Class9. Social science. L-5. অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি ( ইতিহাস)


অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি



অনুশীলনী


শুদ্ধ উত্তৰ বাছি উলিওৱা:

1) ব্রিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্র সিংহ /গােবিন্দ চন্দ্র/তিৰৎ সিঙক চিলেটলৈ নির্বাসন সিছিল।
উত্তৰঃ- ৰাজেন্দ্র সিংহ।

2) অসমৰ শেষ আহােম ৰজা আছিল চন্দ্রকান্ত সিংহ/কমলেশ্বৰ সিংহপুৰন্দৰ সিংহ /
যােগেশ্বৰ সিংহ।
উত্তৰঃ-পুৰন্দৰ সিংহ।

3) তিৰৎ সিং খাচী/মণিপুৰী/জয়ন্তীয়া দেশপ্রেমিক আছিল।
উত্তৰঃ-খাচী।


চমু প্রশ্ন উত্তৰ:

1) গােবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰঃ-কাছাৰ ৰাজ্যৰ।

2) ডেভিদ স্কট কোন আছিল?
উত্তৰঃ-কোম্পানীৰ এজেন্ট যিয়ে অসমলৈ আহি গুৱাহাটী আৰু গােৱালপাৰাৰ মাজৰ বৃহৎ অঞ্চল অধিকাৰ কৰিছিল।

3) ডেভিস স্কটৰ পৰৱর্তী কমিছনাৰ কোন আছিল?
উত্তৰঃ- ক্ৰেক্ৰফট (Cracroft) আৰু পিছত স্হায়ীভাৱে ৰৱাৰ্টচন কমিছনাৰ হৈছিল ।

4) তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?
উত্তৰঃ- খাচী ৰাজ্যৰ।

5) মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰঃ-বৰ সেনাপতি।

6)জেনকিন্সনৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল ?
উত্তৰঃ- পুৰন্দৰ সিংহ ।

7)জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল ?
উত্তৰঃ- গোৱালপাৰা,দৰং আৰু কামৰূপ

8)ব্ৰিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল ?
উত্তৰঃ- গোবিন্দ চন্দ্ৰ ।

ৰচনা ধৰ্মী প্ৰশ্ন-উত্তৰ :

1)ডেভিত স্কটৰ ৰাজহ নীতি কেনে আছিল ?
উত্তৰঃ- স্কটৰ প্রশাসনকালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনা সমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগণা (ৰাজহ অঞ্চল) ৰখা হ’ল। চিৰস্তদাৰ, তহবিলদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি খাজনা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়গ কৰা হয়। নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰ আদায়ৰ কাৰণে এটা বেলেগ গােট তৈয়াৰ কৰা হৈছিল। এই গােটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল। মাটিৰ খাজনাৰ উপৰি বেলেগ বেলেগ বৃত্তিৰ লােকৰ ওপৰতাে স্কটে বিত্তীয় কৰ বহুৱাইছিল। তাঁতী, সােণাৰী, মাছমৰীয়া, কঁহাৰ আদি বিভিন্ন বৃত্তিত নিয়ােজিত লােকসকলে এই কৰ দিব লাগিছিল। আহােম শাসনৰ সময়ত কৰ মুক্ত দেবােত্তৰ, ব্রহ্মোত্তৰ, আৰু ধর্মোত্তৰ মাটিৰ ওপৰতাে স্কটে খাজনা নিৰূপণ কৰাইছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল, ইয়াক বৰঙণি বােলা হৈছিল।  স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ তেওঁৰ শাসনকালৰ সময়তে সমাধা-হৈছিল। কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত এই কার্য সমাধা হৈছিল। মাটিসমূহ বস্তী অঞ্চল, ৰুপিত তথা শালিখেতি অঞ্চল, ফৰিঙতি তথা আহু ধান, সৰিয়হ খেতি প্রধান আদি অঞ্চলত ভাগ কৰা হৈছিল। নতুন কৰৰ পদ্ধতি কার্যত পৰিণত হওঁতে কোনাে ঠাইত বেছি আৰু কোনাে ঠাইত কম সময় লাগিছিল। আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধার্য কৰা হৈছিল। স্কটে কোম্পানিক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পােৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্রতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ। তেওঁলােকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু  খাজনাখিনিক গা-ধন বােলা হৈছিল। ইয়াৰ উপৰি প্রত্যেকজন মানুহে জনমুৰি কৰ দিব লগা হৈছিল। এই কৰ কামৰূপত ‘পাইক কৰ দৰঙত ‘জুহাল কৰ’ বা ‘চৰু কৰ’ বােলা হৈছিল।


2) ডেভিদ স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
উত্তৰঃ-
ডেভিদ স্কট ব্রহ্মপুত্র উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্রশাসনিক দায়িত্বত আছিল। স্কটৰ শাসনকালত।স্থানীয় সাধাৰণ দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লােকেৰে গঠিত কেতবােৰপঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহােৱা সকলে এই বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিছনাৰক আপীল কৰিব পাৰিছিল আৰু কমিছনাৰে আপীল শুনি ৰায়দান কৰিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বােদৰ বৰফুকনক দেৱানীবিচাৰৰ ভাৰ দিছিল। ফৌজদাৰী গােচৰ সুধিছিল ব্রিটিছ বিষয়াই। নামনি অসমত দেৱানী গােচৰৰ বাবেদুখন আৰু ফৌজদাৰী গােচৰৰ বাবে এখন আদালত আছিল। পুলিচ বভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। স্কটৰ প্রশাসন কালত মােৱামৰীয়া, চিংফৌ আৰু খামতিসকলৰ সৈতে সদ্ভাব স্থাপন কৰাহৈছিল। সকলাে কাম ডেভিদ স্কটে নিজে তদাৰক কৰিছিল। ভগ্ন স্বাস্থ্যৰ বাবে অত্যাধিক পৰিশ্ৰম কৰি১৮৩১ চনত ডেভিট,কটৰ মৃত্যু হৈছিল। এজন অতি বিচক্ষণ প্রশাসক হিচাপে ডেভিদ স্কটেসমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল।

3) বাটচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল?
উত্তৰঃ-
১৮৩২ ৰ পৰা ১৮৩৪ খ্রীষ্টাব্দত অসমত কমিছনাৰ হিচাপে কার্যভাৰ গ্ৰহণ কৰা ব্রিটিছ বিষয়া ৰবাৰ্টচন এজন কর্মপটু আৰু দূৰদৰ্শী বিষয়া আছিল। ৰবাৰ্টছনে তেওঁৰ কাৰ্যকালত ভালেমান সংস্কাৰ সাধন কৰিছিল৷ তেওঁৰ সংস্কাৰ সমূহ তিনি ভাগত ভগাব পাৰি ৰাজহ, প্রশাসনিক, আৰু বিচাৰ বিভাগীয় সংস্কাৰ। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেখা দিয়া মেজালি সমূহ আঁতৰ কৰিবলৈ তেওঁ ভালেমান ব্যৱস্থা হাতত লৈছিল। দৰঙৰ উত্তৰ অঞ্চলত ১৮৪১ খ্রীষ্টাব্দলৈকে খেলােৱাৰী ব্যৱস্থাৰ প্রচলন আছিল। তেওঁকামৰূপত ঘৰে প্রতি, দৰঙত ৰান্ধনিশালে প্রতি আৰু নগাঁৱত জনমূৰি কৰৰ ব্যৱস্থা কৰিছিল। ৰাজহ কর্মচাৰী সকলৰ দুর্নীতি ৰােধ কৰিবলৈ তেওঁ কৰ নিৰ্ধাৰণৰ বাবে ভূমি, ঘৰ বাৰী, অৰণ্যা অঞ্চল আৰিবিৱৰণী সংগ্রহ কৰিছিল। তদুপৰি ৰায়তক পট্টা আৰু খাজনা আদায়ৰ ৰচিদ দিয়া হৈছিল। ৰাজহ আদায়ৰ বাবে নিযুক্ত কর্মচাৰী সকলক সংগৃহীত কৰৰ ৭ ৰ পৰা ১৫ শতাংশ লৈকে মাননি হিচাবে আগবঢ়োৱা হৈছিল। ৰাজহৰ কৰ্মচাৰী সকলে সৰু সুৰা গােচৰ সুধিলেও তেওঁলােকে কলেক্টৰক নজনােৱাকৈ জৰিমনা বা শাস্তি বিহিব নােৱাৰিছিল। বার্টচনৰ এনেবােৰ সংস্কাৰে ৰায়ৰ উপকাৰ সাধিছিল।


4) মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল ?
উত্তৰঃ-
অসমৰ উন্নতিবিধানৰ বাবে অহােপুৰুষাৰ্থ কৰা অন্যতম ইংৰাজ বিষয়া আছিল মেজৰ জেনকিন্স।স্কটৰ দৰে এইজন বিষয়ায়াে অসমৰ বাবে ভালেমান আঁচনি লৈছিল। এই ৰাজ্যৰ চাহপাত, কয়লাআৰু তেল উদ্যোগৰ বিকাশৰ সৈতে তেওঁৰ নাম ওতঃপ্রােতভাবে জড়িত। অসমৰ সৈতে বঙ্গৰ পােনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্তৰ চকীসমূহে প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি স্কটে কান্দাহাৰচকী উঠাই দিছিল। এতিয়া জেনকিন্সে অন্যান্য চকীসমূহাে উঠাই দিয়ে। এইজন বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত পুনঃপ্রথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। বাট পথৰ উন্নতি বিধানৰ প্রতিও তেওঁ যথেষ্টমন কাণ দিছিল। শিক্ষাৰ ক্ষেত্রত অতিশয় আগ্রহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল। উল্লেখযােগ্য যে তেওঁ অসমত বঙ্গ দেশৰ আমােলা নিযুক্তিৰ বিৰােধিতা কৰিছিল। অসমৰ স্থানীয় লােকৰ তেওঁ উন্নতি বিচাৰিছিল এছিয়াটিক ছ'চাইটি অব বেঙ্গল নামৰ আলােচনীত তেওঁ অসম সম্বন্ধে এলানি প্রবন্ধও লিখিছিল।জেনকিন্স আছিল ৰবাৰ্টচনৰ পৰৱর্তী কমিছনাৰ আৰু তেওঁ কার্যভাৰ গ্ৰহণ কৰিছিল ১৮৩৪ খ্রীষ্টাব্দত। উজনি অসমৰ ৰজা পুৰন্দৰ সিংহৰ প্ৰশাসনৰ বিৰুদ্ধে তেওঁ ভালেমান চিঠি পত্র, আবেদন আদি পাইছিল আৰু সেয়ে ধৰি লৈছিল যে পুৰন্দৰক ৰজা পাতি বৃটিছে ভুল কৰিছে। সেয়ে জেনকিন্সে পুৰন্দৰৰ ৰাজ্যত প্রজাৰ দুৰৱস্থা সম্বন্ধে তদন্ত চলাবলৈ হােৱাইট নামৰ এজন বিষয়ক দায়িত্ব দিছিল।হােত্রাইটে কিন্তু পুৰৰ এজন যােগ্য ৰজা আৰু তেওঁৰ পৰা আদায় কৰা ৰাইৰ পৰিমাণ কমাই দিয়াউচিত বুলি মতপ্ৰকাশ কৰাত জেনকিন্সে সেই পৰামর্শ গ্রহণ কৰা নাছিল। বৰং পুৰন্দৰক অতি অকমবুলি কৈ গৱৰ্ণৰ জেনেৰেল। লর্ড অকলেণ্ডক তেওঁক বখাস্ত কৰিবলৈহে আর্জি দিছিল। সেই মর্মে লর্ডঅকলেণ্ডে ব্যৱহালােৱাত পুৰন্দৰৰ পতন ঘটিছিল।জেনকিন্সে নামনি অসমক গােৱালপাৰা, দৰং, কামৰূপ, আৰু নগাঁও জিলাত বিভক্ত কৰিছিল। জেনকিল বৃটিছ সম্প্ৰসাৰণ বাদী মনােভাবেৰে পৰিপুষ্ট হলেও অসমত উন্নতি বিধানৰ বাবেপ্ৰহণ কৰা আচনি সমূহে তেওঁক যথেষ্ট জনপ্রিয় কৰি তুলিছিল।

