CLASS-9.Social science. (অৰ্থনীতি বিজ্ঞান).L-2.মূল অর্থনৈতিক সমস্যাসমূহ


মূল অর্থনৈতিক সমস্যাসমূহ



অতি চমু / চমু উত্তৰৰ প্ৰশ্ন :

1)সংজ্ঞা লিখা-
(ক)দৰিদ্ৰতাঃ দৰিদ্ৰতাৰ সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। তাৰ ভিতৰত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় যত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়ােজনসমূহ যেন খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়।

(খ)নিবনুৱাঃ নিবনুৱা শব্দটো সেইসকল ব্যক্তিৰ ক্ষেত্ৰত প্রযােজ্য হয় যিসকল ব্যক্তি কর্মহীন। এই অর্থত যিসকল লােকে কাম কৰাৰ কোনাে সুযােগ নাপায় তেওঁলােকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অর্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কবার। ক্ষমতা আছে, কিন্তু কোনাে উপযুক্ত সংস্থাপন নাপায়।

(গ)জনসংখ্যা ঘনত্ব: জনসংখ্যা ঘনত্ব মানে হল প্রতি বর্গ কিলােমিটাৰত জনসংখ্যা।

(ঘ)লিংগ অনুপাত : লিংগ অনুপাত মানে হৈছে প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা। লিংগ অনুপাতে প্রত্যেক ৰাজ্যৰ প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা নির্ণয়ৰ ক্ষেত্ৰত সহায় কৰে।

(ঙ)চৰম দৰিদ্ৰতাঃ চৰম দৰিদ্ৰতা বুলিলে এজন মানুহৰ ন্যূনতম প্রয়ােজন পূৰণ কৰাৰ অক্ষমতা বুজায়।
(চ)আপেক্ষিক দৰিদ্ৰতাঃ আপেক্ষিক দৰিদ্ৰতা বুলিলে আমি - জনসাধাৰণৰ আয়ৰ তুলনামূলক পার্থক্যক বুজা যায়। ইয়াত বিভিন্ন শ্ৰেণী, অঞ্চল বা দেশৰ তুলনাত দাৰিদ্ৰতাক নির্ণয় কৰা হয়।

(ছ)বহনক্ষম উন্নয়ন: 1987 , Brundtland আয়ােগে অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাৰে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া নপৰে সেই উদ্দেশ্যে যিটো ধাৰণা আগবঢ়াইছিল। সিয়েই হৈছে বহনক্ষম উন্নয়ন।

(জ)সেউজ অর্থনীতিঃ যি অর্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অর্থনীতিকে সেউজ অর্থনীতি বােলা ।

2)দৰিদ্ৰতাৰ সীমাৰেখা কি? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি?
উত্তৰঃ- দৰিদ্ৰতাৰ সীমাৰেখা মানে হল ভাৰতৰ পৰিকল্পনা আয়ােগে কেলৰি ভিত্তিত আগবঢ়োৱা সংস্থাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 2400 কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম 21oo কেলৰি খাদ্য আহৰণ কৰিব নােৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়। এই পৰিমাণৰ কেলৰি ক্ৰয় কৰিব পৰা বা নোৱাৰা এই সীমা টেক দৰিদ্ৰ সীমাৰেখা বােলা । গাঁও অঞ্চলত অধিক কেলৰি প্রয়ােজন হয় কাৰণ গাঁৱলীয়া লােকৰ চহৰীয়া লােকতকৈশাৰীৰিক পৰিশ্ৰম বেছি। ন্যূনতম কেলৰি আহৰণ। কৰিবলৈ চলিত দৰৰ হিচাপত গাঁও অঞ্চলতআৰু চহৰ অঞ্চলত জনমূৰি মাহিলী ব্যয়ৰ পৰিমাণ উলিওৱা হয়।


3)২০১১ চনৰ লােকপিয়ল মতে ভাৰতবর্ষ আৰু অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ- ২০১১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হল 121 কোটি আৰু অসমৰ জনসংখ্যা হল 3 কোটি 12 লাখ ।

4)বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ?
উত্তৰঃ- বিশ্বৰ মাটিকালিৰ কিমান ২.৪ শতাংশ ভাৰতত আছে।

5)ভাৰতৰ সৰ্বাধিক লিংগঅনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ?
উত্তৰঃ- ভাৰতৰ সর্বাধিক লিংগ অনুপাত কেৰেলাত আটাইতকৈ বেছি আৰু ই হৈছে ১০৮৪।

6)অসমৰ জনসংখ্যা ঘনত্ব কিমান?
উত্তৰঃ- অসমৰ জনসংখ্যা ঘনত্ব হৈছে ৩৯৭ জন।

7)ছদ্মবেশী নিবনুৱা কাক কয়?
উত্তৰঃ- যেতিয়া এজন বা দুজনে কৰিব পৰা এটা কাম তাতকৈ অধিক শ্রমিকে লয়, এইসকলে দেখাত কাম কৰিলেও প্রকৃততে অতিৰিক্ত শ্রমিকে কাম নকৰিলেও উৎপাদন কমিনাযায়। তেনে অতিৰিক্ত শ্রমিকক অদৃশ্যমান নিবনুৱা বা ছদ্মবেশী নিবনুৱা বােলে । গাঁও অঞ্চত কম মাটিত আৱশ্যৰকৈ বেছিশ্রমিকে কাম কৰে, ৮  ঘণ্টাৰ ঠাইত ২৪ ঘণ্টাহে কাম কৰি খেতি কৰে। এজনে কৰিৰ পৰাকামটোকে ২৩বা তাতকৈ বেছি শ্রমিকে কৰে। এনে শ্রমিক ছদ্মবেশী নিবনুৱা বােলে। অর্থাৎ দিনে ৮ঘণ্টাকৈ কাম নকৰা, সাময়িকভাৱে কাম কৰা লােককে ছবেশী বুলি কব পাৰি।

8)মুদ্রাস্ফীতি কি?
উত্তৰঃ- মুদ্রাস্ফীতি মানে দ্ৰব্য আৰু সেৱাৰ অবিৰতভাৱে সংঘটিত হােৱা মূল্যবৃদ্ধি।

