Class-9. Social science. (ভূগােল).L-4. অসমৰ ভূগােল


অসমৰ ভূগােল


1)অসন, ভূ-প্রাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ- অসমৰ ভূ-প্রকৃতিক চাৰিটা ভাগত ভাগ কৰিছে। সেইকেইটা
(ক) ব্ৰহ্মপুত্ৰ উপত্যকা (খ) বৰাক উপত্যকা (গ) কার্বি মালভূমি (ঘ) বইল আৰু দক্ষিণৰ পৰ্বত বাশি।

2)ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রাকৃতিক অঞ্চলকেইটা কি কি?
উত্তৰঃ-উত্তৰৰ পাদদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্রহ্মপুত্ৰৰ প্লৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশ অঞ্চল।

3)ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰুদক্ষিণ পাৰৰপ্ৰত্যেকৰে চাৰিখনকৈ প্রধান উপনৈৰ নাম
লিখা।
উত্তৰঃ-ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈ সমূহ হল—সােৱণশিৰি, ৰঙানদী, বুৰৈ, বৰগাং, জীৱালী , গাভৰু, বেলশিৰি, ধনশিৰি, নােৱানদী, ন-নৈ,বৰনদী, পুঠিমাৰী, পাগলাদিয়া ইত্যাদি।| ব্ৰহ্মৰুদ্ৰৰ দক্ষিণ পাৰৰ প্রধাণ উপনৈ সমূহ হ'লবুঢ়ীদিহিং, দিহাং, দিখৌ, জাঁজী, ভােগদৈ, ধনশ্রী, কপিলী, কুলশী, কৃষাই জিনাৰী ইত্যাদি।

4)ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উত্তৰঃ-অসমৰ উত্তৰাংশত ভূটান আৰু অৰুণাচল হিমালয়ৰ পাদদেশত ব্রহ্মপুত্র সমতল অৱস্থিত। এইসমতল ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সংলগ্ন অসংখ্য উপনৈৰ দ্বাৰা গঠিত উর্বৰ সমতল ভূমি। ইয়াৰ মুঠমাটিকালি প্রায় ৫৪,৪০০ বর্গ কিলােমিটাৰ। অর্থাৎ এই সমতলভূমিয়ে অসমৰ মুঠ আয়তনৰ৬৯.৫ অংশ ঠাই জুৰি আছে।ব্ৰহ্মপুত্র সমতল পূবৰ পৰা পশ্চিমলৈ দীঘলে প্রায় ৭২০ কিঃ মিঃ। উত্তৰৰ পৰাদক্ষিণলৈ ই গড়ে ৯০ কিঃ মিঃ মান বহল। এই সমতলৰ ভূ প্রকৃতি অতি মন কৰিবলগীয়া। এইসমতলৰ পূবৰ পৰা পশ্চিমলৈ ঢাল অতি কম। সেয়েহে সমতলখনত বা তাৰ আশে-পাশে বাৰিষাদুদিনমান বৰষুণ দিলেই বৰষুণৰ পানী যাব নােৱাৰি নৈখন পানীৰে উপচি পৰি বানপানীৰ সৃষ্টিকৰে। এই সমতলখনত উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগা পাহাৰ, কার্বি পাহাৰ, উত্তৰ কাছাৰপাহাৰ আৰু মেঘালয়ৰ পৰা প্ৰায় ৪০খন ডাঙৰ উপনৈ আহিব্ৰহ্মপুত্ৰত পৰিছেহি। এইউপনৈবােৰৰ কাষত বহুতােন-পুৰণি নৈৰ সুতি, খাল, দোং, বিল, জলাহ, পিটুনি আদি আছে।তদুপৰি ব্ৰহ্মপুত্ৰৰ বুকুত শিল, বালি, বােকা আদি জমা হৈ বহুতাে চৰ চাপৰি, দ্বীপবালুকা আদিৰ সৃষ্টি হৈছে।মতলখনৰ উত্তৰ পাৰৰ ঘাই উপনৈসমূহ হৈছে - সোঁৱণশিৰি, ৰঙানৈ, ডিক্রং, বৰগাং,জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰুল ভাঙা, গদাধৰআৰু সােণকোষ। দক্ষিণ পাৰৰ উপনৈসমূহহল-ডি,বুঢ়ীদিহিং, দিছাং, দিযেী, জাজি, ভােগদৈ,কাকডােঙা, ধনশিৰি, কলং, কপিলী, ডিগাৰু, কুলসী, দুধনৈ, কৃষ্ণাই, জিনাৰী আৰু জিঞ্জিৰাম।| ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্রকৃতিৰ এটা বিশেষ মন কৰিবলগীয়া বৈশিষ্ট্য যে ইয়াৰনৈবােৰত বাৰিষা গৰাখহনীয়া হয়। তদুপৰি ইয়াৰ ডাঙৰ ডাঙৰউপনৈবােৰেশীর্ষখনন কৰি পাহাৰৰমাজলৈ সমতলখন অলপ অলপ বহলাইনি আছে। সেয়ে সমতলখনৰ গিৰিপদীয় সীমাৰেখাএকা-বেঁকা। এই সমতলত বহুতাে টিলা আছে। ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে ঠায়ে ঠায়ে অতি প্রাচীনশিলাৰে গঠিত এনে টিলা আৰু পাহাৰ পােৱা যায়। এই টিলাবােৰ প্ৰায়বােৰেই দৰাচলতেমেঘালয়ৰ উত্তৰলৈ আগবাঢ়ি অহা অংশহে।ব্রহ্মপুত্র সমতলৰ উল্লেখযােগ্য ভূ-প্রাকৃতিক বৈশিষ্ট্য হলব্ৰহ্মপুত্ৰ নৈৰ উজনি ভাগতযােৰহাটজিলাৰ উৰাংশত অৱস্থিত মাজুলি।ইপৃথিৱীৰ সর্ববৃহৎ নদী দ্বীপ। বর্তমান ইয়াৰ মাটিকালি৮০০ বর্গ কিঃ মিঃ। এক ব্ৰহ্মপুত্র সমতলৰ আন এক প্রাকৃতিক বৈশিষ্ট্য হৈছে ইয়াৰ উত্তৰঅংশৰ হিমালয়ৰ পাদদেশত লাগি থকা অঞ্চল ডাঠ অৰণ্যৰে আবৰা। এই অৰণ্য অঞ্চলৰদক্ষিণলৈ গাতে লাগি থকা অঞ্চলত সেমেকা মাটিৰে ওখ ওখ ঘাঁহন দেখা যায়। এনে অঞ্চলকটই অঞ্চল বােলা হয়। এই সমতলৰ দক্ষিশ ভাগনগা পাহাৰ, কাৰিপাহাৰ আৰু মেঘালয়ৰপাহাৰবােৰৰ পাদদেশত অৰণ্য আৰু মাজে মাজে জলাহভূমি দেখা যায়।

