Class9.Social science . L-3.মোৱামৰীয়া গণ বিদ্রোহ (ইতিহাস)


মোৱামৰীয়া গণ বিদ্রোহ 



অনুশীলনী

অতি চমু/ চমু উত্তৰৰ প্ৰশ্ন :

1)মায়ামৰা কি?
উত্তৰঃ-এখন বৈষ্ণৱ সত্ৰৰ নাম।

2)সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ-সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নামধর্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্রসাৰৰ বাৰে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

3)সংহতি কি?
উত্তৰঃ-শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰেই শিষ্য প্রশিষ্যসকলৰ মাজত হোৱা বিবাদকদলৰ পৰিণতিত্বৰূপে এই সত্ৰসমূহৰ চাৰিটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল।

4)মোৱামৰীয়া বিদ্রোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ-স্বৰ্গদেউ লক্ষী সিংহৰ দিনত।

5)মোৱামৰীয়াবিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল ?
উত্তৰঃ-স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

6)কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ/ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি
অনুমান কৰা হয়?
উত্তৰঃ-চুহুংমুঙে।

7)চুৰামফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ-গুৰু নিত্যানন্দদেৱক।

8)ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ- চতুর্ভূজদেৱ মহন্ত।

9)আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখ।
উত্তৰঃ-ছোমদেউ।

10)জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ-আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত।।

11)ৰন্দ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ-আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ।

12)কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?
উত্তৰঃ-স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শাক্ত ব্রাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল৷ তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচার্য আৰু তেওঁৰ উত্তৰ পুৰুষ সকলক পৰ্বতীয়া গোসাঁই নামেৰে জনাজাত হল।

13)কোনজন আহোম ৰজাৰ দিনত শাক্তধর্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ-স্বৰ্গদেউ শিৱসিংহৰ দিনত।

14)গাগিনি কোন?
উত্তৰঃ-মোৱাৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্র।

15) মোৱাৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰঃ-নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা মান্দক।

16)কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ-১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে মাহলৈ।

17)অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
উত্তৰঃ-শদিয়া আৰু নগাপাহাৰত।

18) অসমৰ সাধাৰণ মানুহে লোণ কিয়ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ-লোণ বৰ দামী বস্তু আছিল বাবে।


চমু/দীঘলীয়া প্রশ্ন উত্তৰ :

1)মোৱাৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভুৎত্থান বুলি কৰ পৰা যায় নে?
উত্তৰঃ-মোৱাৱামৰীয়া শব্দটো মায়ামৰা’ শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে। মায়ামৰা হৈছে এখন বৈষ্ণৱসত্ৰৰ নাম। ই কাল সংহতিৰ অন্তর্ভুক্ত। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে ইয়াৰ উপৰি অসমৰ অন্যান্য বহুতো জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈবর্ত আদি লোকৰ মাজত এই সত্রই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। তথাকথিত সমাজ ব্যৱস্থাত এই জনজাতীয় সকলক হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। কিন্তু শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মর্যাদা পাইছিল। যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ, সংখ্যা বাঢ়ি গৈছিল।
     মোৱাৱামৰীয়া বিদ্রোহক গণ অভুৎত্থান বুলি অভিহিত কৰিব পাৰি। কাৰণ এই বিদ্রোহত যোগদান কৰিছিল অজস্ৰ সাধাৰন প্ৰজাই যাৰ অধিক সংখ্যকেই আছিল সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক ।

2)মোৱাৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।
উত্তৰঃ-মোৱাৱামৰীয়া বিদ্রোহ স্বৰ্গদেউ লক্ষী সিংহৰ দিনত আৰম্ভ হৈছিল আৰু প্রায় ৩৫ বছৰ কাল জুৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক আকাশ আৱৰি আছিল। বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ আছিল এনেধৰণৰ  :
       মোৱামৰীয়া শিষ্যসকলৰ গুৰুৰ প্রতি অগাধ ভক্তি আছিল। প্রয়োজনত তেওঁৰ হকে প্রাণ বিসর্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওচৰত মূৰ নোদোৱাইছিল। তেনে পৰিস্থিতি গুৰুৱে নিজকে মহাশক্তিশালী আনকি স্বৰ্গদেউৰ লগতো তুলনাৰ দুঃসাহস কৰিছিল। ফলত আহোম ৰজা আৰু গুৰুৰ মাজত দ্বন্দ্ব সৃষ্টি হৈছিল। এবাৰ স্বৰ্গদেউ প্রতাপ সিংহই মোৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক উপলুঙা কৰাৰ মানসেৰে সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে। সন্মুখন দুখন চোকা তৰোৱাল সিহতৰ ডিঙিৰ সমানকৈ পঠালিকে বান্ধি ৰাখিলে। তেওঁ ভাবিছিল যেমোৱামৰীয়াশিষ্য দূজনে মৃত্যুৰ ভয়ত শিৰ নত কৰিবলৈ বাধ্য হব। কিন্তু সকলোকে হতচকিত কৰি দুয়ো শিষ্যই শিৰচ্ছেদ গ্রহণ কৰিলে কিন্তু নিজৰ মূৰ নোদোৱালে। এই ঘটনাই মোৱামৰীয়া মহন্তৰ মান, আত্মবিশ্বাস আৰু সাহস দুগুণ বৃদ্ধি কৰিলে। প্রতাপ সিংহৰ পিছত পৰৱর্তী ৰজা চুকফা ভগাৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল।মোৱামৰীয়া সকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্রকেই জগৰীয়া কৰিছিল আৰু তাৰ প্রতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ হত্যাৰ পিছত আৰু কেইবাটাও ৰাজ অতিশয্যাৰ প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত শিৱসিংহৰ দিনত বৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক বলিৰ ফোট লবলৈ বাধ্য কৰোৱাটো এটা উল্লেখযোগ্য ঘটনা। এনে ধাৰাবাহিক নির্যাতনৰ পুঞ্জীভূত বেদনাৰ বহিঃপ্রকাশ ঘটিছিল মোৱাৱামৰীয়া বিদ্রোহত।

3)আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়াবিদ্ৰোহৰ কাৰক হিচাপে তুমি
ভাবানে? আলোচনা কৰা।
উত্তৰঃ-আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তনমোৱামৰীয়াবিদ্ৰোহৰ এটা প্রধান কাৰক আছিল৷ সেইবিষয়ে তলত আলোচনা কৰা হলআহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল।ছোমদেউ আছিল তেওঁলোকৰ প্রধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধর্মীয় পৰম্পৰাৰ প্রতি আকৃষ্ট হবলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰৰ নিৰনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্রহ প্রদর্শন কৰিছিল। বিভিন্ন ঠাইত সত্র স্থাপন কৰি মাটিবাৰী, ধন-পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজতে ৰাজ অনুগ্রহ লাভৰ বাবে প্রতিযোগিতা চলিছিল। ভিন্ন সংহত কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজত ৰাজ অনুগ্রহ লাভৰ বাবে প্রতিযোগিতা চলিছিল। ভিন্ন সংহতি অথবা বিভিন্ন সত্ৰৰ মাজত দ্বন্দ্ব কাজিয়াৰ সূত্ৰপাত হলৈ লৈছিল। তাৰ পিছত লাহে লাহে হৰ দিনত বৈষ্ণর সত্ৰবোৰৰ এই প্রতিপত্তি বোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল তেতিয়া বিভিন্ন সত্ৰৰ ভিতৰত প্রচলিত ৰাজসিক পৰম্পৰাৰ বিষয়ে জানিব পাৰিছিল। তেওঁ সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবধ মানিছিল আৰু সত্ৰবোৰ একো একোখন আহোম ৰাজ্যৰ ভিতৰতে থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছিল। গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিস্থিৰ নোৱাৰি বছুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বছুকেইজন। সবাধিকাৰক ধৰি আনি ৰাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। অৱশ্যে আহোমৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজনা ৰজা ৰুদ্ৰসিংহই এইনীতিৰ পুনৰাই পৰিৱর্তন সাধিছিল আৰু নির্বাসিত, নির্যাতিত অথবা পলাতক সত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত ধাপিছিল। তাৰ ফলত ৰাজধানীৰ পৰা সততে সত্ৰাধিকাৰসকলৰ ওপৰত সজাগ দৃষ্টি দিব পাৰিছিল। ইমানেইনহয়, তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মর্যাদা দি শূদ্ৰ সত্ৰাধিকাৰ সকলৰ লগত একপ্ৰকাৰ মনোমালিনাৰ সৃষ্টি কৰিছিল। এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিচি দুয়ো বৰ্ণৰ মাজৰ মতান্তৰ বৃদ্ধিহে কৰিছিল। তাৰ পৰিণতি আমি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্রতিফলিত হোৱা দেখিবলৈ পাওঁ। স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিবলৈ সুবিধাপালে। এটাসয়ত ৰাজজ্ঞামতেইশূদ্র মহত্তকলৰ ওপৰত নিৰ্যাল চলিছিল। আনকি তেনে শিষাক জোৰ-জুলুমকৈ শাক্ত পূজাত ভা লৈ বলিৰ তেজৰ ফোট লম্বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্রোহ।

4)পাইক প্ৰখামোৱামৰীয়াবিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল ? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।।
উত্তৰঃ- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পাইকৰ সংখ্যা হ্রাস পাই অহাৰ লগে লগে প্রজাৰ ওপৰত ৰাজকীয় শোষণৰ বোজা যথেষ্ট বৃদ্ধি পাইছিল। একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাষ্ট্ৰই পাইকৰূপে লৈ যোৱাৰ ফলত কৃষি অর্থনীতিৰ যথেষ্ট ক্ষতি হৈছিল।শাৰীৰিক শ্ৰমৰ বোজা বৃদ্ধিৰ মাজেৰে প্রজা শশাষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডফলাবহতীয়াৰূপে পৰিগণিত আহোম প্রজাসকলে সততে দুই ধৰণে কৰৰ বোজা মূৰ পাতি ল'ব লাগিছিল। তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্রৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডফলা জনজাতি সকলকো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল। দেশত মুদ্রা অর্থনীতিৰ প্ৰচলনহোৱানাছিল যদিও যেনেকৈ মানুহৰ হাতত অলপ-অচৰপ মুদ্রা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰপৰা ৰেহাই পোৱাৰ ব্যৱস্থা কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পোৱা পাইকক চমুৱা বোলা হৈছিল। চহকী পৰিয়ালৰ লোকে ধনচিত সংগ্ৰহ কৰি ৰজা ঘৰত জমা দি কাঁড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা শ্ৰেণীলৈ উঠিছিল। চমুৱা শ্ৰেণীলৈ উঠাৰ অৱশিষ্ট কাঁড়ী পাইকৰ ওপৰত শ্ৰমৰ বোজা বাঢ়ি গৈছিল। এনে ধৰণৰ প্ৰজা শশাষণে আহোম ৰাজতন্ত্রৰ ৰাজহাড় জোকাৰি তুলিছিল। সাধাৰণ প্রজাসকল সামাজত নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত এই প্রজাসকলৰ মান-মর্যাদা বোলা বস্তুটো নাছিল, তেওঁলোক আছিল শ্ৰম কৰা যন্ত্র। তাৰেই ফলস্বৰূপে দেশত সামাজিক সংঘাত বৃদ্ধি পাইছিল। সেইকাৰণেই সমাজৰ নিম্ন শ্ৰেণীৰ প্ৰজাসকলে আহোম ৰাজতন্ত্রৰ ওপৰত তীর ক্ষোভ আৰু অসন্তুষ্টিত আছিল। তেওঁলোকে বিদ্রোহ সমাগত হােৱাৰ লগে লগে আন আন বিদেহীসকলৰ লগতে যোগাযোগ স্থাপন কৰিছিল। এই শোষণ নীতিৰ বাবেই লাহে লাহে মোৱাৱাৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল।