5) জেনকিন্স কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল?
উত্তৰঃ- জেনকিন্সে ব্রিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকা চাৰিখন জিলাত বিভক্ত কৰিছিল। সেইকেইখন হ'ল গােৱালপাৰা, কামৰূপ, দৰং (বিশ্বনাথ ধৰি আৰু নগাঁও। পূৰণি নথি-পত্ৰত নগাঁও জিলা খাগৰিক্সানবুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল। খাগৰিজনৰ সদৰ ঠাই আছিল নগাঁও। ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগড়ালৈ নিয়া হৈছিল, তাৰ পিছত পুৰণি গুদামসদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰকে সৰ ঠাই বুলি ঘােষণা কৰা হয়।পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। গুৱাহাটীত অসমৰ কমিছনাৰৰ সদৰ কার্যালয় আছিল।আগেয়ে দৰং ৰজাৰ অধীনত থক পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ পঠিত জিলাখনক দৰং জিলা বােলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল। কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল। ই প্ৰায়ে বানপানীত বুৰ গৈছিল। সেয়েহে ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কার্যালয় উঠাই নিয়া হয়। গাৰাে পাহাৰকে ধাৰ গােৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল। বার্মা যুদ্ধৰ পিছত ডেভি স্কটৰ দিনত গােৱালপাৰা তেওঁৰ শাসনাধীন হল। গােৱালপাৰাক ৰংপুৰৰ পৰা আতৰাই আনিএখন নতুন জিলা গঠন কৰা হল। পিছলৈ গাৰাে পাহাৰক গােৱালপাৰাৰ পৰা আঁতৰাই আনি এখননতুন জিলা গঠন কৰা হল। আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লােৱাত গােৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কার্যালয় উঠাই নিয়া হৈছিল। ধুবুৰী সেই সময়ত জাহাজবােৰৰ শেষ ঘাটি আছিল।কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰিলে৷ ইয়াৰ সদৰ ঠাই হলশিলচৰ। ১৮৩৬ চনত কাছাৰক ঢাকা ডিভিজনৰ অধীনস্থ কৰা হল আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়া জন ডেপুটি কমিছনাৰ আখ্যা দিয়া হল। অসমত ইষ্ট ইণ্ডিয়া কোম্পানিৰ হকে ৰবাৰ্টচন আহােম ৰজাপুৰন্দৰ সিংহৰ লগত এখন চুক্তি-পত্ৰত স্বাক্ষৰ কৰিছিল। ১৮৩২ খ্রীষ্টাব্দত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনি অসমত পুৰন্দৰ সিংহক ৰজা পাতি বছৰি ৫০,০০০ টকাকৈ কৰ দিবলৈ কোৱা হৈছিল।তেওঁ কৰ দিব নােৱাৰাৰ বাবে তেওঁৰ ৰাজ্য ব্রিটিছৰ পােনপটীয়া প্ৰশাসনৰ অধীনলৈ গ'ল। তেওঁৰৰাজ্যখন দুখন জিলাত পৰিণত হল— শিৱসাগৰ আৰু লক্ষীমপুৰ। এই জিলা দুখনৰ সদৰ ঠাই আছিল যথাক্রমে যােৰহাট আৰু লক্ষীমপন।

6) তিৰৎ সিং কোন আছিল? তেওঁ কিয় ব্রিটিছৰ বিৰােধী হৈছিল?
উত্তৰঃ-
তিৰৎ সিং খাছি চিয়েম আছিল।ব্রিটিছে ব্রহ্মপুত্র উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতেএটা যােগসূত্র স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখেীৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিয়েমতিৰৎ সিঙে অনুমতি দিছিল। কিন্তু পিছত পথ নির্মাণ হলে তেওঁলােকৰ স্বাধীনতা খর্ব হােৱাৰ ইংগিতপাইছিল আৰু সেইবাবে খাচীৰ মুখীয়াল সকলে ইয়াৰ বিৰােধিতা কৰিছিল। ইতিমধ্যে তিৰৎ সিং আৰুইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হােৱা যুদ্ধত তিৰং সিউক বিটিছেসহায় নকৰিলে, বঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলােক প্রস্তুত হল। ১৮২৯ খ্রীষ্টাব্দত তিৰৎবিঙে খাচী সৈন্য-সামন্ত লৈ কোম্পানিৰ লােকৰ ওপৰত আক্রমণ চলায় । ১৮৩৩ চনলৈকে এইদৰেযুঁজবাগৰৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমর্পণ কৰিবলৈ বাধ্য হয় আৰু এনেকৈয়ে খাচীপাহাৰ ব্রিটিছৰ অধীনলৈ যায়।

