Class-9. Social Science.(ৰাজনীতি বিজ্ঞান).L-1. ভাৰতৰ ৰাজনৈতিক দল


ভাৰতৰ ৰাজনৈতিক দল



অতি চমু প্রশ্ন উত্তৰ :

1)একদলীয় শাসনব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ- একদলীয় শাসনব্যৱস্থা থকা এখন দেশ হল চীন।

2)আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হল— দ্বি দলীয় ব্যৱস্থা।

3)ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ- ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হৈছে:
(ক)সংগঠন আৰু (খ)নীতি-আদর্শ আৰু আঁচনি।

4)ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।
উত্তৰঃ-ৰাজনৈতিক দলৰ এটা প্রধান কার্য হল জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰেশিক্ষিত কৰা।

5)অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উত্তৰঃ-অসমৰ এটা আঞ্চলিক দল হৈছে অসম গণ পৰিষদ।

6)ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উত্তৰঃ- ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল- ঝাৰখণ্ড মুক্তি মৰ্চা।

7)ইউ.পি.এ (UPA)ৰ সম্পূর্ণ অর্থ লিখা।
উত্তৰঃ- ইউ.পি.এ(UPA)-ৰ সম্পূর্ণ অর্থ হল সংযুক্ত গণহান্ত্রিক মৰ্চা।

8)ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটা?
উত্তৰঃ- ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হৈছে— কংগ্রেছ।

9)কাৰ নেতৃত্ব দি ইণ্ডিয়ান এছচিয়েচন' গঠন হৈছিল?
উত্তৰঃ-এছ. এনু, বেনাৰ্জীৰ নেতৃত্ব দি ইণ্ডিয়ান এছচিয়েচন গঠন হৈছিল।

10)ভাৰতৰ জাতীয় কংগ্রেছৰ প্রথম সভাপতি কোন আছিল?
উত্তৰঃ-উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম সভাপতি আছিল।

চমু প্রশ্ন উত্তৰ:

1)ভাৰত বৰ্ষৰ দলীয় ব্যৱস্হাটোৰ প্ৰধান বৈশিষ্ট কি?
উত্তৰঃ- ভাৰত বৰ্ষৰ দলীয় ব্যৱস্হাটোৰ প্ৰধান বৈশিষ্ট হল : ই বহু দলীয় ।

2)গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযােগী
উত্তৰঃ- গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থা বিষেশভাৱে উপযােগী।

3)ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উত্তৰঃ-ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা হল—(i) সংগঠন(ii) নীতি-আদর্শ আৰু আঁচনি(iii) ক্ষমতা দখলৰ বাবে আকাংক্ষা (iv) জাতীয় স্বার্থৰ প্রতি সম্মান

4)পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ- পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল
(1)আকালি দল (পাঞ্জাৱ)
(ii)তেলেগু দেশম (অন্ধ্রপ্রদেশ)
(iii)নেচনেল কনফাৰেঞ্চ (জন্মু কাশ্মীৰ)
(iv)অসম গণ পৰিষদ (অসম)
(v)শিৱসেনা (মহাৰাষ্ট্র)।

5)মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ-যেতিয়া কোনাে এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিচৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগােটহৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বােলে।

দীঘল প্রশ্ন উত্তৰ :

1)সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিতগঠিত হয়?
উত্তৰঃ-সংযুক্ত চৰকাৰ বুলিলে যেতিয়া কোনাে এটা বিশেষ ৰাজনৈতিক দলে এককসংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাওৰাজনৈতিক দল একগােট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে সংযুক্ত চৰকাৰ বামৰ্চা চৰকাৰ বােলা হয়।| যেতিয়া এটা নির্বাচনত কোটি কোটি টকা খৰচ হােৱাৰ পিছত যদি চৰকাৰগঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈনিদিয়াৰ চেষ্টাত সংযুক্ত চৰকাৰ গঠন হয়। ইয়াৰ উপৰিও চৰকাৰত আঞ্চলিকপ্রতিনিধিত্বৰ বিষয়টোৱেও সংযুক্ত বা মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।।

