CLASS-9. Social science. (ৰাজনীতি বিজ্ঞান).L-2.চৰকাৰৰ প্ৰকাৰ বা শ্রেণী বিভাগ


চৰকাৰৰ প্ৰকাৰ বা শ্রেণী বিভাগ



অতি চমু প্রশ্ন উত্তৰৰ

1)চৰকাৰৰ শ্রেণী বিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দার্শনিক কোন?
উত্তৰঃ-চৰকাৰৰ শ্রেণী বিভাজন কৰা প্ৰথম গৰাকী ৰাজনৈতিক দার্শনিক হল প্লেটো।

2)বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ?
উত্তৰঃ-বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ হৈছে গণতন্ত্র।

3)সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উত্তৰঃ-সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্র এখন হল ইংলেণ্ড।

4)সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্রপ্রধান কোন?
উত্তৰঃ-সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান হল প্রকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্রপ্রধান হল নাম মাত্র কার্যপালিকা।

5)ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে?
উত্তৰঃ-ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্রপতীয়  চৰকাৰ থাকে।

6)ৰাষ্ট্রপতীয় চৰকাৰ থকা এখন ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ-ৰাষ্ট্ৰপতীয় চৰকাৰ থকা ৰাষ্ট্র এখন হল আমেৰিকা যুক্তৰাষ্ট্র।

7)এককেন্দ্রীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ-এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্র এখন হল জাপান।

8)যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?
উত্তৰঃ-যুক্তৰাষ্ট্রীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হল— কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।

9)ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উত্তৰঃ-ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্রীয় পদ্ধতিৰ চৰকাৰ আছে।

10)ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰঃ-ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে।

চমু প্রশ্ন উত্তৰৰ

1)বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি?
উত্তৰঃ-বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্রকাৰৰ চৰকাৰসমূহ হ'ল- এককেন্দ্রীক চৰকাৰ, যুক্তৰাষ্ট্ৰীয় চৰকাৰ, সংসদীয় চৰকাৰ আৰু ৰাষ্ট্রপতীয় চৰকাৰ।

2)সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ-সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য হল—
(i)দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্রকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। প্রধানমন্ত্রীৰ নেতৃত্বত মন্ত্রীপৰিষদখন হল প্রকৃত কার্যপালিকা আৰু ৰাষ্ট্রপ্রধানজন নামমাত্র কার্যপালিকাহে।
(ii)কাৰ্যপালিকাৰ সদস্যসকল বিধান মণ্ডলৰাে সদস্যঃ এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্রী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰাে সদস্য।
3)সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।
উত্তৰঃ-
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষঃ
(i)সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনাে এটা ৰাজনৈতিক দলেও বিধানমণ্ডল সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নােৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়।

(ii)এনে শাসন ব্যৱস্থাত দলীয় প্রধাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকাঅন্তঃকলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।
সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণঃ
(i)সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পর্ক আৰুসহযােগিতা থাকে। ফলত যিকোনাে সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।
(ii)এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হােৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতেযােৱা কোনাে কাম চৰকাৰখনে কৰিব নােৱাৰে।

4)ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?
উত্তৰঃ-ক্ষমতাৰ পৃথকীকৰণ নীতি মানে হল ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰতদায়বদ্ধ নহয়। দুয়ােৰে স্থিতি সম্পূর্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ'বনােৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰকার্যক্রমণিকাত অংশ ল'ব নােৱাৰে। এয়ে হৈছে ক্ষমতাৰ পৃথকীকৰণ।

5)ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ-ৰাষ্ট্রপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হল –
(i)ৰাষ্ট্রপ্রধান আৰু চৰকাৰপ্ৰধানৰ মাজত পার্থক্য নাইঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে।ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপ্রধান আৰু চৰকাৰপ্ৰধান বুলি দুজন ব্যক্তি নাথাকে।
(ii)ৰাষ্ট্রপ্রধান নির্দিষ্ট কার্যকালঃ ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এক নির্দিষ্ট কার্যকালৰ বাবে।নির্বাচিত হয়।

