহৰ অন্তৰ্গত বতাহ সমূহ কি কি?
উত্তৰঃ-  ঘূর্ণাবতাহ বা চক্রবাত, প্রতীপ ঘূর্ণীবতাহ, বায়ুৰাশি, বাতাগ্র, মৌচুমী বতাহ আদি গৌণ প্রবাহৰঅন্তর্গত।
53)ক্রান্তীয় পূর্ব বায়ু (Tropical Easterlies) কি?
উত্তৰঃ-  বাণিজ্য বতাহ ক্রান্তীয় অঞ্চলৰ ওপৰেদি প্রবাহিত হয়। ক্রান্তীয় অঞ্চলৰ ওপৰেদি হয় বাবেএই বতাহক ফ্রান্তীয় পূৱ বায়ু বুলি কোৱা হয়।
54)মেকপ্রবাহ কাক বােলে ?
উত্তৰঃ-  মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা উচ্চ অক্ষাংশত থকা উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ যিস্বাভাৱিক বায়ুপ্রবাহ বয় তাক মেৰুপ্রবাহ বােলে।
55)নিৰক্ষীয় নিম্নচাপ বলয়ক কিয় নিৰক্ষীয় শান্ত বলয় বুলি কোৱা হয়?
উত্তৰঃ-  এই বলয়ত বায়ু উত্তপ্ত হৈ উর্ধগামী হয়। গতিকে ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে ইয়াত বতাহ বলাপৰিলক্ষিত নহয়। বায়ু শান্ত অৱস্থাত থকা যেন লাগে। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত।বলয় বুলি কোৱা হয়।
56)নিয়ত বতাহ (Permanent Wind) কাক বােলে ?
উত্তৰঃ-  পৃথিৱীৰ উপৰিভাগত যি বতাহ নির্দিষ্ট উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈনিয়মীয়াভাৱে গােটেই বছৰ জুৰি প্রবাহিত হয়। তাক নিয়ত বতাহ বােলে। যেনে-- বাণিজ্য।বতাহ বা পশ্চিমা বতাহ।
57)উপমেৰুদেশীয় নিম্নচাপ মণ্ডলৰ অক্ষাংশ বিস্তৃতি লিখা।
উত্তৰঃ-  উপমেৰুদেশীয় নিম্নচাপ মণ্ডলটো মােটামুটিভারে ৬০° উত্ৰ আৰু দক্ষিণ অক্ষাংশ আৰু ৭০*উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ ভিতৰত অৱস্থিত।
58)চাপনতিয়ে বায়ুপ্রবাহৰ দিশ কেনেকৈ নির্ণয় কৰে লিখা।
উত্তৰঃ-  চাপনতি যি দিশত হয় বায়ুপ্রবাহাে সেই দিশতেই হয়। যি দিশত চাপ হ্রাস পায় সেই দিশতেচাপনতিৰ সৃষ্টি হয়। আৰু বায়ুপ্রবাহাে সেই দিশতে হয়।
59)আন্তঃক্রান্তীয় অভিসাৰী মণ্ডল কাক বােলে?
উত্তৰঃ-  ক্রান্তীয় অঞ্চলৰ উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চলত মিলিত হৈ একবিভাজনৰ সৃষ্টি কৰে। ইয়াকে আন্তঃক্রান্তীয় অভিসাৰী মণ্ডল বােলে।
60)জীৱমণ্ডল কাক বােলে?
উত্তৰঃ-  মাটি আৰু পানী অর্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি,বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱমণ্ডলবােলে।
61)উপ-মেৰুদেশীয় নিম্নচাপ বলয় কত অৱস্থিত?
উত্তৰঃ-  উপ-মেৰুদেশীয় নিম্নচাপ বলয়টো মােটামুটিকৈ উত্তৰ গােলার্ধৰ 600-700 উত্তৰ অক্ষাংশআৰু দক্ষিণ গােলার্ধৰ 600-700 দক্ষিণ অক্ষাংশত অৱস্থিত।
62)চাপতি শক্তি কাক বােলে?