2)সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলােচনা কৰা।
উত্তৰঃ- সংযুক্ত বা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ তলত উল্লেখ কৰা হ'ল--A)দোষ :-
(i) ক্ষণস্থায়ী অথবা অস্থিৰ: মৰ্চা চৰকাৰৰ আটাইথকৈ ডাঙৰ দোষটোহৈছে ইয়াৰ অস্থিৰতা। মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলেতেনে দলে যিকোনাে সময়তে সমর্থন উঠাই লােৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকালসম্পূর্ণ হােৱাৰ আগেয়ে এনে চৰকাৰৰ পতন ঘটে।
(ii) দুর্বল চৰকাৰ: মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। অংশগ্রহণকাৰী সকলােদলকে সন্তুষ্ট ৰাখিবলগীয়া হােৱাৰ বাবে এই চৰকাৰে কোনাে বিষয়তে দৃঢ়তাৰেআগবাঢ়িব নােৱাৰে।
B)গুণ :-
(i)পৰিস্থিতি আৰু সময় সাপেক্ষ : মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন।ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত সুস্থিতা বজাই ৰখাৰ ক্ষেত্ৰত অতীবপ্রয়ােজন।
(ii)জাতীয় ঐক্য সংহতি ৰক্ষা : মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দল এখনমজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদর্শত কঠোৰভাৱে লাগি নাথাকিবুজা বুজিৰে কাম কৰে। ফত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়।

3)গণতন্ত্রত বিৰােধী ৰাজনৈতিক দলৰ ভূমিক আলােচনা কৰা।
উত্তৰঃ- গণতন্ত্রত বিৰােধী ৰাজনৈতিক দলৰ ভূমিকা অতি গুৰুত্বপূর্ণ। শক্তিশালী বিৰােধীদলৰ অবিহনে এখন গণতান্ত্রিক ৰাষ্ট্রই প্রকৃত সফলতা লাভ কৰিব নােৱাৰাৰ লগতেজনসাধাৰণৰ স্বার্থ সুৰিক্ষিত কৰিব নােৱাৰে।বিৰােধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযােগ্য ৰাষ্ট্র হল— আমেৰিকাযুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্রেট ব্রিটেইন) এখন গণতান্ত্রিক দেশত শাসনত থকা।দলটোৰ বিপৰীতে বিৰােধীৰ আশনত থকা বিধােৰী দলৰ ভূমিত কেনে হ'ব লাগে এইলৈ ৰাজনৈতিক পণ্ডিতসকলে বহূতাে পৰামৰ্শ আগবঢ়াইছে। এই পৰামর্শসমূহতলত উল্লেখ কৰা হল -(i) জনসাধাৰণ আৰু দেশৰ স্বার্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পৱিত্ৰতা ৰক্ষা।কৰাত বিৰােধী দলে অতন্দ্র প্রহৰীৰ দৰে কাম কৰিব। লাগে।
(ii) শাসনত থকা দলটোৱে যাতে জাতীয় স্বার্থৰ বিপৰীতে গৈ কোনাে কার্য কৰিবনােৱাৰে তাৰ প্ৰতি চকু ৰখা।
(iii) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পর্যবেক্ষণ কৰি প্রয়ােজন হলেচৰকাৰক সংসদৰ মজিয়াত সমালােচনা কৰা।
(iv) জনসাধাৰণৰ অভাৱ-অভিযােগ, আশা-আকাংক্ষাক সংসদ মজিয়াত দাঙিধা।
(v) প্রয়ােজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।
(vi) জনমত গঠন কৰা।

4)আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলােচনাকৰা।
উত্তৰঃ-আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হ'ল:
(i)সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি।
(ii)দেশখনৰ বিভিন্ন ভাষিক আৰু ধর্মীয় গােষ্ঠীৰ মাজত থকা।
(iii)সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ।
(iv)কেন্দ্রীয় চৰকাৰৰ অধিক কেন্দ্রীকৰণৰ প্রৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰওপৰত অধিক কর্তৃত্ব লাভৰ প্রচেষ্টা।
(v)সকলাে ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ।।
(vi)ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্রীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুর্বলতা ইত্যাদি।