9)মুদ্রাস্ফীতিৰ কাৰণবােৰ কি কি?
উত্তৰঃ-মুদ্রাস্ফীতিৰ কাৰণবােৰ হল—
(i)চাহিদাজনিত কাৰণ আৰু
(ii)ব্যয়জনিত কাৰণ।

10)দমিত মুদ্রাস্ফীতি কাক বােলে?
উত্তৰঃ- চৰকাৰী নিয়ন্ত্রিত ব্যৱস্থাই মুদ্রাস্ফীতিক মুক্ত মুদ্রাস্ফীতিতকৈ কম ৰখাক দমিত মুদ্রাস্ফীতি বােলে।

11)অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে?
উত্তৰঃ- অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা 10 জনতকৈ কম থাকে

12)কর্মী জনসংখ্যা = (মুঠ কর্মী সংখ্যা / ? ) x 100 সম্পূর্ণ কৰা।
উত্তৰঃ- কর্মী জনসংখ্যা = (মুঠ কম সংখ্যা /জনসংখ্যা)x100

13)বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়ােগে কেতিয়া আগবঢ়াইছিল?
উত্তৰঃ- বহনক্ষণ উন্নয়নৰ সংজ্ঞাটো 1987 চনত Brundtiand আয়ােগে আগবঢ়াইছিল।

14)পৰিৱেশ চিন্তাবিদসকলৰ মূলমন্ত্র কি?
উত্তৰঃ- পৰিৱেশ চিন্তাবিদসকলৰ মূলমন্ত্র হৈছে— চিন্তা বিশ্বব্যাপী হওক, কার্যপন্থা স্থানীয় হওক।

দীঘল প্রশ্ন উত্তৰ
1)ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবােৰ আলােচনা কৰা।
উত্তৰঃ-
ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ মূল সমস্যাটোৱেই হৈছে জন বিস্ফোৰণ। জন বিস্ফোৰণে জনসংখ্যাৰঅত্যাধিক বৃদ্ধিকে সূচায়। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে অশিক্ষিত। জনসংখ্যা বৃদ্ধিৰসমস্যাসমূহৰ ভিতৰত নিবনুৱা সমস্যা অনাতম। যাৰ ফলত অধিক সংখ্যক ব্যক্তি উপযুক্ত নিয়ােগৰপৰা বঞ্চিত থাকিব লগা হয়। দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যােগাইআহিছে। বর্ধিত জনসংখ্যা অনুপাতে নিয়ােগৰ সা-সুবিধা পর্যাপ্ত নােহােৱাত নিবনুৱা সমস্যাই ভয়াবহরূপলয়। জনসংখ্যা বৃদ্ধি হােৱাৰ ফলত সন্মুখীন হ'বলগীয়া সমস্যাসমূহৰ ভিত নিৰক্ষৰত,দৰিদ্ৰতা, সামাজিক অজ্ঞতা আদিৰ কাৰণাে হৈছে জনসংখ্যা বৃদ্ধি হােৱাৰ মূল কাৰণ। অধিকজনসংখ্যাই জনসাধাৰণৰ মাজত মৌলিক প্রয়ােজনসমূহ উপভােগ কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধা প্রদানকৰে৷

3)দৰিদ্ৰতা কাক কয়? দৰিদ্ৰতা সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপণ কৰে ব্যাখ্যা
কৰা।
উত্তৰঃ-
দৰিদ্ৰতা বুলিলে সাধাৰণতে এনেকুৱা এটা অৱস্থা বুজায় যত সমাজৰ একশ্রেণীৰ মানুহ, নিজাঃকোনাে দোষনথকা স্বত্বেও জীৱন ধাৰণৰ মৌলিক সুবিধাৰ পৰা বঞ্চিত হয়। ইয়াৰ উপৰিও দৰিদ্ৰতাএনে এক অৱস্থাক বুজায় মৃত মানুহে নিজৰ মেীলিক প্রয়ােজনসমূহ, যেনে—খাদ্য, বন্ধ, বাসস্থান,শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণ কৰাত ব্যর্থ হয়।দৰিদ্র সীমাৰেখা ন্যূনতম কৈলৰিৰ আৱশ্যকর্তাৰ ওপৰত নির্ণয় কৰা হয়। পাঁও অঞ্চলতবসবাস কৰা এগৰাকী ভাৰতীয়ৰ বাবে প্রতিদিনে 2400 কেলৰি আৰু চহৰ অঞ্চলত বসবাস কৰাএজন ব্যক্তিৰ বাবে 21oo কেলৰিৰ পৰিমাণ খাদ্যবস্তুৰ গড় কেলৰি প্রয়ােজন হিচাপে থার্থ কৰাহৈছে। এই ন্যূনতম কেলৰিৰ আৱশ্যকতা এজন ব্যক্তিৰ বাবে পূৰণ কৰিবলৈ যি পৰিমাণৰ ভােগ্যব্যয়ৰ প্ৰয়ােজন হয় তার ভিত্তিতে দৰিদ্ৰতাৰ সীমাৰেখা নির্ণয় কৰা হয়। ভাৰতবৰ্ষৰ দৰিদ্র সীমাৰেখাৰবিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্রচলিত গাঁওঅঞ্চলত অধিক কেলৰিৰ প্রয়ােজন হয় কাৰণ গাঁৱলীয়া লােকৰ চহৰীয়া লােকতকৈ শাৰীৰিকপৰিশ্ৰম বেছি। দৰিদ্র সীমাৰেখা হল এনেকুৱা এটা জোখ যাৰ যােগেদি আমি জীৱন ধাৰণৰ কাৰণেন্যূনতম প্রয়ােজন পূবণ কৰিব নােৱাৰা মানুহৰ অনুপাতক বুজা যায়।

