Class 10. Assamese. L-1. বৰগীত (SEBA /CBSE )

‘বৰগীত’ - শ্রী শ্রী মাধৱদেৱ


ভাববিষয়ক:

1)চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া।

(ক) “..... নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।”

কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে?

উত্তৰঃ- কবিয়ে হৰি অৰ্থাৎ ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰােধ কৰিছে।

 

(খ) “সনক সনন্দ যােগী যাহাকু ধিয়ায়।

- সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ- সনক, সনন্দ আদি যােগীসকলে হৰি অর্থাৎ ভগৱান শ্রীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

 

(গ) কবি কিহত আতুৰ হােৱা বুলি কৈছে?

উত্তৰঃ- কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।

 

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?

উত্তৰঃ- বৰগীতটি মহাপুৰুষ শ্রী শ্রী মাধৱদেৱে ৰচনা কৰা।

 

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰঃ- বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

 

(চ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?

উত্তৰঃ- কবিয়ে হৰিক বান্ধৱ বুলি সম্বােধন কৰিছে।

 

(ছ) মােহ-পাশ' মানে কি?

উত্তৰঃ- “মােহ-পাশ" মানে হ'ল মায়াৰ বান্ধোন অর্থাৎ  লােভ -মোহ, আকাংক্ষা আদি মায়াজালৰ বন্ধন।

 

2) বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ- হৰিয়েই ভকতৰ জীৱনৰ সর্ব, তেৱেঁই পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণেৰে সংসাৰ  নিকাৰৰ পৰা মুক্তিদানৰ কাকুতি কবিয়ে কৰিছে।

      কবি সাংসাৰিক জীৱ। জীৱন যন্ত্রণাত তেওঁ দগ্ধ। সংসাৰৰ  দুখ-যন্ত্রণাত জৰ্জৰিত কবিয়ে এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰি পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰিছে। সেয়েহে এই মায়াজালৰ পৰা মুক্তিৰ পথ পাবলৈ হৰিৰ চৰণত শৰণ লৈছে ।কাৰণ হৰিৰ মহিমা অপাৰ।সনক, সনন্দ আদি সিদ্ধ মহামুনিগণেও হৰিৰ মহিমা আয়ত্ত কৰিবলৈ গভীৰ ধ্যানত নিমগ্ন হয়।  নিগম শাস্ত্রসমূহেও  তেওঁৰ প্রকৃত মহিমা কৈ ওৰ পেলাব নােৱাৰে । যাৰ মহিমা অধমে বুজিব নোৱাৰে । তেনেস্থলত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি দুৰহ । হৰিৰ কৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে। তেওঁ বিশ্বাস কৰে হৰিচৰণেই প্রকৃত ভকতৰ মহাধন আৰু  হৰিয়েই তেওঁলােকৰ জীৱনৰ সর্বস্ব। সেয়ে সংসাৰ নিকাৰত অস্থিৰ কবিয়ে হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ জীৱনৰ সমস্ত দুখ যন্ত্রণাৰ পৰা উদ্ধাৰ পাব বিচাৰিছে । সংসাৰৰ নিদাৰণ মােহবান্ধোনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ কৃপাভিক্ষা কবিয়ে কাতৰে কৰিছে। শেষত কবিয়ে নিজকে এজন দাস জ্ঞান কৰি হৰিক কৃপা কৰিবলৈ মিনতি কৰিছে।


3) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ- শ্রীশ্রীমাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্রীশ্রীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়।তেওঁৰ পিতৃ গােবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্রিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধর্ম প্রচাৰ কৰিছিল। ধর্ম প্রচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰাে পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল নামঘােষা। এহেজাৰটা ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষা বুলিও কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ'ল :

আখ্যানমূলক :- ৰচনাৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।

তত্ত্বমূলক ৰচনা :- জন্মৰহস্য, ভক্তি-ৰত্নাৱলী, নামমালিকা।

নাট :- অর্জুন-ভঞ্জন বা দধিমথন।

ঝুমুৰা :- চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভােজনবিহাৰ।

 

4) ব্যাখ্যা কৰা।

(ক) “সহস্র বয়নে যাৰ নৱন্ত সীমা।

অধমে জানিবাে কেনে তােমাৰ মহিমা।”

উত্তৰঃ- 

    উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৈষ্ণৱ গুৰু শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।

      হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকি অৱতাৰণা কৰিছে।

      সংসাৰৰ একমাত্ৰ ত্রাণকর্তা হৈছে হৰি। তেওঁৰ মহিমা অপাৰ।সিদ্ধ মহামুনি গণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। অধৰ্মী বাবে যাৰ মহিমা বুজি পোৱা টো অসম্ভৱ ।তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্রাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্ত মহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়।

 

(খ) “আতুৰ ভৈলােহে হৰি বিষয় বিকলে।

কৰিয়া উদ্ধাৰ মােক চৰণ কমলে।"

উত্তৰঃ-

         উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৈষ্ণৱ গুৰু শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।

       সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্রার্থনা জনাই কবিয়ে উপৰোক্ত কবিতাফাকি অৱতাৰণা কৰিছে।

      কবি সাংসাৰিক জীৱ। সংসাৰ সকলাে যন্ত্রণাৰ উৎস। বৈষয়িক সুখৰ থলী এই সংসাৰ। পাৰ্থিৱ সুখ সম্পদ আৰু বিষয় বাসনাত জৰ্জৰিত ক্ষণস্থায়ী মানৱ জীৱন যন্ত্রণাময়। সংসাৰ নিকাৰত ভুগি কবিও অস্থিৰ হৈ পৰিছে। এই যন্ত্রণাৰ পৰা মুক্তিৰ পথ বিচাৰি কবিৰ মন হাহাকাৰ কৰি উঠিছে। সেয়ে শেষত তেওঁ নিৰূপায় হৈ হৰিৰ চৰণত শৰণ লৈছে। কিয়নাে কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্রণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে। অপাৰ মহিমাৰ গৰাকী হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ কবিয়ে উদ্ধাৰৰ পথ বিচাৰিছে।

 

(গ) তােমাৰ চৰণ দুই মােৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।”

উত্তৰঃ- 

      উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৈষ্ণৱ গুৰু শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে।

        উপৰোক্ত পদফাকিৰ  জৰিয়তে কবিয়ে  ভগৱানৰ চৰণেই যে ভক্ত সকলৰ বাবে সর্বস্ব তাক কব বিছাৰিছে।

     কবিৰ মতে সংসাৰৰ মায়া মােহৰ পৰা মুক্ত হ'বলৈ হ'লে ভগৱানৰ চৰণত শৰণ লােৱাৰ বাহিৰে অন্য কোনাে উপায় নাই।সর্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকর্তা, পালনকর্তা তেওঁ সকলােৰে উৰ্দ্ধত, গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যবান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষজনাৰ এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন কাৰণ তেওঁ হ'ল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্রয়, সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমর্পিত। হৰিচৰণেই হৈছে প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সর্বস্ব ।

 

5) সনক সনন্দ যােগী যাহাকু ধিয়ায়

সকল নিগমে যাক বিচাৰি নাপায়।

– তাৎপর্য বিচাৰ কৰা।

উত্তৰঃ- আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বর্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বর্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্রয়ােজন। সেয়ে সনক, সনন্দৰ দৰে যােগী সকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অর্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হলে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হােৱাতকৈ শুদ্ধচিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্রার্থনা কৰাৰহে প্রয়ােজন।

 

6)বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা

উত্তৰঃ- বৰগীতৰ চাৰিটা লক্ষণ হ'ল –

(ক) শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বােলা হয়। নামধর্ম প্রচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।

(খ) বৰগীতসমূহ হ'ল শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।

(গ) বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।

(ঘ) বৰগীতসমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম প্রকাশক গীত।

 

ভাষা বিষয়ক                                            

1)তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা?

নপাৱন্ত, কেনে, ভৈলােহাে, তুমিসে, জনেৰ, কহয়।

উত্তৰঃ-

শব্দ

আধুনিক ৰূপ

নপাৱন্ত

নাপায়

কেনে

কেনেকৈ, কিদৰে

ভৈলােহ

হ'লোঁ

তুমিসে

তুমিহে, তুমিয়েই

জনেৰ

জনৰ, সকলৰ

কহয়

হয়

 

2)ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ- ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'লঃ

(ক) ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্রিম সাহিত্যিক ভাষা।

(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা।

(গ) পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত এই ভাষাৰ কোনাে সম্পর্ক নাই।

(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছুসুকীয়া স্থান গ্রহণ কৰিছে।

(ঙ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হােৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্রয়ােগ হােৱাৰ বাবেই অতি শ্রুতিমধুৰ হৈ পৰিছে।

 

অতিৰিক্ত প্রশ্নোত্তৰ

1) অতি চমু প্রশ্নোত্তৰ?