চমুটোকা লিখা :

i)তুলাৰাম সেনাপতি, ii)পুৰন্দৰ সিংহ,iii) তিৰৎ সিং, iv)গােমধৰ কোঁৱৰ,v) ব্রিটিছৰ চিংফেী ৰাজ্য দখল, vi)ব্রিটিছৰ জয়ন্তীয়া ৰাজ্য দখল

i)তুলাৰাম সেনাপতিঃ তুলাৰাম সেনাপতি আছিল কাছাৰৰ সেনাপতি। কাছাৰৰ ৰজা গােবিন্দচন্দ্রনিঃসন্তান আছিল বাবে তেওঁৰ সেনাপতি তুলাৰামে সমগ্ৰ কাছাৰ অঞ্চল বৃটিছৰ পৰা দাবী কৰিছিল।কিন্তু বৃটিছে বিদ্রোহী তুলাৰামৰ দাবী নামানি উত্তৰ কাছাৰ ৰাজ্যৰ পৰ্বতীয়া অঞ্চলহে তেওঁক এৰিদিছিল। তাৰবাবে তুলাৰামে বৃটিছক বছৰি ৭০ পাউণ্ড ওজনৰ চাৰিটা হাতীৰ দাঁত দিছিল। পিছলৈ হাতীদাতৰ মূল্য-স্বৰূপ ৪৯০ টকা দিছিল। ১৮৩২ খ্রীষ্টাব্দত বৃটিছে তুলাৰামক মাহিলি পঞ্চাশ টকাৰ অৱসৰবৃত্তি দি কাছাৰ দখল কৰিছিল। ১৮৪০ খ্রীষ্টাব্দত তুলাৰাম সেনাপতিৰ মৃত্যু হয়। তেওঁৰ পুত্রদ্বয় আছিলনকুলৰাম বৰ্মন আৰু ব্রজনাথ বর্মন। তুলাৰাম সেনাপতিৰ মৃত্যুৰ পিছত ৰাজ্যখন তেওঁৰ দুই পুত্ৰৰমাজত ভাগ কৰি দিয়া হয়।

ii)পুৰন্দৰ সিংহঃ ১৮৩৩ খ্রীষ্টাব্দত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে পুৰৰ সিংহক উজনি অসমৰ ৰজা পাতে।শদিয়া আৰু মটক ৰাজ্য বাদ দি ধনশিৰিৰ পৰা উজনিৰ সমূদায় অঞ্চল তেওঁৰ ৰাজ্যৰ অন্তৰ্গতআছিল। পুৰন্দৰ সিংহই কোম্পানীক বছৰি ৫০ হাজাৰ টকা কৰ দিবলৈ মান্তি হয়। তেওঁৰ ৰাজধানীআছিল যােৰহাট। কিন্তু এইদৰে ৰাজপাট গ্রহণ কৰি পুৰন্দৰ সিংহই বিপদতহে পৰে। আহােমৰ পাইকপ্রথা আৰু শাসন পদ্ধতিৰ তেতিয়া সলনি হৈছিল। সেয়ে পুৰন্দৰ সিংহই বৃটিছক কৰ দিয়াত বহূতােপুৰন্দৰ সিংহ বিফল হৈছিল। ১৮৩৮ খ্রীষ্টাব্দৰ অক্টোবৰ মাহত কোম্পানীয়ে পুৰন্দৰ সিংহৰ প্রশাসনব্যৰ্থ হৈছে বুলি অভিযােগ আনি শিৱসাগৰ আৰু লক্ষীমপুৰ জিলাত নিজৰ পােনপটীয়া শাসন প্রৱর্তনকৰিছিল। ১৮৩৯ খ্রীষ্টাব্দত এখন ঘােষণা পত্রযােগে পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি তেওঁলৈ মাহিলি এহেজাৰ টকাৰ এটা অৱসৰ বৃত্তি আগবঢ়োৱা হয়। পুৰন্দৰ সিংহই এই বৃত্তি গ্ৰহণ কৰিবলৈঅস্বীকাৰ কৰিছিল। উল্লেখযােগ্য যে সেই সময়ৰ বৃটিছ কমিছনাৰ আছিল জেনকিন্স। জেনকিন্স দ্বাৰা গঠিত এজনীয়া তদন্ত কমিটিৰ পৰামর্শ অনুযায়ী পুৰন্দৰ সিংহ গদিচ্যুত হৈছিল।