3)মুদ্রাস্ফীতি কাক বােলে? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলােচনা কৰা।
উত্তৰঃ- মুদ্ৰাৰ পৰিমাণ, সুদৰ হাৰ আৰু ঋণ ব্যৱস্থা নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রীয় বেংকে যি নীতি প্রয়ােগ কৰে অকেই মুদ্রাস্ফীতি বুলি কোৱা হয়। সাধাৰণতে সামগ্ৰীৰ দাম বৃদ্ধি হােৱা অৱস্থাক মুদ্রাস্ফীতি বােলা হয়।মুদ্রাস্ফীতি নিয়ন্ত্রণমূল পদ্ধতিসমূহ তলত উল্লেখ কৰা হল—
(ক)মৌদ্রিক নীতিঃ চৰকাৰে গ্ৰহণ কৰা মৌদ্রিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটোউল্লেখযােগ্য। বেংকৰ হাৰ হল সেই হাৰ যিটো হাত কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্রদানকৰে। মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধিকৰে। ইয়াৰ ফলত অণ গ্রহণকাৰীয়ে ঋণ লবলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্রাস হৈমুদ্রাস্ফীতি নিয়ন্ত্রিত হয়।
(খ)ৰাজকোষীয় নীতিঃ চৰকাৰী ব্যয় কর্তন কৰি দেশতঃসামদ্রিক চাহিদা হ্রাস কৰিব পাৰি আৰুমুদ্রাস্ফীতিক নিয়ন্ত্রিত কৰিব পাৰি। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্রহণ কৰিওমুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিব পাৰে।
(গ)উৎপাদন বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি। সঠিকভাৱে ব্যৱহাৰ কৰিউৎপাদন প্রক্রিয়া স্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হব আৰু সামগ্ৰীৰ বৰ্ধিত চাহিদাৰহাৰত যােগান বৃদ্ধি হৈ দৰ স্তৰ য়িন্ত্রিত হব। সজল,


4)নিবনুৱা সমস্যা কাক বােলে?ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহ
উল্লেখ কথা।
উত্তৰঃ- নিবনুৱা বুলি ক'লে সাধাৰণতে কর্মহীনতাকে বুজায়। কিন্তু অর্থনীতিত নিবনুৱা বুলি ক'ল সেইসকলকবুজায় যার কাম কৰাৰ ক্ষমতা অৰু ইচ্ছা আছে, কিন্তু কোনাে সংস্থাপন নাপায়।নিবনুৱা সমস্যা প্রধানতঃ দুটা ভাগত ভাগ কৰিছে-
(i)গ্রাম্য নিবনুৱা আৰু (ii) চহৰীয়া নিবনুৱা।
গ্রাম্য নিবনুৱাক আকেী দুটা ভাগত ভাগ কৰিছে(i) ঋতুজ নিবনুৱা আৰু(ii) ছদ্মবেশী নিবনুৱা।চহৰীয়া নিবনুৱাকো দুটা ভাগত ভাগ কৰিছে-(i) ঔদ্যোগিক নিবনুৱা আৰু(ii) শিক্ষিত নিবনুৱা।

নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হল-
(i)দ্রুত জনসংখ্যা বৃদ্ধিঃ দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিয়ােগৰ সা-সুবিধা পর্যাপ্ত নােহােৱাত নিবনুৱাসমস্যাই ভয়াবহ ৰূপ লৈছে।
(ii)নিয়ােগবিহীন উন্নয়নঃ যেতিয়া দেশত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়ােগ বৃদ্ধি হাৰৰ ব্যৱধানবৃদ্ধি পাই তাৰ ফলত নিবনুৱা সমস্যাই। জটিল ৰূপ ধাৰণ কৰিছে।
(iii)স্থবিৰ কৃষি উন্নয়নঃ যেতিয়া এখন কৃষিপ্রধান দেশত কৃষি ব্যৱস্থাৰ উন্নয়ন কমি যায় তেতিয়াইকৃষিজীৱী লােৰ মাজত নিয়ােগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।
(iv)ঔদ্যোগীকৰণৰ মন্থৰ গতিঃ দেশত উদ্যোগিক উন্নয়নৰ হাৰ। কমিলে উদ্যোগীক নিবনুৱাসমস্যাৰ সৃষ্টি হয়।
(v)ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাঃ প্রচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক, নিয়ােগৰ উপযােগী কৰিতুলিব নােৱাৰাত শিক্ষিত নিবনুৱাৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে।

৫। চমুটোকা লিখা?

(ক)অতুজ নিবনুৱাঃ ভাৰতৰ গাঁও অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হল কৃষি, যি প্ৰকৃততেঋতুভিত্তিক। কৃষিয়ে গ্রাম্য জনসংখ্যাক। গােটেইবছৰ ধৰি কাম আগবঢ়াব নােৱাৰে। গাঁও অঞ্চলুৰবঃশস্য উৎপাদন প্রথা আৰু কামৰ ভিন্নমুখীকৰণ নথকাৰ ফলত এক বৃহৎ সংখ্যক প্রাম জনসংখ্যাবছৰত চ7 মাহ নিবনুৱা হৈবহি থাকিবলগীয়া হয়। এই নিবনুৱা সমস্যাক অতুঞ্জ নিবনুৱা সমস্যাবেলে। কিন্তু অতুজ নিবনুৱা সকলাে বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা। বাকী সময়ত তেওঁলােকবনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকার্যত জড়িত লােকসকল ঋতুজ নিবনুৱা।

(খ)চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতিঃ চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতিহৈছেমুদ্রাস্ফীতিৰ দুটা মূল কাৰণ। চাহিদাজনিত মুদ্রাস্ফীতি হল জনসাধাৰণৰ যেতিয়া দ্রব্য বা সেৱাৰপ্রতি চাহিদা অধিক। বৃদ্ধি পায় আৰু সেই অনুপাতে দ্রব্য আৰু সেৱাৰ যােগান বৃদ্ধি পায়। এনেঅৱস্থাত মানুহৰৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কমপৰিমাণৰ দ্ৰব্য বা সেৱাৰ প্ৰতি চাহিদা বাড়ে। ফলত দ্ৰব্য আৰু সেৱা বিলাকৰ মূল্য বৃদ্ধি পায় আৰুমুদ্রাস্ফীতিৰ সৃষ্টি হয়।মুদ্রাস্ফীতিৰ অন্য এক কাৰণ হল দ্রব্য সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াকে ব্যয়জনিতমুদ্রাস্ফীতিবুলি কোৱা হয়। ব্যয়জনিত মুদ্রাস্ফীতি তিনিটা কাৰণৰ ফলত উদ্ভৱ হয়—(ক) মজুৰি বৃদ্ধি,(U) লাভৰ পৰ্মিাণ বৃদ্ধি আৰু (গ) দ্ৰব্যৰ ওপৰত আৰােপ কৰা কৰৰ বাবে হােৱা বােজা।