উত্তৰঃ-  ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টিকৰে। ইয়াকে চাপতি শক্তি বােলে।
63)অপকেন্দ্রিক শক্তি কি?
উত্তৰঃ-  পৃথিৱীয়ে নিজ মেৰু দণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী একশক্তিৰ উদ্ভৱ হয় ইয়াকে অপকেন্দ্রিক শক্তি বােলে।
64)অজন গেছে জীৱ-জগতক কেনেকৈ ৰক্ষা কৰি আছে?
উত্তৰঃ-  সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি জীৱ-জগতৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই ৰশ্মি অজন গেছেশােষণ কৰি সম্ভাৱ বিপদৰ পৰা জীৱজগতক ৰক্ষা কৰি আছে।
65)অশ্ব অক্ষাংশই কোনটো অঞ্চলক বুজায় ?
উত্তৰঃ-  উপক্রান্তীয় উচ্চচাপ মণ্ডলক অশ্ব অক্ষাংশ বুলি জনা যায়। এই অঞ্চলত বায়ুপ্রবাহৰ গতিসর্বনিম্ন হােৱা বাবে নাৱিকসকলে সাগৰত জাহাজ চলােৱাত অসুবিধা অনুভৱ কৰে।নাৱিকসকলে জাহাজৰ ওজন কমাবলৈ জাহাজত কঢ়িওৱা ঘােড়াবিলাক পানীত পেলাইদিবলগীয়া হৈছিল বাবে এই অঞ্চলটোক অশ্ব অক্ষাংশ বুলি অভিহিত কৰে।
66)মেৰুদেশীয় উচ্চচাপ মণ্ডলত কিয় সদায় উচ্চচাপ থাকে?
উত্তৰঃ-  মেৰু অঞ্চল সদায় বৰফেৰে আবৃত হৈ থকা বাবে তাৰ বায়ু অতিপাত শীতল হয় আৰু বায়ুতজলীয় বাষ্প নাথাকে। অতিপাত ঠাণ্ডা আৰু জলীয় বাষ্প নথকা বাবে মেৰুদেশীয় অঞ্চলতস্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।
67)নিৰক্ষীয় শান্ত বলয় বা মণ্ডল মানে কি?
উত্তৰঃ-  নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ উধ্বগামী হয়, এনে পৰিস্থিতিত এই অঞ্চলত ওপৃষ্ঠৰ সমান্তৰালভাৱে কোনাে বতাহ বলাটো পৰিলক্ষিত হয়। বৰঞ্চ ইয়াত থকা বায়ু এক শান্ত।অৱস্থাত থকা যেন অনুভূত হয়। সেয়েহে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বােলে।
68)বায়ুপ্রবাহ তন্ত্র কি?
উত্তৰঃ-  বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্রিয়াকলাপৰ এটা অতি প্রয়ােজনীয় মাধ্যম যি অহৰহউত্তাপ, আদ্রর্তা আৰু বায়ুমণ্ডলৰ অন্যান্য বস্তু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখনঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে ইয়াক বায়ুপ্রবাহ তন্ত্র বােলে।
69)হেটস্ফিয়েৰ থকা গেছৰ তপকেইটাৰ উচচতাবােৰ লিখা।
উত্তৰঃ-  হেটফিয়েৰত থকা নাইট্রজেনৰ তৰপটোৰ উচ্চতা প্রায় ২০০-৮০=১২০ কিঃমিঃ,অক্সিজেনৰ তৰপটোৰ উচ্চতা প্রায় ১১২৫ ২০০ = ৯২৫ কিঃমিঃ, হিলিয়ামৰ তৰপটোৰউচ্চতা প্রায় ৩৫৪০-১১২৫ = ২৪১৫ কিঃমিঃ আৰু হাইড্রজেনৰ তৰপটোৰ উচ্চতা হিলিয়ামৰতৰপৰ | পৰা বই ওপৰলৈ বিস্তৃত হৈ আছে।
70)উপক্রান্তীয় উচ্চচাপ অঞ্চলত কেতিয়াবা সাগৰত জাহাজ চলাচলােকৰিব নােৱাৰে কিয়?