5)ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বর্ণনা দিয়া।
উত্তৰঃ- ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে-সময়ে অথবাসঘনে বানপানী হােৱা অঞ্চলটোৰ লগতে ব্রহ্মপুত্র নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোকব্রহ্মপুত্ৰৰ গাৱনভুমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলাে ঠাইতে সমানে হল নহয়।ব্রহ্মপুত্ৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত টিলা আৰু নদীৰ পাৰত গেদ জমা হৈ সৃষ্টি হােৱা তত্বন্ধ(levee)ৰ বাৰে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰস্থ হ্রাস হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে।আনহাতে, দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক। অৱশ্যে ই বুঢ়ীদিহিং, দিচাং, বনশ্রী,কলংকপিলী আৰু কুলশী নৈৰ মােহনা অঞ্চলত কিছু বহল হৈছে।ব্রহ্মপুত্র নদীৰ সুতিবােৰক সামৰি ইয়াৰ মাজৰ চৰ-চাপৰি অঞ্চলটোক সক্রিয়প্লাৱনভূমি বুলি কোৱা হয়। ব্রহ্মপুত্র নদীখন অসমত গড়ে প্রায় ৬ৰ পৰা ৮ কিলােমিটাৰ পর্যন্তবহল। ই অলপৰিবহণ আৰু গেদপৰিবহণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে এখন লেখত লবলগীয়ানদী। নদীখনৰ বিশালতা আৰু ইয়াৰ সক্রিয় খনন, পৰিবহণ আৰু অৱক্ষেপন প্রক্রিয়াৰ বাবে ইস্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুতিবােৰে সঘনে সতি সলাই থাকে। ব্রহ্মপুত্র নদীখনে সৃষ্টি কৰাগৰাখহনীয়া আৰু বানপানী অসমৰ জলন্ত সমস্যাৰূপে পৰিগণিত হৈছে। নদীখনৰ বুকুত প্রায়৬০০ কােধিক সৰু বৰ আকাৰৰ বালিচৰ আছে। এই বালিচৰবােৰৰ কিছুমান স্থায়ী আৰুকিছুমান অস্থায়ী আৰু বেছিভাগেই অস্থায়ী। নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপন প্রক্রিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এই চৰবােৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰসলনি হৈ থাকে। যােৰহাট জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী-দ্বীপৰ সৃষ্টি হৈছে। ইপৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদী-দ্বীপ বুলি জনাজাত। ২০০১ চনৰ লােকপিয়ল অনুসৰি১,৫৩,৩৬২ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে ৪২১.৬৫, বর্গকিলােমিটাৰ মাটিকালি জুৰি আছেআৰু ই যােৰহাট জিলাৰ এটা মহকুমা। বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰজনজীৱন বিপর্যস্ত কৰি পেলাইছে। গৰাখহনীয়াৰ ফলত মাজুলীৰ , মাটিকালি বছৰি কমি গৈছে।

6)মাজুলীৰ ভৌগােলিক অৱস্থান আৰু সৃষ্টি সম্পর্কে লিখা।
উত্তৰঃ-নদীৰ বুকুত চলি থকা খনন, পৰিবহণ আৰু অৱক্ষেপন প্রক্রিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱতএই চৰবােৰৰ আকাৰ, আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে। যােৰহাট জিলাৰ অন্তৰ্গতব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদী-দ্বীপৰ সৃষ্টি হৈছে। ই পৃথিৱীৰ ভিতৰতে এটা অন্যতম বৃহৎ নদীদ্বীপবুলি জনাজাত। ২০০১ চনৰ লােকপিয়ল অনুসৰি ১,৫৩,৩৬২ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে৪২১.৬৫ বর্গকিলােমিটাৰ মাটিকালি জুৰি আছে আৰু ই যােৰহাট জিলাৰ এটা মহকুমা।

7)বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উত্তৰঃ-উত্তৰ দক্ষিণ আৰু পূৱ দিশত পর্বত-পাহাৰে আগুৰি আছে। উত্তৰফালে মেঘালয় মালভূমি আৰুউত্তৰ কাছাৰ পার্বত্য জিলাৰ বৰাইল পর্বতশি আছে, পূৱফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰুদক্ষিণফলে মিজো পর্বত অৱস্থিত। পশ্চিমফালে এইসমভূমি বাংলাদেশ চিলেট জিলাৰ কুছিৰাসুৰনদীৰ সমভূমিৰ লগত মিলিত হৈছে। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক আৰু ইয়াৰ উপনৈবােৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰপৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে। ইয়াৰ উত্তৰ, দক্ষিণ আৰু পূৱদিশত পর্বত-পাহাৰে আগুৰি আছে।

8)কার্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বর্ণনা কৰা।
উত্তৰঃ-কাৰি মালভূমিক কপিলী উপত্যকাই পূৱ আৰু পশ্চিম দুটা ঘণ্ডত বিভক্ত কৰিছে। ইয়াৰে পূৱৰযগুটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বােকাজান মহকুমাতবিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্রায় দুগুণে ডাঙৰ। আনহাতেপশ্চিমৰ বগুটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে।এই উচ্চ ভূমিৰ উত্তৰাংশত অৱহিত কাবি উচ্চভূমি প্রকৃততে মেঘালয় মালভূমিৰপর্বতম অংশহে। ই ধৰাপৃষ্ঠত অতি প্রাচীন কালৰে পৰাই তার্থাৎ পাক কেম্বিয়ান যুগৰ পৰাই ৰাতআছে। কালক্ৰমত ইয়াৰ ওপৰৰ অংশবােৰ অবক্ষয়, নন্নীভবন আৰু পৰিবহণ প্রক্রিয়াত এৰা গৈএতিয়া সেইবােৰ কঠিনতম অংশবােৰহে অবশিষ্ট পর্বত হিচাপেথিয় হৈ আছে। কাৰি মালভূমিৰপশ্চিমাংশৰ নাম হামৰেন। কপিলী আৰু ইয়াৰ জুৰিবােৰ লগ লাগিকৰা ক্ষয়কার্যৰদ্বাৰা ইটোপাহাৰৰ পৰা সিটো পাহাৰ পৃথক কৰিছে। এই পাহাৰবােৰৰ উচ্চতা সাধাৰণতে ১০০ মিটাৰৰ পৰা৫০০ মিটাৰ।

