Class9.Social science.L-2.ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ (ইতিহাস)

                     


অনুশীলনী :


অতি চমু/চমু প্রশ্ন উত্তৰ :

1)ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্রথম (প্রধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্রথম কাৰকটো হল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ। উনবিংশ শতিকাৰ প্রথমার্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। ১৮৫৪ খ্রীষ্টাব্দত চার্লচ উড়ৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হল আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত এচাম ভাৰতীয়ৰ সস্তত জাতীয়তাবাদৰ উন্মেষণ হয়।

2)আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ আনন্দমঠ উপন্যাসৰ ৰচয়িতা হল বংকিমচন্দ্র চট্টোপাধ্যায়।

3)স্যাৰে জাহাছে আচ্ছা…... গীতৰ গীতিকাৰ কোন?
উত্তৰঃ কবি ইকবাল।

4)ভাৰতত পােন প্রথম ৰেল যাতায়াত কেতিয়া কত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত পােন প্রথম ৰেল যাতায়াত ১৮৫৩ খ্রীষ্টাব্দত বােম্বাই আৰু থানেৰ মাজত ২১ কিঃমিঃ পথত ৰেল চলাচলৰ সূচনা হয়।

5)ভাৰতত পােন প্রথম টেলিগ্রাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্রীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথম টেলিগ্রাফ ব্যৱস্থাৰ প্রৱর্তন হয়।

6)ভাৰতত গােন প্রথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল?
উত্তৰঃ ১৭৯৭ খ্রীষ্টাব্দত ইউৰােপীয় মিছনেৰীসকলে শ্ৰীৰামপুৰত প্ৰথমটো ছপাশাল স্থাপন কৰে।

7) কলিকতাৰ প্ৰেছিডেঙ্গী কলেজ প্রথমে কি নামেৰে ক'ত প্রতিষ্ঠা হৈছিল ?
উত্তৰঃ ১৮১৭ খ্রীষ্টাব্দত কলিকতাত হিন্দু কলেজ নামেৰে বৰ্তমানৰ কলিকতাৰ প্রেছিডেন্সী কলেজ প্রতিষ্ঠা হৈছিল।

8) লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযােগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযােগ্য সমাজ সংস্কাৰ হ'ল :
(i) আইনী প্রক্রিয়াৰে সতীদাব প্ৰথাৰ বিলুপ্তি সাধন।
(ii) কন্যা শিশু বধ বন্ধ কৰা তথা বলি-বিধান বন্ধ কৰি ভাৰতীয় মানুহক অন্ধ বিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰা।

9)ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ  ১৭৮০ খ্রীষ্টাব্দত জেমছ আগষ্টাচ হিকিৰ দ্বাৰা প্রকাশিত ইংৰাজী ভাষাৰ সংবাদপত্র বেংগল গেজেট।

চমু/ দীঘল প্রশ্ন উত্তৰ :

1) চিপাহী বিদ্রোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ
লিখা।
উত্তৰঃ  ৰক্ষণশীল মনােভাৱাপন্ন এচাম ক্ষুদ্ধ ভাৰতীয় প্ৰজাই চিপাহী বিদ্রোহৰ প্রতি সমর্থন জনাইছিল যদিও বিদ্ৰোহৰ ব্যর্থতাই এইসকল সংস্কাৰ বিৰােধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল। বিদ্রোহ পৰােক্ষ ফল হিচাপে ভাতীয় সমাজত থকা সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য-সংস্কৃতিৰ প্রতি তেওঁলােক আকর্ষিত হৈছিল। এক কথাত চিপাহী বিদ্রোহৰ পিছত ভাৰতীয় সমাজখনত আধুনিকতাৰ সূচনা হৈছিল। আধুনিকতাৰ পৰশত নব্য শিক্ষিত এচাম ভাৰতীয়ই আত্ম প্রতিষ্ঠাৰ বাবে সজাগ হৈছিল। বিদ্রোহী চিপাহীৰ সাহসিকতা আৰু মনােবলে তেওঁলােকক অনুপ্ৰেৰণা যােগাইছিল। বিদ্ৰোহৰ ব্যর্থতা নিজ চকুৰে প্রত্যক্ষ কৰি তেওঁলােকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নােহােৱা পর্যন্ত জাতীয় আন্দোলন গঢ়ি তােলাটো অসম্ভৱ। এইদৰে চিপাহী বিদ্রোহে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল।

2) উদৰ প্রেৰণ পত্ৰৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰঃ ১৮৫৪ খ্রীষ্টাব্দত চার্লচ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল। উডৰ প্রেৰণ পত্রক আধুনিক শিক্ষাৰ মেনা কার্টা ৰূপে অভিহিত কৰা হয়। এই পত্ৰৰ মূল উদ্দেশ্য আছিল—
(i) প্রাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সু-সংহত আঁচনি নির্ধাৰণ কৰা যাতে চৰকাৰী পদবীসমূহত যথার্থ প্রশিক্ষিত লােকে লাভ কৰিব পাৰে।
(ii) পশ্চিমী সংস্কৃতিৰ প্ৰসাৰ।
(ii) কর্তব্য পালনৰ ক্ষেত্ৰত বৃটিছ ৰাজমুকুটৰ প্রতি আনুগত্য অক্ষুন্ন ৰখা।

3)ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা লােৱা ৬টা কাৰকৰ বিষয়ে
লিখা।
উত্তৰঃ তলত উল্লেখ কৰা কাৰকসমূহে ভাৰতবৰ্ষত জাতীয় জাগৰণ গঢ়ি তােলাত মুখ্য ভূমিকা গ্রহণ কৰিছিল—
(i) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ।
(ii) যাতায়াতৰ উন্নতি।
(iii) ধর্ম আৰু সমাজ সংস্কাৰ আন্দোলন।
(iv) বাতৰি কাকতৰ ভূমিকা।
(v) জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি।
(vi) ভাৰতীয় জাতীয় কংগ্রেছ।

উক্ত কাৰকসমূহৰ চমু বিৱৰণ তলত আগবঢ়োৱা হ'ল—
(i) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱঃ ঊনবিংশ শতিকাৰ প্ৰথমার্ধত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। বৃটিছ চৰকাৰেও আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছিল। ১৮৫৪ খ্রীষ্টাব্দত চার্লচ উডৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হল। পাশ্চাত্য শিক্ষাই বংগবাসীক পােন প্রথম আলােড়িত কৰিছিল। এফালে ৰাজধানী কলিকতাৰ প্রতি আকর্ষণ আৰু আনফালে ইয়াৰ শিক্ষা প্রতি কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়ােটাৰে সান্নিধ্যত তেওঁলােকৰ মন-প্রাণ নৱ আলােকেৰে উদ্ভাসিত হৈ উঠিছিল। তেওঁলােকে পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰােপীয় ব্যক্তিসকলৰ কথা বতৰা, চাল-চলনেও তেওঁলােকক আকৰ্ষণ কৰিছিল। ৰুছে, ভল্টেয়া, বার্ক, মেলে, স্পেনচাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলােকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। জাতীয়তা, শাসন, গণতন্ত্র আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যােগেদি তেওঁলােকৰ মন অজান কৌতুহলেৰে ভৰি পৰিছিল। ছাত্র জীৱন শেষ কৰি উভতি অহাকলে তেওঁলােকৰ নৱচিন্তাৰ আলােক সমাজখনত ছটিয়াই দিছিল।তেওঁলােকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল। পৰাধীনতাৰ পৰা মুক্তি পােৱৰ স্বপ্ন তেওঁলােকে দেখিছিল। কলিকতাত পঢ়ি উঠা শিক্ষিত সমাজখনৰ পৰাই প্রথম জাতীয় চেনাৰ বিকাশ ঘটিছিল। ঈশ্বৰচন্দ্র গুপ্তই পােন প্রথমে স্বদেশ প্রেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্রেম জপাই তুলিছিল। আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা বঙ্কিমচন্দ্র চট্টোপাধ্যায়ে বন্দে মাতৰ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল। কবি ইকবালে স্যাৰে জাহাছে আচ্ছা, হিন্দু ভা হামাৰা আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্রত কৰিছিল।

(ii) যাতায়াতৰ উন্নতিঃ কোম্পানীৰ শাসন আৰম্ভ হােৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ক্রয় কৰিবলৈ আৰু ইংলেণ্ডত প্রস্তুত কৰা শিল্পজাত সামগ্রী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ ভাৰতবৰ্ষৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্রয়ােজন হৈছিল। ফলত বৃটিছ চৰকাৰে অতি কম সময়ৰ ভিতৰতে গ্ৰেণ্ড ট্রাঙ্ক ৰােড, ৰেল যাতায়াত ব্যৱস্থা আদিৰ সূচনা। কৰে। ইয়াৰ উপৰিও ১৮৩৯ খ্রীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্রথম টেলিগ্রাফ ব্যৱস্থাৰ প্রৱর্তন হয়। এনেদৰে আধুনিক যােগাযােগ ব্যৱস্থাইশিক্ষিত ভাৰতীয়ৰ মনৰ দিগন্তপ্ৰসাৰ কৰিছিল।