(গ)বহনক্ষম উন্নয়নঃ অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যতে পৰিৱেশৰ ওপৰত বিৰূপপ্রতিক্রিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি 1987 চনত Brundtland আয়ােগে দাঙি ধৰাধাৰণাটোৱেই আছিল ২হাম বা অবিৰত উন্নয়ন। এই আয়ােজক পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব তাগােয়ওি জনাজাত। আয়ােপৰ মতে যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্রজন্মৰ অভাৱসমূহ দূৰ হৰপাৰে অথচ তাৰ লগে লগে ভৱিষ্যত প্রজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনােৰণৰ আপােচ কলা নহয়, সেই অর্থনৈতিক উন্নয়নেই হল বহনক্ষম বা অবিৰত অর্থনীতি ।

(ঘ)সেউজ অর্থনীতিঃ যি অর্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰুপৰিস্থিতিতন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা তেনে অর্থনীতিকে সেউজ অর্থনীতিবােলা হয়। 1987 চনত Brundtland আয়ােগে দাঙি ধৰা বহনক্ষম বা অবিৰত উন্নয়ন ধাৰণাটোলাভ কৰাই হৈছে সেউজ অর্থনীতি প্রধান লক্ষ্য। গতিকেপৰিৱেশ সচেতন ব্যক্তিআৰুপ্রতিষ্ঠানসমূহৰবাৰে এতিয়া মূলমন্ত্র হৈছেঃচিত বিশ্বব্যাপী হওঁক, কার্যপন্থা স্থানীয় হওঁক।সেয়েতে অর্থনীতিৰ প্রধান লক্ষ্য হৈ পৰিছে। এখন সেউজীয়া পৃথিৱীৰ প্ৰতিপালন! আজিৰ প্ৰাচুৰহআতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এখন বসবাসৰ অনুপযুক্ত, সম্পদহীন পৃথিৱী এৰি ঘৈ যাৰ পাৰে,সেয়েহে ভৱিষ্যতৰৰাৰে সেউজ অর্থনীতি বহনক্ষম উন্নয়নৰ নীতি অবলম্বন কৰা অতি প্রয়ােজন।সেয়ে ভৱিষ্যত প্রজন্মৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰে, তাৰ বাবে এখন সেউজীয়া পৃথিৱীৰ আৱশ্যক।

(ঙ)মুক্ত আৰু দমিত মুদ্রাস্ফীতি: যেতিয়া দৰ তৰৰ ওপৰত কোনাে নিয়ন্ত্রণ নাথাকে আৰু দৰ দৰঅবাধে বৃদ্ধি হয় তেনে অৱস্থাকে মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়। আনহাতেদি চৰকাৰে বিভিন্নপ্রত্যক্ষ ব্যৱস্থাৰ যােগেদি যেনে ৰাজঃৱা বিতৰণ ব্যৱস্থা, চৰকাৰীভাৱে দৰ নিৰ্ধাৰণ আদিৰ যােগেদিদৰ নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্রণ ব্যৱস্থাইদৰ ভৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ ভৰতকৈ কমত ৰাখে আৰু দৰভৰ বৃদ্ধিৰ পৰিমাণ হ্রাস হয়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বােলে।

অতিৰিক্ত সম্ভাব্য প্রশ্ন:

1)দৰিদ্ৰতাৰ সীমাৰেখাই কি কবে?
উত্তৰঃ-
দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এনে এক নিম্নতম সীমা নির্ধাৰণ কৰি দিয়ে যি এখন দেশৰজনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্র এই দুটা ভাগত ভাগ কৰে।

3)দৰিদ্ৰতাৰ মূল তিনিটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ- দৰিদ্ৰতাৰ মূল কাৰণ তিনিটা হল- (ক) ঐতিহাসিক,
অর্থনৈতিক আৰু (প) সামাজিক।

4)জনসংখ্যা সমস্যাৰ মূল কাৰণ কি?
উত্তৰঃ- যিবিলাকসমস্যাইভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্রৰ সন্মুখত প্রত্যাহ্বান হিচাপে দেখা দিছে তাৰ ভিতৰত প্রধান সমস্যাটো হৈছে জন বিস্ফোৰণ।

5)জনসংখ্যা ঘনত্ব বেছি আৰু কম থকা ৰাজ্য নাম লিখা।
উত্তৰঃ- পশ্চিমবংগ হ'ল ঘনত্ব বেছি থকা ৰাজ্য আৰু কম থকা ৰাজ্য হল অৰুণাচল প্রদেশ।

6)লিংগ অনুপাত সর্বনিম্ন আৰু সৰ্বাধিক থকা ৰাজ্যৰ নাম লিখা।
উত্তৰঃ- কেৰেলাত লিংগ অনুপাত সৰ্বাধিক আৰু হাৰিয়ালাত সর্বনিম্ন।

7)অসমত লিংগ অনুপাত কিমান?
উত্তৰঃ- অসমৰ লিংগ অনুপাত হৈছে 954।

8)অসম তথা ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কেইটা উল্লেখ কৰা।"
উত্তৰঃ-
অসমত তথা ভাৰতৰ জনসংখ্যার বৃদ্ধিৰ মূল কাৰণকেইটা হল
(i) উচ্চ জন্মহাৰ
(ii) নিৰক্ষৰতা।
(iii) দৰিদ্ৰতা
(iv) সামাজিক অজ্ঞতা
(v) জনসংখ্যাৰ শিক্ষাৰ অভাৱ।

9)ঔদ্যোগিক নিবনুৱা কাক বােলে ?
উত্তৰঃ- চহৰৰ উদ্যোগিক খণ্ডত যিসকল লােকে কর্মসংস্থাপনৰ সুবিধা লাউ নকৰে তেওঁলােকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয়।

10)শিক্ষিত নিবনুৱা কাৰু বােলে ?
উত্তৰঃ-  উপযুক্ত শিক্ষিত অৰ্হ থকা স্বত্বেও যেতিয়া কোনাে লােকে কর্ম সংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলােকক শিক্ষিত নিবনুৱা বােলে।

11)দ্রুত জনসংখ্যা বৃদ্ধিয়ে সৃষ্টি কৰা সমস্যা দুটা উল্লেখ কৰা।
উত্তৰঃ- সমস্যা দুটা হল—(১) নিবনুৱা সমস্যা (২) দৰিদ্ৰতাৰ সমস্যা।