5)মোৱাৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ- আহোম শাসনৰ কালছোৱাতহোৱা মোৱাৱামৰীয়া বিদ্ৰোহৰ পৰিণতি বৰ সুদূৰপ্ৰসাৰী আছিল। এইবিদ্ৰোহৰ ফলতে পৰাক্ৰমী ইংৰাজী সাম্রাজ্যবাদী শক্তিক অসম দেশৰ আহোম শাসকে নিজেইনিজৰ প্ৰজাৰ বিদ্রোহ দমন কৰিবলৈ মাতি আনিছিল। এই বিদ্ৰোহৰ পৰিণতিত্বৰূপে প্ৰথমবাৰৰ বাবে শক্তিশালী বিদেশী শাসকে অসমৰ মাটিত ভৰি দিয়ে।

(i) ইংৰাজ সেনাপতি কেপেইন ওৱেলছে মোৱামৰীয়া বিদ্রোহ দমন কৰি সেীৰিনাথ সিংহক পুনৰ শাসনভাৰ দি উভতি যোৱা কাৰ্য আহোম ৰজাৰ শাসন ক্ষমতাৰ স্বৰূপটো ভালদৰে বুজি পাইছিল।এই অৱস্থাই অসমৰ প্রতি এক ইংৰাজসকলৰ এক স্থায়ী আকর্ষণ আনে। ইংৰাজসকল অসমলৈ আহি সমৃদ্ধিশালী অসমৰ ওপৰত তেওঁলোকৰ লোলুপ দৃষ্টি পৰিছিল। ই অসমৰ প্রতি ভৱিষ্যৎ পৰাধীনতাৰ এক ইংগিত বহন কৰিছিল।

(ii) ইংৰাজ সেনাপতি কেপ্তেইন ওৱেলছে অসম অভিযানলৈ আহি আহোম ৰজাৰ শাসন ব্যৱস্থাৰযে একেবাৰে শোচনীয় অবস্থা আছিল তাক জানিব পাৰিছিল।

(iii) মোৱামৰীয়াবিদ্রোহীসকলৰ নেতাসকলে নিজৰ ব্যক্তিগত স্বার্থক প্রাধান্য দি দেশৰ স্বার্থ অৱস্থা কৰিছিল। নেতাসকলে নিজে ৰাজ্য প্রতিষ্ঠা কৰি, ৰজা হৈ দেশ শাসন কৰিবলৈ লৈছিল। নেতাসকলৰ বিভাজনে বিদ্রোহ মূল উদ্দেশ্যটোক দুর্বল কৰি তুলিছিল।

(iv) বিদ্রোহীমোৱামৰীয়ানেতাসকলে ৰজাক উচ্ছেদ কৰি বিকল্প এককেন্দ্রিক চৰকাৰ এখন গঢ় দিব পৰা নাছিল। বিদ্রোহীসকলে ঠায়ে ঠায়ে পতা ৰাজ্যবোৰ ক্ষণস্থায়ী আছিল৷ কেৱল বেংমৰাত ৰানন্দ সিংহই পতা ৰাজ্যখন ১৮০৫ চনলৈ বৰ্তি আছিল।

(v) মোৱামৰীয়াবিদ্ৰোহৰ ফলত আহোম ৰাজ্যৰ শাসন ব্যৱস্থা সম্পূর্ণ ভাঙি পৰিছিল। বিদ্রোহ দমনৰ পিছত ৰজা নামতহে আছিল। পূর্ণনিন্দ বুঢ়াগোহাঁই বিদ্রোহ দমনৰ নামত নিজৰ মইমতালিৰে শাসন চলাই সকলো প্রজাকে অতিষ্ঠ কৰি তুলিছিল।

(vi) আহোম ৰজাৰ ক্ষমতাহীনতাৰ সুযোগ লৈ বিদ্রোহীৰ পিছত বুঢ়াগোহাঁহ পূর্ণানই সর্বেসর্বা হৈ পৰিছিল। তেওঁ আন ডা ডাঙৰীয়াসকলক আওকাণ কৰি, তেওঁলোকক যোগ্য স্থান নিদি নিজৰ স্বার্থ পূৰণৰ বাবেহে শাসন চলাই গৈছিল। ৰজাৰ নামত, পূর্ণানন্দৰ স্বেচ্ছাচাৰিতাই সীমা চেৰাই গৈছিল। ইয়াৰ ফলত অসমৰ ডা-ডাঙৰীয়াসকল বিদ্রোহী হৈ উঠিছিল। এই সুবিধাতে পানীমুৱাৰ বিদ্রোহ, সত্ৰামৰ স্বভুযন্ত্র, বৰফুকন বদল চন্দ্র বিদ্রোহ দিয়ে দেখা দিছিল। এইদৰে অসমৰ আহোম শাসনৰ পতনমুখী গতিয়ে শেষসীমা পাইছিলগৈ।

(vii) মোৱামৰীয়াবিদ্ৰোহৰ ফলত অসমৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় হৈছিল। খেতিপথাৰ বছৰ বছৰ পৰি ৰৈছিল। দেশত দুর্ভিক্ষই দেখা দিছিল। বেছিভাগ প্রজা হাবিয়ে-বননিয়ে পলাই গৈছিল। দেশ উচ্ছন্ন হৈছিল।

6)মোৱাৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্রোহ বুলি ভাৰ? যুক্তি দিয়া।
উত্তৰঃ-
মোৱাৱামৰীয়া বিদ্রোহত যদিও আহোম ৰজাসকলে বিদ্রোহীসকলক দমন কৰিবলৈ সক্ষম হৈছিল, তথাপি এই বিদ্রোহত মোৱাৱামৰীয়া সকল বিফল হোৱা বুলি কব নোৱাৰি। কিয়নো মোৱাৱামৰীয়া প্রজা বিদ্রোহে আহোমৰ লাইখুটা লৰাই পেলাইছিল। এই বিদ্রোহত বিদ্রোহীসকলে উজনি, নামনিৰ ৰা অঞ্চল নিজৰ দখলৈ আনি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। প্রায় ৩৫ বছৰ কাল যজুৰি চলা এই বিদ্রোহে মানৰ আক্ৰমণৰ সময়লৈ কেইবাজনো ৰজাৰ ৰাজত্বকাল অস্থিৰ কৰি ৰাখিছিল।মোৱাৱামৰীয়া চতুর্থ বিদ্রোহত চিংফৌসকলৰ জৰিয়তেমোৱামৰীয়াসকলে মানসকলক দুৰাৰো অসমলে আনিছিল।যদিও দুয়োৰেই বুঢ়াগোহাঁৗশয়ে মানসকলক ভেটিদি ওভতাই পঠাইছিল আৰু মোৱাৱামৰীয়া সকলকো দমন কৰিছিল। কিন্তু মানৰ লগত থকা মোৱামৰীয়া শেহতীয়া বুজাবুজি দেশৰ কাৰণে মংগলজনক নহয় বুলি বঢ়াগোহাঞিয়ে হাড়ে হিমজুৱে বুজি পাইছিল আৰু সেইবাবে যথাসম্ভৱ সোনকালে বিদ্ৰোহৰ এটা স্থায়ী সমাধান কৰিবলৈ বিচাৰিছিল। মোৱাৱামৰীয়া সকলৰ ভিতৰত মৰাণসকলেই স্বাতোকৈ শক্তিশালী আৰু সংখ্যা গৰিষ্ঠ আছিল। সেয়েহে তেওঁলোকক সন্তুষ্ট কৰাটো অত্যন্ত জৰুৰী আছিল। বুঢ়াগোঞিয়ে মোৱামৰীয়ানেতা সর্বানন্দৰ লগত এখন চুক্তি কৰি বৌমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিউৰ মাজৰ ভূ-খণ্ড মটক ৰাজ্য নাম দি এখন নতুন স্বতন্ত্র ৰাজ্য স্থাপন কৰে। বনিন্দয়া বহুৰি কৰ সোধাৰলৈ মান্তি হৈছিল। ইয়াৰ পিছত মোৱাৱামৰীয়াসকলে বিদ্রোহত সফল হৈছিল। কিন্তু এইবিদ্রোহে আহোম ৰাজতন্ত্রৰ ভেটি ওফৰাই পেলোৱাৰ উপক্ৰম কৰিছিল যাৰ ফলত ইংৰাজ সকলক অসমত খোপনি পোতৰ পথ মুকলি কৰি দিয়া হৈছিল আৰু এনেদৰে অসমখনক এক ভয়াৱহ ভৱিষ্যতৰ ফালে আগুৱাই দিছিল। সেইফালৰ পৰা চালে এই বিদ্রোহক এক বিফল বিদ্রোহ বুলি কব পাৰি।