উত্তৰঃ-  উপক্রান্তীয় উচ্চচাপ অঞ্চলত বায়ুৰ গতি প্রধানকৈ নিম্নমুখী হয়। গতিকে ইয়াত বায়ুপ্রবাহঅনুভূত নহয়। কেতিয়াবা দেখা যায় এই অঞ্চলত বায়ুপ্রবাহ অত্যধিক কম হয়। ফলতসাগৰত জাহাজ চলাচল কৰিব নােৱাৰে।
71)অশ্ব অক্ষাংশ মানে কি?
উত্তৰঃ-  মধ্যযুগত ইউৰােপীয় নাৱিকসকলে এই উপ-ক্রান্তীয় উচ্চচাপ বলয় অঞ্চলত জাহাজচলােৱাত যথেষ্ট অসুবিধা পাইছিল। বতাহৰ চলাচল প্রায় নথকাৰ ফলত জাহাজ চলাবনােৱাৰাৰ বাবে নাৱিকসকলে জাহাজৰ বােজা কমাবলৈ জাহাজত অনা ঘােৰাৰিলাককেসাগৰৰ পানীত পেলাই দিছিল। এইবােৰেই উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্বঅক্ষাংশ বুলি জনা যায়।
72)প্রতীপ বাণিজ্য বতাহ (Anti-Trade Wind) কাক বােলে ?
উত্তৰঃ-  বাণিজ্য বতাহ নিৰক্ষীয় অঞ্চল পােৱাৰ লগে লগে অধিক উত্তপ্ত হয়। এই উত্তপ্ত বায়ু ওপৰলৈ।উঠি বায়ুমণ্ডলৰ উপৰি ভাগেৰে দুই মেৰুৰ ফালে গতি কৰে। উত্তৰ গােলার্ধত এই বতাহৰগতি উত্তৰ পূৱমুখী আৰু দক্ষিণ গােলার্ধত এই বতাহৰ গতি দক্ষিণ-পূৱমুখী হয়। এই বতাহদুয়াে গােলার্ধতে বাণিজ্য বিপৰীত দিশত প্রবাহিত হয় বাবে এই বতাহক প্রতীক বাণিজ্য বতাহবুলি কোৱা হয়।
73)বিউফ'ৰ্ট স্কেল বুলিলে কি বুজা? ইয়াক প্রথমে কোনে, প্রস্তুত কৰিছিল?
উত্তৰঃ-  বিউফট এনে এবিধ স্কেল যিপাত ০-১২ নম্বৰৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মানঅনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াক প্রথমে ছাৰ ফ্ৰেন্সিছ বিউফট প্রস্তুতকৰিছিল।
74)বতাহ বলাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ-  বতাহ বলাৰ কাৰণ দুটা ও(১) বতাহৰ চাপৰ তাৰতম্যৰ কাৰণতে বতাহ এঠাইৰ পৰা আন ঠাইলৈ বলে।(২) বতাহ উত্তপ্ত বা গৰম হ'লেও ই পাতল হৈ ওপৰলৈ উঠি যায়। আৰু ঠাই পূৰাবলৈ বতাহবলে।
75)উচ্চ চাপ অঞ্চল বুলিলে কি বুজা?
উত্তৰঃ-  ভূ-পৃষ্ঠৰ যি ঠাইৰ বতাহ শীতল বা কম গৰম আৰু গধুৰ তাকে উচ্চ চাপৰ অঞ্চল বােলে। এইঅঞ্চলৰ বতাহ সদায় নিম্নমুখী উচ্চ চাপৰ বতাহ সহায় ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে বায়ুমণ্ডলৰতলেৰেপ্রবাহিত হয়।
76)উত্তৰ-পূৱ বাণিজ্য বতাহ কাক বােলে ?