(iii) ধর্ম আৰু সমাজ সংস্কাৰ আন্দোলনঃ কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্রচলিত ধর্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু। কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্রয়ােজনেৰে পিচ সামাজিক আন্দোলন গঢ়ি তুলিছিল৷ সমাজত নাৰীৰ প্রতি কৰি অহা অৱজ্ঞা, অন্যায় আৰু বঞ্চনাৰ মনােভাৱক ভেটা দি এখন যুক্তিবাদী সু শৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলােকে আগভাগ লৈছিল। আধুনিক। শিক্ষাক আলম হিচাপে লৈ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলােৰে মাজত পৰিচয় কৰাৰ প্রয়াস এই সংস্কাৰ আন্দোলনৰ মাজেৰে ফুটি উঠিছিল। তেনে কিছুমান সংস্কাৰ আন্দোলনৰ কথা হ'ল :
(ক) ৰাজা ৰামমােহন ৰায় আৰু ব্রাহ্ম সমাজ
(খ) স্বামী দয়ানন্দ সৰস্বতী আৰু আর্য সমাজ
(গ) প্রার্থনা সমাজ। প্রতিষ্ঠাপক আছিল কেশৱ চন্দ্র সেন আৰু মূল নেতৃত্ব গ্রহণ কৰিছিল জাষ্টিছ মহাদেৱ গােৱিন্দ ৰাণাডে।
(ঘ) ৰামকৃষ্ণ মিছন আৰু স্বামী বিবেকানন্দ
(ঙ) আন্তঃৰাষ্ট্রীয় অনুষ্ঠান থিয়ছফিয়েল ছাইটি আৰু এনি বেছান্ট
(চ) আলীগড় আন্দোলন : এই আন্দোলনে ভাৰতীয় মুছলমান সমাজক আলীগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি জাতীয়তাবাদী ভাব-চিন্তাৰ সঞ্চাৰ কৰিছিল।

(iv) বাতৰি কাকতৰ ভূমিকাঃ ইংৰাজী ভাষাৰ মাধ্যমত প্রকাশিত বাতৰি কাকতৰ যােগেদি ভাৰত্বৰ্ষত সংবাদ-পত্ৰ ইতিহাসৰ পাতনি মেলা হৈছিল। আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদপত্ৰৰ গুৰুত্ব উপলব্ধি কৰাৰ ফলস্বৰূপে উনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুত কেইখন কাকত প্রকাশ পাইছিল। আঞ্চলিক ভাষাৰ সংবাদপত্রই ভাৰতৰ নৱজাগৰণ তথা জাতীয়তবাদ গঢ়ি তোলাত বিশেষ অৰিহণা যােগাইছিল। দেশীয় ভাষাৰ কাকতসমূহে সামাজ্যবাদী শাসকৰ কাম-কাজবােৰৰ ওপৰত কটু সমালােচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্রকাশিত কাকতসমূহৰ অৱদান সকলােতকৈ বেছি।

(v) জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতিঃ ইণ্ডিয়ান এছচিয়েচনে জাতীয় চেতনাক এটা সৰ্বভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল। বংগীয় নেতা সুৰেন্দ্রনাথ বন্দোপাধ্যায়ে ইণ্ডিয়ান এছচিয়েচন প্রতিষ্ঠা কৰিছিল। এটা সামান্য দোষতে আই চি এছ চাকৰি হেৰুৱাব লগা হােৱা এই নেতাগৰাকীয়ে সমাজ সেৱাৰ মনােবৃত্তিৰে ভাৰতীয়ক একত্রিত কৰাৰ প্রচেষ্টা লৈছিল। আই চি এছ পৰীক্ষাক লৈ তেওঁ আন্দোলন কৰিছিল যদিও তেওঁৰ অন্তর্নিহিত উদ্দেশ্য আছিল ভাৰতীয় জাতীয় জাগৰণক ৰাজনৈতিক জাগৰণৰ ৰূপ দিয়া। এই উদ্দেশ্যেৰে তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি সমগ্ৰ ভাৰতজুৰি জনমত গঠনেৰে ইংৰাজ শাসকৰ ভাৰত বিৰােধী চক্রান্ত প্রচাৰ কৰিছিল।

(vi) ভাৰতীয় জাতীয় কংগ্রেছঃ গৱৰ্ণৰ জেনেৰেল লর্ড ডাফৰিণৰ (১৮৮৪ - ৮৮) কার্যকালত এলেন অক্টোভিয়ান হিউম (১৮২৯ - ১৯১২) নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয়ৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যাে-জা চলাইছিল। হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বােধি এখন মুকলি চিঠিৰে (১ মার্চ, ১৮৮৩ খ্রীঃ) তেওঁলােকক দেশমাতৃৰ সেৱাত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। প্রায় ৫০ জন ছাত্ৰৰ সঁহাৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত হৈছিল। বােম্বাইত এখন মহাসভা আয়ােজন কৰাৰ প্ৰভাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লােৱা হৈছিল। এই সিদ্ধান্তমর্মে ১৮৮৫ খ্রীষ্টাব্দৰ ২৮ ডিচেম্বৰত বােম্বাইত অনুষ্ঠিত মহাসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়। এটা নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন-নিবেদনৰ মাজেৰে ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্রতি মনােযােগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল। কিন্তু পিছলৈ জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়, এটা নৰমপন্থী আৰু আনটো চৰমপন্থী। এইদৰে ওপৰােক্তা কাৰকসমূহে ভাৰতীয়সকলৰ মাজত জাতীয় জাগৰণ গঢ়ি তুলিছিল।

4)ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্রভা হল :
(i)পাশ্চাত্য শিক্ষাৰ মাজেৰে ভাৰতীয়সকলে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ  কথা বতৰা, চাল-চলনেও তেওঁলােকক আকৰ্ষণ কৰিছিল।
(ii) জাতীয়তা, স্বশাসন, গণতন্ত্র আদিৰ বিষয়ে জ্ঞান লাভ কৰি তেওঁলােকৰ মন অজান কৌতুহলেৰে ভৰি পৰিছিল। ছাত্র জীৱন শেষ কৰি উভতি অহাসকলে তেওঁলােকৰ নৱ চিন্তাৰ আলােক সমাজখনত ছটিয়াই দিছিল।
(iii) তেলােকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল।
(iv) পৰাধীনতাৰ পৰা মুক্তি পােৱাৰ স্বপ্ন তেওঁলােকে দেখিছিল।

5) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ
পেলাইছিল লিখা।
উত্তৰঃ
আধুনিক পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাই দ্রুত পৰিৱৰ্তন আনি ভাৰতত জাতীয় চেলা যথেষ্ট অৰিহণা যােগায়। লর্ড ডেলহাউচিৰ দিনত (১৮৪৮-৫৬) কলিকতা-ডায়মণ্ড হার্বাৰৰ মাজত টেলিগ্রাফ লাইন প্রতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছত আগ্রা, বােম্বে আৰু পেছােৱা আদি। লৈ সংলগ্ন কৰা হয়। ডেলিহাউচিৰ দিনতে ডাক-তাঁৰ বিভাগটোও সংগঠন। কৰা হয়। ডেলহাউচিৰ শাসন কালতে ১৮৫৩ চনৰ ১৬ এপ্রিলত বােম্বে। আৰু থানেৰ মাজত ভাৰতৰ প্রথম ৰেল লাইনত ৰে'ল চলাচল কৰিছিল। এইজনা গৱৰ্ণৰ জেনেৰেলেই মটৰ গাড়ী চলাচলৰ বাবেও ৰাস্তা, দলং নিৰ্মাণৰ বাবে এটা কেন্দ্রীয় গড়কাপ্টানি বিভাগ স্থাপন কৰিছিল। কি ভাৰতবর্ষ ৰেল-মটৰ চলাচল কৰাৰ ফলত দেশত বিভিন্ন পৰিৱর্তনে দেখা দিছিল। বিশেষকৈ কৃষিজাত সামগ্ৰীৰ বাণিজ্যিকীকৰণ কৰা সম্ভৱ। হৈছিল। কৃষিৰ উৎপাদিত সামগ্রীনগৰচহৰলৈ, সামুদ্রিক বন্দৰলৈ সহজে নিব পৰা হৈছিল। তাৰােপৰি ধর্মীয় গােড়ামী, জাতিভেদ প্রথা ক্রমে শিথিল হৈ আহিছিল আৰু সংকীর্ণতা আৰু অন্ধবিশ্বাস লগে লগে। আঁতৰিবলৈ আৰম্ভ কৰে। বিভিন্ন ভাষা-ভাষী ধর্ম, জাতৰ মানুহৰ মাজত দেখা-দেখি, ভাব বিনিময় হৈ এক ভাৰতীয় জাতীয়তাৰ ভাব উন্মেষণ হবলৈ ধৰে। ৰে'ল আৰু পৰিবহণে ভাৰবাসীৰ মাজত মিলামিছা কৰাত সহায়ক হৈছিল। ফলত সর্বভাৰতীয় সংগঠন, ৰাজনৈতিক সংগঠনসমূহ গঢ়ি উঠাত সহয়ক হৈছিল। ভাৰতবাসীৰ মাজত ঐক্যতাৰ ভাব গঢ়ি উঠাত যথেষ্ট সহায় হৈছিল।

6) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোেলাত ৰাজা ৰামমােহন ৰায়ৰ অৱদানৰ বিষয়ে
লিখা।
উত্তৰঃ বংগদেশৰ বর্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালতজন্ম গ্রহণ কৰা ৰাজা ৰামমােহন ৰায়েই হৈছে ভাৰত বাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্রথমগৰাকী ব্যক্তি (১৭৭২-১৮৩৩)। তেওঁ ধর্ম,সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলাে দিশতে নৱজাগৰণৰ ভাৱ ছটিয়াই দিছিল।তেঁৱেই আছিল আধুনিক ভাৰত নিৰ্মাণৰ বাটকটীয়া। তেওঁ প্রাচীন ভাৰতীয় সংস্কৃতি, ইছলাম ধৰ্মীয় সংস্কৃতি আৰু ইউৰােপীয় (পাশ্চাত্য) এই তিনিওটা সভ্যতাৰ মহাসমন্বয়ক আঁকোৱালি ভাৰতবৰ্ষত নৱযুগৰ সুচনা কৰিছিল। খ্রীষ্টান ধৰ্মৰ প্ৰচাৰক মিছনেৰীসকলে হিন্দু ধর্মক নিন্দা কৰাত ৰাজা ৰামমােহন ৰায়ে উচিত প্রত্যুত্তৰ দিছিল। সেই উদ্দেশ্যে তেওঁ ব্রাহ্মণ সেবধি আৰু ব্রাহ্মণ মিছনেৰ সংবাদ নামৰে দুখন হাতেলিখা পুস্তিকা উলিয়াই তাৰ যােগেদি হিন্দু ধৰ্মৰ ঐতিহা আৰু পৰম্পৰাৰ ওপৰত কেৰাটাই প্রবন্ধ লিখি হি, আৰু খ্রীষ্টান ধৰ্মৰ মাজত যে কোনাে আদর্শগত প্রভেদ নাই, তাক প্রতীয়মান কৰিছিল। হিন্দু ধর্ম নিকা ভাবমূর্তি প্রকাশৰ বাবে তেওঁ ১৮১৫ খ্রীষ্টাব্দত কলিকতাত আত্মীয় সভা” নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। ১৮২৮ খ্রীষ্টাব্দত তেওঁ ব্রাহ্ম সভা" নামৰ আন এটা অনুষ্ঠান। স্থাপন কৰিছিল। এই অনুষ্ঠানটো পিছলৈ ব্রাহ্ম সমাজ” নামেৰে জনাজাত হয়। তেওঁ ভাৰতীয় প্রাচীন উপনিষদসমূহ মাতৃভাষালৈ অনুবাদ কৰি হিন্দু ধর্মৰ সহ-সৰল বিশ্লেষণ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। এই কামৰ মাজেদি তেওঁ বঙলা ভাষা-সাহিত্যৰ উন্নতি কৰাৰ লগতে গােড়া ৰক্ষণশীল হিন্দু পুৰােহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কুসংস্কাৰবিলাক প্রকাশ কৰি জনমানসত প্রবল আলােড়ন সৃষ্টি কৰিছিল। তেওঁ হিন্দু ধৰ্মৰ মূল গ্রন্থ বেদ আৰু উপনিষদৰ ওপৰত গভীৰ অধ্যয়ন চলাই প্রাচীন হিন্দুসকলেও একেশ্বৰ বাদত বিশ্বাসী বুলি এই সিদ্ধান্তত উপনীত হৈছিল। তেওঁৰ মতে ঈশ্বৰ এজন আৰু তেওঁ নিৰাকাৰ। ৰাজা ৰামমােহন ৰায় আছিল এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। তেওঁ বাল্য বিবাহ, পর্দা প্রথা, বহু বিবাহ আদিৰ বিৰােধিতা কৰিছিল। বিধবা বিবাহ আৰু অসবর্ণ বিবাহক তেওঁ সামাজিক স্বীকৃতি দিয়াইছিল। তেওঁৰ সহযােগত গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিংকে (১৮২৮-৩৫) সতীদাহ প্রথা বিলুপ্তি ঘটাইছিল। তেওঁ স্ত্রী-শিক্ষাৰ বিভাৰত মনােযােগ দিয়াৰ লগতে নাৰী সকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহে-কেহে ঘটিছিল। ডেভিদ হেয়াৰৰ সৈতে লগ লাগি ভাৰতত পশ্চিমীয়া শিক্ষা বিভাৰৰ কাৰণে ১৮১৭ খ্রীষ্টাব্দত কিলকতাত হিন্দু কলেজ প্রতিষ্ঠা কৰিছিল। এই কলেজখনেই পিছলৈ প্রেছিডেন্সি কলেজ। (১৮৫৪ খ্রীষ্টাব্দত) নামেৰে জনাজাত হৈছিল। ৰাজা ৰামমােহন ৰায়ে ভাৰতত উদাৰনৈতিক শাসন প্রৱর্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনােৱাৰ লগতে কাপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰ, দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ । সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। খেতিয়কসকলৰ আর্থিক অৱস্থা উন্নত কৰিবলৈ বর্ধিত ভূমিৰ কৰ উঠাই দিবলৈ আহ্বান জনাইছিল। তেওঁ ১৮৩৩ খ্রীষ্টাব্দত ব্রিটিছ হাউছ অব কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনলৈ গৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলােচনা কৰি চনৰূপায়ণৰ পৰামর্শ আগবঢ়াইছিল। ৰায়ে দ্বাৰকানাথ ঠাকুৰ, প্রসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰিজয়। আদিক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। ৰাজা ৰামমােহন ৰায় আধুনিক ভাৰতৰ জন্মদাতা আছিল। আধুনিকতাৰ পৰশ তেওঁ সকলােক্ষেত্রলৈ সমানে ছটিয়াইছিল

7) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ
সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে (১৮২৪-৮৩) পঞ্জাৱত আর্য সমাজ (১৮৭৫) প্রতিষ্ঠা কৰিছিল। এই সমাজেও মূর্তি পূজা অসাৰ বুলি কৈ এক ঈশ্বৰক বিশ্বাস কৰিছিল। এই সমাজে বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহ আদিক সামাজিক ব্যাধি বুলি জনসমাজত প্ৰচাৰ কৰিছিল। এই সমাজে বিধৱা বিবাহ, স্ত্রী শিক্ষা বিস্তাৰত আগভাগ লৈছিল। স্বামী দয়ানন্দৰ মতে বেদত যি লিখা আছে সেয়াই ধর্ম। বেদলৈ উভতি যােৱা এইটো তেওঁৰ মহৎ বাণী আছিল। স্বামী দয়ানন্দই প্রথম ধর্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধর্মীয় লােকক ইচ্ছা অনুসাৰে হিন্দু ধর্ম
গ্রহণত অনুমতি প্রদান। কৰিছিল। তেওঁ খ্রীষ্টান আৰু ইছলাম ধৰ্মৰ অগ্রগতি ৰােধ কৰি এখন প্রগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্রণী ভূমিকা লৈছিল। ভাৰতৰ বিভিন্ন ঠাইত আর্য সমাজৰ শাখা স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল।

8) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােত কেশৱচন্দ্র সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ
ব্রাহ্ম বান্ধৱ কেশৱ চন্দ্র সেনে বঙ্গৰ ব্রাহ্ম আন্দোলনক। সর্বভাৰতীয় আন্দোলনত পৰিণত কৰিবৰ বাবে দেশৰ বিভিন্ন ঠাইলৈ গৈছিল। ১৮৬৪ খ্রীষ্টাব্দত তেওঁ বােম্বাই ভ্ৰমণ কৰে। তাৰে ফলশ্রুতি হিচাপে পুনাত ১৮৬৭ খ্রীষ্টাব্দত ব্রাহ্ম সমাজৰ প্রেৰণাৰে প্রার্থনা সমাজ প্রতিষ্ঠিত হয়। পৰম্পৰাগত মহাৰাষ্ট্ৰীয় সমাজখনক এক গতিশীল অৱস্থালৈ নিয়াৰ কথাই আছিল প্রার্থনা সমাজৰ মূল লক্ষ্য। শিক্ষা বিস্তাৰ, জাতি-ভেদ দূৰ কৰা, বিধৱা বিবাহ প্রচলন, বাল্য বিবাহ বন্ধ কৰা, পর্দা প্রথা বিলােপ ঘটোৱা, নাৰীমুক্তি আৰু স্ত্রী শিক্ষাৰ সম্প্ৰসাৰণ আদি সামাজিক সংস্কাৰৰ কাৰ্যসূচী লৈ ‘প্রার্থনা সভাৰ’ সদস্যসকলে পশ্চিম ভাৰতত এক সামাজিক জাগৰণ গঢ়ি তােলে। সামাজিক, অর্থনৈতিক, ধর্মীয় আৰু সাংস্কৃতিক দিশত এক সামগ্রিক সংস্কাৰ সাধনৰ কথা প্রার্থনা সমাজে দাঙি ধৰিছিল। প্রার্থনা সমাজৰ উদ্যোক্তাসকলৰ মূল চেষ্টাই আছিল মহাৰাষ্ট্ৰত নৱজাগৰণৰ সৃষ্টি আৰু তাক সার্থক কৰি তােলা। এনেদৰে কেশৱ চন্দ্র সেনে প্রার্থনা সমাজ প্রতিষ্ঠা কৰি। সামাজিক, অর্থনৈতিক, ধর্মীয় আৰু সাংস্কৃতিক সংস্কাৰৰ মাজেদি সমগ্র দক্ষিণ ভাৰতত জাতীয় জাগৰণ গঢ়ি তােলাত অৱদান যােগাইছিল।


