১)চমু উত্তৰ দিয়া।
ক)খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক কোন?
উত্তৰ- খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক হ'ল যীশুখ্ৰীষ্ট।
খ)বৰদিন কোনদিনা পালন কৰা হয়?
উত্তৰ-বৰদিন প্ৰত্যেক বছৰৰ ২৫ ডিচেম্বৰৰ দিনা পালন কৰা হয়।
গ)যীশুৰ মাক আৰু দেউতাকৰ নাম কি?
উত্তৰ- যীশুৰ মাকৰ নাম মেৰী
আৰু দেউতাকৰ নাম যোচেফ।
ঘ)যীশুৰ জন্ম হোৱা ঠাইলৈ ভেড়াৰখীয়াকেইজনক কোনে বাট দেখুৱাই লৈ গ'ল?
উত্তৰ- যীশুৰ জন্ম হোৱা ঠাইলৈ ভেড়াৰখীয়াজনক এটা তৰাই বাট দেখুৱাই লৈ গ'ল।
ঙ)যীশুৰ জন্ম ক'ত হৈছিল?
উত্তৰ- যীশুৰ জন্ম বেথেলহেম নামে এখন নগৰত হৈছিল।
চ)আগষ্টাছ কোন?
উত্তৰ- আগষ্টাছ এজন ৰোমান সম্ৰাট
আছিল।
ছ)২৫ ডিচেম্বৰৰ তাৎপৰ্য কি?
উত্তৰ-২৫ ডিচেম্বৰৰ তাৎপৰ্য এয়েই যে এই দিনটোতেই খ্ৰীষ্ট্ৰান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ জন্ম হৈছিল।
২)বহলাই লিখা।
ক)যীশুখ্ৰীষ্টৰ জন্ম কিয় আস্তাবলত হ'বলগীয়া হ'ল?
উত্তৰ- যীশুখ্ৰীষ্টৰ মাক-দেউতাক ইজৰাইলৰ নজাৰথ নামৰ এখন চহৰত বাস কৰিছিল।প্ৰচলিত
কাহিনী মতে ৰোমান সম্ৰাট আগাটষ্টাছে এটা আদেশ জাৰি কৰিলে যে যিমান ইহুদি আছে সকলোৱে যেন ২৫ ডিচেম্বৰৰ ভিতৰত নিজ নিজ নগৰত আহি নাম-ধাম পজ্ঞীভূক্ত কৰে।আগষ্টাৰ ঘোষণা শুনিবলৈ পাই তেঁওলোকেও নিজ চহৰ বেথেলহেমলৈ গৈছিল
আৰু তাত পাই গৈ
সন্ধিয়া হোৱাত হোটেল বা থাকিব পৰা কোনো ঠায়েই খালী নাছিল।যীশুৰ মাক অন্তঃসত্তা হোৱাৰ বাবে উপাই নাপাই ঘোৰা আস্তাবল এটাত তেঁওক জিৰণি
ল'ব লগা হ'য়।তাতেই যীশুখ্ৰীষ্টৰ জন্ম হয়।
খ) খ্ৰীষ্টমাছ ট্ৰি কি?বৰদিনৰ দিনা কিয় খ্ৰীষ্টমাছ ট্ৰি সজোৱা হ'য়।
উত্তৰ-পবিত্ৰ ফাৰ নামৰ এবিধ গছৰ এটা ডাল নানা ৰঙী বেলুন,বিজুলী চাকি,কাগছৰ তৰা,ঘণ্টা,উপহাৰ আদিৰে সজাই তোলা হ'য়।এই সজাই তোলা ডালটোৱেই হৈছে খ্ৰীষ্টমাছ ট্ৰি।
এই গছজোপাৰ জৰিয়তে যীশু পৃথিৱীলৈ নামি অহাৰ সংবাদ বহন কৰে বাবে বৰদিনৰ দিনা খ্ৰীষ্টমাছ ট্ৰি সজোৱা হ'য়।
গ)ছাণ্টাক্লজ সম্পৰ্কে ল'ৰা-ছোৱালীৰ মাজত কি বিশ্বাস চলি আহিছে?
উত্তৰ-ছাণ্টাক্লজ সম্পৰ্কে ল'ৰা-ছোৱালীৰ মাজত বিশ্বাস যে ছাণ্টাক্লজে ভাল ভাল ল'ৰা-ছোৱালীবোৰক বৰদিনৰ সময়ত আহি নানা ধৰণৰ উপহাৰ দিয়েহি।এই বিশ্বাসৰ বাবেই ল'ৰা-ছোৱালীয়ে তেঁওলোকৰ শিশুসুলভ দুষ্টালি পৰিহাৰ কৰি বৰদিনৰ সময়ছোৱাত ভাল ল'ৰা-ছোৱালী হৈ থাকিবলৈ চেষ্টা কৰে।
ঘ)বৰদিন কেনেদৰে পালন কৰা হ'য়?
