CLASS-9. Social science .(অর্থনীতি বিজ্ঞান) L-1. অর্থনীতিৰ মৌলিক বিষয়সমূহ


অর্থনীতিৰ মৌলিক বিষয়সমূহ




অতি চমু প্রশ্ন উত্তৰ

1)অর্থনীতি শব্দটো কোনটা ভাষাৰ শব্দৰ পৰা অনা হৈছে।
উত্তৰঃ- গ্ৰীক ভাষাৰ পৰা।

2)অর্থনীতি শব্দটো কোনটো শব্দৰ লােৱা হৈছে?
উত্তৰঃ- গ্ৰীক শব্দ ‘oikonomia'ৰ পৰা।

3)অর্থবিজ্ঞানৰ পিতৃম্বৰূপ কোন?
উত্তৰঃ-এডাম স্মিথ (Adam Smith)।

4)অর্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটা কোনে আগবঢ়াইছিল?
উত্তৰঃ- এডাম স্মিথে আগবঢ়াইছিল।

5)অর্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- কেমব্রিজ অর্থনীতিবিদ মার্চেলে আগবঢ়াইছিল।

6)এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ-An Enquiry into the Nature and Causes of the Wealth of Nation নামৰ গ্ৰন্থখনত 1776 চনত আগবঢ়াইছিল।

7)অর্থনীতিৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ- অর্থনীতিবিদ লায়নেল ৰবিন্সে আগবঢ়াইছিল।

8)আলফ্রেড মাছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতি সংজ্ঞা আগবঢ়াইছিল
উত্তৰঃ- “Principles of Economics”-ত 1890 চনত আগবঢ়াইছিল।

9)লায়নেল ৰৰিলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ- "An Essay on the Nature and significance of Economic Science" 1932 চনত আগবঢ়াইছিল।

10)এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল?
উত্তৰঃ-এডাম স্মিথৰ সংজ্ঞাটোক ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল।

11)দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢুহিছে?
উত্তৰঃ-ছেমুৱেলছন আৰু নদহাছে আগবঢ়াইছিল।

12)কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বুলি কোৱা হয় ?
উত্তৰঃ-উপযােগিতা (Utility) বুলি কোৱা হয়।

13)উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰঃ- উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।

14)Micro আৰু Macro শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে।
উত্তৰঃ- Micro শব্দটো গ্রীক শব্দ “Mkros'ৰ পৰা আৰু Macro শব্দটো গ্রীক শব্দ  Malkroৰ পৰা

চমু প্রশ্ন উত্তৰ

1)এডাম স্মিথ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- এডাম স্মিথ অর্থবিজ্ঞানৰ সংজ্ঞাটো হল— অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান।

2)মার্ভূেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ-মাছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো হল- মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি।

3)অবিলৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখ।
উত্তৰঃ-ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো হৈছে- “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।

4)ছেমুৱেলছন আৰু নৰ্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ- ছেমুৱেলছন আৰু নৰ্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো হল-- দুষ্প্রাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সর্বোত্তম দক্ষতাপূর্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হল অর্থনীতিৰ মূল বিষয়।

5)ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?
উত্তৰঃ-ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হল
(i) মানুহৰ অভাৱ অসীম।
(ii) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(iii) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰবােগ্য। ছত

6)ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বােলে?
উত্তৰঃ-ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অর্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলােচনা কৰা আৰু এজনভােক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্রতিষ্ঠান, এখন বজাৰ এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অর্থনৈতিক আচৰণ ব্যক্তিবাদী অর্থবিজ্ঞানৰ অন্তর্ভুক্ত।এয়ে হৈছে ব্যষ্টিবাদী অর্থবিজ্ঞান।


7)সমষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?
উত্তৰঃ- এখন দেশৰ অৰ্থনীতিৰ সামগ্রিক আচৰণ অর্থাৎ সকলােবােৰ ভােক্তা, উপভােক্তা আদিৰ আচৰণ সমষ্টিবাদী অর্থনীতিৰ অন্তর্ভুক্ত। সামূহিক হৈছে সমষ্টিবাদী অর্থনীতিৰ অধ্যয়ন। জনসংখ্যা, নিয়ােগ, ঔদ্যোগীকৰণ, কৃষি ইত্যাদি এখন দেশৰ সমষ্টিবাদী অর্থনীতিৰ অন্তর্গত।