12)নিনুৱা সংখ্যা গণনা কৰিবলৈ Nss০-মে কোন কেইটা ধাৰণা উuৱন কৰিছিল?
উত্তৰঃ-
(i)সচৰাচৰ ভিত্তিত বা চলিত বছৰৰ ভিত্তিত।
(ii)চলিত দৈনিক ভিত্তিত।
(iii)চলিত সাপ্তাহিক ভিত্তিত।

13)ব্যয়জনিত মুদ্রাস্ফীতি সৃষ্টি হােৱা কাৰকেইটা উল্লেখ কৰা।
উত্তৰঃ- ব্যয়জনিত মুদ্রাস্ফীতি সৃষ্টি হােৱা কাৰকেইটা হ'ল–
(i) মজুৰি বৃদ্ধি
(ii) লাভৰ পৰিমাণ বৃদ্ধি,
(iii) দ্ৰব্যৰ ওপৰত আৰােপ কৰা কৰৰ বাবে হােৱা বােজা।

14)মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা। নীতিকেইটা উল্লেখ কৰা।
উত্তৰঃ- মূদ্রাস্ফীতি নিয়ন্ত্রণ কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিকেইটা হল-
(i)মৌদ্রিকনীতি,
(ii) ৰাজকোষীয়নীতি আৰু
(iii) অমৌদ্রিকনীতি।

15)সেউজ অর্থনীতি কাক বােলে?
উত্তৰঃ- যি অর্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অর্থনীতিকে সেউজ অর্থনীতি বােলে।

16)ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মূল কাৰণবােৰ কি কি?
উত্তৰঃ- ভাৰতবৰ্ষত দৰিদ্ৰতাৰ মূল কাৰণসমূহ হৈছে দ্রুত হাৰত জনসংখ্যা বৃদ্ধি, নিৰক্ষৰতা, নিবনুৱা সমস্যা, কৃষিৰ নিম উৎপাদনশীল দ্রুত উদ্যেগীকৰণৰ অভাৱ, ক্রমবর্ধমান মূল্যতৰ, পৰিকল্পনাৰ রুটি, বৈষম্যমূলক বিতৰণ ইত্যাদি।

17)অসমৰ নিবনুৱা সমস্যাৰ কাৰণ চাৰিটা উল্লেখ কৰা।
উত্তৰঃ-  
(i)অসমত জনসংখ্যা অত্যধিক বৃদ্ধি।
(ii)আও পুৰণি কৃষি ব্যৱস্থা;
(iii)অর্থনৈতিক কৃষি ব্যৱস্থাঃ
(iv)রুটিপূর্ণ শিক্ষা ব্যৱস্থা; আদি।

18)মুদ্রাস্ফীতি সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান বাৰণসমূহ কি কি?
উত্তৰঃ- সহজ তাৰ্থত মুদ্রাস্ফীতি মানে ক্রমাগতভারে দ্ৰব্যৰ মূল্য বা দৰ বাঢ়ি যােৱা আৰু মুদ্রা হ্রাস পােৱা বুজায়। মুদ্রাফীতি হলে বস্তু বা সেৱাৰ মূল্য বৃদ্ধি পায় আৰু মূদ্রমূল্য কমি যায়। অর্থাৎ দ্রব্য বা সেৱাৰ অবিৰতভাৱে সংঘটিত মুণ্য বৃদ্ধিয়েই হৈছে মুদ্রাস্ফীতি কমে। মুদ্রাস্ফীতিৰ প্ৰধান কাৰণ তিনিটা। সেইবােৰ হৈছে -(i)চাহিদজনিত কাৰণ, (ii)ব্যয়জনিত কাৰণ আৰু (iii)মুদ্ৰাসংক্রান্তীয় কাৰণ।
(i)মুদ্রাস্ফীতিৰ চাহিদাজনিত কাৰণঃ জনসাধাৰণক যেতিয়াদ্ৰব্য আৰু সেৱাৰ প্রতি চাহিদা বৃদ্ধি পায় আৰু সেই অনুপাতে দ্ৰব্য আৰু সেৱাৰ যােগান বৃদ্ধি পায়।তেনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয়ক্ষমতা থাকে আৰু তাৰে বজাৰত থকা কমপৰিমাণৰ দ্ৰব্য বৃদ্ধি পায় আৰু মুদ্রাস্ফীতি সৃষ্টি হয়।
(ii)মুদ্রাস্ফীতি ব্যয়জনিত কাৰণঃ দ্ৰব্য আৰু সেৱাবােৰৰ উৎপাদন ব্যয় বৃদ্ধি পােৱাৰ ফলতােমুদ্রাস্ফীতিৰ সৃষ্টি হয়। উৎপাদন ব্যয় বৃদ্ধিৰ ফলত হােৱা মুদ্রাস্ফীতি প্রধানকৈ তিনিটা কাৰৰ ফতসংঘটিত হয়। সেইবােৰ হৈছে— মজুৰি বৃদ্ধিৰ বাৰে হােৱা উৎপাদন ব্যয় বৃদ্ধি, লাভৰ পৰিমাণ বৃদ্ধিৰফলত হােৱা উৎপাদন ব্যয় বৃদ্ধি আৰু সেৱাৰ ওপৰত আৰােপ কৰা অত্যাধিক কৰৰ বাবে উৎপাদনব্যয় বৃদ্ধি।
(iii)মুদ্রাস্ফীতিৰ মুদ্ৰাসংক্রান্তীয় কারণঃ দেশত মুদ্ৰাৰ যােগান বৃদ্ধি পালে জনসাধাৰণৰ হাতলৈঅধিক মুদ্রা বা ক্রয়ক্ষমতা আহে আৰু ই ক্রয়ক্ষমতা অনুপাতে যদি উৎপাদিত দ্ৰব্য আৰু সেৱাৰপৰিমাণ যম হয় তেতিয়া মুদ্রাস্ফীতি হ'ব পাৰে।এনেদৰে বিভিন্ন কাৰণত মুদ্রাস্ফীতি সৃষ্টি হয়।