iii)তিৰৎ সিংঃ তিৰৎ সিং আছিল খাচী পাহাৰৰ চিয়েম। ব্রিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যােগসূত্র স্থাপনৰ মানস কৰিছিল। ৰাণীৰপৰা নংখেটৰ মাজেৰে এই পথ সজিবলৈ বাচীচিয়েস তিৰৎ সিং অনুমতি দিছিল। কিন্তু পিছত পথনির্মাণ হলে তেওঁলােকৰ স্বাধীনতা খর্ব হােৱাৰ ইংগিত পাইছিল আৰু সেইবাবে খাচীৰ মুঘীয়া লসকলে ইয়াৰ বিৰােধিতা কৰিছিল। ইতিমধ্যে তিৰৎ সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল।ৰাণী ৰাজ্যৰ বিৰুদ্ধেহােৱা যুদ্ধত তিৰৎ সিংক বৃটিছে সহায়। নকৰিলে, বৰঞ্চ ৰাণীৰ ৰজাকহে সহায় কৰিবলৈ তেওঁলােক প্রস্তুত হৈছিল। ১৮২৯ খ্রীষ্টাব্দত তিৰৎ ডিঙে খাচী সন্য সামন্তলৈ কোম্পানীৰ লােকৰ ওপৰত আক্রমণ চলায়। ১৮৩৩ চনলৈকে এইদৰে যুঁজ বাগৰৰ পিছত বাটীসকল পৰাজিত হৈ আত্ম-সমর্পণ কৰিবলৈ বাধ্য হয় আৰু এনেকৈয়ে যাচী পাহাৰ ব্রিটছৰ অধীনলৈ যায়।


iv)গােমধৰ কোঁৱৰঃ অসমত পােন প্রথম ব্রিটিছ প্রশাসনৰ বিৰােধিতা কৰা গােমধৰ কোঁৱৰ আহােমৰাজ পৰিয়ালৰ আছিল। গেমধৰ কোঁৱৰক সমর্থন কৰিছিল, ধনঞ্জয় পিয়লি বৰগােহহি আৰু তেওঁৰপুত্র হৰনাথ, জীম দুলীয়া বৰুৱা আদিয়ে। ইংৰাজে উজনি অসমৰ সামৰিক শাসন ওৰ পেলাই তাৰপৰা ব্রিটিছ সৈন্য অপসাৰণ কৰিছিল। সেই অৱস্থাৰ সুযােগ লৈ গােমধৰ কোঁৱৰে নিজকে ৰ্গদেউবুলি ঘােষণা কৰিছিল। গােমধৰে ভবাৰ দৰে ব্রিটিছসকল ইমান দুর্বল নাছিল, তেওঁলােকে তৎক্ষণাৎবিদ্রোহ দমন কৰে। গােমধৰকে আদি কৰি ব্রিটিছ বিৰােধী ষড়যন্ত্রকাৰীসকলক বন্দী কৰে। সেইসময়ত ব্রিটিছ কমিছনাৰ ডেভিদ স্কটে গেমধৰ কোঁৱৰ প্ৰমুখ্যে বিদ্রোহীক সাত বছৰকৈ বংগদেশৰৰংপুৰ কাৰাগাৰত কাৰাবাস দিয়ে। হৰনাথে বিচাৰত খালাছ পাইছিল আৰু কিছুদিনৰ মূৰত তেওসংগীসকলক ফাটেকৰ পৰা পলুৱাই নিবলৈ সক্ষম হৈছিল। পােমধৰেও ফাটেকৰ পৰা নগা পাহাৰলৈপলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত ৭ বছৰলৈ কাৰাবাস খাটিবলগীয়া হয়। পৰৱর্তীপর্যায়ত ৰংপুৰ ফাটেকৰ পৰা পােমধৰ কোঁৱৰ কলৈ গল সেই বিষয়ে জনা নাযায়।

v)ব্রিটিছৰ চিংফৌ ৰাজ্য দখলঃ মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰসমভূমি অঞ্চলত চিংফৌসকল আছিল। চিংফৌৰ মুখীয়ালজনক গাম বােলা হৈছিল। গামসকলেইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি-পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ'ল। পূবৰ পৰাকোনাে শত্রু অহাৰ গম পালে তেওঁলােকে ইংৰাজ চৰকাৰক জনাবলৈ মাস্তি হৈছিল। ইয়াৰ পিছতােআহােম সম্প্রদায়ৰ ডা ডাঙৰীয়া কিছুমানৰ উচটনিত চিংফৌসকলে ষড়যন্ত্রমূলকভাৱে বিদ্রোহী কাতিলিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে পুনৰ চিংফৌসকলক দমন কৰিবলগীয়া হৈছিল।


vi)ব্রিটিছৰ জয়ন্তীয়া ৰাজ্য দখলঃ বৰ্মী আক্রমণৰ পৰৱৰ্তীকালত সৃষ্টি হােৱা অশান্ত বাতাৱৰণৰকালছােৱাত জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগনাৰ সীমায়েদি বৃটিছ অধিকৃত অঞ্চত উপদ্ৰৱ কৰাৰঅভিযােগত বৃটিছে তেওঁলােকক ভাবুকি দিছিল। ১৮৩৫ খ্রীষ্টাব্দৰ ১৫ মার্চত কেপ্তেইন লিষ্টাৰেজয়ন্তীয়া ৰাজ্য জয় কৰে। এই সংক্রান্তত কোনাে ডাঙৰ যুদ্ধ বিগ্রহ হােৱা নাছিল। জয়ন্তীয়াৰৰাজেন্দ্র সিংহক চিলেটলৈ নির্বাসন দিয়া হৈছিল। বৃটিছে তেওঁক পাঁচশ টকা মাহিলি অৱসৰ বৃত্তিদিছিল। জয়ন্তীয়া চিনতেনসকলৰ পৰা বৃটিছে কলােৱা নাছিল। এজন পলিটিকেল এজেন্টে বৃটিছৰ হৈসেই তাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল।