8)আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ পার্থক্য লিখা।
উত্তৰঃ- আর্থিক বস্তু আৰু অনার্থিক বস্তুৰ মাজৰ পার্থক্য তলত উল্লেখ কৰা হ'ল:
(ক)আর্থিক বস্তু অর্থ উপার্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত হয়। আনহাতে অনা আর্থিক বস্তু ক্ষেত্ৰত অর্থ উপার্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত নহয়।
(খ)আর্থিক বস্তুবােৰৰ দৰ বা দাম থাকে কিন্তু অনা আর্থিক বস্তুবােৰৰ দৰ বা দাম নাথাকে৷

9)ৰাষ্ট্ৰীয় আয় কাক বােলে ?
উত্তৰঃ- এখন দেশৰ এটা নির্দিষ্ট বিত্তীয় বৰ্ষত যি প্রস্তুত দ্রব্য বা সেৱা সামগ্রী উৎপাদন কৰা হয় তাৰ মুদ্রা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।

10)জনমুৰি আয়ৰ সূত্ৰটো লিখা ?
উত্তৰঃ-
জনমুৰি আয় = ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা

দীঘল প্রশ্ন উত্তৰৰ

1)অর্থবিজ্ঞান অধ্যয়নৰ প্ৰয়ােজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ- অর্থবিজ্ঞান অধ্যয়নৰ প্রয়ােজনীয়তা অধিক বেছি কিয়নাে এই অধ্যয়নৰ জৰিয়তে এখন ৰাষ্ট্রৰকৰদাতা, নাগৰিক এগৰাকীয়ে চৰকাৰে কিদৰে ৰাজহ সংগ্রহ কৰে, সংগৃহীত ৰাজহ কিদৰে ৰায়কৰে, ব্যয় কৰােতে কি নীতি মানি চলে, সংগৃহীত ৰাজহ উচিত ব্যৱহাৰ হৈছে নে নাই তাকভালদৰে জানিব পাৰে। অথবিজ্ঞান অধ্যয়নৰ জৰিয়তে সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়েব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব পাৰিব। এই অধ্যয়নৰ দ্বাৰাই এজন ব্যক্তিয়েতেওঁৰ হৈ থকা দৰিদ্ৰতাৰ কাৰণসমূহ বা সমস্যাসমূহ ভালদৰে বুজি পার।উদাহৰণ স্বৰূপে সচেতন গ্রাহক হিচাপে সকলােৱে জানিব বিচাৰিব বজাৰত অত্যাৱশ্যকীয়সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ সমূহ কি কি? বিশ্বায়ন বা গােলকীকৰণ কি? অর্থনৈতিক বিকাশকিদৰে কৰিব পাৰি পৰিৱেশীয় অর্থনীতি কি? এই গুৰুত্বপূর্ণ বিষয়সমূহ আমি অর্থনীতি অধ্যয়নৰজৰিয়তে ভালদৰে আনিব পৰা যায়। গতিকে অর্থ বিজ্ঞান অধ্যয়নৰ প্ৰয়ােজনীয়তা যথেষ্ট বেছি।


2)অর্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযােগ্য আৰু কিয় ব্যাখ্যা কৰা।
উত্তৰঃ-
অর্থবিজ্ঞানৰ সংজ্ঞাসমূহৰ ভিতৰত আটাইতকৈ বেছি গ্রহণযােগ্য হিচাপে লায়নেল ৰবিন্সৰসংজ্ঞাকেই কোৱা হয়। তেওঁৰ “An Essay on the Nature and significance ofEconomic Science" নামৰ গ্ৰন্থখনত তেওঁৰ সংজ্ঞাটো আগবঢ়াইছে। তেওৰ মতে, “য় বিজ্ঞানেমানুহৰ আচৰণ মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়াসীমিত সম্পদৰ মাজৰ সম্পর্ক হিচাপে অধ্যয়ন কৰে সিয়েই অর্থনীতি।" তেওঁৰ সংজ্ঞাটোত তিনিটামৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। এই মৌলিক ধাৰণাকেইটা হল—
i)মানুহৰ অভাৱ অসীম,
ii)অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
iii)সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযােগ্য।
মিথৰ মতে, অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান”। তেওঁৰ সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা আখ্যা দিছে।সমালােচক সকলৰ মতে সম্পদ মানৱ জীৱনৰ মূল লক্ষ্য কেতিয়াও হ'ব নােৱাৰে। গতিকে মিথৰসংজ্ঞাটা গ্রহণযােগ্য নহয়। মালেৰ মতে, মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কার্যাৱলী অধ্যয়নেই হৈছে অর্থনীতি।* স্মিথসংজ্ঞাতকৈ মাছেলৰ সংজ্ঞাটো বহু ক্ষেত্ৰত উন্নত, কিন্তু ইও গ্রহণযােগ্য সংজ্ঞা নহয়। কিয়নােমাছেলে কেৱল পাখিৱ কল্যাণৰ কথাহে উল্লেখ কৰিছে। অন্যহাতে ছেমুৱেলছন আৰু নর্ডহাছৰমতে, “দুষ্প্রাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সর্বোত্তম দক্ষতাপূর্ণ ব্যৱহাৰৰ বাৰেসমাজ গঠন কৰাটোৱেই হল অর্থনীতিৰ মূল বিষয়। কিন্তু ই সর্বোত্তম সংজ্ঞা নহয়।গতিকে ওপৰৰক্ত সংজ্ঞাসমূহৰ ভিতৰত ৰবিন্সৰ সংজ্ঞাটোৱেই হৈছে গ্রহণযােগ্য সংজ্ঞা।