19)দেশত মুদ্রাস্ফীতি হলে ইয়াৰ প্ৰভাৱ কেনেধৰণৰ হয়।
উত্তৰঃ- মুদাফীতিৰ ফলত দেশৰ গােটেই আর্থ-সামাজিক ব্যৱস্থাত প্ৰভাৱ পৰে। ইয়াৰ বিভিন্ন প্ৰভাৱসমূহ কিনাৰ পৰা বঞ্চিত হয়। ফলত তেওঁলােকৰ জীৱন-ধাৰণৰ মানদণ্ড নিম্নগামী হয়।
(a) মুদ্রাস্ফীতিৰ ফলত সাধাৰণ মানুহৰ ক্রয় ক্ষমতা হ্রাস পায়, তেওঁলােকে নিজৰ প্রয়ােজনীয় সাসামগ্রী কিনাৰ পৰা বঞ্চিত হয়। ফলত তেওঁলােকৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী হয়।
(b)মুদ্রাস্ফীতিৰ ফলত ধনী শ্রেণী, যেনে— ব্যৱসায়ী আদিৰ ক্রয়ক্ষমতা বৃদ্ধি পায় আৰু দুখীয়া শ্ৰেণীৰ লােক আৰু দুখীয়া, হৈ পৰে। গতিকে ই আয় বিতৰণত বৈষম্যৰ সৃষ্টি কৰে।
(c) মুদ্রাস্ফীতিয়ে অর্থনৈতিক বিকাশ নিম্নগামী কৰে আৰু নিবনুৱা সমস্যাৰ সৃষ্টি কৰে।

20)নিবনুৱা সমস্যাৰ প্ৰধান কাৰণবিলাক কি কি ৰহলাই লিখা।
উত্তৰঃ- নিবনুৱা সমস্যাৰ প্ৰধান কাৰণসমূহ হৈছে—
(a)অর্থনীতিৰ অনুন্নত অৱস্থা
(b)নিয়ােগ পৰিকল্পনাৰ অভাৱ
(c)দ্রুত জনসংখ্যা বৃদ্ধি আদি।
কোনাে এক অর্থনীতিত প্রাকৃতিক তথা মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ নহলে নিবনুৱা সমস্যাৰ সৃষ্টিহয়। ভাৰতবৰ্ষত নিবনুৱা অৱস্থাৰ মূল কাৰণ হৈছে- ভাৰতৰ অর্থনৈতিক কার্যকলাপবােৰ অধিকাংশইকৃষিঘওই সামৰি লয়। কৃষিখণ্ডৰ বিকাশৰ হাৰ নিম্ন হােৱা বাবে এই ঘণ্ডই অধিক লােক নিয়ােগসুবিধা দিয়াত ব্যর্থ হয়। লগতে উদ্যোগিক ঘণ্ডৰ বিকাশৰ হাৰৰ নিগ্ন হােৱা বাবে নিবনুৱাৰ সংখ্যাবৃদ্ধি পায়। নিয়ােগ পৰিকল্পনাৰ অভাৱে নিবনুৱা সৃষ্টিৰ আন এক কাৰণষ পৰিকল্পনাৰ আৰম্ভণিৰকালছােৱাত কর্মসংস্থাপনৰ অগ্রাধিকাৰ ভিত্তিত কোনাে পৰিকল্পনা নথকা হেতুকে ভাৰতবৰ্ষত অধিকহাৰত নিবনুৱা বৃদ্ধি পাইছে। ভাৰতবৰ্ষত প্ৰকৃততে চতুর্থ পঞ্চবার্ষিক পৰিকল্পনাৰ পৰাহে কিছুমাননিয়ােগ আচঁনি তথা পৰােক্ষভাৱে কামত নিয়ােজিত কৰা হৈছে। নিয়ােগৰ উপযুক্ত পৰিকল্পনাৰঅভাৱে নিবনুৱা সমস্যাৰ সৃষ্টি কৰে৷ আকৌ বিভিন্ন উৎপাদনৰ মাজত মানৱ সম্পদ প্রযােজনীয়তাআৰু যােগানৰ সামঞ্জস্যৰ অভাৱ, দেশৰ বিভিন্ন অঞ্চলৰ মাজত প্রয়ােজনানুসাৰে মানৱ সম্পদৰআৱন্টন নােহােৱাৰ বাবেও নিবনুৱা সমস্যাৰ সৃষ্টি হয়। অর্থাৎ মানৱ সম্পদৰ পৰিকল্পনাৰ অভাৱেনিবনুৱা সৃষ্টিৰ এক কাৰণ।নিবনুৱা সমস্যা প্রধান তথা অন্যতম কাৰণ হৈছে দ্রুত গতিত বৃদ্ধি পােৱা জনসংখ্যা।অত্যধিক হাৰত বৃদ্ধি পােৱা জনসংখ্যাই অতিৰিক্ত শ্ৰমিকৰ সৃষ্টি কৰে আৰু সম্পদৰ পৰিমাণ হ্রাসকৰাৰ লগতে মুলধন। গঠন প্রক্রিয়াত বাধা প্রদান কৰে। জনসংখ্যা বৃদ্ধিৰ অনুপাতে নিয়ােগ সৃষ্টিনহলে নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লয়। কিন্তু যদি জনসংখ্যা বৃদ্ধিৰ লগে লগে নিয়ােগৰ সুবিধাৰসৃষ্টি হয় তেতিয়া নিবনুৱাৰ সূংখ্যা বৃদ্ধি পায়। জনসংখ্যা বৃদ্ধিৰ ফলত জনসাধাৰণৰ ভৰণ-পােষন,শিক্ষা স্বাস্থ্য আদিত অতিৰিক্তভাৱে ব্যয় কৰিবলগা হােৱাত মূলধন গঠন প্রক্রিয়া বাধাপ্রাপ্ত হৈছে,যিয়ে নিবনুৱা অৱস্থাৰ ভয়াবহতা বৃদ্ধি কৰিছে। এনেদৰে বিভিন্ন কাৰণত নিবনুৱাৰ সৃষ্টি হৈছে আৰু দেশৰ বিকাশত প্রতিবন্ধকৰূপে চিহ্নিতহৈছে।