7)কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল ? কিয় তেওঁ আধৰুৱা
অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল?
উত্তৰঃ-
মোৱাৱামৰীয়া প্রজা বিদ্রোহে সমগ্ৰ আহোম ৰাজ্যত এটা প্রচণ্ড জোকাৰণি তুলিছিল। যাৰ পৰিণতিত ৰাজতন্ত্রৰ ভেটিয়েই উফৰি ৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়াবক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষা পৰিবলৈ অভ্যন্তৰীণ ভাৱে আহোম শাসনতন্ত্র সম্পূর্ণরূপে ব্যর্থ হৈছিল আৰু তাৰ ফলত শত থকা ইংৰাজৰ ইষ্টইণ্ডিয়া কোম্পানিৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আবেদনৰ প্রতি সম্মৰি জনায় কোম্পানী চৰকাৰে অসমলৈ সামৰিক অভিযান চলাই। তাশ্যে ইংৰাজেও এনে এক সুযোগৰ অপেক্ষাতেই আছিল। এই অভিযানৰ প্রধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্যপাতি সংগ্রহ আৰু লগতে বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্রোহ দমন কৰি আহোম ৰজাক পুনৰাই সিংহাসনত প্রতিষ্ঠা কৰা। এই সামৰিক অভিযানৰ নেতৃত্ব দি কেপ্তেইন থমাছ ওৱেলছ অসমলৈ আহিছিল।ৰ জেনেৰেল লর্ড কর্ণৱলিছৰ উত্ৰসুৰী হিচাপে ছাৰ জন ডাৰে নতুন নীতি গ্রহণ কৰিছিল। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দঢ়তাৰে এই নীতি কার্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ওৱেলছক অসমৰ পৰা প্রত্যাৱৰ্তন কৰিবলৈ নির্দেশ দিছিল। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডা-ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা স্বত্ত্বেও ওৱেলছে আধাতে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত লয়।

8)মোৱাৱামৰীয়া বিদ্রোহ দমনত ওৱেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা?
উত্তৰঃ-
মোৱাৱামৰীয়া বিদ্রোহীসকলক দমন কৰিবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আহ্বানক্রমে কোম্পানী চৰকাৰে পঠোৱা সামৰিক অভিযানৰ নেতৃত্ব দিবলৈ কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল। আহোম ৰজাৰ দূৰ্বলতাৰ সুযোগ লৈ নামণি অসমত বহুকেইজন কতলীয়া ৰজাই আহোম বশ্যতা ওফৰাই দিছিল। দৰঙৰ ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্রোহ, উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহৰ প্রতাপত গৌৰীনাথ সিংহই নগাঁৱত আশ্ৰয় লৈছিল। কিন্তু নগাঁৱতো সিন্ধু হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বর্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। গুৱাহাটীৰ আশ্রয়য়া বৰ সুখকৰ নাছিল। বৈৰাগী ৰজাৰ নেতৃত্বত কৈবর্ত সম্প্রদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গ্ৰহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হয়। ব্রহ্মপুত্ৰৰে ভটীয়াই যাওতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকেী গুৱাহাটীলৈ উভতি আহে আৰু ওৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগী ৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰোণীয়া সৈনি দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ'ল। হৰদত্ত চৌধুৰীৰ বিদ্রোহ দমন কৰি তেওঁলোকক আহোমৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হল। দৰঙীয়া আৰু কামৰূপীয়া বিদ্রোহ আৰু
বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওৱেলছে উজনিত আহোম ৰাজ্য নিষ্কন্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰ কৰে। গৱৰ্ণৰ জেনেৰেল কর্ণৱলিছে ওৱেলছৰ অনুৰোধতে অসমলৈ অতিৰিক্ত ফৌজ পঠাইছিল। ওৱেলছৰ নেতৃত্বত অহা নতুন বৃটিছ ফেীজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিছিল৷ বৃটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মোৱাৱামৰীয়াসকল তিষ্ঠিব নোৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হল। ভালেমান মোৱাৱামৰীয়াৰ মৃত্যু হল। কেপ্তেইন ওৱেলছ এই বিদ্রোহ দমনৰ ক্ষেত্ৰত সম্পূর্ণরূপেই সফল আছিল। কিয়নো তেওঁ সন্যসহ প্রত্যাৱর্তন নকৰালৈ মোৱাৱামৰাসকল পুনৰ গা কৰি উঠিব পৰা নাছিল। কিন্তু তেওঁৰ প্ৰত্যৱৰ্তনৰ পিছতেই দেশত আকৌ অৰাজকতাৰ সৃষ্টি হল ।

9)কেপ্তেইন ৱেলছৰ অসম সম্পর্কীয় বিৱৰণ আলোচনা কৰা।
উত্তৰঃ-
কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এই মূল্যবান টোকা লিখি সেই সময়ৰ বৃটিছ গৱৰ্ণৰ জেনেৰেল বাৰ জন ছোন প্রেৰণ কৰিছিল। সেইবিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অর্থনৈতিক অৱস্থা সম্বন্ধে ব লাগতিয়াল কথা জানিব পৰা যায়। ওৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নির্বাচন আৰু তেওঁৰ ক্ষমতা সম্পর্কৰ্থ এটা বর্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্র পাঁচগৰাকী প্রতাপী মন্ত্রী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্রিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোৱাহনমালা গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভ পৰা বঞ্চিত কৰা,মোৱামৰীয়ামহন্তৰ হত্যা আৰু উচ্চপদৰীধাৰী মন্ত্রী আমোৱালাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্রতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। যি কি নহওক ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশৰ্ক ৰক্ষা কৰাত বৃটিছ সৈন্য কৃতকার্যহোৱাবুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কার্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ব্যৱসায় বাণিজ্য সম্পর্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানিৰপ্তানি বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি। প্রায়
৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত সোমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি উল্লেখযোগ্য আছিল। বংগদেশৰ পৰা বৰি প্রায় ১২০,০০০ মোৱান লোণ আমদানি কৰা হৈছিল। অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লোণ বৰ দামী বস্তু আছিল আৰু সেইবাৰে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হােৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোৱাল-পাণ, লা, লো, সোণ আদি উৎপন্ন হৈছিল। সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবল নগৰ আছিল। নগৰখন ব্রহ্মপুত্র নদীৰ দুয়োপাৰ জুৰি বিস্তৃত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল আৰু তাৰে তিনিটা ইউৰোপত তৈয়ৰী আছিল। ব্রহ্মপুত্র নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ও পকা। দেৱালেৰে আগুৰা এডােখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই কিব পাৰিছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বর্ণনা দিছিল। ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ'ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উষ্পন্ন বস্তুৰ বেচা কিনা নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল৷ সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিতল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই বৃটিছ সেনাৰ ভৰণ-পোষণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।

চমুটোকা লিখা :

1)কীর্তিচন্দ্ৰ বৰবৰুৱা
উত্তৰঃ-
ৰাজেশ্বৰ সিংহই ৰাজকার্য পৰিচালনা কৰাতকৈ আমোৱাদ প্রমোৱাদত দিন কটাবলৈহে বেছি ভাল পাইছিল। তেওঁ ৰাজ্য-শাসনৰ ভাৰ বকতিয়ালৰ কীর্তিচন্দ্র সেন্ধেলা বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। বৰবৰুৱাৰ ক্ষমতা দিনকদিনে বাঢ়ি যোৱাত ডা-ডাঙৰীয়া সকলে তেওঁক দেখিব নোৱৰা হ'ল। কীর্তিচন্দ্র সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগোহাঁয়ে চকৰীফেঁটী" নামে এখন বুৰঞ্জী লিখি কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক জলম বটা অর্থাৎ নকল আহোম বুলি উল্লেখ কৰিলে। কীর্তিচন্দ্র বৰবৰুৱাই এই কথাৰ প্রতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্রমাণ কৰিলে যে তেও সম্পূর্ণ সমান্ত আহোম পৰিয়ালৰ। এনে কাৰ্যই ৰজাৰ বিষয়েও কিবা বেয়া কথা থাকিব পাৰে বলি সন্দেহ জগালে আৰু ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ ল'লে। তেওঁ বুৰঞ্জী কিছুমান পৰীক্ষা কৰি আপত্তিজনক কথা থকা বুৰঞ্জীবোৰ পুৰি পেলায়। বৰবৰুৱাৰ এই কার্যই তেওঁক বৰ অপ্রিয় কৰি তোলে। কিছুমানে ষড়যন্ত্র কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে; কিন্তু তেওঁ কোনো রকমে পলাই প্ৰাণ ৰক্ষা কৰে। পাছত তেওঁ ষড়যন্ত্রকাৰীসকলক ধৰি কঠোৰ শান্তি দিয়ে। কীর্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্ত সকলৰ ওপৰত বৰ অত্যাচাৰ কৰে। তেওঁ কেইজনমা মোৱাৱামৰীয়া নেক অপমান আৰু লঘু লা না কৰা বাবে তেওঁলোক বিদ্রোহী হৈ উঠে।মোৱাৱামৰীয়া বিদ্রোহীসকলে বিদ্ৰোহৰ সময়ত কীর্তিচন্দ্ৰ বৰবৰুৱাক সবংশে বধ কৰে।

2) মায়ামৰা সত্র
উত্তৰঃ-
‘মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তভূক্ত। মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। অৱশ্যে ইয়াৰ উপৰি অসমৰ অন্যান্য বস্তুতো জনজাতি যেনেকাছাৰী, চুতীয়া, আত্তাম, কৈৱৰ্ত্ত আদি লোকৰ মাজতো এই সত্রই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্রিয়তাৰ আৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্র সম্প্রদায় ভূক্ত। শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত জনজাতীয় লোকসকলে এক সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা কঢ়ি গৈছিল। এই সত্ৰৰ শিষ্যসকলৰ গুৰুৰ প্রতি ভক্তি আছিল অপাৰ। এই মায়ামৰা শব্দৰ পৰাই 'মোৱাৱামৰীয়া' শব্দটোৰ উৎপত্তিহোৱাবুলি জনা যায়। এই সত্ৰৰ শিষ্য তথা মহন্তসকলেই পৰৱৰ্তী কালত আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।

3)পূৰ্ণানন্দ বুঢ়াগোহাঞি
উত্তৰঃ-
পূর্ণানন্দ বুঢ়াগোহাই আহোম সামাজ্যৰ শেষ শক্তিশালী ব্যক্তিত্ব। এইজন ব্যক্তিয়ে বিদ্রোহ দমনৰ নামত লোৱা ব্যৱস্থা সমূহে প্রজা সাধাৰণক অধিক অশান্ত আৰু ক্ষুভিত কৰি তুলিছিল। বিদ্রোহাত্মক পৰিস্থিতিৰ সুযোগ লৈ তেখেতে অধিক ক্ষমতাশালী হৈ পৰিছিল আৰু নিজ পৰিয়ালৰ লোকক গুৰুত্বপূর্ণ পদৰীত মকবল কৰি প্ৰকৃত আহোম ডাঙৰীয়া শ্ৰেণীৰ অন্যান্য যোগ্য লোকক ন্যায়সংগত প্রাপ্যৰপৰা সততে বঞ্চিত কৰি সন্দেহৰ আৱর্তত সোমাই পৰিছিল। সেই সময়ত ৰাজই ৰাজত্ব কৰিছিল যদিও পূর্ণানন্দই আছিল আহোম ৰাজ্যৰ সর্বেসর্বা। এই প্রধানমন্ত্রী পূর্ণানন্দ বুঢ়াগোহহি আৰু
নামনি অসমৰ গৱৰ্ণৰ তথা বৰফুকন বদনচন্দ্ৰৰ মাজত থকা ক্ষমতাৰ অৰিয়া-অৰিৰ ফলতেই পাছলৈ অসম অন্যৰদ্বাৰা শোষিত হৈছিল। তেখেত, তেখেতৰ পিতৃ ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যুৰ পাছৰপৰা অর্থাৎ ১৭৮২ চনৰপৰা ১৮১৭ চনলৈ প্রায় ৩০-৩৫ বছৰ ধৰি আহোম ৰাজ্য বুঢ়াগোহাঁই তথা ৰাজমন্ত্রী আছিল।