5)গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়ােজনীয়তা সম্পর্কে চমুকৈলিখ।
উত্তৰঃ-গণতান্ত্রিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে প্রকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাইগুৰুত্ব লাভ কৰে। বর্তমান সময়ত গণতন্ত্র আৰু ৰাজনৈতিক দল দুয়ােটাই এটাআনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্র অচল, ঠিকএকেদৰে গণতন্ত্রৰ অবিহনে ৰাজনৈতিক দল অর্থহীন। ৰাজনৈতিক দল হৈছে শাসকআৰু জনসাধাৰণৰ মাজৰ এক যােগসূত্ৰ। ই সর্বসাধাৰণক প্রশাসনৰ ওচৰ চপাইনিয়ে। ৰাজনৈতিক দল অথবা দলীয় প্রথাৰ ব্যৱস্থা পৃথিৱীৰ প্রত্যেকখন গণতান্ত্রিকৰাষ্ট্রতে আছে। এই দলীয় প্রথা একদলীয়, দ্বিদলীয় অথবা বদলীয় হয়। চীন তথাবকেইখন সাম্যবাদী ৰাষ্ট্ৰত এক দলীয় ব্যৱস্থা থকাৰ বিপৰীতে ইংলেণ্ডঃ আমেৰিকাআদি দেশত দ্বি-দলীয় আৰু ভাৰতবর্ষ, বাংলাদেশ, পাকিস্তান আদি দেশত বদলীয়ব্যৱস্থা আছে। বদলীয় ব্যৱস্থা থকা গণতন্ত্ৰতকৈ দ্বি-দলীয় বৱস্থা থকা গণতন্ত্র অধিকসুস্থিৰ আৰু সবল।

6) ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কার্যাৱলী উল্লেখ কৰা।
উত্তৰঃ-ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ হ'ল—
(i)সংগঠন(ii) নীতি-আদর্শ আৰু আঁচনি(ii) ক্ষমতা দখলৰ বাবে আকাংক্ষা(iv) জাতীয় স্বার্থৰ প্রতি সম্মান।
কার্যাৱলীসমূহ হ'ল-
(i)জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে শিক্ষিত কৰা।
(ii)জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।
(iii)জনমত গঠন কৰা
(iv)জনমতক সু-সংগঠিত ৰূপ দিয়া।ইয়াৰ উপৰিও গণতন্ত্রত জনগণে চৰ্কাৰ গঠন প্রক্রিয়াত অংশ লােৱাৰ পৰিৱেশ সৃষ্টিকৰাটোও ৰাজনৈতিক দলৰ আন এক দায়িত্ব।

7)সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোরে বর্তমান সময়ত বিশেষ গুরুত্ব লাভকৰাৰ কাৰণ কেইটা আলােচনা কৰা।
উত্তৰঃ- সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালতথকা কাৰণকেইটা হৈছে—
(i)ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি।
(ii)একক ৰাজনৈতিক দলৰ প্রাধান্যতা হ্রস।
(iii)এটা নির্বাচনত কৌটি কৌটি টকা খৰচ হােৱাৰ পিছত যদি চৰকাৰ গঠনতজটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতিচৰকাৰী ধনৰ অপব্যয় হবলৈ নিদিয়াৰচেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।
(iv)চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও সংযুক্ত চৰখাৰ গঠনত গুৰুত্বপায়।১৯৪৭ চনৰ পৰা ১৯৬৭ চনলৈকে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ভাৰতীয় জাতীয়কংগ্ৰেছে শাসন বৰ্তাই ৰাখিছিল। সেইখিনি সময়ত সংযুক্ত চৰকাৰ গঠনৰ প্ৰসংগঅহা নাছিল। কিন্তু পিছলৈ এক দলৰ আধিপত্যৰ ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চাচৰকাৰ গঠনৰ প্রক্রিয়া আৰম্ভ হল।

অতিৰিক্ত সম্ভাব্য প্রশ্ন :

1)এক দলীয় ব্যৱস্থা, দ্বিদলীয় ব্যৱস্থা আৰু বহুদলীয় ব্যৱস্থা থকাদেশসমূহ কি কি?
উত্তৰঃ-একদলীয় ব্যৱস্থা থকা দেশখন হল চীন। দ্বি-দলীয় ব্যৱস্থা থকা দেশ হল ইংলেণ্ড,আমেৰিকা। বহুদলীয় ব্যৱস্থা থকা দেশ হ'ল ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি।