21)নিবনুৱা সমস্যা সমাধানৰ উপায়সমূহ চমুকৈ বর্ণনা কৰা।
উত্তৰঃ- নিবনুৱা সমস্যা যিহেতু এতিয়া আটাইতকৈ জ্বলন্ত সমস্যা সেয়ে ইয়াক প্রতিহত কৰিবলৈ কিছুমানব্যৱস্থা লােৱা প্রযােজন। সেইবােৰ হ'ল
ক)জনসংখ্যা বৃদ্ধি ৰােধ কৰাঃ ভাৰতবৰ্ষত যিহেতু এখন অনুত দেশ ইয়াত বিভিন্ন অচিনিৰজনসংখ্যা বৃদ্ধি ৰােধ কৰিবলৈ জনসচেতনতা গঢ়ি তােলাৰ প্ৰয়ােজন অন্যথা নিবনুৱাসমস্যা সমাধানৰ সকলাে অচিনি বিফলে যার।
খ)শিক্ষা ব্যৱস্থাৰ সংস্কাৰঃ বৰ্তমানৰ পাঠ্যক্ৰমৰ সালসলনি ঘটাই শিক্ষা বৃত্তিমুখী কৰি তােলাপ্রয়ােজন।
গ)কৃষি আৰু উদ্যোগিক খণ্ডৰ আধুনিকীকৰণঃ কৃষি আৰু উদ্যোগ খণ্ডৰ বিভিন্ন সংস্কাৰৰদ্বাৰা ইয়াৰ আধুনিকীকৰণ কৰিব পৰা যায়। তাৰােপৰি চৰকাৰে নতুন উদ্যোগ স্থাপনত গুৰুত্ব দিবলাগে যাতে তাৰ দ্বাৰা উৎপাদন আৰু কর্মসংস্থাপন দুয়ােটা বৃদ্ধি হয়।
ঘ)স্বনিয়ােজনৰ আচনিঃ যিহেতু চৰকাৰীখণ্ডত নিয়ােগৰ সংখ্যা অনুপাতে সীমিত সেযে বর্তমানশিক্ষিত যুৱক-যুৱতী সকলৰ বাবে স্বনিয়ােজন আর্চনি প্রস্তুত কৰা উচিত৷ ইয়াৰ বাবে চৰকাৰ ফালৰপৰা ঋণ। আৰু প্রশিক্ষণ প্রদান কৰিলে এই আচনিসমূহ সার্থক হােৱাৰ আশা আছে।
ঙ)নিয়ােগ সেৱাঃ ৰাষ্ট্ৰীয় নিয়ােগ সেৱাৰ আনুষ্ঠানিক দিশটো শক্তিশালী কৰি দেশত অধিকনিয়ােগ বিনিময় কেন্দ্র স্থাপন কৰা উচিত।

22)অসমৰ নিবনুৱা সমস্যাৰ কাৰণসমূহ বর্ণনা কৰা। এই সমস্যা সমাধানৰ বাৰেচাৰিটা উপায় ব্যাখ্যা কৰা।
উত্তৰঃ- অসমৰ নিবনুৱা সমস্যাৰ প্ৰধান কাৰণ সমূহ:
(a)জনসংখ্যা বৃদ্ধিঃ অসমত জনসংখ্যা তীব্র গতিত বৃদ্ধি পাই এটা বিস্ফোৰিত ৰূপ পাইছে।অসমৰ জনসংখ্যা বৃদ্ধি ভাৰতৰ বৃদ্ধিতকৈ বহুতাে বেছি। চুবুৰীয়া দেশ আৰু প্ৰদেশৰপৰা বহুতােলােকৰ প্ৰব্ৰজন হৈ হে সংখ্যা ৰছু বৃদ্ধি পাইছে লগতে নিবনুৱা সংখ্যা বৃদ্ধি পাইয়ে আছে।
(b)আপুৰণি কৃষি পদ্ধতিঃ অসমৰ কৃষিকার্য এতিয়াও আওপুৰণি পদ্ধতিৰে কৰা হয় যত নেকিবিভিন্ন খেতি, ৰ যত্ন, পানী যােগান বা উৎপাদন বৃদ্ধি বাবে কৰিবলগীয়া দৰৱ-পাতিৰ ব্যৱহাৰ,চক্রাকাৰ কৃষিৰ ব্যৱস্থা, বছৰত তিনি-চাৰিটা খেতি কৰা ব্যৱস্থা নাই যাৰ ফলত কৃষি কার্যত নিবনুৱালােকক ব্যৱহাৰ বা নিয়ােগ কৰিব পৰা নাগার্য। ফলত নিবনুৱা সংখ্যা বৃদ্ধি পায়।
(c)অর্থনৈতিক বিকাশৰ নিম্নহাৰঃ অসমৰ অর্থনৈতিক বিকাশ বৰ নিম্নহাৰত বৃদ্ধি পায়। মূলধনগঠনৰ হাৰ কম হােৱা বাবে উন্নয়নৰ গতি অতি লেহেমিয়া। কোনাে নতুন উদ্যোগ, কৃষিৰ উদ্যোগৰকোনাে নতুন পৰিবৰ্তনমুখী আঁচনি নাই। যাৰ ফলত নতুনকৈ সৃষ্টি হােৱা নিবনুৱা লগতে আগৰনিবনুৱাকে সংস্থাপনৰ কোনাে ব্যৱস্থা নাথাকে। ফলত নিবনুৱা বৃদ্ধি পাই গৈ আছে।
(d)ঔদ্যোগিক খণ্ডৰ নিৰিকাশঃ অসমৰ সম্পদৰাজি উদঘাটন কিছু যদিও নল কোনাে উদঘাটননাই। উদ্যোগৰ কোনাে বিকাশ নাই। এই খণ্ডৰ নিয়ােগ আঁচনি আদি নাই। ফলত নিবনুৱা বৃদ্ধিতকোনাে বৰঙণি নাই।
(e)ক্ষতিপূর্ণ শিক্ষাঃ অসমৰ বৰ্ত্তমান শিক্ষা ব্যৱস্থাই আধুনিক যুগৰ আৰ্থিক আৰু সামাজিকব্যৱস্থাৰ লগত স্থাপখােৱাকৈ শিক্ষা দিব পৰা নাই। অসমৰ কলা শাখাৰ সৰহভাগ কলেজ, স্কুলেইবর্তমান প্রযুক্তিবিদ্যা আৰু নিখােজ ব্যৱস্থাৰ লগত ৰজিতা খােৱাকৈ ছাত্র-ছাত্রী শিক্ষা দিৰ পৰাচশিক্ষা লৈ নিবনুৱা হৈ, শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধিকৰিছে। এইদৰে শিক্ষাব্যৱস্থায়াে নিবনুৱা সৃষ্টিত অৰিহণা যােগাইছে।