6)এককেন্দ্রীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উত্তৰঃ-এককেন্দ্রীয় চৰকাৰৰ গুণঃ
(i)এককেন্দ্রিক চৰকাৰে সমগ্ৰ দেশৰ বাবে একে ধৰণৰ প্রশাসন ব্যৱস্থা প্রয়ােগ আৰু কাৰ্যকৰীকৰাৰ বাবে প্রশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।
(ii)এককেন্দ্রিক চৰকাৰত চৰকাৰ পৰিচালনাৰ ব্যয় কম। ফলত উন্নয়নমূলক কামত অধিক ধনব্যয় কৰাৰ সুযােগ থাকে।
এককেন্দ্রীয় চৰকাৰৰ দোষঃ
(i)এক বৃহৎ আকাৰৰ ৰাষ্ট্রৰ বাবে। এই চৰকাৰ উপযুক্ত নহয়।
(ii)এককেন্দ্রীয় চৰকাৰ অধিক আমােলাতান্ত্রিক। এনে চৰকাৰত আমােলাসকলেই প্রকৃততে শাসনচলায়।

দীঘল প্রশ্ন উত্তৰৰ

1)ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষ সমূহ লিখ।
উত্তৰঃ-ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ তলত উলেখ  কৰা হল –
গুণ :
(i)ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্রপতিজন এটা নির্দিষ্ট কার্য-কালৰ বাবে, নির্বাচিত হােৱা বাবে আৰুসহজে তেওঁক পদৱীৰ পৰা অতিৰ কৰিব নােৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়।
(ii)ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযােগপায়।
(iii)এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযােগী। যিহেতু চৰকাৰৰ প্রকৃত ক্ষমতাৰাষ্ট্রপতিজনৰ ওচৰত কেন্দ্রীভূত হৈ থাকে। গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনােসিদ্ধান্ত ক্ষিপ্ৰভাৱে লােৱাটো সহজ হয়।
(iv)কার্যপালিকা শক্তিশালী হােৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিবপাৰে।
(v)যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক প্রভাৱৰ পৰা মুক্ত হােৱা বাবে ৰাষ্ট্রপতিজনে কার্য সম্পাদনকৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।
দোষ:
(1)ৰাষ্ট্রপতীয় চৰকাৰত ৰাষ্ট্রপতিজনক বিধানমণ্ডলে নিয়ন্ত্রণ কৰিব নােৱাৰাৰ বাবে চৰকাৰস্বেচ্ছাচাৰী হােৱাৰ আশংকা থাকে।
(ii)ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্রপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজতসহযােগিতা নাথাকে।
(iii)ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয়হলে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশােধন কৰাত জটিলতা আহে।
(iv)ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিকসংকট সৃষ্টিৰ সম্ভাৱনা অধিক।
(v)এই চৰকাৰত মন্ত্রীত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যােগ্যতা আৰু অভিজ্ঞতাতকৈ অধিকগুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে।

2)সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ-সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল :
(i)দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা থাকে। এজন প্রকৃত কাৰ্যপালিকা আৰু :আনজন নামমাত্র কার্যপালিকা। প্রধানমন্ত্রীৰ নেতৃত্বত মন্ত্রী পৰিষদখন হল প্রকৃত কাৰ্যপালিকাআৰু ৰাষ্ট্রপ্রধানজন নামমাত্র কার্যপালিকাহে।
(ii)কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰাে সদস্যঃ এইচৰকাৰত কাৰ্যপালিকা অর্থাৎমন্ত্রীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰাে সদস্য।
(iii)বিধানামগুল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰ বিধানমণ্ডলআৰু কাৰ্যপালিকাৰ সম্পর্ক নিবিড়।
(iv) মন্ত্রীপৰিষদ বিধানমণ্ডৰ ওচৰ সম্বন্ধঃ সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা ফলাে কামকৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰভাৱ গ্ৰহণ কৰিলে।মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।
(v)মন্ত্রীপৰিষদৰ সামূহিক দায়বদ্ধতাঃ এই চৰকাৰত মন্ত্রীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰওচৰত দায়বদ্ধ হয়। মন্ত্রীপৰিষদৰ এজন সদস্যৰ ব্যর্থতাৰ বাবে সকলাে সদস্য দায়বদ্ধ হয়।