উত্তৰঃ-  বাণিজ্য বতাহে পৃথিৱীৰ আৱৰ্তনৰ ফলত  গােলার্ধত সোঁফালে গতি সলায়। সেইবাবে এইবতাহ উত্তৰ-পূৱ দিশৰপৰা অহা যেন ভাৱ হয়। সেইকাৰণে উত্তৰ গােলার্ধত ইয়াক উত্তৰ-পূৱবাণিজ্য বতাহ বুলি কোৱা হয়।
77)দক্ষিণ-পূর্ব বাণিজ্য বতাহ কাক বােলে?
উত্তৰঃ-  পৃথিৱীৰ আৱৰ্তনৰ ফলত বাণিজ্য বতাহে দক্ষিণ গােলার্ধত বাওঁফালে গতি সলায়। তেতিয়া এইবতাহ দক্ষিণ-পূৱ দিশৰপৰা অহা যেন লাগে। সেই কাৰণে দক্ষিণ গােলার্ধত এই বতাহকদক্ষিণ-পূর্ব বাণিজ্য বতাহ বুলি কোৱা হয়।
78)বতাহৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ-  বতাহৰ বৈশিষ্ট্য চাৰিটা : (১) বতাহৰ চাপৰ তাৰতম্যৰ ওপৰত বতাহ নিৰ্ভৰশীল।(২) পৃথিৱীৰ আবৰ্তনৰ গতিয়ে বতাহক প্ৰভাৱিত কৰে।(৩) বতাহে সদায় উচ্চ চাপৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে।(৪) বতাহ যি ফালৰ পৰা প্রবাহিত হয়, সেই দিশৰ অনুযায়ী বতাহক নাম দিয়া হয়।
79)বতাহে কেনেকৈ বায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষা কৰে?
উত্তৰঃ-  বায়ুমণ্ডলৰ কিছুমান অঞ্চল অতি উত্তপ্ত আৰু কিছুমান। অঞ্চল অতি চেঁচা। অতি উত্তপ্তঅঞ্চলত উচ্চচাপ আৰু অতি শীত অঞ্চলত নিম্নচাপ থাকে। তাই সদায় উচ্চচাপ থকাঅঞ্চলৰপৰা নিম্নচাপ থকা অঞ্চললৈ প্রবাহিত হয়। উচ্চচাপ অঞ্চলৰপৰা শীতল বায়ুবায়ুমণ্ডলৰ নিৰেদি নিম্নচাপ অঞ্চললৈ প্ৰৱাহিত হয়। এইদৰে বায়ু প্রবাহিত হৈ বতাহেবায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষা কৰে।
80)চিৰােক্কো বায়ুপ্রবাহ বিশেষ বৈশিষ্ট্য কি?
উত্তৰঃ-  এই বায়ু ইমান উষ্ণ আৰু শুকান যে কেইবাদিনাে একেৰাহে। চলি থাকিলে মানুহৰ শৰীৰৰছাল ফাটিবলৈ ধৰে, মাটিত ফাট মেলে আৰু গছ-গছনি শুকাই মৰিবলৈ ধৰে। শুকানমৰুভূমিৰ পৃষ্ঠভূমিয়েদি গলে ই ধূলি-ধুমুহাৰ সৃষ্টি কৰে।
81)প্রচণ্ড পঞ্চাছ (Furious Fifties) কাক বােলে ?
উত্তৰঃ-  পশ্চিমা বতাহ দক্ষিণ অক্ষাংশত প্ৰৱল বেগেৰে প্রৱাহিত হয়। আৰু উগ্রমূর্তি ধাৰণ কৰে।অক্ষাংশত উগ্রমূর্তি ধাৰণ কৰে বাবে এই বতাহক প্রচণ্ড পঞ্চাছ (Furious Forties) বােলাহয়। এই অৱস্থাত এইবােৰ অঞ্চলত প্রচণ্ড ধুমুহাৰ সৃষ্টি হয়।
বাৰে তাত ভূ-পৃষ্ঠ সদায় গৰম হৈ থাকে আৰু বায়ুভাগ পাতল হৈ ওপৰলৈ প্রৱাহিত হয়।


Post a Comment

0 Comments