2)কোনটো দলীয় ব্যৱস্থা গণতান্ত্রিক ৰাষ্ট্রৰ বাবে অধিক গ্রহণযােগ্য?
উত্তৰঃ-দ্বি-দলীয় ব্যৱস্থা অধিক গ্রহণযােগ্য।

3)আকালি দল কোন ৰাজ্যৰ ৰাজনৈতিক দল?
উত্তৰঃ-পাঞ্জাৱ।

4)অন্ধ্রপ্রদেশৰ এটা ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।
উত্তৰঃ-তেলেগু দেশম।

5)দুটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ নাম লিখ।
উত্তৰঃ-(ক) ভাৰতীয় জাতীয় কংগ্ৰেছ (খ) ভাৰতীয় জনতা পার্টি।

6)কোন চনত দি ইণ্ডিয়ান এছচিয়েচন' গঠিত হৈছিল?
উত্তৰঃ-১৮৭৬ চনত দি ইণ্ডিয়ান এছচিয়েচন গঠিত হৈছিল।

7)ভাৰতীয় জাতীয় কংগ্রেছৰ প্ৰথমখন অধিবেশন কত অনুষ্ঠিত হৈছিল
উত্তৰঃ-বােম্বাই (বর্তমান মুম্বাই) চহৰত।

8)মুছলীম লীগ নামৰ দলটোৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ-১৯০৬ চনত।

9)বিৰােধী দলৰ সবল ভূমিকা থকা দুখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ-আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড (গ্রেট ব্রিটেইন)।

10)ভাৰতৰ ৰাজনৈতিক দলকেইটা কি কি?
উত্তৰঃ-ভাৰতীয় জাতীয় কংগ্ৰেছ, মুছলিম লীগ (১৯০৬), হিন্দু মহাসভা (১৯১৬), স্বৰাজপার্ট।

11)প্রথম সাধাৰণ নির্বাচন কিমান চনত হৈছিল?
উত্তৰঃ- ১৯৫২ চনত।

12)প্রথম সাধাৰণ নিৰ্বাচনত কিমাটা ৰাজনৈতিক দলে অংশগ্রহণকৰিছিল?
উত্তৰঃ-পঞ্চাশৰাে অধিক ৰাজনৈতিক দলে।

13)চতুর্থ সাধাৰণ নির্বাচন কিমান চনত হৈছিল?
উত্তৰঃ-১৯৬৭ চনত।

14)নৰেন্দ্ৰ মােডীয়ে কেতিয়া চৰকাৰ গঠন কৰে?
উত্তৰঃ-২০১৪ চনৰ ২৬ মে তাৰিখে।

15)এটা ৰাজনৈতিক দলৰ নাম উল্লেখ কৰা।
উত্তৰঃ-ভাৰতীয় জনতা দল (Bharatiya Janata Party)

16)কোন দেশত পােনপ্ৰথমে ৰাজনৈতিক দলৰ আৰম্ভণি হয় ?
উত্তৰঃ-ইংলেণ্ডত।

17)কাৰ দিনত পিউৰিটানসকলে পালিয়ামেণ্টত একগােট হৈ কাম কৰাআৰম্ভ কৰিছিল?
উত্তৰঃ-ৰাণী এলিজাবেথৰ দিনত।

18)দ্বিদলীয় ব্যৱস্থাত কেইটা ৰাজনৈতিক দল থাকিব পাৰে?
উত্তৰঃ-দুটা।

19)বহুদলীয় ব্যৱস্থাত থকা ৰাজনৈতিক দলৰ সংখ্যা কিমান?
উত্তৰঃ-দুটাতকৈ অধিক।

20)ৰাচিয়াত সাম্যবাদী দলৰ চৰকাৰ কেতিয়া গঠন হয়?
উত্তৰঃ-১৯১৭ চনত।

21)হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ-১৯১৬ খ্রীষ্টাব্দত ভাৰতীয় হিন্দুসকলে হিন্দু মহাসভা গঠন কৰিছিল।