3)যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বর্তমান কিয় জনপ্রিয় হৈছে, উদাহৰণসহ আলােচনাকৰা।
উত্তৰঃ-যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎআৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজও হয়। ফলত আঞ্চলিক স্বায়ত্ত শাসন আৰু জাতীয় একতদুয়ােটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায়। ইয়াৰ লগতে এখন বিশাল ৰাষ্ট্ৰত ভিন্ন জাতি, ধর্ম আৰুভাষিক গােষ্ঠী বসবাস কৰাৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসূ হয়। কেন্দ্রীয় চৰকাৰ আৰুৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথ্য ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বপৰা কেন্দ্রীয় চৰকাৰক ৰেহাই দিয়ে। ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্বদিৰলৈ কেন্দ্ৰীয় চৰকাৰে সুবিধা পায়। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্রীকৰণৰ ব্যৱস্থাথকাত অন্তর্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্রীয় চৰকাৰ স্বেচ্ছাচাৰী হােৱাৰ প্রৱণতা নাথাকে।যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক।এনে ধৰণৰ বিভিন্ন কাৰণসমূহৰ বাবেই যুক্তৰাষ্ট্রীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান অধিক জনপ্রিয়হৈছে। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ।

4)এককেন্দ্রীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ-এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল :
(i)শক্তিশালী কেন্দ্রীয় চৰকাৰঃ এই চৰকাৰত কেন্দ্রীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী, কিয়নােসংবিধানে সকলাে ক্ষমতা কেন্দ্রীয় । চৰকাৰৰ ওচৰত ন্যস্ত কৰে।
(ii)লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দ্রিক চৰকাৰত সংবিধানখন লিখিত বা অলিখিতহব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেডাৰলেণ্ডলৰ সংবিধানখন লিখিত।
(iii)একক নাগৰিকত্বঃ একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য।
(iv) দুর্বল ন্যায়পালিকাঃ এককেন্দ্রিক চৰকাৰত আইন সভাৰ প্রাধান্য পৰিলক্ষিত হয়।আইনসভাই প্রণয়ন কৰা আইন ন্যায়পালিকাই অসাংবিধানিক বুলি ঘােষণা কৰিব নােৱাৰে।
(v)নমনীয় সংবিধানঃ এককেন্দ্রিক চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্ৰীয় চৰকাৰেনিজৰ প্ৰয়ােজনত সংবিধানখন সংশােধন কৰিব পাৰে।

5)এককেন্দ্রীয় চৰকাৰ প্ৰকৃততে গণতান্ত্রিকনে? সমালােচনা আগবঢ়োৱা।
উত্তৰঃ-এককেন্দ্রিক চৰকাৰ প্ৰকৃততে গণতান্ত্রিক নহয়। ইয়াৰ কাৰণসমূহ তলত আলােচনা কৰা হলএককেন্দ্রিক চৰকাৰ এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।এককেন্দ্রিকচৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কার্যত অংশগ্ৰহণৰ সুযােগ নাপায়।সাধাৰণৰ ৰাজনৈতিক সক্রিয়তা কম হয়। এখন মাত্র চৰকাৰ থকা বাবে কেন্দ্রীয়চৰকাৰৰ ওপৰত অধিক কামৰ বােজা পৰে। ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায়। যদিওস্থানীয় প্রশাসনিক গােট থাকে তথাপি এই গােটবিলাকে স্বতন্ত্রতাৰ অভাৱত সমস্যা সমাধানত ব্যর্থহয়। এককেন্দ্রিক চৰকাৰ অধিক আমােলাতান্ত্রিক হােৱাৰ হেতুকে এই চৰকাৰত আমােলাসকলেইপ্ৰকৃততে শাসন চলায় এনে চৰকাৰত, স্বেচ্ছাচাৰী হােৱাৰ আশংকা প্রৱল।

অতিৰিক্ত সম্ভাব্য প্রশ্ন
1)ষ্টিফেন লীককে বিভাজন কৰা চৰকাৰসমূহ কি কি?
উত্তৰঃ-একনায়কতন্ত্র বা স্বৈতন্ত্র আৰু গণতন্ত্র।

2)ভাৰতত কোন প্রকাৰৰ চৰকাৰৰ চলি আছে ?
উত্তৰঃ-সংসদীয় চৰকাৰ।

3)এককেন্দ্রীয় চৰকাৰ থকা কেইখনমান ৰাষ্ট্ৰৰ নাম লিখ।
উত্তৰঃ-ব্রিটেইন, ফ্রান্স, জাপান, ইটালী, নেডাৰলেণ্ড ইত্যাদি।