9)বৰাইল আৰু দক্ষিণ পর্বত ৰাশিৰ বৈশিষ্ট্য চমুকৈবর্ণনা কৰা৷
উত্তৰঃ-নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিমৰ ফালে বিস্তৃত হােৱা বৰাইল পর্বতৰ একাংশ অসমৰ ডিমাহাছাও জিলাত প্রসাৰিত হৈ আছে। বৰাইল পর্বতে প্রকৃততে পূবৰ নগা পর্বত আৰু পশ্চিমৰমেঘালয় মালভূমিক সংযােগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পার্বত্য অঞ্চলক দুটা অংশতভাগ কৰিছে। ইয়াৰে উত্তৰফালে টাল খােৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণফালে ঢাল খােৱা অংশটো বৰাক উপত্যকাৰ অন্তত হৈছে। উত্তৰফালে ঢাল খােৱা অংশটোদক্ষিণৰ ফালে ঢাল খােৱা অংশটোতকৈ তুলনামূলকভাৱে চাপ।

10)অসমৰ জলবায়ু কোন প্রকাৰৰ জলবায়ুৰ আস্থত?
উত্তৰঃ-অসমখন ভৌগােলিকভাৱে উপক্রান্তীয় মৌচুমী জলবায়ৰ অন্তত এই ৰাজ্যখনত বছৰটোৰগ্রীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্রায় সকলাে সময়তে অত্যধিক আদ্রর্তাআৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰদ্বাৰা প্ৰভাৱাথিত যদিও ৰাজ্যখনৰ ভৌগােলিক বৈচিত্র্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্র্যময় কৰিবছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পাৰ্থক্যৰ ওপৰতভিত্তি কৰি অসমত প্ৰধানকৈ চাৰিটা জলবায়বীয়, ঋতু বা কাল চিনাক্ত কৰা হৈছে। এইঋতুকেইটা হল— প্রাকৃ মৌচুমী, মৌচুমী, প্রত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল।

11)গ্রীষ্মকালত অসমত বৰষুণ হােৱাৰ মূল কাৰণ কি?
উত্তৰঃ-প্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা। ডাৱৰে মেঘালয় মালভূমিকে ধৰিদক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্রম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশত যথেষ্টবৰষুণৰ সৃষ্টি কৰে। ইয়াৰােপৰিবৰাক উপত্যকাৰ প্রায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলতদক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্রাপ্ত হৈ ব্ৰক সমভূমি অঞ্চলতাে যথেষ্ট পৰিমাণে বৰষুণদিয়ে।দক্ষিণ-পশ্চিম মৌচমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আনএটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সােমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণদিয়ে। অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আর্দ্র দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলােৎক্ষেপন(Orographic) আৰু চক্রবাত (Cyclonic) প্রক্রিয়াৰ জৰিয়তে সৃষ্টি হয়।

12)অসমৰ জলবায়ুৰ বৈশিষ্ট্য সম্পর্কে লিখা।
উত্তৰঃ-অসমখন ভৌগােলিকভাৱে উপক্রান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এই ৰাজ্যখনত বছটোৰগ্রীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্রায় সকলাে সময়তে অত্যধিক আর্দ্রতাআৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰদ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগােলিক বৈচিত্র্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্র্যময় কৰিতুলিছে। ঋতুভেদে উত্তৰ পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱেজলবায়ুত পৰে। ইয়াৰােপৰি স্থানীয়ভারে প্রবাহিত পার্বত্য বতাহ, উপত্যকা বতাহ আৰু নদ-নদীতথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পর্যায় জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্রভাৱ পেলায়।সাধাৰণতে ধীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়াপাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে, এইবাবেই গ্রীষ্মকালত সমভূমি অঞ্চলতস্থানীয়ভাৱে এক প্ৰকাৰ নিম্নচাপ সৃষ্টি হয়।| গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকেধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্রম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূৱ অংশতযথেষ্ট বৰষুণৰ সৃষ্টি কৰে। ইয়াৰােপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়াঅঞ্চত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলতাে যথেষ্ট পৰিমাণেবৰষুণ দিয়ে।শীতকালত উষ্ণতা হ্রাস পাই ঠাণ্ডাৰ প্রকোপ বৃদ্ধি পােৱাৰ ফলত ব্রহ্মপুত্র উপত্যকাঅঞ্চলত এক উচ্চ চাপ সৃষ্টি হয়। আনহাতে সেই সময়ত বঙ্গোপসাগৰত তুলনামূলকভাৱে একনিম্নচাপে বিৰাজ কৰে। গ্রীষ্ম আৰু শীতকালৰ মাজত হােৱা এনে চাপৰ পাৰ্থক্যৰ বাবেশীতকালত বতাহৰ দশৰাে গ্রীষ্মকালৰ দক্ষিণ-পশ্চিম মৌচুমীৰ সম্পূর্ণ ওলােটা হয়। বছৰটোৰশীত আৰু গ্ৰীষ্মকালৰ মাজত উষ্ণতাৰ পার্থক্য মন কৰিবলগীয়া। গড় হিচাপে শীতকালতউষ্ণতৰ পৰিমাণ প্রায় ৭* ছেন্টিগ্রেড আৰু খ্রীষ্মকালত ৩৫* ছেণ্টিগ্রেড পর্যন্ত হয়। ৰাজ্যখনতবছৰি গড় হিচাপে প্রায় ২০০ ছেণ্টিমিটাৰ বৰষুণ হয়।।বছৰটোৰ বেলেগ বেলেগ সময়ত জলবায়ুৰ উপাদানসমূহৰ অৱস্থাৰ পাৰ্থক্যৰ ওপৰতভিত্তি কৰি অসমত প্ৰধানকৈ চাৰিটা জলবায়বীয় ঋতু বা কাল চিনাক্ত কৰা হৈছে। এই ঋতুকেইটাহল প্রাক মৌচুমী, মৌচুমী, প্রত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল।