(ক) মাধৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল?

উত্তৰঃ- মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

 

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

উত্তৰঃ- মাধৱদেৱৰ পিতৃৰ নাম গােবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনােৰমা আছিল।

 

(গ) মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ?

উত্তৰঃ- মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল।

 

(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?

উত্তৰঃ- মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

 

(ঙ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোনখন গ্রন্থক অভিহিত কৰা?

উত্তৰঃ- মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি নামঘােষাক কোৱা হয়।

 

(চ) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?

উত্তৰঃ- মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

 

(ছ) নামঘােষাৰ অন্য এটা নাম কি?

উত্তৰঃ- নামঘােষাৰ অন্য এটা নাম হ'ল হেজাৰী ঘােষা।

 

(জ) মাধৱদেৱৰ এখন তত্তমূলক গ্রন্থৰ নাম লিখা।

উত্তৰঃ- মাধৱদেৱৰ এখন তত্ত্বমূলক গ্রন্থ হ'ল ভক্তি ৰত্নাৱলী।

 

(ঝ) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি?

উত্তৰঃ- মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

 

2)চমু প্রশ্নোত্তৰ কৰা

(ক) বৰগীত কাক বােলা হয়?

উত্তৰঃ- মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্রীয় ৰাগযুক্ত আৰু অধ্যাত্মিক ভাৱ-গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।

 

(খ) বৰগীতৰ বিষয়বস্তু কি?

উত্তৰঃ- বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা-বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হ'ব নােৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্রীকৃষ্ণ বা বাল-গােপালৰ লীলা-খেলা বিষয়ক আছিল।

 

(গ) শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয়?

উত্তৰঃ- শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলােকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ  বাবে বৰগীত বিশেষণটো প্রয়ােগ কৰিছিল। ভাব, ভাষা,সুৰ,প্রকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীর্যৰ ফালৰ পৰা ই অন্য গীততকৈ বৰ'অর্থাৎ শ্রেষ্ঠ। এনে অর্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক বৰগীত' আখ্যা দিয়া হয়।

 

(ঘ) মাধৱদেৱৰ বৰগীতসমূহৰ প্রধান বিষয়বস্তু কি?

উত্তৰঃ- মাধৱদেৱৰ বৰগীতসমূহৰ প্রধান বিষয়বস্তু হ'ল বাল-গােপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বর্ণনা কৰাৰ লগতে যশােদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তােলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়ােটা ভাৱ সুন্দৰকৈ প্ৰকাশ পাইছে।

 3) চমুটোকা লিখাঃ

(ক) বৰগীত (খ) ব্ৰজাৱলী ভাষা

(ক) বৰগীতঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অর্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ৰাগ-তাল সম্বলিত গীতকেই বৰগীত' বােলা হয়। বৰগীত সমূহ সত্ৰৰ চৈধ্য প্রসংগৰ অন্তৰ্গত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল। অৱশ্যে ভাব-ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচিছিল বুলি বিভিন্ন পণ্ডিতে অনুমান কৰিছে। শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্রীকৃষ্ণৰ লীলা আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ-চাতুৰী। বিষ্ণুৰ অংশৰূপে শ্রীকৃষ্ণৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰি জনসমাজৰ মাজত ভক্তিৰ ৰস বিয়পাই দিয়াই এই বৰগীত সমূহৰ উদ্দেশ্য। বৰগীতসমূহ ইয়াৰ বিষয়বস্তুৰ গাম্ভীর্য, ভাষা, ভাব, সুৰ আদি বৈশিষ্ট্যসমূহৰ কাৰণেই আন গীততকৈ শ্রেষ্ঠ। উল্লেখ্য যে একে ভাব আৰু ৰাগ-তাল সম্বলিত আন কবিৰ ৰচিত গীতক বৰগীত' নােবোলে।

 

(খ) ব্ৰজাৱলী ভাষাঃ ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্রিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত-পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্রজবুলি, ব্রজবােল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বােলা হয়। পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত ইয়াৰ কোনাে সম্পর্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভােজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়ােগৰ বাবে শ্রুতিমধুৰ।

 



Post a Comment

0 Comments