4)মুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা কেইখনমান ৰাষ্ট্রৰ নাম লিখা।
উত্তৰঃ-আমেৰিকা, আফ্রিকা, অষ্ট্রেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰতবর্ষ।

5)এৰিষ্টটলৰ মতে চৰকাৰ কেইবিধ ?
উত্তৰঃ-ছয়বিধ।

6)এখন একাত্মক চৰকাৰ থকা দেশৰ উদাহৰণ দিয়া।
উত্তৰঃ-ফ্রান্স।

7)এৰিষ্টটলে গণতন্ত্রক কেনেকুৱা চৰকাৰ বুলি অভিহিত কৰিছে?
উত্তৰঃ-বিকৃত চৰকাৰ।

8)আমেৰিকাত কেনে ধৰণৰ চৰকাৰ চলি আছে ?
উত্তৰঃ-ৰাষ্ট্ৰপতীয় চৰকাৰ।

9)কোনজন পণ্ডিতে চৰকাৰৰ আটাইতকৈ গ্রহণযােগ্য শ্রেণীবিভাজন আগবঢ়াইছে?
উত্তৰঃ-ষ্টিফেন লীককে।

10)সংসদীয় পদ্ধতিৰ চৰকাৰ মানে কি?
উত্তৰঃ-কার্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰা চৰকাৰেই হ'ল সংসদীয় পদ্ধতিৰচৰকাৰ।

11)সিদ্ধান্ত গ্রহণ কৰোঁতে সংসদীয় চৰকাৰৰ কিয় লেহেম হয় লিখা?
উত্তৰঃ-সংসদীয় চৰকাৰত কোনাে সিদ্ধান্ত গ্রহণ কৰোঁতে আলােচনা আৰু সংসদৰ অনুমােদন প্রয়ােজনহয়। সেয়ে লেহেম হয়।

12)চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ-যি অনুষ্ঠানৰ দ্বাৰা এখন ৰাষ্ট্ৰ পৰিচালিত হয় সাধাৰণ অৰ্থত তাকেই চৰকাৰ বােলা হয়।

13)ৰাজনীতিবিদ দার্শনিকসকলে বিভাজন কৰা চৰকাৰসমূহ কি কি আছিল?
উত্তৰঃ-প্লেটো তথা এৰিষ্টটলে বিভাজন কৰা চৰকাৰসমূহ হল- ৰাজতন্ত্র, অভিজাততন্ত্র, ৰাজ্য ব্যৱস্থা,তৈল, আঢ্যৱন্ততন্ত্র, গণতন্ত্র ইত্যাদি।

14)সংখ্যাত্মক বা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটি গুণ উল্লেখ কৰা।
উত্তৰঃ-যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ শাসনত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সুৰক্ষিত হয় তাৰ লগতে জাতীয়ঐক্য ৰক্ষা কৰে৷

15)এককেন্দ্রীয় চৰকাৰ কাক বােলে?
উত্তৰঃ-যি পদ্ধতিৰ চৰকাৰত সকলাে ক্ষমতা একমাত্র কেন্দ্রীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ থাকে অর্থাৎমাত্র এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্রীক চৰকাৰ বােলে।

16)ব্রেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ মানে কি?
উত্তৰঃ-সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ডত। সেইবাবে এই সংসদীয় পদ্ধতিৰ চৰকাৰকেৱেষ্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয়।

17)গণতন্ত্রক বিভক্ত কৰা ভাগসমূহ কি কি?
উত্তৰঃ-গণতন্ত্রক বিভক্ত কৰা ভাগ দুটা হল সীমিত ৰাজতন্ত্র আৰু গণৰাজ্য বা প্রজাতন্ত্র। আকৌ দুয়ােটাভাগকে দুভাগত বিভক্ত কৰিছে এককেন্দ্রীক আৰু যুক্তৰাষ্ট্ৰীয়। শেষত এককেন্দ্রীক আৰু যুক্তৰাষ্ট্ৰীয়চৰকাৰকো দুটা ভাগত ভাগ কৰিছে- সংসদীয় আৰু ৰাষ্ট্ৰপতীয় চৰকাৰ।