13)অসমৰ সর্বোচ্চ আৰু সর্বনিম্ন বৰষুণ হােৱা ঠাই দুখনৰ নাম আৰু বৰষুণৰপৰিমাণ লিখা।
উত্তৰঃ-অসমৰ সর্বোচ্চ বৰষুণ হােৱা ঠাই উত্তৰ লখিমপুৰ আৰু ইয়াৰ বছৰি বৰষুণৰ পৰিমাণ ৩৩৫ছেঃমিঃ আৰু ধ্বনিম্ন বৰষুণ হােৱা ঠাই হল নগাঁও জিলাৰ লামডিং আৰু বৰষুণৰ পৰিমাণ হলবছৰি ১২৯ ছেঃমিঃ।

14)অসমৰ চাৰিটালবায়বীয় ঋতুকিকি?ইহঁতৰ বৈশিষ্ট্যসমূহলিখা।
উত্তৰঃ-অসমৰ প্রধান চাৰিটা জলবায়বীয় ঋতুকেইটা হ'ল— প্রাক মৌচুমী, মৌচুমী, প্রত্যাৱৰ্তিত মৌচুমী।আৰু শুষ্ক শীতকাল।
i)প্রাক মৌচুমীঃ অসমত প্ৰা মৌচুমীকাল মার্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজকৰে। প্ৰাক্‌ মৌচুমী কালৰ সময়চোৱাত পুৱাৰ ভাগ আৰামদায়ক, উষ্ণ দুপৰীয়া, পৰিশ্রান্তআবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ। বাবে বিজুলীচেংৰকণীৰে বৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এক প্রকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰুমাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয়। মৌচুমী কালৰ আগতেহােৱা এই বৃষ্টিপাতে ধান, চাহ আৰু মৰাপাট খেতিত সহায়ক হয়।
ii)মৌচুমী : অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেৰ মাহৰ শেষলৈকেবিৰাজ কৰে। এই সময়চোৱাত দক্ষিণ পশ্চিম মৌচুমী বায়ুপ্রৱাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্নঠাইত প্রায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয়। এই কালচোৱাৰ জুন,জুলাই আৰু আগষ্ট মাহত সর্বাধিক বৃষ্টিপাত হয়। উল্লেখযােগ্য যে অসমৰ বছৰি হােৱা মুঠবৰষুণৰ (গড়ে প্রায় ২০০ ছেণ্টিমিটাৰ) প্রায় ৭০ শতাংশ এই তিনিমাহতে হয়।
iii)প্রত্যাৱৰ্তিত মৌচুমী : ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ-পশ্চিম মৌচুমী বতাহ উভতিবলৈধৰে। অর্থাৎ এই সময়ত বর্ষাকাল শেষ হােৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্রাস পায়। উষ্ণতাযাস পােৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ। সম্পূর্ণওলােটা হৈ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়। ইয়াকে উত্তৰ-পূব মৌচুমী প্ৰৱাহ বাপ্রত্যাৱৰ্তিত মৌচুমী বতাহ বােলা হয়।। সাধাৰণতে অক্টোবৰ আৰু নবেম্বৰ দুমাহৰ বাবে অসমতপ্রত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে। এই সময়চোৱাত উষ্ণতা হ্রাস পােৱাৰ৷ ফলত ৰাতি আৰুপুৱাৰ ভাগত কৱলী পৰে।
iv)শুষ্ক শীতকালঃ অসমত নৱেম্বৰ মাহৰ শে বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেরুৱাৰী মাহৰশেষলৈকে শীতকাল। অসমত শীতকালৰ বৈশিষ্ট্য হল নিম্ন উষ্ণতা (১০* ছেন্টিগ্রেডৰ তললৈ),পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। সেয়ে বছৰটোৰ ডিচেম্বৰআৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয়।

15)অসমৰ সকলাে ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়?
উত্তৰঃ-দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডরৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়াঅঞ্চল অতিক্রম কৰি ব্ৰহ্মৰুত্র উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টিকৰে। ইয়াৰ উপৰিও বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিমমৌচুমী বহে বাধাপ্রাপ্ত হৈ বৰাক সমভূমি অঞ্চলতাে যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। আচলতেমৌচুমী বতাহৰ শক্তি আৰু লগত অনা জলীয়বাষ্পৰ অৰতৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতেবছৰি বৰষুণৰ পৰিমাণৰ পার্থক্য ঘটে। পাহৰৰ অনুবাত ঢালত বিশেষকৈ কাৰি পাহাৰৰ পূৱালে তথা ডিমা হাছাও পাহাৰৰ উত্তৰ আৰু পূর্বকালে বৰষুণৰ পৰিমাণ যথেষ্ট খাস পায়। এইকাৰণতে নগাওঁ জিলাৰ দক্ষিণ অংশতে বৰষুণ কম হয়।

16)অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ-জ্যখনত বছৰি গড় হিচাপে প্রায় ২০০ ছেণ্টিমিটাৰ বৰষুণ হয় অৱশ্যে অসমৰ বিভিন্ন ঠাইৰপৰিমাণ অধ্যয়ণ কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়।ৰাজ্যখনৰ এক সুকীয়া ভূ-প্রকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পার্বত্যভূমিৰ প্ৰভাৱেবৰষুণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ তাৰতম্যঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। ইয়াৰ উপৰিউজনি অসমৰ তিনিচুকীয়া, ডিব্রুগড়, ধেমাজি, লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনিঅসমৰ কোকৰাঝাৰ আৰু ধুর !ী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰুহাইলাকান্দি ভািত বছৰি 250 ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। আনহাতে মধ্য অসমৰ নগাওঁআৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম। উল্লেখযােগ্য যে লংকা লামডিংঅঞ্চলত বছৰি গড় বৰষুণ কেৱল 129 ছেণ্টিমিটাৰ পর্যন্ত হয়।