22)ভাৰতবৰ্ষত কেতিয়া কমিউনিষ্ট পার্টি গঠন হৈছিল?
উত্তৰঃ-১৯২৪ খ্রীষ্টাব্দত ভাৰতবৰ্ষত কমিউনিষ্ট পাৰি গঠন হৈছিল।

23)নেছনেল কনফাৰেন্স নামৰ ৰাজনৈতিক দলটো কোনখন ৰাজাৰদল?
উত্তৰঃ-জম্মু আৰু কাশ্মীৰ ৰাজ্যখনৰ।

24)প্ৰথমখন মৰ্চা চৰকাৰ কোন গৰাকী নেতাৰ নেতৃত্বত আৰু কোনচনত গঠন হৈছিল?
উত্তৰঃ-মােৰাৰঞ্জী দেশাইৰ নেতৃত্বত ১৯৭৭ চনত প্ৰথমখন মৰ্চা চৰকাৰৰ গঠন হৈছিল।

25)ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দলটো কি আৰু ইয়াৰজন্ম কেতিয়া হৈছিল?
উত্তৰঃ-ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দলটো হ'ল ভাৰতীয় সাম্যবাদী। এই দলটোৰজন্ম হৈছিল ১৯২৪ চনত।

26)ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম কেতিয়া হৈছিল? ইয়াৰনেতৃত্ব কোনে বহন কৰিছিল?
উত্তৰঃ-১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জন্ম হয়। ইয়াৰ নেতৃত্ব লৈছিলঅৱসৰপ্ৰাপ্ত আই. চি. এছ. বিষয়া এলেন অক্টোভিয়ান হিউমে।

27)ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইটামান মুখ্য ৰাজনৈতিক দলৰ নাম।উল্লেখ কৰা।
উত্তৰঃ-ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা দল, ভাৰতীয় কমিউনিষ্ট পার্টী, ভাৰতীয়কমিউনিষ্ট (মার্ক্সবাদী), তৃণমূল কংগ্ৰেছ, আম আদমি ইত্যাদি।

28)আঞ্চলিক ৰাজনৈতক দলৰ সােণালী দশক বুলিলে কি বুজা?
উত্তৰঃ-যােৱা শতিকাৰ আশীৰ দশকত বহু বেছি সংখ্যক আঞ্চলিক দলৰ জন্ম হােৱাৰ বাবেইসেই দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সােণালী দশক বুলি কোৱা হয়।

29)ভাৰতত বিৰােধী দলববাৰে একোটা সমস্যাৰ ক্ষেত্ৰত কি কাৰণেএকগােট হ'ব নােৱাৰে?
উত্তৰঃ-ভাৰতৰ বিৰােধী দলসমূহে বহুধা বিভক্ত, প্রত্যেক দলৰে নীতি-নিয়ম আৰু আদর্শবেলেগ বেলেগ। সেয়ে একোটা সমস্যাৰ ক্ষেত্ৰত তেওঁলােক এক গােট ই'ব নােৱাৰে।

30)ভাৰতবৰ্ষত কেতিয়া প্রথম অনাকংগ্ৰেছী চৰকাৰ গঠন হৈছিলআৰু কোনে গঠন কৰিছিল?
উত্তৰঃ-১৯৭৭ চনত ভাৰতবৰ্ষত প্রথম অনাকংগ্ৰেছী চৰকাৰ গঠন হৈছিল। এই চৰকাৰজনতা দলৰ নেতৃদ্বত গঠিত হৈছিল।

31)একদলীয় চৰকাৰক স্বেচ্ছাচাৰী শাসক বুলি কিয় কোৱা হয়?
উত্তৰঃ-একদলীয় চৰকাৰত এটা দলেই চৰকাৰ গঠন কৰে। ইয়াত কোনাে বিৰােধী নাথাকে।বিৰােধী দল নথকাৰ বাবে চৰকাৰে কোনাে নীতি ভুল হলেও বা শুদ্ধ হলেও তাপ্রয়ােগ কৰিবলৈ কুণ্ঠাবােধ নকৰে। চৰকাৰৰ ভুল-ত্রুটি হলেও দেখুৱাবৰ বাবেকোনাে বিৰােধী দল নথকা বাবে একদলীয় চৰকাৰক স্বেচ্ছাচাৰী শাসক বুলিও কোৱা হয়