অতিৰিক্ত সম্ভাব্য প্রশ্ন

1) শুদ্ধ উত্তৰটো বাচি উলিওৱা

(A) ডেভিদ স্কট ন্যায়াধীশ আছিল—
(a) চিলেট জিলাৰ।
(b) গােৱালপাৰা জিলাৰ
(c) কামৰূপ জিলাৰ
(d) দৰং
উত্তৰঃ- (a) চিলেট জিলাৰ।

(B) ডেভিদ স্কটৰ শাসনকালত উজনি অসমৰ সদৰ ঠাই আছিল—
(a) ৰংপুৰ
(b) গুৱাহাটী।
(c) তেজপুৰ
(d) এটাও নহয়।
উত্তৰঃ-  (a) ৰংপুৰ

(C) ডেভিদ স্কটৰ শাসন কালত নামনি অসমৰ সদৰ ঠাই আছিল—
(a) ৰংপুৰ
(b) তেজপুৰ
(c) গুৱাহাটী
(d) এটাও নহয়।
উত্তৰঃ-  (c) গুৱাহাটী

(D) আসাম লাইট ইনফেন্ট্রি নামৰ সামৰিক বাহিনীটো গঠন কৰা হৈছিল
(a) ১৮২৬ খ্রীঃত
(b) ১৮৬২ খ্রীঃত
(c) ১৮১৬ খ্রীঃত
(d) ১৮২৪ খ্রীঃত
উত্তৰঃ-  (a) ১৮২৬ খ্রীঃত

(E) ডেভিদ স্কটৰ মৃত্যু হৈছিল—
(a) ১৮২৬ খ্রীঃত
(c) ১৮২৩ খ্রীঃত
(b) ১৮৩১ খ্রীতে
(d) ১৮:৩২ খ্রীঃত
উত্তৰঃ-  (b) ১৮৩১ খ্রীঃত।

2) খেলােৱাৰী ব্যৱস্থাৰ প্ৰচলন ক'ত আছিল?
উত্তৰঃ-দৰঙত উত্তৰ অঞ্চলত।

3) ৰবাৰ্টচনৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰঃ-মেজৰ জেনকিন্স।

4) আহােম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ- চুকাফা।

5) আহােম সকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰঃ- 600 বছৰ

6) ইঙ্গ-বার্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ-১৮২৪ চত।

7) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ- ১৮২৬ চনত ইংৰাজ আৰু মানৰ মাজত।

8) বৃটিছে গাৰাে পাহাৰৰ সদৰ ক'ত স্থাপন কৰিছিল?
উত্তৰঃ- তুত।

9) গােভা ৰাজ্য ক'ত অৱস্থিত?
উত্তৰঃ- নগাঁৱৰ পশ্চিমত জয়ন্তীয়া ৰাজ্যৰ অধীনত।

10) কোনে চিংফৌসকলক পুনৰ দমন কৰিছিল ?
উত্তৰঃ-নিউভিলে।

11) চিংফৌৰ মুখীয়ালজনক কি বােলা হৈছিল?
উত্তৰঃ- গাম । 

12) মটকৰ ৰাজধানী কি আছিল ?
উত্তৰঃ- ৰঙা গড়া ।

13) অসমৰ শেষ আহােম স্বৰ্গদেউ কোন আছিল?
উত্তৰঃ- পুৰন্দৰ সিংহ।

14) পুৰন্দৰ সিংহক বৃটিছে কিমান টকাকৈ কৰ দিব কৈছিল?
উত্তৰঃ- ৫০,০০০ টকাকৈ।

15) টাংগনি গােটসমূহৰ দায়িত্ব কাক দিয়া হৈছিল?
উত্তৰঃ- একোজন ফুকন, ৰাজখােৱা আৰু বৰুৱাক।

16) কৰ সংগ্ৰহৰ দায়িত্ব কাক দিয়া হৈছিল?
উত্তৰঃ- পুৰণি বেলসমূহৰ বিষয়া সকলক।

17) কোনজন কমিছনাৰৰ দিনত উজনি অসমত আহােম ৰজাৰ শাসন পুনৰ প্রাতস্থা
হৈছিল?
উত্তৰঃ- ৰবাৰ্টছনৰ দিনত।

18) বাটনৰ সংস্কাৰসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ- তিনি ভাগত ভগাব পাৰি। যেনে- ৰাজহ, প্রশাসনিক আৰু বিচাৰ বিভাগীয়।

19) নগৗতআৰুৰহৰ খাজনা সংগ্ৰহৰ দায়িত্ব কাক কাক দিয়া হৈছিল?
উত্তৰঃ- আৰাধন ৰয় আৰু লতা পানীফুকনক।

20) ডেভিদ কটক ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্ব ভাৰ কেতিয়া অর্পণ কৰা
হৈছিল?
উত্তৰঃ- ১৮২০ খ্রীষ্টাব্দত।

21) গােৱালপাৰা আৰু গাৰােপাহাৰৰ অসামৰিক কমিছনাৰৰ দায়িত্ব কাক অর্পণ কৰা হৈছিল?
উত্তৰঃ-ডেভিদ স্কটক।

22) অসমতবঙ্গদেশৰ আমােলা নিযুক্তিৰ বিৰােধিতা কোনে কৰিছিল?
উত্তৰঃ- মেওৰ, জেনকিন্সে।

23) মেজৰ জেনকিন্সে অসম সম্বন্ধে কোনখন আলােচনীত প্রবন্ধ লিখিছিল?
উত্তৰঃ- ‘এছিয়াটিক ছ'চাইটি অৱ বেঙ্গল' নামৰ আলােচনীখনত।