 নিবনুৱা সমস্যা সমাধানত উপায়সমূহঃ
(i)জনসংখ্যা বৃদ্ধি বােধ কৰাঃ জনসংখ্যা বৃদ্ধি ৰােধ কৰিব পাৰিলে নিবনুৱা বৃদ্ধিৰ সংখ্যা ৰােধকৰিব পৰা যাব। কাৰণ নতুন নিবনুৱা সৃষ্টি বন্ধ হলে আগৰ নিবনুৱাসকলক সংস্থাপন দিয়াপৰিকল্পনা কৰা কিছু হলেও সহজ হৈ পৰিব।
(ii)আধুনিক কৃষি পদ্ধতি প্রবর্তনৰ দ্বাৰাঃ ভাৰতৰ শতকৰা ৭৫ ভাগ লােকৰ প্রায় আধাসংখ্যাকলােক ছদ্মবেশী নিবনুৱা লােক। এই নিবনুৱা শ্ৰেণীটোক নিয়োেগৰ সম্পূর্ণ সুবিধাৰ বাবে যান্ত্রিক তথাআধুনিক কৃষি ব্যৱস্থাৰ দ্বাৰা গােটেই বছৰটোত বিভিন্ন সময়ত বিভিন্ন খেতি কৰাৰ ব্যৱস্থা কৰিবলাগে, যাৰ দ্বাৰা উৎপাদন প্রচুর বৃদ্ধিৰ লগতে বিভিন্ন সংস্থাপনৰ ব্যৱস্থা সৃষ্টি কৰিব পৰা যাব।
(iii)বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাৰ প্রবর্তনঃ আমাৰ অসমৰ বৰ্তমানৰ ক্ৰতিপূর্ণ উচ্চ শিক্ষাৰলগত কমেও আধাসংখ্যক যুৱক-যুৱতীক প্ৰৱেশিকা পাছ কৰাৰ পিছত বৃত্তিমুখী আৰু কাৰিকৰীশিক্ষাৰে শিক্ষিত কৰিব পাৰিলে বর্তমান প্রযুক্তি আৰু বিজ্ঞানৰ যান্ত্রিক যুগৰ কার্যৱলীৰ সংস্থাপনৰসুবিধা লােৱাত সহজ হৈ পৰিব। উদাহৰণস্বৰূপে - টি ভি, কম্পিউটাৰ ভাল কৰা সেইবােৰ চলােৱা বাস্থাপন কৰা, টি ভি চেনেলৰ মটৰ গাড়ী, বাইক আদি ভাল কৰা আদি।
(iv)স্বনিয়ােজন ব্যৱস্থাৰ দ্বাৰাঃ আজিৰ যুগৰ চৰকাৰেই সকলাে লােককে নিয়ােজিত কৰা কথাটোসম্ভৱ নহয়। অর্থাৎ চৰকাৰী খণ্ডতে সকলাে কর্মঠ লােক কর্মসংস্থাপন দিয়াটো অসম্ভৱ। সেইবাবেব্যক্তিগত নাইবা প্রতিষ্ঠান, অনুষ্ঠান, কোম্পানী আদিত কাম কৰাৰ উপৰি নিজে নিজে সংস্থাপনৰব্যৱস্থা কৰাৰ চেষ্টা কৰা উচিত। এইক্ষেত্ৰত চৰকাৰ বা ৰাষ্ট্ৰীয় বেংকৰবাৰে আর্থিক সাহায্যৰে নিবনুৱাযুৱক-যুৱতীক সহায় কৰিব পাৰে। নিবনুৱাসকলে কুটিৰ শিল্প, পর্তন, পৰিবহন, ব্যৱসায়, বাণিজ্যআদিৰ নিচিনা কামত নিজাকৈ নিয়ােজিত কৰিব লাগে।

24)নিবুনৱ সমস্যা বৃদ্ধি ভাৰতৰ প্ৰত জনসংখ্যা বৃদ্ধিয়ে কেনেদৰে প্ৰভাৱিত কৰিছে
ব্যাখ্যা কৰা।
উত্তৰঃ- ভাৰতৰ নিবনুৱা সমস্যাৰ বৃদ্ধি হােৱাৰ কাৰণবােৰ এটা প্রধান কাৰণ হ'ল দ্রুত জনসংখ্যা বৃদ্ধি।ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। ফলত ই নিবনুৱা অৱস্থাৰ ক্ষেত্ৰত দুই ধৰণে প্ৰভাৱ পেলায়।প্রথমে প্রত্যক্ষভাৱে অতিৰিক্ত শ্ৰমিকৰ সৃষ্টি কৰে। যদি জনসংখ্যা বৃদ্ধিৰ অনুপাতত নিয়ােগ সৃষ্টিনহয় তেতুে নিবনুৱা সমস্যা বাঢ়ি যায়। অধিক জনসংখ্যা বৃদ্ধিয়ে নিবুনৱা সমস্যাৰ ভয়াবহ রূপলােৱাৰ সম্ভাৱনা থাকে।দ্বিতীয়তে দ্রুত জনসংখ্যা বৃদ্ধিৰ ফলত সম্পদৰ পৰিমাণ হ্রাস হৈছে। গতিকে মুলধন গঠনৰপ্রক্রিয়াও ক্ষতিগ্রস্ত হৈছে। ভাৰতত অধিক হাৰত জনসংখ্যা বৃদ্ধিৰ ফলত জনসাধাৰণৰ ভৰণপােষণ, শিক্ষা, স্বাস্থ্য আদিত অতিৰিক্ত খৰচ কৰিবলগীয়া হৈছে। তাৰ ফলত অধিক সম্পদ ব্যক্তিগতউপভােগত আৰু ৰাজহ্বা উপভােগতে খৰচ কৰিলগীয়া হৈছে। ইয়াৰ বাবে মূলধন গঠন বাধাপ্রাপ্তহৈছে। ই নিবনুৱা অৱস্থাৰ ভয়াবহতা বৃদ্ধি কৰিছে।


Post a Comment

0 Comments