18)একনায়কতন্ত্ৰ আৰু গণতন্ত্র চৰকাৰ কাক বোলে ?
উত্তৰঃ-যিকিলাক দেশত একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন চলি আছে। এনেকুৱাশাসন ব্যৱস্থাক একনায়কতন্ত্র বােলা হয়। আনহাতে, গণতন্ত্র হল জনসাধাৰণৰ কল্যাণৰ বাবেজনসাধাৰণে চলােৱা শাসন।

19)সংসদীয় চৰকাৰক কিয় দায়িত্বশীল চৰকাৰ কোৱা হয়?
উত্তৰঃ-এই চৰকাৰৰ মন্ত্রীসভাই কাম-কাজৰ বাবে সংসদৰ ওচৰত দায়িত্বশী হৈ থাকিব লাগে। অন্যথাচৰকাৰে কত হেৰুৱায়। সেয়ে ইয়াক দায়িত্বশীল চৰকাৰ কোৱা হয়।

20)ৰাষ্ট্ৰপতীয় চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ-যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ-নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়াে নিজৰ নিজৰক্ষেত্ৰত স্বাধীন আৰু যত কাৰ্যপালিক বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকেৰাষ্ট্ৰপতীয় চৰকাৰ বােলে।

21)যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ-যি চৰকাৰত এখন কেন্দ্রীয় চৰকাৰ থকাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে তেনেচৰকাৰকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি কোৱা হয়। কেন্দ্রীয় আৰু ৰাজ্য দুয়ােবিধ চৰকাৰে সংবিধানেপ্রদান কৰা নিজ নিজ ক্ষমতা পায় আৰু এনে ক্ষমতাৰ ভিত্তিত দুয়ােবিধ চৰকাৰে স্বাধীনভাৱে কামকাজ চলাব পাৰে। এনে ক্ষমতাৰ ভিত্তিত দুয়ােবিধ চৰকাৰে স্বাধীনভাৱে সুৰক্ষিত হােৱাৰ লগতেজাতীয় ঐক্যও ৰক্ষা পৰে।

22)হেৰডটাছে চৰকাৰসমূহক কি কি ভাগত ভাগ কৰিছিল?
উত্তৰঃ-গ্রীক ঐতিহাসিক হেৰণ্ডটাছে চৰকাৰসমূহক তিনিটা ভাগ কৰিছিল। সেয়া হৈছে(ক) ৰাজতন্ত্র (Monarchy)(খ) অভিজাততন্ত্র (Aristocracy) আৰু(গ) গণতন্ত্র (Democracy)

23)সংসদীয় গণতন্ত্র কি?
উত্তৰঃ-গণতন্ত্র হৈছে জনসাধাৰণৰ দ্বাৰা নিবাচিত চৰকাৰ। সংসদীয় গণতন্ত্রত সদস্যসমূহক জনসাধাৰণেপ্রত্যক্ষভাৱে নির্বাচিত কৰে। অধাং তেওঁলােকে জনসাধাৰণক প্রতিনিধিত্ব কৰে। তেওঁলােকে সংসদওচৰত দায়বদ্ধ। এই ধৰণৰ গণতান্ত্রিক ব্যৱস্থাত আইন পালিকা আৰু কাৰ্যপালিকাৰ মাজত ঘনিষ্ঠসম্বন্ধ থাকে।ইয়াক মন্ত্রীসভা পৰিচালিত বুলিও কোৱা হয়। কাৰণ ইয়াত সংসদৰ প্রাধান্যতকৈ মন্ত্রীপৰিষদৰপ্রাধান্য বেছি। মন্ত্রীসভা প্রকৃত কত্ত হলেও ই সংসদৰ ওচৰত দায়বদ্ধ। সংসদত অনাস্থা প্ৰভাৱবৃহীত হলে মন্ত্রীসভাই পদত্যাগ কৰিব লাগে। বর্তমান সয়মত ই সকলােতকৈ জনপ্রিয় চৰকাৰ।।