4) কাড়ী পাইক আৰু চমুৱা পাইক
উত্তৰঃ-
আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই (১৫ ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ আছিল একো একোজন পাইক। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি। প্রথম ভাগটো কাড়ী পাইক আৰু দ্বিতীয় ভাগটো চমুৱা পাই। ইন বাধ্যতামূলক পাইক খটাৰ পৰা ৰেহাই নোপোৱা সাধাৰণ কৃষক শ্ৰেণীৰ পাইকক ‘কাড়ী বোলা হৈছিল৷ বৃত্তিজীৱি সোণাৰি, কঁহাৰ আদিও এনে কাঁড়ী পাইকৰ লেখত পৰিছিল। তেওঁলোকে নির্দিষ্ট নিৰিখত ৰজাক কৰ দিব লাগিছিল। পাইকৰ মাটিৰ ওপৰত কোনো স্বত্ব নাছিল। তেওঁলোকৰ মাটিবোৰ ৰজাই আধিগ্রহণ কৰিছিল। পাইকসকল দাস নাছিল, সঁচা কিন্তু তেওঁলোকক ব্যক্তিগত সম্পতিৰ দৰেই ব্যৱহাৰ কৰা হৈছিল। কিন্তু ব্যক্তিগত স্বাধীনতা তেওঁলোকৰ নাছিল বুলিলেও ভুল হব। ইচ্ছাকৰিলে বছৰেকীয়া কৰ দি তেওঁলোকে পাইখৰ বাবে নির্দিষ্ট বাধ্যতামূলক গা-খটাৰপৰা ৰেহাই পাইছিল। কিন্তু এনে কৰ বাবে প্রয়োজনীয় ২/৩ টকা সংগ্রহ কৰাটোৱেই তেওঁলোকৰ বাবে কঠিন আছিল। যিসকল পাইকে খাটিব নোখখাজে তেনে প্ৰজাই ৰজাক দুটকাকৈ (কোনো কোনো সূত্রমতে তিনি টকা) বার্ষিক কৰ দিছিল। এনে লোকক চমুৱা বোলা হৈছিল। দুপুৰা কৰ মুক্ত মাটি তথা গামাটিৰ বাহিৰে পাইকে অধিকাৰ কৰা অইন মাটিৰ বাবে বার্ষিক এটকা কৰ দিব লাগিছিল। এনে ‘চমুৱা' শ্ৰেণীয়ে বিষয়া নিযুক্ত হোৱাৰ সুবিধা পাইছিল।

5) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি
উত্তৰঃ-
আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল। ১৭৯৩ চনৰ ৮ ফেব্রুৱাৰীত স্বাক্ষৰিতহোৱাএই চুক্তিমতে:

(ক) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানিহোৱাসামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হল।

(খ) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অর্থাৎ ১০% কৰ ধার্য কৰা হ'ল।

(গ) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।

(ঘ) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ'ল।

(ঙ) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।

6) বৰৰজা ফুলেশ্বৰী?
উত্তৰঃ-
ফুলেশ্বৰীকুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল। তেওঁ কৃষ্ণৰাম ভট্টাচার্য নামৰ পুৰোহিত এজনৰওচৰত শাস্ত্রে ধৰ্মৰ দীক্ষা লৈছিল। সেই সময়ত ব্রাহ্মণ পণ্ডিত সকলে শিৱসিংহৰ ছত্রভংগৰ যোগ আছে বুলি কৈ ফুলেশ্বৰীক বিৰৰজা উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই বৈষ্ণৱ-মহন্তসকলক বহুতো নির্যাতন কৰিছিল। তেওঁ সত্ৰাধিকাৰ তথা ভক্তসকলক দেৱী পূজালৈ নিমন্ত্রণ কৰি জোৰ কৰি পূজাৰ প্ৰসাদ খুৱাইছিল আৰু কপালত বলিৰ তেজৰ ফেটি দিছিল। এই ঘটনা প্রতিক্রিয়া আহোম বুৰঞ্জীত অতি সুদূৰপ্ৰসাৰী আছিল আৰুমোৱামৰীয়াবিদ্ৰোহৰ ই এই
ঘাই কাৰণ। ফুলেশ্বৰী কুঁৱৰী এগৰাকী বিদ্যেৎসাহী মহিলা আছিল। তেওঁ লিখা পঢ়াৰ সুবিধাৰ কাৰণে ৰাজ্যত বতো টোল পাতি দিছিল৷ তেওঁৰ নির্দেশতে গৌৰীসাগৰপুখুৰী আৰু দৌল নিমার্ণ কৰা হয়। এওঁৱে আছিল আহোমৰ ৰাজত্বকালত ৰাজকার্য পৰিচালনা কৰা প্রথম মহিলা। ১৭৩১ খ্রীঃত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।

7) পৰ্বতীয়া গোসাই?
উত্তৰঃ-
স্বৰ্গদেউ ৰুদ্ৰসিংহ, বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শাক্ত বহ্মণ পণ্ডিতক ৰাজ্যলৈ মই আনিছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য আৰু তেওঁৰ উত্তৰপুৰুষসকল পবতীয়া গোসাই' নামেৰে জনাজাত হল।

8)সর্বানন্দঃ
উত্তৰঃ-
১৭৮৮ চনত গৌৰীচন্দ্র সিংহ গুৱাহাটীলৈ পলাই যোৱাৰ পিছত বিদ্রোহীসকলে বেংমৰাত (তিনিচুকীয়াত) হাতীচুংগী মৰাণসকলে সবানন্দ নামৰ এজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লয়। সবানন্দই এই ৰাজত্ব বেছ কিছুদিন সুকলমে শাসন চলাইছিল। তেওঁ ১৮০৫ চনলৈ শাসন চলাইছিল।

9) ভৰত সিংহ
উত্তৰঃ-
ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল মোৱামৰীয়া বিদ্রোহী সকলে ৰংপুৰ দখল কৰাৰ পিছত এওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল।

10) ৰংপুৰ নগৰ
উত্তৰঃ-
ৰংপুৰ নগৰ আছিল গৌৰীনাথ সিংহৰ ৰাজ্যৰ ৰাজধানী।মোৱামৰীয়াবিদ্রোহীসকলে ৰংপুৰৰ সমীপত উপনীত হােৱাত নিৰাপত্তাহীনতাৰ আশংকা কৰি আহোম ৰজা গৌৰীনাথ সিংহ ১৭৮৯ চনত গুৱাহাটীলৈ পলায়ন কৰে। পিছত কেপ্টেইন ওৱেলছ আৰু তেওঁৰ বৃটিছ ফেীজৰ সহায়ত আহোম সন্যই ৰংপুৰ নগৰ সোৱামৰীয়াসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু কেচেইন ওৱেলছৰ প্ৰত্যাৱর্তনৰ পিছতেমোৱামৰীয়াসকলে পুনৰ ৰংপুৰ দখল কৰিছিল। বাধ্যহৈ বৰ্গদেৱে যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।

অতিৰিক্ত সম্ভাব্য প্রশ্ন :
1)তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা?

(i) সানুষ্ঠান ধ্বংসত গদাধৰ সিংহৰ সোঁহাতম্বৰূপ আছিল
(a) বেজদলৈ ভাণ্ডাৰী বৰুৱা
(b) ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱা
(c) কীর্তিচন্দ্ৰ বৰবৰুৱা
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ- (b) ৰঙ্গাচৰণ বেদলৈ ভাণ্ডাৰী বৰুৱা।

(ii) রূপচন্দ্ৰ বৰবৰুৱাৰ পূৰ্বপুৰুষৰ পেচা আছিল(a) দর
(b) পূজাৰী
(d) বেজ।
(a) দজী।
উত্তৰঃ-

(iii) পূৰ্ণানন্দৰ পদৰী আছিল—
(a) বুঢ়াগোহাঁই।
(b) বৰগোহাঁই।
(c) বৰপাত্ৰগোহইি
(d) বৰবৰুৱা ।
উত্তৰঃ- (a) বুঢ়াগোহাঁই।

(iv) সর্বানন্দক ৰজা পাতিছিল
(a) মাজুলীত
(c) ৰংপুৰত ৰা
(b) বেংমৰাত
(d) বহু দয়াত।
উত্তৰঃ- (b) বেংমৰাত।

(v) গুৰু নিত্যানন্দ দেৱ সত্ৰাধিকাৰ আছিল এক
(a) আউনিআটী সত্ৰৰ
(b) দক্ষিণপাট সত্ৰৰ
(c) মায়ামৰা সত্ৰৰ
(d) ওপৰৰ এটাও নাহয়।
উত্তৰঃ-  (c) মায়ামৰা সত্ৰৰ।।

2)কীর্তিচন্দ্রৰ পিতৃ কোন?
উত্তৰঃ- কার্তিচন্দ্ৰৰ পিতৃ ৰূপচন্দ্ৰ বৰবৰুৱা।।

3)মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ নাম কি আছিল?
উত্তৰঃ- গুৰু নিত্যানন্দ।

4)ৰাণী ফুলেশ্বৰীক কোনে শাক্ত ধৰ্মত দীক্ষা দিয়াইছিল?
উত্তৰঃ- কৃষ্ণৰাম ভট্টাচার্য।

5) মোৱামৰীয়াবিদ্রোহ কোনে দমন কৰিছিল ?
উত্তৰঃ- কেপ্তেইন থমাছ ওৱেলছ।

6) তিনিচুকীয়াৰ প্রাচীন নাম কি?
উত্তৰঃ- তিনিচুকীয়াৰ প্রাচীন নাম বেংমৰা।

7) চুৰক্ষা ভগা ৰজাৰ ৰাজত্ব কালত কোন সত্ৰৰ সত্ৰাধিকাৰক হত্যা কৰা হৈছিল ?
উত্তৰঃ- মায়ামৰা সত্ৰৰ।

8)কোন ৰজাৰ ৰাজত্বকালতমোৱামৰীয়াবিদ্ৰোহৰ অন্ত পৰিছিল?
উত্তৰঃ- স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।

