Class8.L-7.সুস্হ জীৱনবোধ গঠনত অধ্যয়নৰ ভূমিকা




১)চমু উত্তৰ দিয়া ।

ক)কেতিয়াৰ পৰা মানুহৰ চিন্তা,চেতনা আৰু জ্ঞানৰ বিকাশ ঘটিছে?
উত্তৰ :এতিয়াৰ পৰা প্ৰায় চল্লিশ (৪০) হাজাৰ বছৰ মান পূৰ্বে  মানুহৰ চিন্তা,চেতনা আৰু জ্ঞানৰ বিকাশ ঘটিছে।

খ) আমাৰ অধ্যয়ন আৰু অভিজ্ঞতা কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰ :- আমাৰ অধ্যয়ন আৰু অভিজ্ঞতা নিৰ্ভৰ কৰে পুৰ্বপুৰুষ সকলৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ আধাৰৰ ওপৰত।

গ)গছত উঠি কি কি কৰিব পাৰি?
উত্তৰ :- গছত উঠি  ফল পাৰিব পাৰি,খৰি কাতিব পাৰি ইত্যাদি।

ঘ) উৰাজাহাজ কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ :-অৰভিল ৰাইট আৰু উইলবাৰ নামৰ দুজন ককাই-ভায়ে উৰাজাহাজ নিৰ্মাণ কৰিছিল ।

ঙ)কল্পনা চাওলা কোন?তেওঁৰ কেতিয়া আৰু কেনেকৈ মৃত্যু হৈছিল ?
উত্তৰ :- কল্পনা চাওলা এগৰাকী জন্ম সূত্ৰে ভাৰতীয়  মহাকাশচাৰী  আছিল।

চ) কল্পনা চাউলা মহাকাশলৈ যোৱা যান খনৰ নাম কি ?
উত্তৰ :- কল্পনা চাওলা এগৰাকী জন্ম সূত্ৰে ভাৰতীয়  মহাকাশচাৰী  আছিল।

    মহাকাশৰ পৰা উলতি অহা পথত কলম্বিয়া নামৰ যান খন বিধবস্ত হোৱাত তেওঁৰ মৃত্যু হৈছিল ।

ছ) প্ৰ্কৃতিয়ে আমাক কি হ'বলৈ শিকায়?
উত্তৰ :- প্ৰ্কৃতিয়ে আমাক নিৰহংকাৰী  হ'বলৈ শিকায় ।

জ) নাপালেওঁ বনাপাৰ্ট কোন?
উত্তৰ :- নাপালেওঁ বনাপাৰ্ট ফৰাচীৰ সম্ৰাত আছিল।

ঝ) ইলিয়াদ কাৰ ৰচনা?
উত্তৰ :- ইলিয়াদ হোমাৰৰ ৰচনা ।

২।বহলাই লিখা-

ক) উচ্চ জীৱনৰ গৰাকী হ'বলৈ মানুহে কি কৰিব লাগে?
উত্তৰ :- উচ্চ জীৱনৰ গৰাকী হবলৈ মানুহে জীৱনৰ পৰাই শিকিব লাগিব আৰু জীৱন টো বুজি পাব লাগিব। তাৰ বাবে জানিব লগীয়া হয় পূৰ্বজ সকলৰ জীৱন-যাপন।প্ৰত্যেক জন মানুহ একান্ত ভাৱে নিজৰ জীৱনৰ অধিকাৰী আৰু জীৱন কেতিয়াও অৰ্থহীন নহয়, মাথো জীৱনৰ অৰ্থ আৰোপ কৰিবলৈ শিকিব লাগিব।জীৱনৰ সঠিক পথ নিৰূপণৰ বাবে আনৰ অভিজ্ঞতা আৰু অনভিজ্ঞতাৰো আশ্ৰয় লব লাগিব।

খ)পূৰ্ব পুৰুষসকলৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ আধাৰত আমি কেনেকৈ জ্ঞান অৰ্জন কৰিব পাৰোঁ বুজাই লিখা?
উত্তৰ :-আমাৰ সকলো অধ্যয়ন আৰু অভিজ্ঞতা নিৰ্ভৰ কৰে পূৰ্ব পুৰুষ সকলৰ অধ্যয়ন আৰু অভিজ্ঞতাৰ আধাৰত।গছত উঠা কথা টোৱেই ধৰা হওক। আমি জানো যে গছত বগাব পাৰি বা বগাই বহু কাম কৰিবও পাৰি যেনে ফল পাৰা, খৰি কটা । কিন্তু সেইবুলি আমি গছৰ ঠুনুকা ডালত নুঠোঁ ,কাৰণ তেনে ডালত উঠি আমাৰ পূৰ্বে বহু মানুহ পৰি হাত-ভৰি ভাগিছে বা মৃত্যু মুখতো পৰিছে।।গতিকে পূৰ্বৰ অভিজ্ঞতাক কামত লগাই তাৰ আসোঁৱাহ দূৰ কৰি আমি সফলতা পাওঁ।