24) মেজৰ জেনকিন্সৰ সময়ত জিলাসমূহক কি গােটত ভাগ কৰা হৈছিল?
উত্তৰঃ- টাংগনি নামেৰে কিছুমান ৰাজহ গােটত।

25) পূৰণি নথি-পত্ৰত নগাঁও জিলাৰ নাম কি বুলি উল্লেখ আছিল?
উত্তৰঃ- খাগৰিজান।

26) অসমত পােন প্রথম বৃটিছ প্রশাসনৰ বিৰােধিতা কোনজন আহােমে কৰিছিল?
উত্তৰঃ- গােমধৰ কোঁৱৰে।

27) পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ কেতিয়া আৰু কত ফাটী দিয়া
হৈছিল?
উত্তৰঃ-১৮৩০ খ্রীষ্টাব্দত আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত।

28) উজনি অসমৰ বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ অঞ্চলটোক বৃটিছে কি
ৰাজ্য হিচাপে স্বীকৃতি দিছিল?
উত্তৰঃ- মটক ৰাজ্য।

29) চিংফৌসকল কত আছিল?
উত্তৰঃ- মটক ৰাজ্যৰ পূৰত থকা নদিহিং আৰু টেভাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল আছিল।

30) চিংফৌ অঞ্চল কিদৰে ইংৰাজৰ তললৈ গৈছিল?
উত্তৰঃ- গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ যায়।

31) বৃটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত কোন উপত্যকাৰ সৈতে যােগসূত্র স্থাপনৰ
মানস কৰিছিল?
উত্তৰঃ- সৰমা উপত্যকাৰ সৈতে।

32) খাচী চিয়েম তিৰৎ সিঙে বৃটিছক কোনটো পথসাজীবলৈ অনুমতি দিছিল?
উত্তৰঃ- ৰাণীৰ পৰা নংঘেীৰ মাজেৰে যােৱা পথটো।

33) ৰাণী ৰাজ্যৰ বিৰূদ্ধে হােৱা যুদ্ধত বৃটিছে কাক সহায় কৰিছিল?
উত্তৰঃ- ৰাণীৰ ৰজাক।

34) বৃটিছে নগা পাহাৰত অভিযান চলাই কি ৰাজ্য দখল কৰিছিল?
উত্তৰঃ- আঙ্গাসী ৰাজ্য।

35) ব্রিটিছ পশাসনৰ আৰম্ভণিত গাৰাে পাহাৰ কোনখন জিলাৰ অংশ আছিল?
উত্তৰঃ- গােৱালপাৰা।

36) লুচাই ৰা মিজোসকলৰ লগত ইংৰাজসকলৰ প্রত্যক্ষ সম্পর্ক কেতিয়া হয়?
উত্তৰঃ- কাছাৰ অধিকাৰৰ পিচত।

37) বৃটিছে উজনি অসমত পাইক প্রথা উঠাই দি কেনে ধৰণৰ ৰাজৰ ব্যৱস্থা কৰিছিল
উত্তৰঃ- উজনি অসমত পাইক প্রথা উঠাই দি তাৰ বিনিময়ত প্রত্যেকজন লােকৰ পৰা তিনি টকা হাৰে খাজনা আদায় কৰিছিল।

38) বিত্তীয় কৰ কি?
উত্তৰঃ-
মাটিৰ ঘাজনাৰ উপৰি বেলেগ বেলেগ বৃত্তিত নিয়ােজিত লােকসকলৰ ওপৰতাে স্কুটে কৰ বত্বাইছিল।ইয়াকে বিত্তীয় কৰ বােলা হৈছিল। তাঁতী,সোনাৰী, মাছমৰীয়া, কঁহাৰ আদি বিভিন্ন বৃত্তিত নিয়ােজিতলােকসকলে এই কৰ দিব লাগিছিল।


39) বৰঙণি কি?
উত্তৰঃ-
আহােম শাসনৰ সময়ত কৰ মুক্ত দেবােত্তৰ, বক্ষোত্তৰ আৰু ধর্মাত্তৰ মাটিৰ ওপৰতাে স্কট খাজনানিৰূপন কৰাইছিল। এই মাটিৰ পৰা আধা অংশ কৰ লৈছিল, ইয়াক বৰঙণি বােলা হৈছিল।

40) গা-মাটি' আৰু গা-ধন কি?
উত্তৰঃ-
নামনি অসমত প্ৰতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলােকৰ পৰা ২ টকাকৈখাজনা আদায় কৰা হৈছিল। এই মাটিখিনিক গা-মাটি আৰু খাজনাখিনিক গা-ধন বােলা হৈছিল।

41) বৃটিছসকলে প্ৰশাসনীয় কাম কাজ চলাবলৈ কৰ পৰা কৰ্মচাৰী আনিছিল? আৰু
কিয়?
উত্তৰঃ-
বৃটিসকলে বংগদেশৰ পৰা কৰ্মচাৰী আনিছিল।নৱ অধিকৃত অসমত পুৰণি শাসন ব্যৱস্থা বদ কৰি হঠাতে নতুন ব্যৱস্থাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলেৰাজ্যখনত বিৰূপ প্রতিক্রিয়া সৃষ্টি হােৱাৰ আশংকাত বৃটিছসকলে আহােম বিষয়াসকলক কেতবােৰদায়িত্বপূর্ণ প্রশাসনিক ভাৰ দিছিল। কিন্তু এনেদৰে চৰকাৰী কাম কৰাৰ অভ্যাস নথকাত তেওঁলােকেৰূহৰ এখনিত কাম কৰিবলৈ ভাল পােৱা নাইল। সেয়ে বুই হিলে বংলদেশৰ পৰা কেৰেকৰ্মচাৰী আনি অসমত প্ৰশাসনীয় কাম কাজ চলাইছিল।