9)কোন ৰজাৰ ৰাজত্ব কালত সত্রানুষ্ঠানৰ ধ্বংস সাধন কৰা হৈছিল?
উত্তৰঃ- স্বৰ্গদেউ গদাধৰ সিংহ।

10)কোন ৰজাৰ ৰাজত্ব কালত পোনতেমোৱামৰীয়াবিদ্রোহ সংঘটিত হৈছিল?
উত্তৰঃ- স্বৰ্গদেউ লক্ষীসিংহৰ দিনত।।

11)উজনিতমোৱামৰীয়াবিদ্ৰোহৰ সুযোগ লৈ স্বাধীনতা ঘােষণা কৰা আহোমৰ
কলীয়া ৰাজ্য এখনৰ নাম লিখা ?
উত্তৰঃ দৰঙ

12)দৰঙৰ ৰজা হংসনাৰায়ণৰ পুত্র কোন?
উত্তৰঃ- দৰঙৰ ৰজা হংসনাৰায়ণৰ পুত্র কৃষ্ণনাৰায়ণ।

13)দৰঙৰ ৰজা হংসনাৰায়ণক কোনে হত্যা কৰিছিল?
উত্তৰঃ- ৰজা গৌৰীনাথ সিংহই।

14)বৰকান্দাজ বুলিলে কি বুজা?
উত্তৰঃ- ভেৰোনীয়া সৈনিক।

15)শিৱসিংহৰ ৰাণীৰ নাম কি?
উত্তৰঃ- শিৱসিংহৰ ৰাণীৰ নাম ফুলেশ্বৰী।

16) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোন চনত অসমলৈ সামৰিক বাহিনী পঠিয়াইছিল ?
উত্তৰঃ- ১৭৯২ চনত ।

17)পাহক শব্দৰ অর্থ কি?
উত্তৰঃ- পাইক শব্দৰ অৰ্থ হৈছে পদাতিক সেনা বা সাধাৰণ শ্ৰেণীৰ। কৃষক আৰু কাৰিকৰ লোক।

18)চমুৱা কোন?
উত্তৰঃ- ধনৰ বিনিময়ত পাইক খাটাৰপৰা পোৱা ৰেহাই পাইকেই হৈছে চমুৱা ।।

19)যোৱামৰীয়া বিদ্রোহ কিমান বছৰ ধৰি চলিছিল?
উত্তৰঃ- মোৱাৱামৰীয়া বিদ্রোহ ৩৫/৩৬ বছৰ ধৰি চলিছিল(১৭৬৯ ১৮০৫)।

20) মোৱামৰীয়াবিদ্ৰোহৰ মূল কাৰণ কি?
উত্তৰঃ- মোৱাৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ আছিল অর্থনৈতিক আৰু ধৰ্মীয়।

21) কোনবোৰ ব্যক্তিয়ে আহোম ৰাজৰ পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল?
উত্তৰঃ- ব্রাহ্মণ-পুৰোহিত, সংসাৰ বৈৰাগীসন্ন্যাসী, সত্ৰাধিকাৰ আৰু ভকতসকলে পাইক সেৱা দনৰ পৰা ৰেহাই পাইছিল।

22) মোৱাৱামৰীয়াসকলে কাৰ দিনত দ্বিতীয়বাৰ বিদ্রোহ ঘােষণা কৰে?
উত্তৰঃ- মোৱাৱামৰীয়াসকলে গৌৰীনাথ সিংহৰ ৰাজত্ব কালত দ্বিতীয়বাৰ বিদ্রোহ ঘােষণা কৰে।

23) নিত্যানন্দদেৱৰ শিষ্যসকলে গুৰুৰ হত্যাৰ পাছত কি প্রতিজ্ঞা কৰিছিল?
উত্তৰঃ- নিত্যানন্দদেৱৰ শিষ্যসকলে গুৰৰ হত্যাৰ পাছত প্রতিজ্ঞা কৰিছিল— মাৰি যাও, মৰি যাও, গুৰুৰ ঋণ শুজি যাও।

24) ৰাণী ফুলেশ্বৰীক বৰৰজা উপাধি কিয় দিয়া হৈছিল?
উত্তৰঃ- শাক্ত ব্রাহ্মণ পুৰোহিতসকলে ৰজা শিৱ সিংহৰ ছত্রভংগ যোগ আছে বুলি পতিয়ন নিয়াই ৰাণী ফুলেশ্বৰীক ছত্র ধাৰণ কৰিবলৈ দি বজা” উপাধি দিছিল।

25) বৰ ৰজা ফুলেশ্বৰীয়ে কেনেকৈ দেৱী পূজাৰ জৰিয়তে বৈষ্ণৱ সকলক নিৰ্যাতন 
কৰিছিল?
উত্তৰঃ- বৈষ্ণৱ সকল শক্তি পূজাৰ বিৰোধী আছিল। ফুলেশ্বৰীয়ে দেৱী পূজাৰ আয়োজন কৰি তালৈ সমাধিকাৰ আৰু মহন্ত-ভকতসকলক ধৰি আনি পূজাৰ প্রসাদ খুৱাই আৰু বলিৰ তেজেৰে ফেটি দিঘাই তেওঁলোকক নিযার্তন কৰিছিল।

26) মোৱাৱামৰীয়াসকল কোন সত্ৰৰ শিষ্য আছিল?
উত্তৰঃ- বৈষ্ণৱ ধৰ্মৰ কালসংহতিৰ অন্তৰ্গত মায়ামৰা সত্ৰৰ শিষ্য আছিল।
এইসকল লোক আছিল সাধাৰণতে আহোম কৈৱৰ্ত, মৰাণ, চুতীয়া, কছাৰী আৰু কিছুসংখ্যক বর্ণ হিন্দুৰ লোক।

27)ৰাজকীয় স্বেচ্ছাচাৰিতাই মোৱামৰীয়া বিদ্রোহ সংঘটিত হোৱাত কি ধৰণে অৱদান দিছিল আলোচনা কৰা।
উত্তৰঃ- মোৱাৱামৰীয়া বিদ্রোহ আহোম যুগৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা।মোৱামৰীয়াবিদ্ৰোহৰ প্ৰথম আৰু প্ৰধান কাৰণ ধর্মীয় বুলিয়ে কব পাৰি। আহোম ৰজাসকলে হিন্দু ধর্ম গ্রহণ কৰি ঘােৰ শাক পূজাৰী হৈ পৰিছিল। আনহাতে বৈষ্ণৱ মহন্তসকলে শাক্ত ধমক ঘিণ কৰিছিল। এই কাৰণতে আহোম ৰজাসকলে বৈষ্ণৱ মহন্তসকলক নানা অত্যাচাৰ, উৎপীড়ন কৰিছিল। স্বেচ্ছাচাৰী আহোম ৰজাসকল
এই বিদ্ৰোহৰ বাবে যথেষ্ট দায়ী। কাৰণ :
(i) আহোম ৰজা ৰক্ষাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ আই ষড়যন্ত্র কৰি হত্যা কৰাইছিল। সত্ৰাধিকাৰৰ শিষ্যসকলে ইয়াৰ প্রতিশোধ লোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈ অত্যন্ত ক্ষোভ পুহি ৰাখিছিল।

(ii) আহোম ৰজা গদাধৰ সিংহই ৰজা হোৱাৰ আগতে অংগক্ষতৰ হাত সাৰি থাকিবলৈ ছদ্মবেশে ঘূৰি ফুৰোঁতে বৈষ্ণৱ ভকতকসকলৰ ব্যৱহাৰত বৰ ক্ষুন্ন হৈছিল। সেই কাৰণে তেওঁ ৰজা হৈয়ে মহন্তসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰে৷ সত্রানুষ্ঠানবোৰ ধ্বংস কৰি, সা সম্পত্তি বাজেয়াপ্ত কৰি ৰাজতৰালত জমা কৰিছিল। তেওঁ ভকতসকলক আলি-পদূলি, মথাউৰি নির্মাণ কামত শ্ৰমিকৰূপে কাম কৰিবলৈ বাধ্য কৰাইছিল।

(iii) আহোম ৰজা শিৱসিংহৰ শাসনকালত, বৰৰজা, ৰাণী ফুলেশ্বৰীয়ে শাক্ত ধর্ম গ্রহণ কৰি, দেৱী পূজা কৰি, ধর্মান্ধ হৈ সত্ৰাধিকাৰ, বৈষ্ণৱ মহন্তসকলক বলপূর্বকভাৱে ধৰি পূজাৰ প্ৰসাদ খুৱাই, বলিকটা তেজেৰে কলাপত ফোট দি অপমান কৰিছিল। এইদৰে স্বেচ্ছাচাৰী আহোম ৰজাসকলে মোৱাৱামৰীয়া সকলক বিদ্রোহী কৰি তুলিছিল।

(iv) ৰাজকীয় পৰিয়াল, ডা-ডাঙৰীয়াসকলে পাইকসকলক অধিক শ্ৰমৰ বোজা দিছৰৰ ৪ মাহ খাটনী খাটিবলৈ বাধ্য কৰাইছিল। এইবোৰেই আছিল আহোম ৰজাৰ স্বেচ্ছাচাৰিতাৰ নিদর্শন। গতিকে ৰজাৰ স্বেচ্ছাচাৰী শাসনেই আছিল বিদ্ৰোহৰ মূল কাৰণ ।

28)কোনজন আহোম স্বৰ্গদেৱে কি কাৰণত বৈষ্ণৱ সত্রানুষ্ঠানৰ ধ্বংস সাধন
কৰিছিল? তাৰ পৰিণতি কি হৈছিল আলোচনা কৰা।
উত্তৰঃ-
সত্ৰসমূহ হৈছে বৈষ্ণৱসকলৰ পৱিত্র স্থান। এইবোৰ পোন প্রথম শংকৰদেৱে প্রতিষ্ঠা কৰিছিল। পোন প্রথমে ৰজা বা ডা ডাঙৰীয়াসকলে এই সত্ৰসমূহলৈ মুক্তহতে দান-বৰঙণি আগবঢ়াইছিল। সত্ৰসমূহৰ লগত জড়িত সরাধিকাৰ, ভকত সকলে পাইক সেৱা দানৰ পৰা ৰেহাই পাইছিল। ক্রমে এই সত্ৰসমূহৰ সংখ্যা বৃদ্ধি হোৱাত শাৰীৰিক শ্রমদান কৰা লোকৰ সংখ্যা কমি আহিব ধৰিলে। গতিকে গদাধৰ সিংহই বৈষ্ণৱ সত্রানুষ্ঠান সমূহ ধ্বংস কৰিবলৈ ধৰিলে আৰু তাত থকা সম্পত্তিসমূহ ৰাজকোষলৈ স্থানান্তৰিত কৰিলে। ইয়াৰ উপৰিও তেওঁ শ-শ বৈষ্ণৱ মহন্ত আৰু শুকতক শ্রমদান কৰিবলৈ আদেশ দিছিল। যিয়েই এই আদেশ অমান্য কৰিছিল তেওঁলােকক টোকলাই, নামৰূপ, বছদয়াঙ আদি ঠাইলৈ নির্বাসিত কৰিছিল। এই ধ্বংসকার্যত স্বৰ্গদেউ গদাধৰ সিংহক সহায় কৰিছিল ৰংগাচৰণ বেজদলৈ ভাণ্ডাৰী বৰুৱাই। এই বৈষ্ণৱ নির্যাতনৰ ঘটনাই বৈষ্ণৱসকলৰ মনত বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰিছিল। যিহেতু এই ঘটনাই তেওঁলােকৰ ধার্মিক অনুভূতিত আঘাত কৰিছিল সেয়ে তেওঁলোেক শাসকবর্গৰ প্রতি বিতৃষ্ট হৈ পৰিছিল। মােৱামৰীয়া বিদ্রোহ সংঘটিত হােৱাত এই ঘটনাৰাে যথেষ্ট অৱদান আছে।