24)একাত্মক চৰকাৰৰ গুণসমূহ কি কি?
উত্তৰঃ-একাত্মক চৰকাৰৰ গুণসমূহ হৈছে :
(ক)একাত্মক চৰকাৰ দেশৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবে উপযুক্ত কাৰণ কেন্দ্ৰীয় চৰকাৰখনেসমগ্র দেশৰ বাবে আইন প্রণয়ন কৰে।
(খ)একাত্মক চৰকাৰৰ অধীনত শাসন-ব্যৱস্থা শক্তিশালী হয় কাৰণ চৰকাৰে কাৰে সৈতে ক্ষমতাৰভাগ-বতৰা নকৰে।
(গ)সকলাে সিদ্ধান্ত একোখন চৰকাৰে গ্ৰহণ কৰা বাবে জৰীকালীন অৱস্থাৰ বাবে এনে চৰকাৰঅধিক উপযােগী।
(ঘ)একাত্মক চৰকাৰত বিভিন্ন বিভাগৰ মাজত সুসমন্বয় থাকে।

25)একাত্মক চৰকাৰৰ দোষসমূহ কি কি উল্লেখ কৰা।
উত্তৰঃ-একাত্মক চৰকাৰৰ দোষসমূহ হৈছে :
(ক)একাত্মক চৰকাৰত, দেশৰ অধিকাংশ লােকে চৰকাৰত অংশগ্রহণ কৰাৰ সুবিধা নাপায় বাৰেএনে চৰকাৰ গণতন্ত্রৰ বাবে উপযােগী নহয়।
(খ)একাত্মক চৰকাৰে সমগ্ৰ দেশৰ সকলাে অংশৰ সকলাে কার্যতে সমানে চকু দিব নােৱাৰেবলে স্থানীয় সমস্যা সমাধান হােৱাত অসুবিধাৰ সৃষ্টি হয়।
(গ)এখন দেশত ভিন্ন ধর্ম, সংস্কৃতি, ভাষা আদিৰ লােক থকা বাবে গােটেই দেশৰ বাবে একোখনআইন কৰাটো অসম্ভব।


26)সংসদীয় চৰকাৰৰ গুণসমূহ কি কি?
উত্তৰঃ-সংসদীয় চৰকাৰৰ গুণসমূহ হৈছে :
(ক)সংসদীয় চৰকাৰত শাসন বিভাগ আৰু আইন প্রণয়ন বিভাগৰ মাজত সুসম্পর্ক থাকে।
(খ)সংসদীয় চৰকাৰ স্বেচ্ছাচাৰী হত্ব নােৱাৰে কাৰণ সংসদে সদায় মন্ত্রীসভা নিয়ন্ত্রণ কৰে।
(গ)সংসদীয় চৰকাৰ সদায় দুর্নীতিমুক্ত হয় কাৰণ বিৰােধী দলেঅনবৰত চৰকাৰৰ কামৰ ওপৰত চকু ৰাখে।
(ঘ)সংসদীয় চৰকাৰ পৰিবর্তনশীল হয়। জনমতৰ অনুকুলে এই, চৰকাৰ সাল-সলনি হত্ৰ পাৰে।

27)সংসদীয় চৰকাৰৰ দোষ-ত্রুটিসমূহ উল্লেখ কৰা।
উত্তৰঃ-সংসদীয় চৰকাৰৰ দোষ-ত্রুটিসমূহ হৈছে :
(ক)সংসদীয় চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতি মানি চলা নহয় বাবে কেতিয়াবা এনে চৰকাৰস্বেচ্ছাচাৰী হােৱাৰ সম্ভাৱনা থাকে।
(খ)এই চৰকাৰত কোনাে সিদ্ধান্ত গ্রহণ কৰোঁতে অনাহকত সময় নষ্ট কৰিব লগীয়া হয়।
(গ)সংসদৰ সমর্থনৰ ওপৰত এই চৰকাৰ বৰ্তি থাকে বাবে এনে চৰকাৰ স্থায়ী নহ'বও পাৰে।
(ঘ)এনে চৰকাৰত ক্ষিপ্ৰভাৱে সিদ্ধান্ত লােৱা কঠিন হেতুকে জৰুৰীকালীন অৱস্থাৰ বাবে এনেচৰকাৰ বৰ উপযােগী নহয়।