3)অথবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা।
উত্তৰঃ- অর্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয়:
(i)ভােগকাৰ্থঃ অৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভােগ। ভােগ কার্যৰ লগত জড়িত বিধিসমূহ, ভােক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অর্থনীৰি পাৰিসৰৰ অন্তর্ভুক্ত।
(ii)উৎপাদনা: উপযােগী সামগ্রী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান— ভূমি, শ্রম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আর্থি ব্যৱস্থা আমি সম্পর্কে অথবিজ্ঞানৰ আলােচনা কৰে।
(iii)বিতৰণ: বিতৰণ প্রক্রিয়া যাতে সঠিক হয় তাৰ বাবে যিবােৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্রয়ােজন সেই সকলােবােৰ তত্ত্ব বিতৰণ বিষয়ৰ মাজত আলােচনা কৰা হয়।
(iv)বিনিময়ঃ বিনিময় হল অর্থবিজ্ঞানৰ এটি গুরুত্বপূর্ণ বিষয়। বিনিময়ৰ অৰ্থ হ'ল কোনাে বস্তু আন কোনাে বস্তুৰ পােনপটীয়াকৈ বিনিময় কৰা। যিকোনাে ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্রতিবিধ সামগ্রী নিজে উৎপাদন কৰি ল'ব নােৱাৰে। এনে ক্ষেত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে, দেশীয় বাণিজ্য আৰু আন্তর্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয়আৰু আন্তর্জাতিক বিনিময় হয়। গতিকে দুয়াে প্ৰকাৰৰ বিনিময়ৰ বিষয়ে অর্থনীতিত আলােচনা কুৰা
(v)মুদ্রাঃ দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্রথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময়, ব্যৱস্থাক সৰলতা প্রদানকৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা অর্থনীতিৰ পৰিসৰৰ এক উল্লেখযােগ্য অংশ।বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্রহণযােগ্য যিকোনাে এবিধ সামন্ত্রী যাৰ সহায়ত সকলাে বস্তু আৰুসেৱা কাৰ্থৰ মূল্য প্রকাশ কৰা হয় আৰু যাৰ যােগেদি সঞ্চয়, ঋণ গ্রহণ আৰু ঋণ প্রৰিশােধ কার্যসম্পাদন কৰা হয় তাক মুদ্রা বােলে।
(vi)আয়ঃ জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথ্য বিতৰণ অর্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পর্ক আলােচনা কৰাটো অর্থনীতিৰ পৰিসৰৰ অন্তর্গত।
(vii)ৰাজস্ব বা ৰাজহুৱা বিও বিজ্ঞানঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ
আলােচনাই হৈছে ৰাজৰ বা ৰাজহ্ব বিত্ত বিজ্ঞান।
(viii)কল্যাণকামী অর্থনীতিঃ কেৱল ভােগকার্য, উৎপাদন তথ্য বিতৰণেই অর্থনীতিৰ মূল বিষয়বস্তু হব নােৱাৰে। এনেবােৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজ কল্যাণৰ দিশটোও জড়িত হৈ থাকে।
(ix)পৰিৱেশীয় অর্থনীতিঃ পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অর্থনীতি বিষয়ত অন্তর্ভুক্ত কৰা হৈছে।
(x)দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষতাপূর্ণ ব্যৱহাৰৰ যােগেদি সমাজ গঠন কৰাটো অর্থনীতিমূল বিষয়।ওপৰােক্ত বিষয়সমূহ অর্থনীতিৰ পৰিসৰৰ ভিতৰত পৰিলেও গতিশীল পৃথিৱীত সময়ৰ লগেলগে অর্থনীতিৰ পৰিসৰ সীমাবদ্ধ হৈ থকা নাই। অর্থবিজ্ঞানৰ ভিতৰত গােলকীয় অর্থনীতিৰ নতুনধাৰণা, বহনক্ষম উন্নয়ন আদি নতুন নতুন বিষয় অন্তর্ভুক্ত হৈ ইয়াৰ পৰিসৰে ব্যাপকতা লাভ কৰিছে।