29) বৈষ্ণৱ সত্রানুষ্ঠানৰ ধবংস সাধনে মােৱামৰীয়া বিদ্রোহ সংঘটিত হােৱাত
কিমানখিনি অৱদান দিছিল আলােচনা কৰা।
উত্তৰঃ-
মােৱামৰীয়া বিদ্ৰোহৰ প্রধান উৎস আছিল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱৰ হত্যাকাণ্ড। আহােম স্বৰ্গদেউ ভগা ৰজাৰ ৰাজত্বকালত বেজদলৈ ভাণ্ডাৰী বৰুৱাই গুৰুজনাক হত্যা কৰিছিল। গুৰুজনাক সৎকাৰ কৰি শিষ্যসকলে প্রতিশােধ লােৱাৰ বাবে প্রতিজ্ঞা কৰিছিল। গুৰুজনাৰ হত্যাৰ ঘটনা মাৰ নাযাওঁতেই গদাধৰ সিংহৰ বৈষ্ণৱ নির্যাতনৰ কাৰ্যই জ্বলাই জুইত ঘিউ ঢালি দিছিল। অংগক্ষতৰপৰা হাত সাৰিবলৈ পলাই ফুৰােতে গদাধৰ সিংহই সত্রানুষ্ঠানসমূহত গােট খােৱা প্ৰচুৰ ধন-সম্পত্তিৰ সম্ভেদ পাইছিল। ধনে-সম্পদে সন্ত্রানুষ্ঠানবােৰ একো একোখন পৃথক
পৃথক ৰাষ্ট্ৰ হৈ পৰিছিল।প্রচলিত নিয়ম মতে পুৰােহিত, ব্রাহ্মণ, ভকতসকলে পাইক সেৱা । দানৰপৰা ৰেহাই পাইছিল। তাৰ সুবিধা লৈয়ে বহু লােকে সত্ৰৰ ভকত হৈ পাইক সেৱাৰপৰা নিষ্কৃতি লাভ কৰিছিল। তাৰ ফলস্বৰূপে আলি পদুলি, ৰাভা আদি নির্মাণ ক্ষেত্ৰত শ্ৰম শক্তিৰ নাটনি হৈছিল। সেইবাবেই গদাধৰ সিংহই সরানুষ্ঠানৰ ধ্বংস কৰি তাত জমা হােৱা ধন-সম্পত্তি ৰাজকোষলৈ স্থানান্তৰিত কৰিব। বিচাৰিছিল আৰু বৈষ্ণৱ ভকতসকলক শাৰীৰিক শ্ৰম কৰিবলৈ লগাইছিল। সেই কাৰণেই
ভকতসকলক শাৰীৰিক নির্যাতন কৰাৰ উপৰিও ঘৰৰপৰা বলপূর্বকভাৱে টানি আনি বিভিন্ন কামত নিয়ােগ কৰিছিল। সন্ত্রানুষ্ঠানৰ ধ্বংস কার্যৰপৰা বৈষ্ণৱীয়াসকলৰ মনৰােৰ বিদ্রোহী হৈ। উঠিছিল আৰু তাৰ পৰিণতিস্বৰূপে মােৱামৰীয়া বিদ্রোহ সংঘটিত হৈছিল।

30) বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত ভকত নির্যাতন বৰৰজা ফুলেশ্বৰীৰ ভূমিকা নির্ণয় কৰা।
উত্তৰঃ-
আহােম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত মােৱামৰীয়া মহন্ত প্রতি কৰা অন্যায়-অপমানে চুড়ান্ত রূপ পাইছিল। বৈষ্ণৱ সত্ৰাধিকাৰ মহন্ত-ভকত নির্যাতনত বৰৰজা ফুলেশ্বৰীৰ ভূমিকা আছিল লেখত লবলগীয়া। তেওঁ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু সত্ৰৰ সৈতে জড়িত সন্ত মহন্ত, ভকত লােকে লঘু-লাঞ্ছনা কৰি অশেষ নির্যাতন কৰিছিল। শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লােৱা এইগৰাকী ৰাণীৰ বৈষ্ণৱ নির্যাতন কার্যত ইন্ধন যােগাইছিল কীর্তিচন্দ্ৰ বৰুৱাই। শক্তি ব্রাহ্মণ পুৰােহিতসকলে ৰজা শিৱসিংহৰ ছত্রভংগ যােগ আছেবুলি পাতিয়ন নিয়াই ৰাণী ফুলেশ্বৰীক ৰাজকীয় ছত্ৰ ধাৰণ কৰিবলৈ দিবৰৰজা
উপাধি দিছিল৷ ৰজা আৰু ৰাণী দুয়াে কৃষ্ণৰাম ভট্টাচার্য বােলা শাক্ত পুৰােহিত এজনৰ প্ৰভাৱত পৰি হিতাহিত জ্ঞানশূণ্য হৈ পৰিছিল। বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত আৰু ভকতসকল শক্তি পূজাৰ বিৰােধী আছিল। সেয়েহে ৰাণীয়ে দেরীমন্দিৰত পূজাৰ আয়ােজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সনুষ্ঠানৰ মহন্ত-ভকতসকলক প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফেটি দিয়াইলঘু-লাঞ্জনা কৰিছিল। বৈষ্ণৱপন্থী মহন্তসকলক ৰা এনে অপমানে ইতিমধ্যে তেওঁলােকৰ মাজত উমি উমি জ্বলি থকা বিদ্ৰোহৰ জুইকুৰা জ্বলি উঠাত দুগুণে উৎসাহিত কৰিছিল।

31) মােৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি সম্পর্কে আলােচনা কৰা।
উত্তৰঃ-
বিদ্ৰোহৰ আৰম্ভণিতে মােৱামৰীয়া নেতাসকল ডেকা মহন্ত সপ্তভুজ ওৰফে গাপিনী ডেকা, ৰাথ নেওগ আদিয়ে মােহন মালাদেও, চাৰু চন্দ্র মাজুগগাহাঁই, ৰত্নেশ্বৰ সৰুজমা গােহহি আদি আহােম ৰাজকোঁৱৰ সকলক সিংহাসনত বন্ধুওৱাৰ আশ্বাস দি তেওঁলােকৰ শিবিৰলৈ লৈ গৈছিল। বিদ্ৰোহৰ আৰম্ভণিতে বিদ্রোহীসকল ৰাজধানী ৰংপুৰ দখল কৰি ৰজা লক্ষীসিংহক বন্দী কৰিছিল। কীর্তিচন্দ্ৰ সিংহৰ লগতে তেওঁৰ তিনি পুত্র, ভগী বুঢ়াগােহহি, বৰগােহাঁই, বৰপাত্ৰ গােহহি, বৰফুকন আৰু ভামােন চৰকাৰী বিষয়াসকলক বিদ্রোহীসকলে হত্যা কৰিছিল। মােহন মালদেওক তেওঁৰ পুত্ৰসকলৰ সৈতে বিহ খুৱাই হত্যা কৰিছিল৷ আনহাতে বিদ্রোহীসকলে তেওঁলােকৰ মাজৰপৰা নতুন নতুন বিষয় নিয়ােগ কৰিছিল। কিন্তু বিদ্রোহীসকলৰ কার্য স্থায়ী নহল। চৰকাৰ পক্ষই বহাগ
বিহূত হাৰী গােৱাৰ চলেৰে গাগিনী ডেকা মহন্তৰ সৈতে বিদ্রোহী নেতাবােৰক হত্যা কৰি লক্ষীসিংহক ৰাজসিংহাসনত বায়।গৌৰীনাথ সিংহৰ সময়ত মােৱামৰীয়াসকলে দ্বিতীয়বাৰৰ কাৰণে যুদ্ধ কৰে। এইবাৰ বিদ্রোহীসকলে ৰজাই গড়গাওঁলৈ আহি থাকোতে তেওঁক বাটতে অতর্কিতে আক্রমণ কৰে। আক্ৰমণত ৰজাই কোনােমতে বাচি আহি ৰাজকাৰেং পায়হি। তাৰ পাছত বিদ্রোহীসকলে পুনৰ ৰংপুৰত উপস্থিত হয় আৰু ৰজাৰ পক্ষৰ বহু লােকক হত্যা কৰে। দুয়াে পক্ষৰ মাজত গুৰুত্বৰ সংঘাতৰ সৃষ্টি হয়। এই দ্বিতীয়বাৰৰ বিদ্ৰোহৰ সময়ত দিহিং, আউনীআটী, দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ সকলে তেওঁলােকৰ শিষ্যসকলক লগত লৈ ৰাজকীয় বাহিনীৰ সৈতে লগলাগি মােৱামৰীয়া বিদ্রোহীসকলক দমন কৰিবলৈ অহােপুৰু্যার্থ কৰিছিল। এনেদৰেই মােৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল।