9)ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী সহজ সৰল ব্যক্তি। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্র বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকর্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল। গুৰুৰ পৰলােক প্রাপ্তিৰ পিছত তেওঁ এটা মঠ প্রতিষ্ঠা কৰিছিল আৰু তেওঁৰ আদর্শ দেশেবিদেশে বিস্তাৰ কৰিছিল। ৰামকৃষ্ণ মিছনৰ বিশেষত্ব আছিল ভাৰতীয়ৰ মনত স্বদেশ প্রেম সঞ্চাৰ কৰা, ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তােলা আৰু ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা । এইদৰে ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শই ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত অৱদান যােগাইছিল।

10) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত এনি বেছাল্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ
ভাৰতীয় জাতীয় জাগৰণ গঢ়ি ভােলাত এনি বেছান্টৰ ভূমিকা অতি গুৰুত্বপূর্ণ। ১৮৭৫ খ্রীষ্টাব্দত আমেৰিকাৰ নিউয়র্ক চহপ্ত প্রতিষ্ঠিত থিয় ছফিকেল ছ'চাইটি হৈছে এটা আন্তঃৰাষ্ট্রীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ শাখা কার্যালয়। ১৮৮৫ খ্রীষ্টাব্দত মাদ্রাজত মুকলি কৰা হয়। এই অনুষ্ঠানটো জনপ্রিয় কৰি তুলিছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে। ম এনি বেছান্টে সমাজ সেৱাৰ মাজেৰে প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওৰত মনােনিবেশ কৰিছিল। 1907 খ্রীষ্টাব্দত এনি বেছান্টে বাৰাণসীত প্রতিষ্ঠা কৰা ‘চেস্ট্রেল হিন্দু কলেজখনেই ১৯১৫ খ্রীষ্টাব্দত কাশী
বিশ্ববিদ্যালয় নামেৰে পৰিচিত হয়। এনি বেছান্টে ভাৰতবৰ্ষক নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁৰ কর্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যােগাইছিল। ১৯১৬ খ্রীষ্টাব্দত ‘হােমৰুল লীগ প্রতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্ব-শাসনৰ প্ৰয়ােজনীয়তা প্রচাৰ কৰিছিল।

11) আলীগড় আন্দোলন কি ? এই আন্দোলনে মুছলমানসকলক, কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰঃ
ভাৰতীয় মুছলমান সমাজক আলীগড় অনুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলােকৰ মাজত জাতীয়তাবাদী ভাব - চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয়। ছাৰ ছৈয়দ আহমদ খানে মুছলমান সমাজক আধুনিক চিন্তা-চৰ্চাৰে পুনৰুজ্জীৱিত কৰি তুলিবলৈ ১৮৬৪ খ্রীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী - আদর্শ বিদ্যালয় স্থাপন কৰে। ছাৰ ছৈয়দ আহমদ খানে মুছলমান সকলক আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল। তেওঁ ১৮৬৫ খ্রীষ্টাব্দত বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান প্রতিষ্ঠা কৰি তেওঁ ইংৰাজী ভাষাৰ এ কেইখনমান গ্রন্থ উর্দু ভাষালৈ অনুবাদ কৰে। তেওঁ ১৮৭৫ খ্রীষ্টাব্দত - প্রতিষ্ঠা কৰা মহম্মদান এংলাে ইণ্ডিয়ান কলেজে অতি কম সময়ৰ ভিতৰতে পাশ্চাত্য-সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চর্চাৰ এটা অন্যতম। কেন্দ্র হৈ পৰিছিল। ছৈয়দ মহম্মদ খানে আলিগড়ত স্থাপন কৰা শিক্ষানুষ্ঠানটোৰ যােগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। জাতীয় কংগ্ৰেছ প্রতিষ্ঠাৰ পিছত কংগ্ৰেছৰ সমভাবাপন্ন আন এটা জীতায় অনুষ্ঠান গঢ়ি তােলাৰ বাবে আলীগড় মহম্মদান এংলাে ইণ্ডিয়ান কলেজে বিশেষ বৰঙণি যােগাইছিল। এই ক্ষেত্ৰত কলেজ অধ্যক্ষ থিওডােৰ বেগে বিশেষ আগভাগ লৈছিল। এই অনুষ্ঠানটোৰ যােগেদি ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা সংস্কৃতিলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্রহণ কৰি সমাজক বহু পৰিমাণে কু-সংস্কাৰৰ পৰা মুক্ত কৰিছিল। ১৯২০ খ্রীষ্টাব্দত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল।

12) বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত। জাতীয়তাবাদী চিন্তাৰ
উদ্রেক ঘটাইছিল বর্ণনা কৰা।
উত্তৰঃ
আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই সংবাদ-পত্ৰৰ গুৰউত্ব উপলব্দি কৰাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহূত কেইখন কাকত প্রকাশ পাইছিল।দেশীয় ভাষাৰ কাকতসমূহে সাম্রাজ্যবাদী শাসকৰ কাম-কাজবােৰৰ ওপৰত কটু সমালােচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। এই ক্ষেত্ৰত বংগদেশৰ পৰা প্রকাশিত কাকতসমূহৰ অৱদান সকলােতকৈ বেছি। ঊনবিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্রচাৰিত কাকত বংগ দর্শন’, ‘সঞ্জীৱনী’, ‘আৰ্য দর্শন, অমৃত বাজাৰ পত্রিকা’ আদি কাকতে ভাৰতীয়ৰ মাজত জাতীয় সত্তা বিকাশত গুৰুত্বপূর্ণ ভূমিকা লৈছিল। এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শােষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল। ১৮৬১ খ্রীষ্টাব্দৰ পৰা ভাৰতবৰ্ষৰ বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। দুর্বিক্ষৰ কৱলত বহুতাে ভাৰতীয়ই মৃত্যুক সাৱটি ল'ব লগা হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনাে ব্যৱস্থা নােলােৱাত দেশীয় ভাষাৰ কাকত সমূহে লর্ড লিটন আৰু তেওঁৰ তলতীয়া প্রাদেশিক শাসকসকলক চোকা সমালােচনা কৰিছিল। লিটনে ইয়াৰ বাবে দেশীয় ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ প্রয়ােগ কৰিবলৈ ১৮৭৮ খ্রীষ্টাব্দত কুখ্যাত ‘প্রেছ আইন’ জাৰি কৰিছিল। এই প্রেছ আইনে ভাৰতীয়সকলক ক্ষুদ্ধ কৰিছিল। ভাৰতীয়সকলে ক্রমান্বয়ে আত্মমর্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল।


13) ভাৰতীয় জাতীয় কংগ্রেছৰ জন্মৰ ইতিহাস সম্পর্কে এটি চমু টোকা লিখা।
উত্তৰঃ
১৮৮৫ চন ভাৰত বুৰঞ্জীৰ এক স্মৰণীয় বছৰ। সেই বছৰতে ভাৰতীয় জতীয় কংগ্রেছ নামৰ এটি
অনুষ্ঠানৰ জন্ম হয়। অৱশ্যে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শােষণৰ কাৰণে ভাৰতত ৰাজনৈতিক
অনুষ্ঠান গঢ়ি উঠা দেখা যায়। সেইবােৰ আছিল ১৮৩৭ চনত কলিকতাৰ জনিদাৰসকলে
তেওঁলােকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ জমিদাৰী এছচিয়েচন নামৰ এটা অনুষ্ঠান গঢ়ি তােলে। ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পিছত ভাৰতত কেইবাটাও বিখ্যাত ৰাজনৈতিক অনুষ্ঠানৰ জন্ম হয়। এইবােৰৰ ভিতৰত পুনাৰ ‘সার্বজনিক সভা’, বংগদেশৰ ইষ্ট ইণ্ডিয়া এছচিয়েচন, মাদ্ৰাজৰ মহাজনসভা আৰু বম্বেৰ প্রেচিডেন্সি এছচিয়েচনৰ নাম উল্লেখ কৰিব পাৰি। কিন্তু এই সকলােবােৰৰ ভিতৰত সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে প্রতিষ্ঠা কৰা ইণ্ডিয়ান এছচিয়েচনেই আছিল অধিক প্রসিদ্ধ। ইতিমধ্যে ভাৰতবাসীৰ সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক -অৱস্থাৰ উন্নতি সাধনৰ বাবে এখন সর্বভাৰতীয় জাতীয় অনুষ্ঠান সংগঠন। - কৰিবলৈ অৱসৰপ্ৰাপ্ত আই. চি. এছ. বিষয়া এলেন অক্টোভিয়ান হিউমে - চেষ্ট কৰে। ১৮৮৩ চনৰ ১ মার্চ তাৰিখে শিক্ষিত ভাৰতীয় সমাজৰ প্রতীক হিচাপে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক ডিগ্রিধাৰী সকলক লৈ দেশমাতাৰ সেৱাৰ বাবে সঁহাৰি বিচাৰি এখন চিঠি লিখে। তাৰ ফলস্বৰূপে ১৮৮৫ চনৰ ২৮ ডিচেম্বৰ তাৰিখে বম্বেত ইণ্ডিয়ান নেচনেল কংগ্ৰেছ বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্রথম অধিৱেশন অনুষ্ঠিত হয়। দেশৰ বিভিন্ন প্রাক্তৰ ৫০জন প্রতিনিধিয়ে ইয়াত যােগদান কৰে। উমেশচন্দ্র বেনাৰ্জীয়ে ইয়াত সভাপতিত্ব কৰিছিল।