অতিৰিক্ত সম্ভাব্য প্রশ্ন বাজার

1)Mikros" আৰু এMakrosৰ শব্দৰ অর্থ কি?
উত্তৰঃ- Mikros'ৰ অৰ্থ হ'ল সৰু "Makrosৰ অৰ্থ হ'ল ভাৰ।

2)অর্থবিজ্ঞান শব্দটো ক'ৰ পৰা আহিছে আৰু ইয়াৰ অর্থ কি?
উত্তৰঃ-অর্থবিজ্ঞান শব্দটো গ্রীক শব্দ 'Oikonomia-ৰ পৰা অনা হৈছে। ইয়াত olkos' শব্দটোৰ অর্থ।
হৈছে পৰিয়াল আৰু “nomos' শব্দটোৰ অৰ্থ হৈছে নিয়ম।

3)কেইগৰাকীমান অর্থনীতিবিদৰ নাম লিখা।
উত্তৰঃ-  এডাম স্মিথ, আলফ্রেদ মাৰ্ছেল, লায়নেল ৰবিন্স, ছেমুরেলছন আৰু নদীছ আদি।

4)অর্থনৈতিক সমস্যা বা পছদৰ সমস্যা মানে কি?
উত্তৰঃ-বিকল্প ব্যৱহাৰােপযােগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিকগুৰুত্ব দিৰ সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অর্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা বােলে।

5)অর্থবিজ্ঞানৰ মৌলিক ধাৰণাসমূহ কি কি?
উত্তৰঃ-
অর্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা হল
(i)বস্তু বা সামগ্রীঃ মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্রদান কৰিব পৰা সকলাে সামগ্ৰী আৰু সেৱাকার্যকেই অর্থবিজ্ঞানত বহু বুলি কোৱা হয়।
(ii)উপযযাগিতাঃ বস্তু বা সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতক অর্থবিজ্ঞানত উপযােগিতাবুলি কোৱা হয়।
(iii)সম্পদঃ সকলাে বস্তু সম্পদ নহয়। বন্তু এটা সম্পদ হবলৈ হলে বস্তুৰ উযযাগি অর্থাৎব্যৱহাৰযােগ্য, অপ্ৰচুৰতা বা দুর্লভ আনক দিব পৰা অর্থাৎ হস্তান্তযােগ্যতা আৰু ভৌতিক অভিত্বঅর্থাৎ বাহ্যিকতা এই চাৰিটা বৈশিষ্ট্য থাকিব লাগিব।
(iv)অভাৱঃ কোনাে বস্তুৰ পৰা উপযােগিতা লাভৰ আকাংক্ষা সৃষ্টি হােৱাকে অভাৱ বােলে।
(v)কল্যাণ: কল্যাণ দুই প্ৰকাৰৰ অর্থনৈতিক কল্যাণ আৰু অনা-অনৈতিক কল্যাণ। মুদৰমাধ্যমত সাধন কৰা কল্যাণক অর্থনৈতিক কল্যাণ বােলা হয়। আনহাতে যিবােৰ কল্যাণ মূদৰমাধ্যেমেৰে জুথিৰ নােৱাৰি, যিবােৰ নৈতিক আৰু সামাজিক কল্যাণ সেইবােৰ কল্যাণেই হল অনাঅর্থনৈতিক কল্যাণ।
(vi)দৰ: কোনাে বস্তুৰ মুদ্রা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম।
(vii)চাহিদা এজন ভােক্তাৰ তেওঁৰ ক্ৰয় কৰিব পৰা সামর্থৰ ভিতৰত (কোনাে বস্তু এটা পাবলৈ যিহাবিয়াস তাকে চাহিদা বুলি কোৱা হয়।
(viii)যােগানঃ কোনাে এটা নির্দিষ্ট সময়ত বিভিন্ন দৰত সামগ্ৰীৰ যিখিনি বিক্ৰীৰ বাবে বজাৰতউলিয়াই দিয়া হয় তাকেই যােগান বােলে।
(ix)বজাৰা অর্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় যত কোনাে এটা নির্দিষ্টসময়ত এক নির্দিষ্ট দৰত কোনাে এটা বস্তুৰ ক্রেতা আৰু বিক্রেতৰ মাজত প্রত্যক্ষ বা পৰােক্ষভারেকিনা বেচা হয়। ষ্টক বজাৰ, অনলাইন বজাৰ আদি বজাৰৰ উদাহৰণ।
(x)মূলধনঃ উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন।
(xi)সঞ্চয়ঃ সঞ্চয় হৈছে মূলধনৰ আহিলা। উৎপাদনৰ যিটো। অংশ ভাগ কার্যত ব্যয় কৰা নহয়তাকে সঞ্চয় বােলা হয়। অর্থাৎ আয় = ভােগ ব্যয় + সঞ্চয়।
(xii) বিনিয়ােগঃ মূলধন যেতিয়া উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় তাক বিনিয়ােগ বােলা হয়।
(xiii)ৰাষ্ট্ৰীয় আয়ঃ এটা নির্দিষ্ট বছৰত এখন দেশত উৎপাদিত হােৱা সকলাে দ্রব্য সেৱা কাৰ্যৰ মুদ্রামূলাই হৈছে ৰাষ্ট্ৰীয় আয়। উৎপাদনৰ আটাইবােৰ উপাদানৰ পৰা উপার্জন কৰা আয়ৰ সমষ্টিয়েইহৈছে ৰাষ্ট্ৰীয় আয়।