উত্তৰ-বৰদিন দিনা সকলোৱে লগ হৈ গিৰ্জাত প্ৰাথৰ্না কৰে।প্ৰাথনাৰ দুপৰীয়াৰ বিশেষভাৱে তৈয়াৰ আহাৰ গ্ৰহণ কৰে।ইংলেণ্ড,অষ্টেলিয়া,কানাডা,যুক্তৰাষ্ট আদিত বৰদিনৰ এইসাঁজ আহাৰত টীৰ্কি চৰাই মঙহ,পোৰা বা সিজোৱা আলু খোৱাটো এক পৰম্পৰা।ইজনে সিজনক শুভেচ্ছা প্বএ পঠিওৱা,উপহাৰ দিয়া আদি কাৰ্যৰ জৰিয়তে বৰদিন মানুহৰ মাজত মিলাপ্ৰীতি আৰু আন্দৰে পালন কৰা হ'য়।
৩)শুদ্ধ শব্দ টোত
( ✔) এই চিন দিয়া।
ক) ৰোমান সম্ৰাট জনৰ নাম আছিল
-
অ) যোচেফ
আ) আগষ্টাছ
( ✔)
ই) ছান্টাক্লজ
ঈ)যীশুখ্ৰীষ্ট
খ)যীশুখ্ৰীষ্ট জন্ম হোৱা ঠাই খনৰ নাম -
অ) বেথেলহেম( ✔)
আ)নজৰেথ
ই) অষ্ট্ৰেলিয়া
ঈ)কানাডা
গ)যি সকলে শান্তিৰ বাবে কাম কৰে তেওঁ লোক -
অ) ভাগ্যহীন
আ) দুষ্ট লোক
ই) অসাধু
ঈ)ভাগ্য বান ( ✔)
ঘ) ছান্টাক্লজে ল'ৰা-ছোৱালীক-
অ)গালি পাৰে
আ) নাচিবলৈ শিকায়
ই) উপহাৰ দিয়ে
( ✔)
ঈ) গাড়ী চলাবলৈ শিকায়
৪)ভাবি চাই কৰা।
ক) প্ৰতিবিধৰে ২ টাকৈ উৎসৱৰ
নাম লিখা।
কৃষিভিত্তিক → ১)বিহু ২)আলি আঃয়ে লৃগাং ৩) খেৰাই
ধৰ্মীয়→১) বৰ দিন ২)ৰমজান
ৰাষ্ট্ৰীয় →১)গণৰাজ্য দিৱস ২) স্বাধীনতা দিৱস
৫) ‘ক’ অংশৰ বাক্যৰ লগত ‘খ’ অংশৰ বাক্য লগ লগোৱা।
আমি সকলো→ইশ্বৰৰ সন্তান।
ইশ্বৰে বেয়া পোৱা→কাম কৰা অনুচিত
বৰদিনৰ এক আকৰ্ষণ হৈছে→খ্ৰীষ্টমাছ ট্ৰি
ছাণ্টাক্লজ হৈছে এক→কাল্পনিক বৃদ্ধ
ধৰ্মীয় হৈও বৰদিন→সাৰ্বজনীন উৎসৱ
তোমালোকৰ ত্ৰাণকৰ্তাই→পৃথিৱীত জন্ম লৈছে
সেই সময়ত মেৰী আছিল→অন্তঃসত্বা
৭)বাক্য ৰচনা কৰা।
একতা→একতাই পৰম বল।
চেষ্টা→চেষ্টা কৰিলে সকলো কাম সফল হয়।
মহৎ→মহৎ লোকৰ জীৱনী আমি পঢ়িব লাগে।
পঞ্জীভুক্ত→আগষ্টাছে সকলো ইহুদিৰ নাম
পঞ্জীভুক্ত কৰিবলৈ কৈছিল।
দেৱদূত→যীশুখ্ৰীষ্ট দেৱদূতৰ ৰূপত পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল ।
আস্তাবল→যীশুখ্ৰীষ্ট ৰ জন্ম আস্তাবলত হৈছিল।
আশ্ৰয়→থাকিবলৈ আশ্ৰয় নথকা লোকক অঘৰী বোলে।
সন্ধান→আৰক্ষীয়ে অপৰাধী
জনক সন্ধান কৰিছে।
------x-----
0 Comments