14)ভাৰতীয় জাতীয় কংগ্রেছৰ কার্যাৱলী আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ
ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল ইংৰাজ শাসক আৰু বৃটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পর্ক বজাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয়ই প্রতিনিধিত্ব কৰা। এই উদ্দেশ্যে ১৮৯০ খ্রীষ্টাব্দত সুৰেন্দ্রনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত এটা সঁজাতী দল ইলেংগুলৈ যায়। কিন্তু ১৮৯২ খ্রীষ্টাব্দত ভাৰত পৰিষদ আইনে কার্যতঃ ভাৰতীয়ক একো নিদিয়াত জাতীয় কংগ্ৰেছ হতাশ হৈ পৰিছিল। শান্তিপূর্ণ উপায়েৰে ব্রিটিছৰ পৰা একো নােপােৱাত কংগ্ৰেছৰ এচাম নেতাই প্রচলিত চিন্তাধাৰাৰ বিপৰীতে গৈছিল। কংগ্ৰেছৰ ভিতৰতে এটা নতুন শক্তিৰ উদ্ভৱ হৈছিল। তেওঁলােকে ব্রিটিছৰ বিৰুদ্ধে সষ্টম হ'বলৈ সকলােকে সকীয়াই দিছিল।১৯০৫ খ্রীষ্টাব্দত জাপানৰ হাতত ৰুছিয়াৰ পৰাজায় আৰু বংগভংগ ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচ'ৰাত এক চাঞ্চল্য সৃষ্টি কৰিছিল। এছিয়াৰ ক্ষুদ্ৰশক্তি জাপানে শক্তিশালী ৰাষ্ট্র ৰুছিয়াক পৰাস্ত কৰাৰ ঘটনাই ভাৰতৰ জাতীয়তাবাদী সকলৰ মনত সংগ্রামী চেতনা জাগ্রত কৰিছিল। আনহাতে লর্ড কার্জনৰ (১৮৯৯-১৯০৫) বংগদেশক দ্বিখণ্ডিত কৰাৰ সিদ্ধান্তই জাতীয়তাবাদীসকলৰ অন্তৰত তীব্ৰ ইংৰাজ বিৰােধী মনােভাৱ জাগ্রত কৰিছিল। ১৯০৫ খ্রীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গােপালকৃষ্ণ গােখলেৰ নৰম সুৰৰ ভাষণ বিপিনচন্দ্র পালে বিৰােধিতা কৰিছিল। বিপিনচন্দ্র পালে স্বদেশী কাৰ্যসূচীক গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল। ফলত কংগ্ৰেছৰ মাজত মতানৈক্য ঘটিল। ১৯০৬ খ্রীষ্টাব্দত দাদাভাই নৌৰজীৰ সভাপতিত্বত কলিকতাত অনুষ্ঠিত হােৱা জাতীয় কংগ্ৰেছৰ অধিবেশনে স্বদেশী আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰাত পৰিস্থিতিৰ কিছু পৰিৱর্তন হয়। কিন্তু ১৯০৭ খ্রীষ্টাব্দত ৰাসবিহাৰী ঘােষৰ সভাপতিত্বত চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছে চৰমপন্থী আৰু নৰমপন্থী দুটা শিবিৰত বিভক্ত হয়। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক (১৮৫৬- ১৯২০), লালা লাজপত ৰায় (১৮৬৫-১৯২৮) আৰু বিপিনচন্দ্র পাল (১৮৫৮-১৯৩২)। এই তিনিজনক একেলগে লাল-বাল-পাল বােলা হৈছিল। চৰমপন্থী দলে অৰবিন্দ ঘােষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। ১৯১৬ খ্রীষ্টাব্দলৈকে চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল।
-------------x---------------

অতিৰিক্ত সম্ভাব্য প্রশ্ন :

1) তলত দিয়াবােৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা ?

A) বন্দে মাতৰ গীতটোৰ ৰচক আছিল
(a) ৰবীন্দ্রনাথ ঠাকুর
(b) স্বামী বিবেকানন্দ
(c) বঙ্কিম চন্দ্র চেটার্জী
(d) লক্ষীনাথ বেজবৰুৱা।
উত্তৰঃ c) বঙ্কিম চন্দ্র চেটার্জী।

B) স্বামী বিবেকানন্দৰ প্ৰকৃত নাম
(a) নৰেন্দ্ৰনাথ দত্ত
(b) বীৰেন্দ্ৰনাথ দত্ত
(c) গােপাল কৃষ্ণ গােখলে
(d) সুৰেন্দ্ৰ নাথ ঠাকুৰ।
উত্তৰঃ (a) নৰেন্দ্ৰনাথ দত্ত


C) টেলিগ্রাফ ব্যৱস্থা চৰকাৰী নিয়ন্ত্ৰণলৈ অনা হৈছিল
(a) ১৮৫১ চনত
(b) ১৮৪১ চনত
(c) ১৮৫৩ চনত
(d). ১৮৫৭ চনত
উত্তৰঃ (a) ১৮৫১ চনত

D) প্রথমটো ছাপাখানা স্থাপন কৰা হৈছিল
(a) ১৭৯৭ খ্রীষ্টাব্দত
(b) ১৭৭৯ খ্রীষ্টাব্দত
(c) ১৭১৭ খ্রীষ্টাব্দত
(d) ১৭০৭ খ্রীষ্টাব্দত
উত্তৰঃ a) ১৭৯৭ খ্রীষ্টাব্দত।

E) বেংগল গেজেট” নামৰ সংবাদ পত্ৰখন প্ৰকাশ পাইছিল
(a) ১৭৮০ খ্রীষ্টাব্দত।
(b) ১৭৯০ খ্রীষ্টাব্দত
(c) ১৭০৮ খ্রীষ্টাব্দত
(d) ১৭০৯ খ্রীষ্টাব্দত
উত্তৰঃ  a) ১৭৮০ খ্রীষ্টাব্দত।

F) প্ৰেছ ৰেগুলেচন এক্ট' প্রয়ােগ কৰা হৈছিল
(a) ১৭৯০ চনত
(b) ১৭৯১ চনত
(c) ১৭৮৮ চনত
(d) ১৭৯৯ চনত
উত্তৰঃ (d) ১৭৯৯ চনত

G) ১৮৫৩ খ্রীষ্টাব্দৰ বােম্বে আৰু থানেৰ মাজত মুকলি কৰা প্ৰথমটো ৰেল লাইনৰ দৈর্ঘ্য আছিল
(a) ৫০ কিঃমিঃ
(b) ৪৫ কিঃমিঃ
(c) ৩৯ কিঃমিঃ
(d) ২১ কিঃমিঃ
উত্তৰঃ (d) ২১ কিঃমিঃ।

(H) আলীগড় মহম্মদ এংলাে ইণ্ডিয়ান কলেজ প্রতিষ্ঠা কৰা হৈছিল
(a) ১৮৭৫ খ্রীষ্টাব্দত
(b) ১৮৫৭ খ্রীষ্টাৰত
(c) ১৮০৫ খ্রীষ্টাব্দত
(d) ১৮০৭ খ্রীষ্টাব্দত
উত্তৰঃ  (a) ১৮৭৫ খ্রীষ্টাব্দত।

(I) আলীগড় মহম্মদ এংলাে ইণ্ডিয়ান কলেজ আলীগড় বিশ্ববিদ্যালয়ত পৰিণত হয়
(a) ১৯২০ খ্রীষ্টাব্দত
(b) ১৯১০ খ্রীষ্টাব্দত
(c) ১৯২১ খ্রীষ্টাব্দত
(d) ১৯২২ খ্রীষ্টাব্দত।
উত্তৰঃ (a) ১৯২০ খ্রীষ্টাব্দত।

(J) দেশীয় ভাষাৰ বাতৰিকাকতৰ নিষিদ্ধকৰণ আইন কোনজন গৱৰ্ণৰ জেনেৰেল আৰু
ভাইচৰয়ৰ দিনত গ্ৰহণ কৰা হৈছিল?
(a) লর্ড কার্জন
(b) লর্ড ৰিপন।
(c) লর্ড লিটুন।
(d) লর্ড ডেলহাউচি।
উত্তৰঃ (c) লর্ড লিটুন।

2) কোনজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াই পলাচী যুদ্ধত ৰংগৰ নৰাৰক পৰাস্ত
কৰিছিল?
উত্তৰঃ  ৰবার্ট ক্লাইব।

3) কেতিয়া আৰু কাৰ প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল?
উত্তৰঃ  ১৮৫৪ খ্রীষ্টাব্দত চালর্চ উডৰ প্ৰচেষ্টাত।