6)সঞ্চয় কাক বােলে?
উত্তৰঃ- আয়ৰ যি অংশ ভােগ কার্যত ব্যয় কৰা নহয় তাক সঞ্চয় বােলে। সঞ্চয় হৈছে মূলধনৰ আহিলা অর্থাৎ আয় = তেগ ব্যয় + সঞ্চয়।

7)বিনিয়ােগ কাক বােলে ?
উত্তৰঃ- মূলধন যেতিয়া উৎপাদন কার্যত ব্যৱহাৰ কৰা হয় তাক বিনিয়ােগ বোেলা হয়।

8)অথবিজ্ঞান বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে নির্দিষ্ট কৰা
পদ্ধতি দুটা কি কি?
উত্তৰঃ- ব্যষ্টিবাদী আৰু সমষ্টিবাদী অর্থনীতি।

9)ব্যষ্টিবাদী অর্থবিজ্ঞানত অধ্যয়ন কৰা দুটা বিষয় উল্লেখ কৰা।
উত্তৰঃ-
উপভােক্তাৰ আচৰণ আৰু উদ্যোগ প্রতিষ্ঠানৰ ভাৰসমতা।

10)অর্থবিজ্ঞানৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়?
উত্তৰঃ- আডাম স্মিথ।

11)মূলধন সামগ্রী কাক বােলে ?
উত্তৰঃ- যন্ত্রপাতি, সা-সৰঞ্জাম, গাড়ী আদি দ্রব্যইঅন্য দ্রব্যৰ উৎপাদনত সহায় কৰে। সেইবােৰক মূলধন সামগ্রী বােলে।

12)দুবিধ চৰকাৰী হস্তান্তৰ দেনাৰ নাম লিখা?
উত্তৰঃ-বান সাহায্য, ৰাজ সাহয্য।

13)প্রবাহ কাক বােলে?
উত্তৰঃ- প্রবাহ হল মজুতৰ চলমান প্রক্রিয়া। এটা সময়ৰ ব্যৱধানত হােৱা আমদানি, ৰপ্তানি, মজুৰি, কৰ আদি প্রবাহিত হয়।

14)বিনিময় প্রথাৰ এটা অসুবিধা উল্লেখ কৰা।  
উত্তৰঃ- অভাৱৰ সংগতিহীনতা।

15)দুবিধ মুদ্রা উল্লেখ কৰা। দিলি রে এ
উত্তৰঃ- কাগজী মুদ্রা আৰু প্রতীক বা নিদর্শন মুদ্রা।