17)অসমত পােৱী মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বর্ণনা দিয়া।
উত্তৰঃ-অসমত পােৱা মৃত্তিকাবােৰক চাৰিপ্ৰকাৰে ভগাব পাৰি। যেনে- ১) পুলসুৱা মৃত্তিকা (Alluvialsoil),(২) পিৰিপদ মৃত্তিকা (Piedmont soil), (৩) পাহাৰীয়া মৃত্তিকা (Hill soil) আৰু (৪)কংকৰ মৃত্তিকা (Laterite soil)।
(১)পলসুৱা মৃত্তিকাঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱেপলসুৱা মাটি পােৱা যায়। নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰধৰি জমা হােৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে। ই দুই প্রকাৰৰ, যেনে(ক), নতুন পলসুৱা মাটি আৰু (খ) গুৰণি পলসুৱা মাটি। নতুন পালসুৱা মাটি প্রধানকৈ ব্ৰহ্মপুত্রআৰু বৰাক নদী আৰু ইহঁতৰ উপনৈবােৰৰ সক্রিয় প্লৱনভূমি আৰু নদী কাষৰীয় সমভঅঞ্চলত পােৱা যায়। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঠ আৰু দেখাত ধোঁৱা বৰণীয়া। মূলতঃ বালিআৰু পলস-বােকাৰে গঠিত এই মৃত্তিকা সামান্যভাৱে অম্লীয়। নদীৰ পাৰৰ মৃত্তিকা অৱশ্যেকেতিয়াবা প্রশমিত (neutral) অথবা সামান্যভাৱে ক্ষাৰকীয় অৱস্থাতাে পােৱা যায়। এইমৃত্তিকাত সাধাৰণতে ফছফৰিক এচিড, নাইট্রজেন আৰু হিউমাছ প্রায় নাথাকে বুলিয়েই ক'বপাৰি। সাধাৰণতে, পুৰণি পলসুৱা মাটিৰ ঔৰ ডাঠ আৰু দেখাত মুগা বৰণীয়া। এই মাটি কমবেছি পৰিমাণে অশ্লীয় আৰু ই সুক্ষমৰ পৰা মােটা দানাযুক্ত পলসেৰে গঠিত।
(২)গিৰিপদ মৃত্তিকাঃ গিৰিপদ মৃত্তিকা ব্ৰহ্মপুত্র উপত্যকাৰ উত্তৰৰ হিমালয় পাদদেশৰ ঠেকগিৰিপদ অঞ্চলত পােৱা যায়। গিৰিপদ অঞ্চলটো ডাৱৰ আৰু তৰাই অঞ্চলৰ দ্বাৰা গঠিত। অসমঅৰুণাচল প্রদেশৰ সীমাত পূৱা-পশ্চিমাকৈ বিস্তৃত হৈ থকা ঠেক ভাবৰ অঞ্চলতে ভালেমানপলস শংকৰ (Alluvial cone) দ্বাৰা গঠিত হৈছে আৰু ইয়াৰ মৃত্তিকা অমিশ্রিত শিল, বালিআৰু বােকাৰে গঠিত। এই মৃত্তিকাৰ ডাঠ ৰ আছে। আনহাতে, ভাবৰ অঞ্চলৰ দক্ষিণৰৰাইঅঞ্চলৰ মৃত্তিকা পানীৰে সংপৃক্ত হৈ থাকে আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায়।
(৩)পাহাৰীয়া মৃত্তিকাঃ পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলতপােৱা যায়। এই মৃত্তিকাত নাইট্রজেন আৰু জৈৱিক পদার্থ যথেষ্ট পৰিমাণে থাকে। প্রাকৃতিকগঠন আৰু ৰাসায়নিক গুণাগুণৰ ভিত্তিত এই মৃত্তিকাক দুই প্রকাৰে ভগাব পাৰি, যেনে ৰঙাবালিয়া মৃত্তিকা আৰু ৰওঁ পলসুৱা মৃত্তিকা। ইয়াৰ ভিতৰত ৰঙা বালিয়া মৃত্তিকা প্রধানকৈ শিলাক্ষয়প্রাপ্ত হৈ উৎপত্তি হৈছে আৰু উৰ ভৰ ডাঠ। জৈৱিক পদার্থ মিশ্রিত এই মৃত্তিকা মধ্যমীয়াৰপৰা অধিক পৰিমাণে অম্লীয়। আনহাতে, ৰঙা পলসুৱা মৃত্তিকাৰ ভৰ ডাঠ আৰু ই সুক্ষুৰ পৰামােটা দানাযুক্ত পলসৰ দ্বাৰাই গঠিত। এই মৃত্তিকা সামান্যভাৱে আৰু মধ্যমীয়াভাৱে অশ্লীয় আৰুইয়াত নাজেন, ফছফৰিক এছিড, হিউমাছ আৰু চূণ অতি কম পৰিমাণে থাকে।
(৪)লেটেৰাইট বা কংকৰ মৃত্তিকাঃ এই মৃত্তিকা সাধাৰণতে কলা বৰণীয়া আৰু ইয়াৰ গঠনপ্রধানকৈ বালিহীয়া। ইয়াত নাইট্রজেন, পটাছ, ফছফৰিক এচিড আৰু চূণ কম পৰিমাণে থাকে।

18)অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?
উত্তৰঃ-মৃত্তিকাৰ ভৌতিক আৰু ৰাসায়নিক গুণবােৰ নষ্ট হৈ মৃত্তিকাৰ অৱক্ষয় হৈছে। প্রাকৃতিককাকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্রাকৃতিক কাৰণত হােৱা ভূমি ক্ষয়, সমভূমি আৰুনিম্নভূমি অঞ্চলত সৃষ্টি হােৱা জলবন্ধন সমস্যাই প্রধান। মৃত্তিকাৰ অৱক্ষয়ৰ ক্ষেত্ৰত বর্তমানসময়ত প্রাকৃতিক কাৰবােৰতকৈ মানৱ-সৃষ্ট কাৰবােৰ বেছি সক্রিয় হৈ পৰিছে। মানৱ-সৃষ্টকাৰবােৰৰ ভিতৰত (ক) গছ-গছনি কটাৰ ফলত বৃদ্ধি হােৱা পৃষ্ঠ জলপ্রৱাহৰ দ্বাৰা হােৱা পৃষ্ঠমৃত্তিকা ক্ষয়, (খ) এলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা, (গ) পাহাৰীয়াঅঞ্চলত কৰা ঝুম খেতি, (ঘ) মানুহৰ বসতি তথা অন্যান্য কার্যৰ দ্বাৰা উদ্ভৱ হােৱা কৃত্রিমজলবন্ধন সমস্যা, আৰু (ঙ) অধিক শস্য উৎপাদনৰ বাবে খেতি-পথাৰত অত্যাধিক মানাত ৰাসায়নিক সাৰ প্ৰয়ােগ আদিয়েই প্রধান।