4)কোনে বন্দে মাতৰ গীতেৰে মাতৃভূমিক বচোৱাৰ আহ্বান জনাইছিল?
উত্তৰঃ বঙ্কিমচন্দ্র চট্টোপাধ্যায়ে।

5)ভাৰতবৰ্ষত যাতায়াত ব্যৱস্থা উন্নত কৰাৰ প্ৰয়ােজনীয়তা কিয় অনুভৱ কৰা
হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ কেঁচা সামগ্রী ক্রয় কৰিবলৈ আৰু ইংলেণ্ডত প্রস্তুত কৰা শিল্পজাত সামগ্রী ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ।

6) গ্রেণ্ড ট্রাঙ্ক ৰােড কেতিয়া আৰু কত নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ ১৮৩৯ খ্রীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ।

7) ভাৰতবাসীৰ মাজলৈ ভাৰতীয় জাগৰণ কঢ়িয়াই অনা প্রথম গৰাকী ব্যক্তিৰ নাম
কি আছিল?
উত্তৰঃ ৰাজা ৰামমােহন ৰায়।

8) ৰাজা ৰামমােহন ৰায়ে প্রকাশ কৰা হাতেলিখা পুস্তিকা দুখনৰ নাম লিখা।
উত্তৰঃ ব্রাহ্মণ সেবধি আৰু ব্রাহ্মণ মিছনেৰী সংবাদ।

9) ব্রাহ্ম সভা' নামৰ অনুষ্ঠানটো কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ১৮২৬ খ্রীষ্টাব্দত।

10) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতবৰ্ষত প্রচলিত সতীদাহ প্রথা আইনী
প্রক্রিয়াৰে নিমূল কৰিছিল?
উত্তৰঃ লর্ড ইউলিয়াম বেন্টিংকে।

11)আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক জনা যায়?
উত্তৰঃ ৰাজা ৰামমােহন ৰায়ক।

12)আর্য সমাজৰ প্ৰতিষ্ঠাপক, কোন আছিল?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী।

13) বেদলৈ উভতি যােৱা এই বাণী কোনে প্রচাৰ কৰিছিল আৰু কিয়?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে। তেওঁৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধর্ম।

14) পলাচী যুদ্ধ কেতিয়া হৈছিল আৰু যুদ্ধৰ সময়ত বংগৰ নবাৱ কোন আছিল?
উত্তৰঃ ১৭৫৭ খ্রীষ্টাব্দত। সেই সময়ত বংগৰ নবাৱ আছিল চিৰাজুদ্দেীলা।

15) প্রার্থনা সমাজ কেতিয়া কন্ত আৰু কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৮৬৭ খ্রীষ্টাব্দত, মহাৰাষ্ট্ৰত কেশবচন্দ্র সেনে প্রার্থনা সমাজ

16) প্রার্থনা সমাজৰ মূল নেতৃত্ব কোনে গ্ৰহণ কৰিছিল ?
উত্তৰঃ জাষ্টিছ মহাদেৱ গােস্বামীয়ে।

17) ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল।
উত্তৰঃ স্বামী বিবেকানন্দ।।

18) থিয়'ছফিকেল ছ'চাইটি কেতিয়া আৰুকান্ত প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৮৭৫ খ্রীষ্টাব্দত আমেৰিকাৰ নিউয়র্ক চহৰত।

19) থিয়"ছফিকেল ছ'চাইটিৰ শাখা কার্যালয় ভাৰতত কেতিয়া আৰু ক'ত মুকলি
কৰা হৈছিল?
উত্তৰঃ ১৮৮৫ খ্রীষ্টাব্দত মাদ্রাজত।

20)ভাৰতবৰ্ষত থিয়ছফিকেল ছ'চাইটি জনপ্রিয় কৰি কোনে তুলিছিল?
উত্তৰঃ আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে।।

21)চেস্ট্রেল হিন্দু স্কুল’ কোনে, কেতিয়া, কত প্রতিষ্ঠা কৰে?
উত্তৰঃ এনি বেছান্টে ১৭৫৭ খ্রীষ্টাব্দত বাৰাণসীত প্রতিষ্ঠা কৰে।

22) হােমৰুল লীগ’ কোনে কেতিয়া প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১৯১৬ খ্রীষ্টাব্দত এনি বেছান্টে।

23) জাতীয় কংগ্রেছৰ প্রথম মহিলা সভাপতি কোন আছিল?
উত্তৰঃ এনি বেছান্ট।

24) ইণ্ডিয়ান এছচিয়েচন কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।

25) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৮৮৫ খ্রীষ্টাব্দৰ ২৮ ডিচেম্বৰত।

26) ৰংগ ভংগ আন্দোলন কোনে কেতিয়া প্রয়ােগ কৰিছিল?
উত্তৰঃ ১৯০৯ খ্রীষ্টাব্দত লর্ড কার্জনে।।

27) কংগ্ৰেছৰ শিবিৰ দুটাৰ নাম কি কি?
উত্তৰঃ চমপন্থী আৰু নৰমপন্থী।

28) ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি কোন আছিল
উত্তৰঃ দাদাভাই নৌৰঞ্জী।

29) স্বৰাজ আমাৰ জন্মস্বত্ব’ এইবাক্যশাৰী কোনে কেতিয়া কৈছিল?
উত্তৰঃ ১৯০৬ খ্রীষ্টাব্দৰ কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত দাদাভাই নৌৰজীয়ে কৈছিল।

30) ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ শব্দটোৰ প্রথম প্রয়ােগ কোনে কৰিছিল?
উত্তৰঃ দাদাভাই নৌৰজীয়ে।

31) নৌৰজীৰ দৃষ্টিত স্বৰাজ মানে কি আছিল?
উত্তৰঃ স্বায়ত্ত শাসনৰ এটা কাপ।

32) কাৰ প্ৰচেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰঃ অক্টোভিয়ান হিউম।

33) চার্লচ উডৰ প্রেৰণ পত্ৰক আধুনিক শিক্ষাৰ কি হিচাপে আখ্যা দিয়া হৈছিল?
উত্তৰঃ মেগনা কাটা।

34) ভাৰতত আধুনিক ইংৰাজী শিক্ষাৰ বাটকটীয়া কোন?
উত্তৰঃ থমাছ বেবিংটন মেকলে।

35) আগ্রাক কলিকলাৰ সৈতে টেলিগ্রাফ লাইনেৰে কিমান চত সংলগ্ন কৰা হৈছিল?
উত্তৰঃ ১৮৫৩ চনত।

36) অসমত কেতিয়া আৰু ক'ত ৰেল যােগাযােগ আৰম্ভ হয়?
উত্তৰঃ ১৮৮৩ খ্রীষ্টাব্দত শদিয়াৰ পৰা ডিব্রুগড়লৈকে।

37) ভাৰতত সংবাদপত্র প্রকাশৰ বাটকটীয়া কোন আছিল?
উত্তৰঃ উইলিয়াম হিকি।

38) আধুনিক পৰিবহন যােগাযােগ ব্যৱস্থাৰ প্ৰৱর্তন কেতিয়া হৈছিল?
উত্তৰঃ ঊনবিংশ শতিকাৰ দ্বিতীয়ার্ধত।

39) আধুনিক পৰিবহন আৰু যােগাযােগ ব্যৱস্থা প্ৰৱর্তনৰ ক্ষেত্ৰত কোনে গুৰুত্বপূর্ণ
পদক্ষেপ লৈছিল?
উত্তৰঃ লর্ড ডেলহাউচিয়ে।

40) অসমত কিয় ৰেল যােগাযােগ আৰম্ভ কৰা হৈছিল?
উত্তৰঃ অসমত চাহপাত উৎপন্ন আৰু ব্যৱসায় সম্প্ৰসাৰণৰ দিশটোৰ চিন্তা কৰিয়ে ৰেল যােগাযােগ আৰম্ভ কৰা হৈছিল।

41) শুদ্ধি কি?
উত্তৰঃ আর্য সমাজে ধর্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ইয়াকে ‘শুদ্ধি’ বুলি জনা যায়। হিন্দু ধর্ম আগতে অহিন্দু লােকক হিন্দু ধৰ্মত দীক্ষা দিয়াৰ কোনাে প্রথা বা নিয়ম নাছিল। স্বামী বিবেকানন্দই প্রথম প্রথম ধর্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধর্মীয় লােকক ইচ্ছা অনুসাৰে হিন্দু ধর্ম গ্রহণত অনুমতি প্রদান কৰিছিল।

42) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলা তােলা এটা মুখ্য কাৰক হিচাপে ধৰ্ম আৰু
সমাজ সংস্কাৰ আন্দোলনৰ বিষয়ে বহলাই আলােচনা কৰা৷
উত্তৰঃ কেইগৰাকীমান মহান ব্যক্তিয়ে সমাজত প্রচলিত ধর্মীয় অন্ধবিশ্বাস, অশুভ পৰম্পৰা আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনমত গঠন কৰি নিকা সমাজ গঠনৰ প্রয়ােজনেৰে সামাজিক আন্দোলন গঢ়ি তুলিছিল। সমাজত নাৰীৰ প্ৰতি কৰি অহা অৱজ্ঞা, অন্যায় আৰু বঞ্চনাৰ মনােভাবক ভেটা দি এখন যুক্তিবাদী সুশৃংখলিত সমাজ গঠন কৰিবলৈ তেওঁলােকে আগভাগ লৈছিল। আধুনিক শিক্ষাক আলম হিচাপে লৈৰ ভাৰতৰ গৌৰৱময় ঐতিহ্যক সকলােৰে মাজত পৰিচয় কৰাৰ প্ৰয়াস এই সংস্কাৰ
আন্দোলনৰ মাজেৰে ফুটি উঠিছিল।