16)ৰাষ্ট্ৰীয় আয় গণনা কৰা পদ্ধতি কেইটা কি কি?
উত্তৰঃ- সাধাৰণতে এখন দেশ জাতীয় আয় তিনিটা পদ্ধতিৰে গণনা কৰা হয়। পদ্ধতিবােৰ হ'ল— আয় পিয়ল পদ্ধতি, উৎপাদন পিয়ল পদ্ধতি ব্যয় পিয়ল পদ্ধতি।

17)অসমৰ প্রত্যক্ষ বিনিময় প্রথাৰ মেলা এখনৰ নাম লিখা।
উত্তৰঃ- মৰিগাঁও জিলাৰ জোনবিল মেলা।

18)জোনবিল মেলা কিমান শতিকাৰ পৰা প্ৰচলিত?
উত্তৰঃ-  পঞ্চদশ শতিকাৰ পৰা।

19)ভাৰতবৰ্ষৰ একমাত্র প্রত্যক্ষ বিনিময় চলা বজাৰখনৰ নাম কি?
উত্তৰঃ- জোনবিল মেলা।

20)কেইবিধমান অনা-অর্থনৈতিক কল্যাণৰ নাম লিখা।
উত্তৰঃ- শিশু কল্যাণ, দৰিদ্ৰ শিশুৰ বাবে শিক্ষা, বিনামূলীয়া ঔষধ, দৰিদ্ৰক সহায়, দুখীয়া ছােৱালীৰ বিবাহ,দৰিদ্ৰ বৃদ্ধ লােকক সহায় ইত্যাদি।

21)ভাৰতৰ মুঠ জনমূৰি আয় কিমান? (২০১৩)
উত্তৰঃ-  ৫৩৫০ পি পি পি ডলাৰ।

22)ভাৰতবর্ষ আয়তনত পৃথিৱীৰ কিমান স্থানত আছে ?
উত্তৰঃ- সপ্তম স্থানত।

23)ভাৰতবৰ্ষৰ জনসংখ্যা কিমান?
উত্তৰঃ- ১.২ বিলিয়নতকৈ অধিক।

24)জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতবর্ষ কিমান স্থানত আছে ?
উত্তৰঃ-দ্বিতীয় স্থানত।

25)পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ কোনখন?
উত্তৰঃ- ভাৰতবর্ষ।


26) মজুত আৰু প্ৰবাহৰ মাজৰ পার্থক্য লিখ।
উত্তৰঃ-
মজুত আৰু প্রবাহ এই দুয়ােটা পদেই পৰিমাণৰ নির্দেশ দিয়াৰ লগতে সময়ৰ লগেলগেসিহঁতৰপৰিমাণৰ হ্রাসবৃদ্ধি ঘটিব পাৰে। ইয়াৰ মাজত থকা পার্থক্য বােৰ হল। নিজেরi)মজুত শব্দটোৱে নির্দেশ দিয়া পৰিমাণৰ জোখ এখ নির্দিষ্ট সময় বিন্দুৰ ভিত্তিত হয়। আনহাতেপ্রবাহ শব্দটোৱে নির্দেশ দিয়া পৰিমাণৰজোখ এক সময় কালিৰ ওপৰত ভিত্তি কৰি দিয়া হয়।ii)কিছুমান অর্থনৈতিক উপাদান যেনে মুদ্ৰাৰ যােগেদিমজুৰ অন্তর্ভুক্ত কিন্তু মুদ্ৰাৰ যােগানৰপৰিৱৰ্তন প্রবাহৰ অন্তর্ভূক্ত কিন্তু মুদ্ৰাৰ যােহানপৰিৱৰ্তন প্ৰবাহৰ অন্তুর্ভুক্ত।iii)সমষ্টিগত অর্থবিজ্ঞানৰ লগত মজুততকৈ প্ৰৱাহ শব্দটোৰ সম্পৰ্ক অধিক। কাৰণ সমষ্টিগতঅর্থনৈতিক অধ্যয়ন হৈছেঃধকালীন অধ্যয়ন। মুম্বকালীন অৱস্থাত মজুৰৰ দ্বাৰা প্রবাহ প্ৰভাৱন্বিতনহয়।