19)বর্তমান অসমৰ জনসংখ্যা কিমান?
উত্তৰঃ-৩১ নিযুত।

20)অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ-অসমৰ অৰণ্যক পাঁচটা ভাগত ভাগ কৰিছে। সেইকেইটা হ'ল– (ক) ক্রান্তীয় চিৰসেউজ অৰণ্য(খ) ক্রান্তীয় অর্ধচিৰসেউজীয়া অৰণ্য (গ) ক্রান্তীয় আর্দ্রপর্ণপাতী অৰণ্য (ঘ) নৈপৰীয়া অৰণ্য(ঙ) ক্রান্তীয় শুষ্ক বা শুকান পর্ণপাতী অৰণ্য।

21)বৰ্ষাৰণ্য কাক বােলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা।
উত্তৰঃ-বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতােকৈ বেছি হােৱা ঠাইত হােৱা অৰণ্যকেবর্ষাৰণ্য বুলি কোৱা হয়। অৰুণাচল প্রদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা, তিনিচুকীয়াআৰু ডিব্রুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্ৰকাৰৰঅৰণ্য দেখা যায়। এ চিৰসেউজীয়া অৰণ্য তিনিতৰপীয়া। প্রথম তৰপটো অতি ওখ গছৰ দ্বাৰাগঠিত হােৱাৰ দৰে অসমৰ বৰ্ষাৰণ্যত হােললাং, শলখ, মেকাই আদি অতি ওখ গছ পােৱা যায়।ইয়াতকৈ কিছু কম ওখ গছে। দ্বিতীয়টো তৰপ গঠন কৰে। এই তপত সাধাৰণতে নাহৰ, চিয়ানাহৰ, আমাৰি আদি গছ দেখা যায়। একেবাৰে তলৰ তৰপ চাপৰ গছবন আদি থাকে।চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা, তৰা, বাঁহ-বেত, কপৌফুলআদিও থাকে।

22)নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ-  অসম এখন নদীমাতৃক ৰাজ্য। ৰাজ্যখনৰ প্রাকৃতিক পৰিৱেশবহু পৰিমাণে নৈ, বিল আদিৰ দ্বাৰা নিয়ন্ত্রিত। নৈ-বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূভাগতএক বিশেষ ধৰণৰ অৰণ্য দেখা যায়। এনে অৰণ্যক নৈপৰীয়া অৰণ্য বুলি ক'ব পাৰি।এসময়ত অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যই আগুৰি আছিল। এনে অৰণ্যতসাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্রাধান্য বেছি। গছৰ ভিতৰতচোম, সোঁৱালু, উৰিয়াম, মজ, ঔ, আজাৰ আদি প্রধান। নল, খাগৰি, তৰা, কৌপাত,বেত, ঝাওঁ, কঁহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবােৰবিশেষ উপযােগী। কাজিৰঙা, ডিব্ৰু-ছৈখােৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বাঅভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। অৱশ্যে সাম্প্রতিক কালত জনবসতি।ক্রমে নৈপৰীয়া এলেকাবােৰলৈ সম্প্রসাৰিত হােৱাৰ ফলত এই অৰণ্য দ্রুতগতিতসংকুচিত হৈছে।


23)কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা।
উত্তৰঃ-কজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গােলাঘাট, নগাঁও আৰু শােণিতপুৰ এই তিনিওখন জিলাতেই অৱস্থিত।ইয়াৰ মাটিকালি ৮৫৮৯৮ বর্গ কিঃমিঃ।

24)অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান লিখা।
উত্তৰঃ-অসমৰ ৰাষ্ট্ৰীয় উদ্যানকেইখনৰ নাম আৰু অৱস্থান তলত উল্লেখ কৰা হল:
ৰাষ্ট্ৰীয়
উদ্যান
জিলা
কাজিৰঙা গােলাঘাট, নগাঁও আৰু শােণিতপুৰ
মানস
চিৰাং আৰু বাক্স
ওৰাং
ওদালগুৰি আৰু শােণিতপুৰ
নামেৰী শােণিতপুৰ
ডিরু-ছৈখােৱা ডিব্রুগড় আৰু তিনিচুকীয়া

26)স্বাধীনতাৰ পিছৰ কালছােৱাত অসমৰ প্রশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পর্কে লিখা।
উত্তৰঃ-
বৃটিছৰ শাসনকালত মেঘালয়, নাগালেণ্ডৰ উপৰি ছিলেটো আৰু 1895 চনত লচাই পাহাৰােঅশমৰ অন্তভক্ত আছিল। কিন্তু 1947 চনত ভাৰত বিভাজনৰ সময়ত ছিলে অংশটো অসমৰপৰা বিছিন্ন হৈ পূর্ব পাকিস্তানৰ লগ লাগিছিল। পিছলৈ 1963 চনত নাগালেণ্ড, 1970 চনতমেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয়। 1972 চনতে গুৱাহাটীৰদিছপুৰত অশমৰ ৰাজধানী প্রতিষ্ঠা কৰা হয়। সেই 1971 চনৰ পৰা বৰ্তমানলৈকে অসমৰমাটিকালি তথা ভৌগলিক সীমা পৰিসৰ একেই আছে। অসমৰ বর্তমান মাটিকালি 78,43৪ বর্গকিলােমিটাৰ আৰু জনসংখ্যা 31 নিখুত। কেৱল কিছুমান এ প্রসাশনিক সুবিধা অসুবিধা আৰুৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগােষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একেপৰিসৰতে নতুন জিলা গঠন কৰা হৈছে।