(ক) ৰাজা ৰামমােহন ৰায় আৰু ব্রাহ্ম সমাজঃ ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্রথমগৰাকী ব্যক্তিৰ নাম হৈছে। ৰাজা ৰামমােহন ৰায়। তেওঁ হিন্দু ধর্ম আৰু খ্রীষ্টান ধৰ্মৰ মাজত কোনাে আদর্শগত পার্থক্য নাই বুলি তেওঁৰ লিখনিৰ মাজেৰে প্ৰমাণ কৰিছিল। হিন্দু ধর্মত দেখা পােৱা দোষ-ত্রুটিসমূহ পৰৱর্তী যুগৰ ধৰ্মীয় নেতাসকলে। নিজাকৈ তৈয়াৰ কৰা ভুল আচাৰ বুলিহে তেওঁ জনমানসত প্রচাৰ কৰিছিল। আত্মৰক্ষাৰ মনােবৃত্তিৰে হিন্দু ধর্মক সজীৱ কৰি তােলাৰ উদ্দেশ্যে ধর্মীয় সংস্কাৰৰ প্ৰতি তেওঁ মনােযােগ দিছিল। হিন্দু ধর্ম নিকা ভাবমূর্তি প্রকাশ উদ্দেশ্যে
তেওঁ ১৮১৫ খ্রীষ্টাব্দত কলিকতাত আত্মীয় সভা” নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল। ১৮২৮ খ্রীষ্টাব্দত ব্রাহ্মসভা” নামৰ আন এটা অনুষ্ঠান স্থাপন কৰিছিল। ব্রাহ্ম সভাই পিছলৈ ব্রাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে। হিন্দু ধর্মক সঞ্জীৱ আৰু নিকা ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্রাচীন ধর্মীয় গ্রন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰিছিল। গােড়া-ৰক্ষণশীল হিন্দু পুৰােহিত শ্ৰেণীয়ে ধৰ্মৰ নামত চলাই অহা কুসংস্কাৰবিলাক প্ৰকাশ কৰি জনমানসত প্রবল আলােড়ন সৃষ্টি কৰিছিল। ৰাজা ৰামমােহন ৰায় আছিল এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি। হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আৱদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰতাে সমানেই গুৰুত্ব দিচ্ছিল। তেওঁ বাল্য বিবাহ,
পর্দা প্রথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰােধিতা কৰিছিল। বিধৱা বিবাহ আৰু অসবর্ণ বিবাহক সামাজিকভাৱে স্বীকৃতি দিয়াইছিল। একমাত্ৰ ৰায়ৰ সহযােগ লাভ কৰিয়েই গৱৰ্ণৰ জেনেৰেল লর্ড উইলিয়াম বেন্টিংকে (১৮২৮ ৩৫) সতীদাহ প্রথা আইনী প্রক্রিয়াৰে বিলুপ্তি ঘটাইবলৈ সক্ষম হৈছিল। স্ত্রী-শিক্ষা বিস্তাৰত মনােযােগ দিয়াৰ লগতে নাৰীসকলক সম্পত্তিৰ অধিকাৰ দিবলৈ দেহে-কেহে খাটিছিল। ডেভিদ হেয়াৰৰ সৈতে লগ লাগি ভাৰতত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ কাৰণে ১৮১৭ খ্রীষ্টাব্দত কিলকতাত হিন্দু কলেজ প্রতিষ্ঠা কৰিছিল। এই কলেজখনেই পিছলৈ প্ৰেছিডেন্সি কলেজ (১৮৫৪ খ্রীষ্টাব্দত) নামেৰে জনাজাত হৈছিল। ৰাজা ৰামমােহন ৰায়ে ভাৰতত উদাৰনৈতিক শাসন প্রৱর্তনৰ কাৰণে কোম্পানীৰ চৰকাৰক আহ্বান জনােৱাৰ লগতে কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ, দেৱানী আৰু ফৌজদাৰী
বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল। খেতিয়কসকলৰ আর্থিক
অৱস্থা উন্নত কৰিবলৈ বর্ধিত ভূমিৰ কৰ উঠাই দিবলৈ আহ্বান জনাইছিল। তেওঁ ১৮৩৩ খ্রীষ্টাব্দত ব্রিটিছ হাউছ অব কমন্সত বাছনি কমিটিৰ সভাত ভাৰতীয়ৰ হকে সাক্ষ্য দিবলৈ লণ্ডনলৈ গৈছিল। তেওঁ ভাৰতীয়ৰ বাবে নতুন চনদ বিচাৰিছিল আৰু ভাৰতীয় নেতাৰ লগত আলােচনা কৰি চনদ ৰূপায়ণৰ পৰামৰ্শ আগবঢ়াইছিল। ৰায়ে দ্বাৰকানাথ ঠাকুৰ, প্রসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেবিজয় আদিক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল। ৰাজা ৰামমােহন ৰায় আধুনিক ভাৰত্ৰ জন্মদাতা আছিল। আধুনিকতাৰ পৰশ তেওঁ সকলাে ক্ষেত্রলৈ সমানে ছটিয়াইছিল।
(খ) আর্য সমাজঃ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে (১৮২৪-৮৩) পঞ্জাৱত আর্য সমাজ (১৮৭৫) প্রতিষ্ঠা কৰিছিল। ব্রাহ্ম সমাজৰ দৰে আর্য সমাজেও এক ঈশ্বৰক বিশ্বাস কৰি দেৱ-দেৱীৰ উপাসনা আৰু মূর্তিপূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচৰি কৰিছিল। হিন্দু সমাজৰ বাল্য বিবাহ, জাতি-ভেদ, বহু বিবাহক সামাজিক ব্যাধি বুলি জনসমাজত প্ৰচাৰ কৰিছিল। এই সমাজে বিধৱা বিবাহ, স্ত্রী শিক্ষা বিস্তৰত আগভাগ লৈছিল। আর্য সমাজৰ প্রতিষ্ঠাতা স্বামী দয়ানন্দ সৰস্বতীয়ে ‘বেদলৈ উভতি যােৱা এই বাণীটো প্ৰচাৰ কৰিছিল।

(গ) প্রার্থনা সমাজঃ ব্রাহ্ম সমাজৰ আৰ্হিত কেশৱচন্দ্র সেনে মহাৰাষ্ট্ৰত ১৮৬৭ খ্রীষ্টাব্দত প্রার্থনা সমাজ প্রতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল। প্রার্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গােবিন্দ ৰাণাড়ে। প্রার্থনা সমাজৰ সংস্কাৰ আন্দোলন সমগ্র দক্ষিণ ভাৰতৰ জনতাৰ অন্তত জাতীয়তাবাদী ভাবধাৰাৰ গভীৰভাৱে। প্রেৰণা সঞ্চাৰ কৰিছিল।

(ঘ) ৰামকৃষ্ণ মিছনঃ ৰামকৃষ্ণ পৰমহংস মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন পঢ়ি উঠিছিল। প্রতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্রকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ তেজস্ব ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্রেৰণা - জগাই তুলিছিল।

(ঙ)থিয়'ছফিকেল ছ'চাইটিঃ ১৮৭৫ খ্রীষ্টাব্দত আমেৰিকাৰ নিউয়র্ক চহপ্ত প্রতিষ্ঠিত
থিয়ছফিকেল ছচাইট হৈছে এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ শাখা কার্যালয় ১৮৮৫ খ্রীষ্টাব্দত মাদ্রাজত মুকলি কৰা হয়। এই অনুষ্ঠানটো জনপ্রিয় কৰি তুলিছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেছান্টে। এনি বেছান্টে সমাজ সেৱাৰ মাজেৰে প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনােনিবেশ কৰিছিল। ১৯০৭ খ্রীষ্টাব্দত এনি বেছান্টে বাৰাণসীত প্রতিষ্ঠা কৰা চেলে হিন্দু কলেজখনেই ১৯১৫ খ্রীষ্টাব্দত কাশী বিশ্ববিদ্যালয় নামেৰে পৰিচিত হয়।মনি বেছান্টে ভাৰত্বৰ্ষক নিজৰ মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। তেওঁৰ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা যােগাইছিল। ১৯১৬ খ্রীষ্টাব্দতহােমৰুল লীগ প্রতিষ্ঠা
কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়ােজনীয়তা প্রচাৰ কৰিছিল।