27)ব্যক্তিবাদী অর্থবিজ্ঞান আৰু সমষ্টিবাদী অর্থবিজ্ঞান পার্থক্য কি?
উত্তৰঃ-  
(ক)Micro শব্দ অর্থাৎ ব্যষ্টিগত অর্থবিজ্ঞানৰ উৎপত্তি হৈছে গ্রীক শব্দ Micors শব্দৰ পৰ।Micro-ৰ অৰ্থ হ'ল ক্ষুদ্র। ব্যষ্টিগত অর্থবিজ্ঞানে এখন দেশৰ অর্থনৈতিক উপাদানসমূহৰ বিষয়েসুকীয়া সকীয়াকৈ অধ্যয়ন কৰে। আনহাতে গ্রীক ভাষাৰ Micr's ৰ পৰা Micro শব্দৰ উৎপত্তি হৈছে। Micro-ৰ অর্থ হলবিশাল। এই অর্থবিজ্ঞান অর্থনীতিৰ বিষয়বােৰ সামগ্রিক দৃষ্টিভংগীৰে অধ্যয়ন কৰে।
(খ)ব্যষ্টিগত অর্থবিজ্ঞানৰ আলােচনাৰ ক্ষেত্ৰখন সীমিত। ব্যষ্টিবাদী অর্থনীতিয়ে অধ্যয়ন কৰাঅর্থনৈতিক বিষয়বােৰ হল উপভােক্তা আচৰণ, কোনাে এটা দ্ৰবাৰ মূল চাহিদা আৰু ইয়াৰ যােগান,ব্যক্তিগত আয় এটা উৎপাদনৰ উপানৰ পােট ইত্যাদি। কিন্তু সমষ্টিবাদী অর্থবিজ্ঞানৰ পৰিসৰ যথেষ্টবিশাল। সমষ্টিবাদী অর্থনীতিয়ে অধ্যয়ন কৰা অর্থনৈতিক বিষয়বােৰ হল-মুঠ চাহিদা, মুঠ যােগান,সাধাৰণ মূল্যতৰ, পূর্ণ নিয়ােগ, জাতীয় আয় ইত্যাদি।
(গ)ব্যষ্টিগত অর্থবিজ্ঞানত আংশিক বিশ্লেষণ পদ্ধতি প্রয়ােগ কৰা হয়। কিয়নাে ইয়াত অর্থবিজ্ঞানৰচলকসমূহৰ অংশ বিশেষৰ অধ্যয়ন কৰা হয়।আনহাতে সমষ্টিগত অর্থবিজ্ঞানত সামগ্রিক বিশ্লেষণ (General Analysis) প্রয়ােগ কৰাহয়। কাৰণ এই বিজ্ঞানত আয়, দৰৰ দৰে অর্থনৈতিক চলকবােৰ সমষ্টিগতভাৱে অধ্যয়ন কৰা হয়।
(ঘ)ব্যষ্টিগত অর্থবিজ্ঞানৰ মূল সমস্যা হল সম্পদৰ বিতৰণ কেনেকৈ নির্ণয় কৰিব। আনহাতে আয়আৰু উৎপাদন ভৰ কিধৰণে কি পদ্ধতিত নির্ণয় কৰিব সেইটো সমষ্টিগত অথবিজ্ঞানৰ মূল সমস্যা।