42) প্রথমলানি ব্রিটিছ বিৰােধী বিদ্ৰোহৰ কাৰণ কি আছিল?
উত্তৰঃ-
প্রথমলানি ব্রিটিছ বিৰােধী বিদ্ৰোহৰ লৰণ সমূহ হল:

(A) অসমত ব্রিটিছ শাসন প্রতিষ্ঠান লালে লাল সাদাম ড ডাউনীয়সকলে ৰজাৰ দিনত উপভােগকৰা মাটিবাৰী, লগুৱা-লিকচৌ, পাইক আৰু মান-মর্যাদা আদিৰ বিশেষ সুবিধা হেৰুৱাবলগীয়া হৈছিল।আহােম ডা-ডাঙৰীয়া শ্ৰেণীৰ এনে অসন্তুষ্টি বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল। সময় বাগৰাৰ লগে লগে।ব্রিটিছ বিৰােধী অভিজাত শ্ৰেণীটোৱে বুজি উঠিছিল যে ইংৰাজ কোম্পানি চৰকাৰে অসম আহােমৰজাক এৰি নিদিয়ে আৰু ১৮২৪ খ্রীষ্টাব্দত গুৱাহাটীত তেওঁলােকে দিয়া প্রতিশ্রুতিআছিল ভুৱা।

(B) অভিজাতসকলে পূর্বৰ মান-মর্যাদাৰ লগত মিলাই ব্রিটিছ প্রশাসনীয় বিষয়বাব নােপােৱা হল।আহােম যুগত উচ্চ আহােম বংশজাত হ'লে আৰু প্রশাসন সম্পকীয় মৌখিক ক্ষান থাকিলেইউচ্চতৰীয় প্রশাসনীয় পদবীৰ বাবে বিবেচনা কৰা হৈছিল। কিন্তু ইংৰাজসকলে স্থানীয় লােকৰ মাজতজাত-পাত, উচ্চ-নীচৰ ব্যৱধান নাৰাখি লিখা-পঢ়া জনা আৰু সাধাৰণ গণনাৰ জ্ঞান থকা লােককহেবিষয়বাব দিছিল।

(C) প্রথমে ব্রিটিছে আহােম ডাঙৰীয়া শ্ৰেণীৰ কিছু লােকক বিষয় বাব আৰু পেঞ্চন দি তােষণ কৰিববিচাৰিছিল। কিন্তু সকলাে আহােম ডাঙৰীয়াই এইবােৰ সুবিধা, বিশেষকৈ পেঞ্চনৰ সুবিধা নােপােৱাতঅসন্তুষ্ট হৈছিল। বিষয়বাব পােৱাসকলাে ‘সােৰােপা আৰু অদক্ষ বিবেচিত হৈছিল।

(D) পূর্বৰ খাত-পাম হেৰুৱাই আৰু কর্মসংস্থাপনহীন হৈ আর্থিকভাৱেও এওঁলােক জুৰুলা হৈছিল।

(E) ইংৰাজ শাসনৰ লগত অভ্যস্ত তথা প্রশাসনীয় কামত দক্ষ বংগদেশৰ লােকক চৰকাৰে নিযুক্তিদিয়াত সম্রান্ত শ্ৰেণীটো বিতুষ্ট হৈছিল।

(F)মানৰ অত্যাচাৰৰ পিছত সাধাৰণভাৱে শান্তিৰ পৰিৱেশ আহিলেও খাজনা আৰু কৰ বৃদ্ধিয়েসকলাে শ্ৰেণীৰ লােকৰ অৱস্থা শােচনীয় কৰিছিল। বিশেষকৈ গা-খাটনিৰ পৰিৱর্তে নগদ ধন দিবলগীয়াহােৱাত তাতে ধনৰ প্ৰচলন কম হােৱাত সাধাৰণ শ্ৰেণীৰ লােকৰ দুৰৱস্থা হৈছিল।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই গৃহভূমি পৰিত্যাগ কৰিবলগীয়া হৈছিল।

(G) ইংৰাজ চৰকাৰে আশ্বাস দিয়া মতে মানৰ হাতৰ পৰা দেশখন - উদ্ধাৰ কৰি আহােম ৰজাক ঘূৰাইনিদি গােজেই গজালি হােৱাত অসমৰ জনসাধাৰণাে বিতুষ্ট হৈছিল। তেওঁলােকে ইংৰাজক আদৰিছিলএই বিশ্বাস যে কেপ্তেইন ৱেলছৰ দৰে তেওঁলােক উভতি যাব। তাকে বিশ্বাসঘাতকতা কৰি ইংৰাজেঅসমৰ স্বাধীনতা হৰণ কৰিলে। প্রবল প্রতাপী মােগলৰ বাৰম্বাৰ আক্রমণ প্রতিহত কৰি দেশৰস্বাধীনতা ৰক্ষা কৰিবলৈ সমৰ্থ হােৱা অসমীয়াই দেশ ৰক্ষার্থে হাতত অস্ত্র তুলি ল'লে। নেতৃত্ব দিলেঅভিজাত শ্ৰেণীটোৱে।।



Post a Comment

0 Comments