28)যুক্তৰাষ্ট্ৰীয় বা সংঘাত্মক চৰকাৰৰ গুণসমূহ উল্লেখ কৰা ?
উত্তৰঃ-যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণসমূহ হৈছে :
(ক)যুক্তৰাষ্ট্ৰীয় চৰকাৰত জনসাধাৰণৰ অধিকাংশই শাসনকার্যত যােগদান কৰিবলৈ সুবিধা পায়।
(খ)যুক্তৰাষ্ট্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী শাসনলৈ পৰিবৰ্তন হ'ব নােৱাৰে।
(গ)এনে শাসনত আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যসমূহ সুৰক্ষিত হয় আৰু ফলস্বৰূপে জাতীয় ঐক্য।ৰক্ষা পৰে।
(ঘ)এনে চৰকাৰ সুকলমে চলিব পাৰে কাৰণ ক্ষমতাৰ বিভাজন হােৱা বাবে চৰকাৰৰ কামৰ দায়িত্বহ্রাস পায়।

29)যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষসমূহ কি কি উল্লেখ কৰা।
উত্তৰঃ-যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষসমূহ হৈছে :
(ক)যুক্তৰাষ্ট্ৰীয় চৰকাৰ দেশৰ জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষ উপযােগী নহয়।
(খ)এনে চৰকাৰত কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰ দুয়াে নিজ নিজ আইন প্রণয়ন কৰে বাবেকেতিয়াবা দুয়ােবিধ আইন পৰস্পৰবিৰােধী হব পাৰে
(গ)দুবিধ চৰকাৰৰ অৱস্থিতিৰ বাবে কেতিয়াবা এনে চৰকাৰত বিচ্ছিন্নতাবাদৰ জন্ম হ'ব পাৰে।
(ঘ)এনে চৰকাৰত দুয়ােবিধ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ হােৱাটো দুর্বলতাৰ কাৰণ হ'ব পাৰে।

30)সংসদীয় চৰকাৰক মন্ত্রীসভা পৰিচালিত চৰকাৰ বুলি কিয় কোৱা হয়?
উত্তৰঃ-সংসদীয় চৰকাৰত আইনপালিকা আৰু কাৰ্যপালিকাৰ সম্বন্ধ অত্যন্ত ঘনিষ্ঠ আৰু কাৰ্যপালিকাৰস্থায়িত্ব বিধানমণ্ডলৰ ওপৰত নিৰ্ভৰশীল। তথাপি এই চৰকাৰক মন্ত্রীসভা পৰিচালিত চৰকাৰ বুলিকোৱা হয়। ইয়াৰ কাৰণসমূহ হ'ল :
(ক)সংসদীয় চৰকাৰত প্ৰায়বােৰ সিদ্ধান্তই প্রধানমন্ত্রী আৰু তেওঁৰ মন্ত্রীসভাৰ দ্বাৰা লােৱা হয়।যিহেতু সংসদত তেওঁলােকৰ সংখ্যাগৰিষ্ঠতা থাকে সেয়েহে মন্ত্রীসভাই ৰচনা কৰা বিলসমূহ সহজেআইনত পৰিণত হয়।
(খ)সংসদীয় পদ্ধতিৰ চৰকাৰত সাধাৰণতে কাপালিকাৰ অৱস্থিতি দেখা যায়। নামমাত্রকার্যপালিকা আৰু প্রকৃত কাৰ্যপালিকা। নামমাত্র কার্য পালিকা ৰাষ্ট্রৰ প্রধান কিন্তু চৰকাৰৰ প্ৰধাননহয়। যেনে- ইংলণ্ডৰ ৰাণী, ভাৰতৰ ৰাষ্ট্রপতি ইত্যাদি। আনহাতে প্রকৃত কাৰ্যপালিকা হৈছেপ্রধানমন্ত্রী আৰু মন্ত্রীসভা। তেওঁলােকেই প্রশাসনৰ গুৰি ধৰোঁতা।
(গ)মন্ত্রীসভা যৌথভাৱে আইনসভাৰ ওচৰত দায়িত্বশীল। অর্থাৎ এজন মন্ত্ৰীৰ ভুলৰ বাবে গােটেইমন্ত্রীপৰিষদ দায়ী হব আৰু অনাস্থা প্ৰভাৱত হাৰিলে সমগ্র মন্ত্রীসভাই ইস্তফা দিব লাগিব।

Post a Comment

0 Comments