27)অসমৰ বর্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা।
উত্তৰঃ-অসমৰ বৰ্তমান জিলা 33 খন (New update 2020) আৰু সদৰ ঠাই  সমূহ হল :
জিলা
জিলাৰ সদৰ
হোজাই জিলা
হোজাই
পশ্চিম কাৰ্বি আংলং জিলা
হামৰেণ
ডিমা হাছাও জিলা
হাফলং
দক্ষিণ শালমাৰা-মানকাচৰ জিলা
হাটশিঙিমাৰি
হাইলাকান্দি জিলা
হাইলাকান্দি
শোণিতপুৰ জিলা
তেজপুৰ 9
শিৱসাগৰ জিলা
শিৱসাগৰ
কাছাৰ জিলা
শিলচৰ 1
যোৰহাট জিলা
যোৰহাট 6
বাক্সা জিলা
মুছলপুৰ
মাজুলী জিলা
গড়মূৰ
মৰিগাঁও জিলা
মৰিগাঁও
দৰং জিলা
মঙলদৈ
বিশ্বনাথ জিলা
বিশ্বনাথ চাৰিআলি
বৰপেটা জিলা
বৰপেটা
বঙাইগাঁও জিলা
বঙাইগাঁও
নলবাৰী জিলা
নলবাৰী
নগাঁও জিলা
নগাঁও 8
ধেমাজি জিলা
ধেমাজি
ধুবুৰী জিলা
ধুবুৰী 2
তিনিচুকীয়া জিলা
তিনিচুকীয়া
ডিব্ৰুগড় জিলা
ডিব্ৰুগড় 3
পূব কাৰ্বি আংলং জিলা
ডিফু
চৰাইদেউ জিলা
সোণাৰি
গোৱালপাৰা জিলা
গোৱালপাৰা 4
গোলাঘাট জিলা
গোলাঘাট 5
কামৰূপ মহানগৰ জিলা
গুৱাহাটী 7A 7B 7C
কোকৰাঝাৰ জিলা
কোকৰাঝাৰ
কামৰূপ জিলা
অমিনগাঁও
চিৰাং জিলা
কাজলগাঁও
কৰিমগঞ্জ জিলা
কৰিমগঞ্জ
ওদালগুৰি জিলা
ওদালগুৰি
লখিমপুৰ জিলা
উত্তৰ লখিমপুৰ


28)অসমৰ মাটিকালি কিমান? ৰাজ্যখনৰ ৰাজধানী কত অৱস্থিত?ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা।
উত্তৰঃ-অসমৰ মাটিকালি হৈছে— 78.43৪ বর্গকিলােমিটাৰ। অসমৰ ৰাজধানী দিছপুৰ। ইয়াৰমাটিকালি আটাইতকৈ ডাঙৰ জিলা খন হল— কাৰ্বি আংলং ইয়াৰ মাটিকালি হল 10,434বর্গকিলােমিটাৰ আৰু সৰু জিলাখন হল কামৰূপ মহানগৰ, ইৰ মাটি কালি হ'ল 627 বর্গকিলােমিটাৰ।

29)2011 চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সক জিলাখনৰ নাম লিখ।
উত্তৰঃ- 21 চনৰ লােকপিয়ল অনুসৰি অসমৰ জনসংখ্যা হল 3,11,69,272 ভন। জনসংখ্যা অনুসৰিআটাইতকৈ ডা জিলাখন হল 1,948,632 জন জিলা হল— ধুবুৰী। সৰু জিলাখন হল213,529 জন জিলা হল-ডিমা-হাছাও।


30)চমুটোকা লিখ।

(ক) অসম আৰু মৌমী জলবায়ঃ অসমৰ ভূ-তাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভুপ্রকৃতি গঢ়লৈ উঠিছে। অসমৰমুঠ জনসংখ্যা হৈছেতিনিকোটি এঘাৰলাখ দুশ সাতাইশ জন।ইয়াৰ মাটিকালি হৈছে 78.43৪ বর্গকিলােমিটাৰ। অসমৰ মুঠ জিলা হৈছে 27 খন। অসমতসাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা চেপ্তেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। এইসময়ছােৱাত দক্ষিণ-পশ্চিম মৌচুমী বায়ুপ্রবাহৰ প্ৰভাৱতৰাজ্যখনৰ বিভিন্ন ঠাইত প্রায়।অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণেবৰষুণ হয়। মৌচুমীকালত অসমৰ প্ৰধান খেতিশালি ধানবােপন কৰা হয়।

(খ)দক্ষিণ-পশ্চিম মৌচুমী বতাহঃ ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিনভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বােলে। গ্রীষ্মকালত দক্ষিণ-পশ্চিমমৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রৱাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমীবতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সােমায়। এইবতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা।অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বােলে। আৰব সাগৰৰ পৰা যথেষ্ট পৰিমাণেজলীয় ভাপ কঢ়িয়াই অনা। এইবতাহ প্রথমে পশ্চিম ঘাট পর্বত বাধা পায়। দক্ষিণ-পশ্চিমমৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়।

(গ)উত্তৰ-পূৱ মৌচুমী বতাহঃ উষ্ণতা হ্রাস পােৱাৰ ফলত ৰাজ্যখনৰ ৰায়ুৰ চাপ বৃদ্ধি পাবলৈধৰে আৰু সেয়ে বায়ু প্রবাহ সম্পূর্ণ ওলােটা হৈ উত্তৰ-পূৱৰ পৰা দক্ষিণ-পশ্চিম দিশলৈ হয়।ইয়াকে উত্তৰ-পূৰ মৌচুমী প্রবাহ বা প্রত্যাৱৰ্তিত মৌচুমী বৰ্তাহ বােলা হয়। সাধাৰণতে অক্টোবৰআৰুনবেম্বৰ দুমাহৰবাৰে অসমত প্রত্যাৱর্তিত মৌচুমীকাল বিৰাজ কৰে। এই সময়চোৱাতউষ্ণতা হ্লাস পােৱাৰ ফলত ৰাতি আৰু পাৰ ভাগত কুঁৱলি পৰে। উত্তৰ-পূব মৌচুমী বতাহশীতকালত বলে। এইবতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূবদিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবেইয়াকউত্তৰ পূৰ মৌচুমীৰতাহ বােলে।