গ)বৰ্তমান মানুহৰ চমকপ্ৰদ উন্নতিৰ কেইটামান উদাহৰণ দিয়া?
উত্তৰ :- বৰ্তমান মানুহৰ চমকপ্ৰদ উন্নতিৰ কেইটামান উদাহৰণ হল-
১)ক্ষুদ্ৰ পৰমাণুৰ বিস্ফোৰণ ঘটাই বিপুল শক্তি আহৰণ ।
২)সৌৰ জগতত মহাকাশজান প্ৰেৰণ কৰি নিয়মিত বিভিন্ন তথ্য যোগান ধৰিছে ।
৩)চন্দ্ৰৰ বুকুত ভৰি দিছে ।
৪)মংগল গ্ৰহকো জয় কৰিছে ।

ঘ)বাই বেলত থকা আদিম মানৱ-মানৱী আদম- ইভৰ কাহিনী তো কি?
উত্তৰ :- আদাম আৰু ইভে ওপজাৰে পৰা একেলগে দিন কতাইছিল।সিহঁতে হাতত ধৰি ঘূৰি ফুৰি হৰিষ বদনৰে প্ৰকৃতিৰ বুকুত উমলি-খেলি দিন কটাইছিল ।সেইদৰে বহু মাহ,বছৰ পাৰ হল কিন্তু তেওঁ লোকৰ একো পৰিৱৰ্তন নহল ।তেনেতে এদিন পিতাকে মানা কৰা এজোপা গছৰ ফল যিটো কাম তেওঁলোকে আগতে কৰা নাছিল, দুয়োৱে একামোৰ মাৰিছিল। তাৰ পাছতে তেওঁ লোকৰ চকু মুকলি হল আৰু গম পালে যে এই বিশাল প্ৰ্কৃতিৰ মাজত তেওঁলোকৰ জীৱনৰ এটা সুকীয়া অৰ্থ আৰু ৰূপ আছে। এই দৰে নাঙঠ-পিঙঠ কৈ ঘূৰি কেৱল সৰগীয়া আনন্দ ললেই নহব। তেওঁলোক মানুহ হব লাগিব।

৩)পাঠৰ সহায়ত তলৰ বাক্য কেইতা সম্পূৰ্ণ কৰা।

ক) আদিম মানৱে জ্ঞান লাভ কৰিছিল→প্ৰকৃতিৰ পৰা
খ)খুব ধীৰ আছিল মানুহৰ→আত্ম মুখী যাত্ৰা
গ) এনেদৰে আৰম্ভ হৈছিল নিজৰ→বিজয়ৰ যাত্ৰা
ঘ)ক্ষুদ্ৰ পৰমাণু বিস্ফোৰণ ঘটাই বিপুল শক্তি→আহৰণ কৰিছিল
ঙ)গ্ৰীক বীৰ আলেকজেণ্ডাৰে বিশ্ব খন→জয় কৰিছিল
চ)সাহিত্য সদাই মানুহৰ শ্ৰেষ্ঠ চিন্তা ৰাজিৰ→ভৰালঁ সদৃশ

৪)মিল থকা শব্দ সমূহ আচঁ টানি লগ লগোৱা।

জান→জুৰি
তৰু→তৃণ
হাক→বচন
নাঙঠ→পিঙঠ
খেতি→খোলা
চিন্তা→চেতনা
মণি→মুকুতা

৫)তলত দিয়া শব্দ সমূহত দূৰ উপ সগ লগলগাই নতুন শব্দ গঠন কৰা আৰু বিপৰীত শব্দ লিখা।

*দুৰ+যোগ=দুৰ্যোগ→সুযোগ
*দুৰ+বল=দুৰ্বল→বল
*দুৰ+বোধ=দুৰ্বোধ→বোধ্য
*দুৰ+দশা=দুৰ্দশা→সুদশা
*দুৰ+নাম=দুৰ্নাম→সুনাম
*দুৰ+ভোগ=দুৰ্ভোগ→ভোগ

৬)সমাৰ্থক শব্দ লিখা।

বাসনা→কামনা, অভিলাষ
ভৰি→পদ,চৰণ,ঠেং
গুহা→গহবৰ,কটীৰ,ঘোপা
খেতি→কৃষি,চহ,কৃষিকৰ্ম
গাওঁ→গ্ৰাম্য,গ্ৰাম
চৰাই→পখী,পক্ষী,বিহঙ্গ
মানুহ→মানৱ,মনুষ্য
পথ→বাট,মাৰ্গ


--------x-------

Post a Comment

0 Comments