28)সমষ্টিবাদী অর্থবিজ্ঞানে এটা অর্থনীতিক চাৰিটা খণ্ডৰ সমন্বয়ৰূপে বিশ্লেষণকৰে। ব্যাখ্যা কৰা।
উত্তৰঃ-সমষ্টিবাদী অর্থবিজ্ঞানত অর্থনীতি এটাক চাৰিটা খণ্ড, যেনে— পৰিয়ালবৰ্গ, উৎপাদন প্রতিষ্ঠান,চৰকাৰ আৰুবাহ্যিক খণ্ডৰ এক সমন্বয় ৰূপে কৰা হয়।পৰিয়ালসমূহবুলি কওঁতে উৎপাদন, উপভােগ আদিৰ সিদ্ধান্ত গ্রহণকাৰী একক গােটৰ কথাবুজোৱা হৈছে। পৰিয়ালবৰ্গ হল শ্ৰমিকৰ যােগান ধৰােতা, চৰকাৰী কৰ্মচাৰী, উৎপাদন প্রতিষ্ঠনৰস্বত্বাধিকাৰী আৰু লাভ গ্রহণ কৰােতা। আনহাতে, অর্থনীতিটোত উৎপাদিত দ্রব্যৰ উফডােকা তথাক্রেতা। পৰিয়ালবৰ্গই সঞ্চয় কৰাৰ লগতে কৰাে প্ৰদান কৰে।উৎপাদন প্রতিষ্ঠান হৈছে উৎপাদনৰ একক। উদ্যোক্তা হৈছে উৎপাদনৰ প্ৰতিষ্ঠানৰ সর্বময়| কর্তা। উদোক্তাই শ্ৰম আৰু মূলধান আৰু মূলধন নিয়ােগ কৰে আৰুসিহঁতকপাৰিশ্রমিক প্রদান কৰে।উদ্যোক্তাইউৎপাদিত দ্রব্যৰবাবে বজাৰৰ সন্ধান কৰে, দ্রব্যৰ ক্রয়-বিক্রয়ৰব্যৱস্থা কৰে আৰু লাভঅর্জন কৰে।অর্থনীতিটোৰ আন এক খণ্ড হৈছে ৰাষ্ট্র বা চৰকাৰ। ৰাষ্ট্রই আইন প্রণয়ন কৰা, জনসাধাৰণকন্যায় প্রদান কৰা, কৰ আৰােপ কৰা, ৰাজহূৱা সেৱাসমূহক দ্রব্য উৎপাদন কৰা, আন্তঃগাঁথনিমূলকসুবিধা প্রদান করা। আদি কাম কৰে।চতুর্থ খণ্ডটো হল বাহ্যিক খণ্ড। বাহ্যিক খণ্ড দুই প্রকাৰৰ বাণিজ্যৰ সৈতে জড়িত। বাহ্যিক খণ্ডৰ সৈতে সম্পর্কীত বাণিজ্যৰ দুই প্রকাৰৰ- আমদানি আৰু ৰপ্তানি। আমদানি আৰু ৰপ্তানিবাণিজ্যৰ লগতে বাহ্যিক খণ্ডত ঘৰুৱা দেশ আৰু বিদেশৰ মাজত মূলধনৰ প্ৰবাহৰ বিষয়টো সাঙোৰখাই থাকে।এই চাৰিটা খণ্ডৰ সমন্বয়ত অর্থনীতি এটাক সামগ্রিক ৰূপত বিশ্লেষণ কৰা হয়।

29)ৰাষ্ট্ৰীয় আয় আৰু জনমুৰি আয়ৰ মাজত পার্থক্য কি?
উত্তৰঃ-
ৰাষ্ট্ৰীয় আয় হ'ল ৰাষ্ট্রৰ এটা নির্দিষ্ট বছৰত উৎপাদিত দ্রব্য আৰু সেৱা কাৰ্যৰ মুঠ সমষ্টি। ইয়াকসাধাৰণতে মুদ্রা মূল্যত প্রকাশ কৰা হয়। মাহেঁলৰ মতে এখন দেশৰ প্রাকৃতিক সম্পদৰ ওপৰত শ্রমআৰু মূলধন প্রয়ােগ কৰি ভৌতিক আৰু অনা-ভৌতিক দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ বার্ষিক শুদ্ধউৎপাদনেইহ'ল ৰাষ্ট্ৰীয় আয়। আনহাতে জনমুৰি আয় হল গড় আয়। ই ৰাষ্ট্ৰীয় আয় আৰু মুঠ জনসংখ্যাৰ অনুপাত। ৰাষ্ট্ৰীয়আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমুৰি আয় পাব পাৰি। জনমুৰি আয় ৰাষ্ট্ৰীয় আয়ৰ ওপৰতনিৰ্ভৰ কৰিলেও ৰাষ্ট্ৰীয় আয় বাঢ়িলেও জনমুৰি আয় নাবাঢ়িবও পাৰে৷ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰতকৈযদি জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হয় তেনে অৱস্থাত জনমুৰি আয় হ্রাসহে পাব। গতিকে এখনদেশৰ অর্থনৈতিক বিকাশৰাষ্ট্ৰীয় আয়ৰ ওপৰত নিৰ্ভৰ নকৰে, জনমুৰি আয়েহেৰাষ্ট্রৰ অর্থনৈতিকবিকাশৰ এখন সুস্পষ্ট ছবি দাঙি ধৰিব পাৰে।

Post a Comment

0 Comments