(ঘ) অসমৰ বর্ষাকালঃ অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আর্দ্র দক্ষিণ-পশ্চিম মৌচুমীবতাহৰ শৈলােৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। বৰাক উপত্যকাৰ প্রায়তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ-পশ্চিম মৌচুমী বতাহে বাধাপ্রাপ্ত হৈ বৰাৰু সমভূমিঅঞ্চলতাে যথেষ্ট পৰিমাণে বৰষুণ দিয়ে। অৱশ্যে এই মৌচুমী বতাহৰ শক্তি আৰু লগত অনাজলীয়বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰিবৰষুণৰ পৰিমাণৰ পার্থক্য ঘটে।পাহাৰৰ অনুৰাত ঢালত বিশেষকৈ কার্বি পাহাৰৰ পূৰফালে তথা ডিমা-হাছাও পাহাৰৰ উত্তৰ আৰুপূৰফালেবৰষুণৰ পৰিমাণ যথেষ্টহ্রাস পায়। একেকাৰণতে নগাওঁ জিলাৰ দক্ষিণ অংশত বৰষুণযথেষ্ট কম হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্রমকৰি আৰুআন এটা অংশৰাজ্যখনৰ পশ্চিম ফালেদি সােমাই আহিনামনি ব্ৰহ্মপুত্ৰ অঞ্চলত বৰষুণ দিয়ে।

(ঙ) অসমৰ প্ৰাক-মৌচুমীকালঃ অসমত প্রাক্‌-মৌচুমীকাল মার্চ মাহৰ আৰম্ভণিৰ পৰা যেমাহৰ শেষলৈকে বিৰাজ কৰে। শীত কালৰ পিছতেই এইকাল বাবে আৰম্ভণিৰে পৰা লাহে লাহেবায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। প্রাক মৌচুমী কালৰ সময়চোৱাত পুৱাৰভাগ আৰামদায়ক,উষ্ণ দুপৰীয়া, পৰিশান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগতহঠাতে কেতিয়াবা অতিকমসময়ৰবাৰেবিজুলী ঢেৰেকণীৰেবৰষুণ হয়। এই সময়ত বায়ুমণ্ডলত এই প্রকাৰৰ অস্থিৰতাইবিৰাজ কৰে আৰু মাহেমাহে ধুলিৰ ধুমুহা আৰুগাজনি ঢেৰেকীৰেবৰষুণ সৃষ্টিহয়।অসমত এইপ্রাক-মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে। সময় অতিক্রম কৰাৰ লগে লগে।কালচোৱাতকিছুসঘনে বেছি মাত্ৰতেৰষুণ হবলৈ ধৰে।

(চ) অসম ৰষুণৰ স্থানিক বিতৰণ: ৰাজ্যখনত বছৰি গড় হিচাপে প্রায় 20 সেন্টিমিটাৰ বৰষুণ হয়।অসমৰ বিভিন্ন ঠাইৰ পৰিমাণ অধ্যয়ণ কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্যউল্লেখনীয়। ৰাজ্যখনৰ এখ সুকীয়া ভূ-প্রকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পার্বত্যভূমিৰপ্রভাৱে বৰষুণৰ বিতৰণৰ অৰতম্য ঘটায়। উজনি অসমৰ তিনিচুকীয়া, ডিব্রুগড়, ধেমাজি,লখিমপুৰ আৰু শিৱসাগৰ জিলা, নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণঅসমৰ কাছাৰ কৰিমগঞ্জ আৰুহাইলাকান্দি জিলাত বছৰি 250 ছেণ্টিমিটাৰতকৈ অধিক বৰষুণহয়। আনহাতে মধ্য অসমৰ নগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম।

(ছ) অসমৰ প্রশাসনিক বিভাগঃ কেৱল কিছুমান প্রসাশনিকসা অসুবিধা আৰুৰাজ্যখনতবস্বাসকৰা বিভিন্ন জন গােষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসমতে নতুন নতুনজিলা গঠন কৰা হৈছে। ভূগােলিকভাৱেসময়ৰ লগে লগে অসমৰ বিস্তৃতিৰ যথেষ্ট পৰিবর্তনঘটিছে। বৃটিছৰ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেইসময়ত মেঘালয়আৰুনাগালেণ্ডৰ উপৰি ছিলেটো অসমৰ লগত আছিল।

(জ) জিলা পর্যায়ত অসমৰ জনসংখ্যাঃ অসমৰ সৰ্বমুঠ জনসংখ্যা হৈছে 11,69,272 জন।ইয়াৰ ভিতৰত সকলােতকৈ বেছি জনসংখ্যা থকা জিলাখন হল—নগাওঁ আৰু কম থকা জিলাখনহল-ডিমা হাছাও। সুবৰী জিলাত জনসংখ্যা হৈছে এখলাখ নশ আধশলিশ হাজাৰ ছয়শ বয়ছি।অসমৰ জনসংখ্যা হৈছে এক নিযুত। কামৰূপ মহানগৰৰ জন সংখ্যা হৈছে-একলাখদুইশ খাঠিহাজাৰ চাৰিশ উশৈ।

ঝ)B.T.A.D. : বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে এই পৰিষদ স্থাপন কৰা হয়। ইয়াত মুঠ ৪৬ জন কাৰ্যকৰী সদস্য আছে আৰু প্ৰত্যেকৰে নিজ সমষ্টি আছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত অঞ্চলক চৰকাৰী ভাবে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চমুকৈ বিটিআৰ বোলে। ইয়াৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰৰ বড়োফা নগৰত অৱস্থিত।

বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত মুঠ চাৰিখন জিলা আছে। সেইকেইখন হ'ল, কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। এই জিলা সমূহ পূৰ্বৰ কোকৰাঝাৰ জিলা, বঙাইগাঁও জিলা, বৰপেটা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, দৰং জিলা আৰু শোণিতপুৰ জিলাৰ কিছু কিছু অংশৰে গঠিত। এই অঞ্চলৰ মুঠ মাটিকালি ৮,৮২২ বৰ্গ কিলোমিটাৰ অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ ১১%। এই অঞ্চলত বহুতো সংৰক্ষিত জনজাতীয় অঞ্চল আছে। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীত সংশোধনৰ জৰিয়তে ইয়াৰ স্থাপন কৰা হৈছিল।

এই অঞ্চল ভাৰতৰ আন অঞ্চলৰ তুলনাত অলপ পিছপৰা। অঞ্চলটোৰ মূল অৰ্থনীতি কৃষিভিত্তিক।




Post a Comment

0 Comments