32)কেন্দ্ৰত থকা মৰ্চা চৰকাৰসমূহ কি কি?
উত্তৰঃ-কেন্দ্ৰত থকা মৰ্চা চৰকাৰ হল ,(6) ইউনাইটেড ফ্রন্ট(ii) সংযুক্ত গণতান্ত্রিক মৰ্চা (United Prograssive Alliance)(ii) ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা (National Democratic Alliance)

33)মৰ্চা চৰকাৰৰ দোষ-গুণসমূহ উল্লেখ কৰা।
উত্তৰঃ-
দোষ :-
(i)ক্ষণস্থায়ী অথবা অস্থিৰ।
(ii)দুর্বল চৰকাৰ।
(iii)দীর্ঘম্যাদী আঁচনি গ্রহণত জটিলতা।
(iv)অংশীদাৰী দলৰ আকাংক্ষা।
(v)জাতীয় স্বার্থ বিঘ্নিত হােৱাৰ আশংকা
(vi) ব্যয়বহূল।
গুণ:-
(i)পৰিস্থিতি আৰু সময় সাপেক্ষ।
(ii)অস্বেচ্ছাচাৰী চৰকাৰ।
(iii)আঞ্চলিক প্রতিনিধি।
(iv)জাতীয় ঐক্য সংহতি ৰক্ষা।
(v)ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্রাস।

34)ভাৰতৰ উল্লেখযােগ্য আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ-ভাৰতৰ উল্লেখযােগ্য আঞ্চলিক ৰাজনৈতিক দলৰ নাম হল---(1) আকালি দল (পাঞ্জার)(ii) তেলেগু দেশম (অন্ধ্রপ্রদেশ)।(ii) নেচনেল কনফাৰেঞ্চ (জন্ম কাশ্মীৰ)।(iv) অসম গণ পৰিষদ (অসম)(v) শিৱসেনা (মহাৰাষ্ট্র)।(vi) ডি, এম, কে, এ, আই, ডি, এম, কে, (তামিলনাড়ু(vii) মিজো নেচনেল ফ্রন্ট (মিজোৰাম)(viii) নাগালেণ্ড পিপুল কনফাৰেঞ্চ (নাগালেণ্ড)(ix) ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড)

35)ৰাজনৈতিক দল বুলিলে কি বুজা? ব্যাখ্যা কৰা।
উত্তৰঃ-দেশৰ বা জনসাধাৰণৰ ৰাজদ্ভুৱা সমস্যাবােৰৰ প্রতি একেধৰণ মতামত তথা উদ্দেশ্যসিদ্ধিৰ বাবে একেলগে কাম কৰিবলৈ সংকল্প লােৱা কিছুসংখ্যক লােকৰ সংহতিকৰাজনৈতিক দল বুলি কোৱা হয়।গণতান্ত্রিক শাসন ব্যৱস্থাত দেশৰ প্রসাশন আৰু ৰাজনৈতিক কাম কাজবােৰৰাজনৈতিক দলে নিয়ন্ত্রণ কৰে। সংসদীয় গণতন্ত্রত সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰাজনৈতিক দলে শাসন চলায়। সকলাে দেশতে জনমত গঠনৰ ক্ষেত্ৰত ৰাজনৈতিকদলে আগভাগ লয়। ৰাজনৈতিক দল হৈছে দেশৰ নাগৰিকসকলৰ এটি সংস্থাইংলেণ্ডত পােন প্রথমে ৰাজনৈতিক দলৰ আৰম্ভণি হয়। ইংলেণ্ডৰ ৰাণী এলিজাবেথৰদিনত পিউৰিটান (Puritan) সকলে পালিয়ামেন্টত একগােট হৈ কাম কৰা আৰম্ভকৰি প্ৰকৃততে ৰাজনৈতিক দলৰ শুভাৰম্ভ কৰে। ৰাজনৈতিক দলসমূহ গণতন্ত্রঅপৰিহার্য অংগ বুলি বিবেচনা কৰা হয়


Post a Comment

0 Comments