32) মােৱামৰীয়া বিদ্ৰোহৰ কৃতকার্যতা সম্পর্কে আলােচনা কৰা৷
উত্তৰঃ-
মােৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ দখল কৰি ভৰত সিংহক ৰজা আৰু শুকুৰা নামৰ আন এজনৰু বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ দিছিল। ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ সম্পৰ্কীয় লােক আছিল আৰু ৰছা-দয়াৰ পৰা গােহাঁইৰ তলত নিজকে স্বতন্ত্র বুলি ভাবিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰে আপৰিভিটাত ডফলা বহতীয়াসকলে তাঁতী এজনক ৰজা পাতিছিল। মাজুলীত হাউহা বােলা এজনক মােৱামৰীয়াসকলে ৰজা পাতিছিল। বেংমৰাত হাতীচুংগী মৰাণসকলে সবানন্দক ৰজা আৰু গােধাক বৰবৰুৱা পাতিছিল। সবানন্দই ১৭৮৮ ৰপৰা ১৮০৫ লৈ বেংমৰাত ৰাজত্ব কৰিছিল। শদিয়াত
খামটাসলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামে দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিব
| উজনিৰ ৰাজনৈতিক পৰিৱর্তনৰ লগে লগে নামনিতে সমপৰিমাণে ৰাজনৈতিক পৰিৱৰ্তনৰ চেষ্টা চলিছিল। উজনিত ৰাজ ভগনৰ সুযােগ লৈ নামনিতে কতলীয়া ৰাজ্য ন-দুৱাৰ আৰু দৰণ্ডেও স্বাধীনতা ঘােষণা কৰিছিল। গতিকে দেখা যায় মােৱামৰীয়া প্ৰজা বিদ্রোহে আহােম ৰাজতন্ত্র লাইফুটা সম্পূর্ণরূপে লৰাই পেলাইছিল। এনেদৰেই মােৱামৰীয়া বিদ্রোহত বিদ্রোহীসকলে উজনি, নামনিক নিজৰ দখললৈ আনি নিজৰ আধিপত্য বিস্তাৰ কৰিছিল।

33) প্রথম মােৱামৰীয়া বিদ্ৰোহৰ এটি আভাস দিয়া আৰু ইয়াৰ ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ-
প্রথম মােৱামৰীয়া বিসােহ খুবৰ পাই ৰজাই বিদ্ৰোহৰ নেতা বাঙ্গন ধৰি আনিবৰ বাৰে মান পঠালে। কিন্তু মানুখিনি বিদ্রোহীৰ হাতত নিহত হল। ৰজাই এইবাৰ তিপামলৈ আগবাঢ়ি অহা বিদ্রোহীক ভেটা দিবৰ বাবে সৈন্য বাহিনী পঠালে। ডিব্ৰ নদীৰ পাৰত প্রথম যুদ্ধ লাগিল। যুদ্ধত মােৱামৰীয়াসকল হাৰি পিছুৱাই যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ৰাঘৰ মৰাণে কেইবাখনাে যুদ্ধত আহােমক পৰাস্ত কৰে। ইয়াকে দেখি ৰজাই বৰবৰুৱাৰ দিহামতে গুৱাহাটীৰ ফালে ভটিয়াই যাওঁতে বাটতে ধৰা পৰিল আৰু বন্দী কৰি ৰংপুৰত ৰাখিলে। এই যুদ্ধত আহােমৰ বত বিষয়াও বন্দী হৰ লগাত পৰে। প্রবাদ আছে যে, এই যুদ্ধত নাহৰ মৰাণৰ দুই পত্নী ৰাধা ৰুক্মিণীয়ে ৰাজকীয় সৈন্যৰ বিৰুদ্ধে যুঁজ কৰিছিল।অৱশেষত, মােৱামৰীয়া ৰাজধানী দখল কৰি বৰবৰুৱা আৰু তেওঁৰ পুতেককেইজনক হত্যা কৰিলে। তেওঁৰ জীয়েক আৰু ঘৈণীয়েকহঁতক বিদ্রোহীবিলাকে পত্নী হিচাপে ৰাখিলে। নাহৰখােৱা মৰাণৰ পুতেক ৰমাকান্তক ৰজা বুলি ঘােষণা কৰা হ'ল। বিদ্রোহীৰ গুৰিয়ালসকলে ডা-ডাঙৰীয়াৰ বাব পালে। ৰাঘৱ বৰবৰুৱা বাব পালে আৰু ৰাজেশ্বৰ সিংহৰ বিধৱা পত্নী কুঙ্গনয়নীক বিয়া কৰাই ৰাখিলে। ৰমাকান্তৰ নামত ন-চুকীয়া মােহৰ মাৰি দেশ শাসন কৰে।
ফলাফলঃ ৰমাকান্ত আহােমৰ ৰাজসিংহাসনত বহাত প্ৰজাসকলে ভাল পােৱা নাছিল। ৰমাকান্তই এই কথা জানি লক্ষীসিংহ আৰু তেওঁৰ বিষয়াসকলক হত্যা কৰিবলৈ স্থিৰ কৰিলে। এই খবৰ পাই বিষয়াসকলে চত্তৰ বিহুৰ আগ মুহূর্তত কুৰঙ্গনয়নীৰ দিহামতে একগােট হৈ তুচৰি গােৱাৰ ছলেৰে ১৭৭০ খৃঃত চতৰ বিহূত ৰজা আৰু বৰবৰুৱাৰ ঘৰ। আগুৰি তেওঁলােকক হত্যা কৰে। মােৱামৰীয়া শাসন আঘােনৰপৰা চতৰ সংক্রান্তিলৈ পাঁচমাহাহে চলিল। লক্ষমীসিংহ বন্দীশালৰপৰা মুকলি হৈ সিংহাসনত পুনৰ আৰােহণ কৰে।

34) প্রথম মােৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি কি? উল্লেখ
উত্তৰঃ-
বিদ্ৰোহৰ কাৰণঃ
(i) আহােম ৰজা গদাধৰ সিংহৰ প্রতিশােধঃ গদাধৰ সিংহই ছদ্মবেশে ঘূৰি ফুৰোঁতে বৈষ্ণৱ ভকতসকলৰ ব্যৱহাৰত বৰ ক্ষুন্ন হৈছিল। সেই কাৰণে তেওঁ ৰজা হৈয়ে বৈষ্ণৱ মহন্তসকলৰ ওপৰত নানা অত্যাচাৰ আৰম্ভ কৰে। এইটোৱেই আছিল মােৱামৰীয়া মহন্তসকলৰ বিক্ষুব্ধ হােৱাৰ প্রথম কাৰণ।
(ii) ফুলেশ্বৰী কুঁৱৰীৰ বৈষ্ণৱসকলৰ প্রতি ব্যৱহাৰঃ আহােম ৰজা শিৱসিংহৰ বৰ কুঁৱৰী বৰৰজা ফুলেশ্বৰীয়ে দুর্গাপূজা পাতি বৈষ্ণৱ মহন্তসকলক বলেৰে গােসনিক সেৱা কৰাই বলিকটা ফেটি দি প্রসাদ খুৱায় এই কার্য মােৱামৰীয়াসকলক মমান্তিক আঘাত দিয়ে। ইয়াক তেওঁলােকে পাহৰিব পৰা নাছিল।
(iii) বৈষ্ণৱসকলৰ প্রতি কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ব্যৱহাৰঃ লক্ষীসিংহৰ ৰাজত্ব কালত দেশৰ শাসনকার্য প্রকৃততে কীর্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত পৰাত তেওঁ বৰ স্বেচ্ছাচাৰী আৰু অহঙ্কাৰী হৈ উঠে। ৰজা আৰু বৰবৰুৱাই ফুৰিবলৈ যাওঁতে বাটতে মােৱামৰীয়া মহন্তৰ লগত দেখাদেখি হােৱাত ৰজাক মহন্তই যথাযথ সম্মান জনালে; কিন্তু বৰবৰুৱাক নজনালে। তাৰ বাবে মহন্তক নানা কটুবাক্য শুনালে। এবাৰ হাতীচুঙ্গী মৰাণৰ দলপতি নাহৰখােৱা ৰাঘবক সৌকাৰে কোবালে আৰু চুলি খুৰাইদিলে। দুয়ােজনে এইঅপমানৰ প্রতিশােধ লবলৈ বিচাৰিলে৷ তেওঁলােকৰ গুৰু মােৱামৰীয়া
ওচৰলৈ গৈ বিদ্রোহ কৰি বাবে অনুমতি বিচাৰিলে।
(iv) মােৱামৰীয়া মহন্তৰ অনুমতিঃ বৈষ্ণৱ মহন্তসকলৰ গুৰু মােৱামৰীয়া মহন্তইও পূর্বকথা সুঁৱৰি বিদ্ৰোহৰ অনুমতি দিলে আৰু পুতেক বাঙ্গনক দলপতি পাতি সৈন্য পৰিচালনাৰ ভাৰ দি শিষ্যসকলেৰে এটা ফৌজ গঠন কৰি দিলে। তেওঁ প্রথমে নামৰূপলৈ গৈ মৰাণ কছাৰী শিষ্যসকলৰ অভ্যর্থনালৈ নামৰূপীয়া ৰজা উপাধি গ্রহণ কৰিলে।
(v) ক্ষুব্ধ ৰাজকোঁৱৰসকলঃ ইতিমধ্যে নির্বাসিত হৈ থকা মােহনমালা গােহাঁইদেৱ, চাৰিঙ্গীয়া কেৱৰ আৰু তিপমীয়া কোঁৱৰেও বিদ্রোহত যােগ দিলে। এইদৰে প্রতিশােধ আৰু প্রতিহিংসাত জ্বলি-পকি মােৱামৰীয়া মহন্তৰ সৈতে লগলাগি ১৭৬৯ খ্রীঃত নৱেম্বৰ মাহত ৰজাৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা হয়।

35) কীর্তিচন্দ্ৰ বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাৰ বিষয়ে চমুকৈ বর্ণনা
উত্তৰঃ-
১৭১৪ চনত ৰূপচন্দ্ৰ বৰবৰুৱাৰ মৃত্যু হােৱাত স্বৰ্গদেউ। শিৱসিংহই তেওঁৰ পুত্র কীর্তিচন্দ্ৰক বৰবৰুৱা পদত নিযুক্তি দিছিল। কীর্তিচন্দ্ৰ বৰবৰুৱা বৰ অত্যাচাৰী আৰু স্বেচ্ছাচাৰী আছিল। তেওঁৰ উছটনিতে ৰাণী ফুলেশ্বৰীৰ বৈষ্ণৱ নিৰ্যাতনৰ মাত্রা অধিক হৈছিল। ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্র মােহনমালা দেওক কীর্তিচন্দ্রই কু-চক্রান্ত কৰি ৰজা হােৱাৰ পৰা বঞ্চিত কৰিছিল৷ কীর্তিচন্দ্ৰই মােহন মালাদেওক ভায়েক ৰাজেশ্বৰ সিংহক ৰজা পাতিছিল। কীর্তিচন্দ্ৰই মােহনমালাদেওক ষড়যন্ত্র কৰি নামৰূপৰ অটব্য অৰণ্যলৈ নিবাসিত কৰিছিল। ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত ৰজা পতা বিষয় টোক লৈ আহােম ডা-ডাঙৰীয়াসকলৰ মাজত মতানৈক্য হৈছিল। কিন্তু কীর্তিচন্দ্ৰই তেওঁলােকক গুৰুত্ব নিদি ৰাজেশ্বৰ সিংহৰ পুতেক লক্ষীসিংহক ৰজা পাতিছিল। ফলত তেওঁৰ বিৰুদ্ধে ডাডাঙৰীয়াসকলৰ মাজত বিদ্রে সৃষ্টি হৈছিল।