(চ) আলীগড় আন্দোলনঃ ভাৰতীয় মুছলমান সমাজক আলীগড় অনুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলােকৰ মাজত জাতীয়তাবাদী ভাব-চিন্তাৰ সঞ্চাৰ কৰাটোকে আলীগড় আন্দোলন বুলি কোৱা হয়। মুছলমান সমাজক আধুনিক চিন্তা-চৰ্চাৰে পুনৰুজীৱিত কৰি তােলাৰ ক্ষেত্ৰত ঘৰ ছৈয়দ আহমদ খানৰ অৱদান উল্লেখযােগ্য। ১৮৭৫ খ্রীষ্টাব্দত তেওঁ আলীগড় মহম্মদান এংলাে ইণ্ডিয়ান কলেজ
প্রতিষ্ঠা কৰে। এই শিক্ষানুষ্ঠানৰ যােগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘাটছিল। এই অনুষ্ঠানটোৰ যােগেদি ভাতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা-সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক বঃ পৰিমাণে কুসংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। ১৯২০ খ্রীষ্টাব্দত এই কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল। এইদৰে দেখা যায় যে ধৰ্ম আৰু সমাজ সংস্কাৰৰ আন্দোলনে ভাৰতীয় জাতীয় জাগৰণৰ এটা প্রধান কাৰক হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।

43) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত স্বামী বিবেকানন্দ অৱদানৰ বিষয়ে
লিখা।
উত্তৰঃ ৰামকৃষ্ণ মিছনৰ প্রতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। কলিকতা বিশ্ববিদ্যালয়ৰ কৃতী ছাত্র বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকর্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল। গুৰুৰ পৰলােক প্রাপ্তিৰ পিছত তেওঁ এটা মঠ প্রতিষ্ঠা (১৮৮৭ খ্রীষ্টাব্দ) কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্রকৃত সত্য দেশে-বিদেশে বিস্তাৰ কৰিছিল। তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্ব আছিল- ভাৰতীয়ৰ মনত স্বদেশ প্রেম সঞ্চাৰ কৰা, ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তােলা আৰু ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য সম্প্রীতিৰ ভাৱ গঢ়ি তুলিব
পাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তােলা। তেওঁৰ তেজস্বী ভাষণে শ্ৰেতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্রেৰণা জগাই তুলিছিল। ১৮৯৩ খ্রীষ্টাব্দত আমেৰিকাৰ চিকাগাে চহৰত অনুষ্ঠিত বিশ্ব ধর্মসভাত তেওঁ হিন্দু ধৰ্মৰ ওপৰত দিয়া সাৱলীল বক্তৃতাত আমেৰিকাবাসী মন্ত্রমুগ্ধ হৈছিল। তেওঁৰ কৰ্ম চিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্রাচুর্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যােগাইছিল, যাৰ ফলশ্ৰুতিত ভাৰতীয়ৰমনত জাতীয়তাবাদী চেতনাৰ উন্মেষ হৈছিল।

44) ইণ্ডিয়ান এছচিয়েছনে কিদৰে জাতীয় চেতনাক এটা সভাৰতীয় সংঘবদ্ধ ৰূপ
প্রদান কৰিছিল বহলাই লিখা।
উত্তৰঃ
ইণ্ডিয়ান এছচিয়েচনে জাতীয় চেতনাক এটা সৰ্বভাৰতীয় সংঘবদ্ধ ৰূপ প্ৰদান কৰিছিল। বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে ইণ্ডিয়ান এছচিয়েচন প্রতিষ্ঠা কৰিছিল। এটা সামান্য দোষতে আই চি এছ চাকৰি হেৰুৱাব লগা হােৱা এই নেতাগৰাকীয়ে সমাজ সেৱাৰ মনােবৃত্তিৰে ভাৰতীয়ক একত্রিত কৰাৰ প্ৰচেষ্টা লৈছিল। সেই সময়ৰ ইংৰাজ চৰকাৰৰ গৱৰ্ণৰ জেনেৰেল লর্ড লিটনে। ভাৰতীয়ক আই চি এচ পদত নিয়ােগ নকৰাৰ চক্রান্ত কৰি আই চি এছ পৰীক্ষাৰ্থীৰ উচ্চতম বয়সৰ সীমা ১৯-ৰ ৰা ২১ বছলৈ হ্রাস কৰিছিল যাতে এজন ১৯ বছৰীয়া ভাৰতীয়ই ইংলেণ্ডত উপস্থিত হৈ আই চি এছ। পৰীক্ষাত অৱতীর্ণ হ'ব নােৱাৰে। সুৰেনাথ বন্দোপাধ্যায়ে ইয়াৰ তীব্ৰ বিৰােধিতা কৰি সমগ্ৰ ভাৰতৰত ইয়াৰ বিৰুদ্ধে তেওঁ এটা আন্দোলন পঢ়ি তুলিছিল। আই চি এছ পৰীক্ষাক লৈ তেওঁ আন্দোলন কৰিছিল যদিও তেওঁৰ অন্তর্নিহিত উদ্দেশ্য আছিল ভাৰতীয় জাতীয় জাগৰণক ৰাজনৈতিক জাগৰণৰ ৰূপ দিয়া। এই উদ্দেশ্যেৰে তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি সমগ্ৰ ভাৰতজুৰি জনমত গঠনেৰে ইংৰাজ শাসকৰ
ভাৰত। বিৰােধী চক্রান্ত প্রচাৰ কৰিছিল। কিন্তু ইণ্ডিয়ান এছচিয়েছনে লগুনলৈ পঠোৱা বেৰিষ্টাৰ জনৰ বুজনিত বিটিছ চৰকাৰে ঘােষৰ যুক্তি মানি লবলৈ বাধ্য হৈ আই চি এছ পৰীক্ষাৰ্থীৰ উচ্চতম বয়সৰ সীমা পুনৰ ২১ বছৰ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড ৰিপণে (১৮৮০-৮৪) ছাৰ ৰমেশচন্দ্র মিত্ৰক কলিকতা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিয়ােগ কৰাত ইউৰােপীয়ানসকল অসন্তুষ্ট হৈ ইয়াৰ বিৰুদ্ধে তীর
বিৰােধিতা কৰিছিল। সেই একে সময়তে ব্রিটিছ চৰকাৰে ইলবার্ট বিল উত্থাপন কৰি জিলা দণ্ডাধীশ পর্যায়ৰ ভাৰতীয় বিচাৰকক অভিযুক্ত ইউৰােপীয়ানক বিচাৰ কৰাৰ ক্ষমতা দিয়া কাৰ্যটোতাে ইউৰােপীয়ানসকলে এই বিলখনৰ তীব্র আপত্তি কৰিছিল। সুৰেন্দ্রনাথ বন্দোপাধ্যায়ৰ নেতৃত্বত ভাৰতীয়সকলে এই বিলখন কার্যকৰী কবিলৈ আপ্রান চেষ্টা চলাইছিল। ইবার্ট বিলক কেন্দ্ৰ কৰি ভাৰতীয়ৰ মাজত একতাৰ ভাব গঢ়ি তুলিবলৈ ইণ্ডিয়ান এছচিয়েছনে। জাতীয় সন্মিলন' নাম দি কলিকতাত এখন জনসভাৰ আয়ােজন কৰিছিল।এইখন সভাই জাতীয় কংগ্ৰেছ গঠনৰ পথ প্রশস্ত কৰি তুলিছিল।

45)ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তােলাত দাদাভাই নৌৰজীৰ অৱদানৰ বিষয়ে
লিখা।
উত্তৰঃ
ব্রিটিছ আমােলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমােহন ৰায়ৰ পিছতে দাদাভাই নৌৰঞ্জীৰ নাম উল্লেখনীয়অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা নৌৰজীয়ে পিছত কর্মস্থান সলনি কৰি , লণ্ডনত এজন আইনবিদ হিচাপে প্রতিষ্ঠিত হৈছিল। ব্রিটিছ পালিয়ামেণ্টৰ নিৰ্বাচনত তেওঁ দুবাৰকৈ প্রতিদ্বন্দ্বিতা কৰিছিল। 1892 খ্রীষ্টাব্দৰ দ্বিতীয়বাৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰি তেওঁ পর্যায়ৰ ভাৰতীয় বিচাৰকক অভিযুক্ত ইউৰােপীয়ানক বিচাৰ কৰাৰ ব্রিটিছ কমন্স সভাৰ সদস্য হৈছিল। কমন্স সভাৰ সদস্য হৈয়ে তেওঁ ভাৰতৰ সমস্যা সমূহ দাঙি ধৰি ভাৰতৰ আর্থিক দিশটোৰ ওপৰত নজৰ দিবলৈ ব্রিটিছ চৰকাৰক সকীয়াই দিছিল। তেওঁ ব্রিটিছ পার্লিয়ামেণ্টত ইংৰাজে ভাৰতৰ ওপৰত অর্থনৈতিক শােষণ চলােৱাৰ কথা জনাইছিল। তেওঁ ব্রিটিছ পার্সিয়ামেণ্টৰ বিতৰ্কত অংশগ্রহণ কৰি ভাৰতৰ বাবে স্বায়ত্ত শাসনৰ দাবী তুলিছিল। ১৯০৬ খ্রীষ্টাব্দৰ কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত তেওঁ স্বৰাজ আমাৰ জন্মস্বত্ব’ এই বাক্যশাৰী উচ্চাৰণ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটোৰ প্রথম প্রয়ােগ তেঁৱেই কৰিছিল।


 ---------x---------



                              

Post a Comment

0 Comments