36) দ্বিতীয় আৰু তৃতীয়বাৰ মােৱামৰীয়া বিদ্রোহ কিয় হ'বলৈ পালে আৰু ইয়াৰ ফল আহােম ৰাজ্যত কেনেদৰে দেখা দিলে?
উত্তৰঃ-
দ্বিতীয় মােৱামৰীয়া বিদ্রোহ ও গৌৰীনাথ সিংহ ৰজা হৈয়ে মােৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰাৰ ফলত মােৱামৰীয়াসকলে দ্বিতীয়বাৰ বিদ্রোহ আৰম্ভ কৰে। বিদ্রোহীসকলে ৰাতি গড়গাঁও নগৰত সােমাই অত্যাচাৰ কৰে; কিন্তু পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে তেওঁলােকক খেদি পঠোৱাত ৰংপুৰ নগৰত সােমাই ঘৰ-দুৱাৰত জুই দি অত্যাচাৰ কৰে। বুঢ়াগােহাঁয়ে তাৰ পৰাও বিদ্রোহীসকলক খেদি পঠায়। দূৰদৰ্শী পূর্ণানন্দ বুঢ়াগােহাঁয়ে গৌৰীনাথ সিংহক বিদ্রোহীসকলক অত্যাচাৰ কৰাৰ পৰিৱর্তে কৌশলেৰে বশ কৰাৰ পৰামর্শ দিয়ে। কিন্তু ৰজাই মােৱামৰীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ
আৰম্ভ কৰে। এই অত্যাচাৰে মােৱামৰীয়াসকলক অতিষ্ঠ কৰি পুনৰ বিদ্ৰোহৰ বাবে জগাই তােলে।  তৃতীয় মােৱামৰীয়া বিদ্রোহঃ ১৭৮৬ খৃঃত অসমৰ পূৱ অংশত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত মােৱামৰীয়াসকলে বিদ্রোহ আৰম্ভ কৰে।। বিদ্রোহীসকলে সকলাে বাধা অতিক্রম কৰি ৰংপুৰৰ ওচৰ পায়। গৌৰীনাথ সিংহ ভয়তে গুৱাহাটীলৈ পলাই যায়। সাধাৰণ প্ৰজাই ভয়তে বিদ্রোহীসকলৰ লগত যােগদান কৰে। পূৰ্ণানন্দ বুঢ়াগােহাঁই ঠায়ে ঠায়ে বিদ্রোহীসকলক বাধা দি থাকি ১৭৮৫ খ্রীঃৰ পৰা ১৭৯২ খ্রঃলৈ সাহসেৰে যুদ্ধ চলাই থাকিল। এই সময়ছােৱাত প্রজাৰ দুখ-দুর্গতিৰ সীমা নােহােৱা হয়। বহূতাে প্ৰজাই দেশ এৰি পলাই যায়।

37) চমূটোকা লিখা:

(i) ডফলা বহতীয়া।
(ii) চমুৱাসকল।
(iii) মােহনমালাদেও
(iv) গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫)
(v) কৃষ্ণ নাৰায়ণ।

(i) ডফলা বহতীয়াঃ ব্রহ্মপুত্ৰৰ উত্তৰ পাৰত নগা সীমান্তৰ কাষত যিসকল প্রজা বসবাস কৰিছিল তেওঁলােকক আহােমসকলে। ডফলা বহতীয়া বুলি জনাজাত আছিল। এই আহােম প্রজাসকলে আহােম ৰজাক দুই প্রকাৰৰ কৰ দিব লাগিছিল। এই প্রজাসকলে আন সাধাৰণ প্ৰজাৰ দৰে ৰজাঘৰীয়া ডা-ডাঙৰীয়াসকলৰ ঘৰত বছৰত চাৰি মাহ পাইক হিচাপে গা খাটিৰ লাগিছিল। আনহাতে নগা সীমান্তত থকা ডফলা জনজাতিসকলক পচা নামেৰে এবিধ কৰ দিব লাগিছিল। এই ধৰণৰ কৰৰ বােজাই নিঃশ্রেণীৰ দুখীয়া প্ৰজাক বৰ অতিষ্ঠ কৰি তুলিছিল। মােৱামৰীয়া বিদ্রোহীসকলে বিদ্রোহ আৰম্ভ কৰাৰ সময়ত এইপ্রজাসকলেও ৰজাৰ বিৰুদ্ধে বিদ্রোহত সহযােগ কৰিছিল।

(ii) চমুৱাসকলঃ আহােম যুগত মুদ্ৰাৰ ব্যৱহাৰ বৰ কম আছিল। প্ৰজাৰ মাজত মুদ্ৰাৰ ব্যৱহাৰ খুব কম আছিল। ধনী শ্ৰেণীৰ মানুহেহে টকা-পইচাৰ লেনদেন কৰিছিল৷ আহােম যুগত প্রায় সকলাে প্ৰজাই পাইক খুটাৰপৰা ৰেহাই পাইছিল। ধনৰ বিনিময়ত ৰেহা যােৱা পাইককে চমুৱা বােলা হয়। এইদৰে কাঁড়ী পাইকসকলে ধনৰ বিনিময়ত চমুৱা শ্ৰেণীলৈ উন্নীত হৈছিল। এওঁলােকক সাধাৰণ পাইক শ্ৰেণীতকৈ উচ্চ শ্ৰেণীৰ বুলি গণ্য কৰা হয়। 

(iii) মােহনমালাদেওঃ মােহনমালাদেও (গােহাঁই) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তৃতীয় পুত্র আছিল। ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ ৰজা প্রমত্ত সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভায়েক মােহনমালাদেওক ৰজা নাপাতি তেওঁৰ সৰু ভায়েক ৰাজেশ্বৰ সিংহক ৰজা পাতে! মােহনমালাদেওৰ গাত বসন্তৰ দাগ থকা বাবে তেওঁক ৰজা পতা নহ'ল। ৰাজেশ্বৰ সিংহ ৰজা হােৱাৰ পিছত মােহনমালাদেওক ৰাজেশ্বৰ সিংহৰ কথা মতে কীর্তিচন্দ্ৰ বৰবৰুৱাই অটব্য নিবার্সন দিছিল। বুঢ়াগােহাঁই, বৰগােহাঁই, কেইবাজনাে। ডা-ডাঙৰীয়াই মােহনমালাদেওকহে ৰজা পতাৰ কথাত সমর্থন দিছিল যদিও কীর্তিচন্দ্ৰৰ ষড়যন্ত্রত ৰাজেশ্বৰ সিংহকহে ৰজা - পতা হয়। এই কার্যত বহূতাে ডা-ডাঙৰীয়া বিক্ষুব্ধ হৈ থাকিল। এইটোও মােৱামৰীয়া বিদ্ৰোহৰ আন এটা কাৰণ আছিল। পিছত বিদ্রোহী মােৱামৰীয়াসকলে সিংহুসনৰ লােভ দেখুৱাই মােহনমালাক নিজৰ ফলীয়া কৰি অৱশেষত বিহ খুৱাই হত্যা কৰে।

(iv) গৌৰীনাথ সিংহ: (১৭৮০-১৭৯৫) আহােম ৰজা লক্ষমীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্র লােকনাথ গােহাঁই আহােম ৰাজ্যৰ ৰজা হয়৷ তেওঁ ৰজা হৈ গৌৰীনাথ সিংহ নাম লয়। তেওঁ ৰজা হৈয়ে মােৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। ৰজাৰ অত্যাচাৰত। অতিষ্ঠ হৈ মৰাণসকল আকৌ বিদ্রোহী, হৈ উঠে। এদিন ৰাতি বিদ্রোহীসকলে ৰজাক বাটতে আক্রমণ কৰি, যাকে যতে পালে কাটিলে। প্রথমে বিদ্রোহীসকলক খেদি পঠায় যদিও পিছলৈ ৰংপুৰ দখল কৰে। ৰজাই বিদ্রোহ দমনত ব্যর্থ হৈ, ভয়তে গুৱাহাটীলৈ পলায়ন কৰে। অৱশ্যে ইংৰাজ সেনাপতি কেপ্তেইন ওৱেলছে অতি কম দিনৰ ভিতৰতে বিদ্রোহ দমন কৰি, গৌৰীনাথ সিংহক পুনৰ ৰজা পাতি দিয়ে। গৌৰীনাথ সিংহ আহােম ৰজাসকলৰ ভিতৰতে আটাইতকৈ অকর্মন্য, ৰক্তপিপাসু, কাপুৰুষ ৰজা আছিল। তেওঁ সামান্য কথাতে মানুহক বধ কৰিছিল। তেওঁ শাসন ক্ষমতা বিষয়াৰ হাতত এৰি দি, আমােদ-প্রমােদত দিন কটাইছিল। এই অত্যাচাৰী, অবিবেচক ৰজাজনৰ শাসনে আহােম ৰাজ্যৰ পতনৰ বাট মুকলি কৰিছিল।

(v) কৃষ্ণ নাৰায়ণঃ মােৱামৰীয়া বিদ্রোহ আহােম ৰাজ্যৰ উজনি অসমতে সীমাবদ্ধ আছিল। মােৱামৰীয়া বিদ্রোহে আহােম ৰজাৰ শাসন ব্যৱস্থা, বিদ্রোহ দমনত সম্পূর্ণ বিদ্ধস্থ হৈ পৰা সময়তে নামনি অসমৰ । কতলীয়া ৰাজ্য ন-দুৱাৰ আৰু দৰঙেও স্বাধীনতা ঘােষণা কৰি ৰাজ্য শাসন কৰিবলৈ লয়। গৌৰীনাথ সিংহই দৰঙৰ ৰজা হংসনাৰায়ণক চক্রান্ত কৰি মাতি আনি বধ কৰে। তাৰ পিছত পুতেক কৃষ্ণনাৰায়ণে বৰকাণ্ডাজ চিপাহীৰ সহায় লৈ কামৰূপ দখল কৰি ৰাজ্য শাসন কৰিবলৈ আৰম্ভ কৰে। কেপ্টেইন ওৱেলছে গুৱাহাটী উদ্ধাৰ কৰি তাৰ পিছত কৃষ্ণনাৰায়ণক আহােম ৰজাৰ।
বশ্যতা স্বীকাৰ কৰাই আহােমৰ কৰতলীয়া ৰজা কৰি ৰাখে।


Post a Comment

0 Comments